জাতীয়তাবাদ আৰু সৰু মানুহৰ আশাবাদ

জাতীয়তাবাদ আৰু সৰু মানুহৰ আশাবাদ
  • 19 Jul, 2018

সা ম্ৰাজ্যবাদী শক্তিৰ আগমনৰ পাছত ভাৰতীয় জাতীয়তাবাদে মূৰ দাঙি উঠিছিল৷ বৃটিছৰ আগমনৰ লগে লগে ভাৰতীয় সামন্তবাদৰ বেলি মাৰ গ’ল যদিও ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে আগ্ৰাসী বগা বঙালৰ অত্যাচাৰত ভাৰতবৰ্ষত প্ৰতিবাদৰ জোৱাৰ উঠিছিল ঝাঞ্চীৰাণী লক্ষ্মীবাইৰ সময়ৰ পৰাই৷ চিপাহী বিদ্ৰোহক বৃটিছবিৰোধী আন্দোলনৰ সংগঠিত ৰূপ বুলি ধৰি ল’লে দেখা যায় যে তাৰ অচিলা লৈয়ে ভাৰতীয় জাতীয়তাবাদ তথা স্বদেশপ্ৰেমে গা কৰি উঠিছিল৷ মহাত্মা গান্ধীৰ সময়ত সেই জাতীয়তাবাদে সমগ্ৰ ভাৰতবৰ্ষত খলকনি তুলিলে৷ গান্ধীজীৰ সবল নেতৃত্বই ভাৰতীয় মানুহৰ মনত স্বাধীনতাৰ স্পৃহা জগাই তোলাত সফলতা লাভ কৰিলে৷ অসমতো গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন আদি নেতাৰ নেতৃত্বত আধুনিক জাতীয়তাবাদ মূৰ দাঙি উঠিল৷ সাহিত্য, সংস্কৃতি সকলোতে বিপ্লৱৰ জোঁৱাৰ উঠিল৷

অসমীয়া জাতি ভাৰতৰ অংগ নাছিল বুলি বুৰঞ্জীয়ে কয়৷ আহোম ৰাজত্বৰ পতনৰ পাছত ঘটনাচক্ৰত পৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলো বৃটিছ সাম্ৰাজ্যবাদৰ অধীনলৈ গ’ল৷ কালক্ৰমত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে৷ এটা নতুন ৰাজনৈতিক-সামাজিক পৰিৱেশত এটা জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল৷ চুকাফাৰ ৰাজনৈতিক বিচক্ষণতা আৰু মহাপুৰুষ শংকৰদেৱৰ সাংস্কৃতিক সমন্বয়ৰ বাণীৰে একত্ৰিত জাতি অসমীয়াক আধুনিকতাবাদৰ ন-চিন্তাৰে গঢ়িবলৈ জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, লক্ষ্মীনাথ বেজবৰুৱা, গোপীনাথ বৰদলৈ আদি ক্ষণজন্মা পুৰুষৰ দীৰ্ঘ সময়ৰ প্ৰয়োজন নহ’ল৷ স্বভাৱত কলুষতাহীন অসমীয়া চহা সমাজখনত এই মহান ব্যক্তিসকলৰ কৰ্মৰাজী হৈ পৰিল শিলৰ ৰেখা৷ মানুহৰ মনত থকা সততা আৰু সদ্য পৰাধীনতাৰ মুক্তিয়ে নিষ্কলুষ জাতীয়তাবাদৰ জন্ম দিলে৷ ব্যক্তিস্বাৰ্থতকৈ সামূহিক স্বাৰ্থ সকলোৰে কৰ্মজীৱনৰ একান্ত লগৰী হৈ পৰিল৷

সময় গৈ থাকিল নীৰৱে৷ কালক্ৰমত কিছু কুটিল ৰাজনীতিকৰ চক্ৰান্তত ক্ষমতালিপ্সু এচাম নতুন সামন্তপ্ৰভূৰ উত্থান হ’ল৷ লাহে লাহে আভ্যন্তৰীণ বিদ্ৰোহে গা কৰিবলৈ ল’লে৷ স্বেচ্ছাচাৰী শাসকৰ শিকলিত বন্দী হোৱা জনতাই এইবাৰ নিজৰ মানুহৰ পৰাই মুক্ত হোৱাৰ বাবে বিদ্ৰোহ কৰিব লগা হ’ল৷ পুনৰ সুৰসুৰণি তুলিলে অসমীয়া জাতীয়তাবাদে৷ ভাৰত ৰাষ্ট্ৰৰ আওকাণ-অৱহেলাৰ বিৰুদ্ধে ডেকাশক্তি পুনৰ জাগ্ৰত হৈ পৰিল৷ বিংশ শতিকাৰ সেই অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ মূল চালিকাশক্তি হৈ পৰিল ছাত্ৰ-ছাত্ৰীসকল৷ অৱশেষত ৰাজনীতিৰ পাকচক্ৰত জাতীয়তাবাদৰ সেই নেতাসকলৰ হাতলৈ আহিল শাসনৰ বাঘজৰী৷ লগে লগে সৃষ্টি হ’ল এচাম মধ্যভোগী দালাল শ্ৰেণীৰ লোকৰ৷ এচাম লোকৰ বাবে জাতীয়তাবাদ হৈ পৰিল চহা মানুহক সপোন দেখুৱাই ক্ষমতা আৰু ধন অৰ্জন কৰাৰ আটাইতকৈ সুগম পন্থা৷

তাৰ পৰৱৰ্তী সময়ত আৰু এচাম খঙাল যুৱকৰ অস্ত্ৰৰ ঝনঝননিয়ে বাৰে বাৰে মোহভংগ হোৱা নিমাখিত ৰাইজক পুনৰ নতুন পোচাক পিন্ধোৱা স্বাধীনতাৰ সপোন দেখুৱালে৷ সেই সপোন ভাঙি চূৰমাৰ হ’বলৈয়ো অধিক সময়ৰ প্ৰয়োজন নহ’ল৷ সৰ্বসাধাৰণ ৰাইজে দেখিলে যে জাতীয়তাবাদ এচাম চতুৰ সুবিধাবাদীৰ মন ভুলোৱা ছাঁ-পোহৰৰ চং৷ ই জনতাৰ কাংক্ষিত ফল আনি দিয়াৰ পৰিৱৰ্তে ব্যক্তিগত লাভালাভৰ পথহে মুকলি কৰে৷

আধুনিকতাৰ আগমনে, মুক্ত অৰ্থনীতিৰ প্ৰভাৱে মানুহক স্বাৰ্থপৰ হোৱাৰ আখৰা কৰালে৷ জাতীয় নেতাসকলৰ সাজ-সজ্জা, জীৱন ধাৰণৰ ধৰণ-কৰণ সকলোবোৰ সন্দেহজনক হৈ পৰিল সাধাৰণ মানুহৰ বাবে৷ দুৰ্নীতিয়ে সকলো শ্ৰেণীৰ মানুহক গ্ৰাস কৰিলে৷ সহজলভ্য ধনৰ প্ৰতি মানুহৰ আকাংক্ষা বৃদ্ধি পালে৷ উপৰ্যুপুৰি ঠগ খোৱা মানুহবোৰো গতানুগতিকতাত লীণ যোৱাৰ উপক্ৰম হ’ল৷ ভোগবাদী সমাজ এখনৰ বাবে জাতীয়তাবাদ হৈ পৰিল কাৰোবাৰ বাবে আত্মপ্ৰতিষ্ঠাৰ বাদ, কাৰোবাৰ বাবে সামাজিক প্ৰতিষ্ঠাৰ কৌশল৷ খাটি খোৱা মানুহৰ সংগ্ৰাম ফলাফল অবিহনে ক’ৰবাত পৰি থাকিল! যান্ত্ৰিকতাৰ মাজত হেৰাই গ’ল নিষ্পেষিত মানুহৰ আশা-ভৰষা৷

❧ | আৰু পঢ়ক: বিৰোধৰ মাজৰ ঐক্য

তথাপি জাতীয়তাবাদ আছে, থাকিবই৷ ৰং সানি সানি জাতীয়তাবাদক ৰঙীণ কৰি তুলিলেও আমি আশাবাদী যে এদিন পুনৰ নিভাঁজ জাতীয়তাবাদে বিচ্ছিন্নতাবাদ আঁতৰাই সঁচা অৰ্থত সমাজক বাট দেখুওৱাৰ দায়িত্ব পালন কৰিব৷ এদিন নহয় এদিন ই ঠগবাদৰ মুখা দলিয়াই পেলাবলৈ সক্ষম হ’ব৷

সেই দিনটোলৈ অগণন সৰু মানুহে বাট চাই আছে অধীৰ আগ্ৰহেৰে!

Featured image by uttam singha | Flickr, CC by 2.0

জাতীয়তাবাদ আৰু সৰু মানুহৰ আশাবাদ | নয়নজ্যোতি শইকীয়া

Follow Nilacharai on Facebook