তা মোল খোৱাটো অসমীয়া মানুহৰ এটি পুৰণিকলীয়া ৰীতি। অসমীয়া মানুহৰ ঘৰত দৈনন্দিন তামোল-পাণৰ ব্যৱহাৰ হোৱাৰ উপৰিও বিভিন্ন ধৰণৰ সামাজিক আৰু ধর্মীয় কার্যত ই অপৰিহার্য। অসমীয়া মনুহৰ মাজত তামোল খোৱা অভ্যাসটো প্রাক আৰ্য সংস্কৃতিৰ পৰা অহা বুলি পণ্ডিতসকলে অনুমান কৰিছে। তামোল আৰু পাণক একেলগে তামোল-পাণ নাইবা সচৰাচৰ তামোল বুলিয়েই কোৱা হয়। এই শব্দ দুটা অষ্ট্ৰো এচিয়ান ভাষাৰ পৰা সংস্কৃত হৈ অসমীয়ালৈ অহা বুলি অনুমান কৰা হৈছে। তামোলক ‘গুৱা’ বুলিও কোৱা হয়। আমাৰ প্ৰতিবেশী খাচীসকলে তামোলক ‘কোৱাই’ বুলি কয়। দক্ষিণ-পূব এচিয়াৰ বিভিন্ন দেশ আৰু অঞ্চলত তামোলৰ ব্যৱহাৰ আছে আৰু এই অঞ্চলবোৰৰ কেইবাটাও ভাষাৰ তামোল বাচক শব্দৰ ‘গুৱা’ বা ‘কোৱাই’ৰ সৈতে ধ্বনিগত মিল লক্ষ্য কৰা যায়।
অসমীয়া সমাজত তামোল খোৱা অভ্যাসটো সকলো স্তৰৰ লোকৰে আছে। সাধাৰণতে ল’ৰা-ছোৱালী, ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সকলো সময়তে তামোল খায়। বিশেষকৈ ভাত খোৱাৰ পাছত মুখশুদ্ধি হিচাপে তামোল খোৱাটো অসমীয়া সমাজৰ বৈশিষ্ট্য। কিছুমান লোকৰ অনবৰতে তামোল খোৱা অভ্যাস, আনকি ৰাতি সাৰ পাই উঠি তামোল খোৱাৰ অভ্যাস বহুতো বয়সীয়াল অসমীয়া মানুহৰ আছে। বুঢ়া লোকসকলে খুন্দনা ব্যৱহাৰ কৰি মিহিকৈ খুন্দি লৈ তামোল খায়। কোনো কোনোৱে তামোল খোৱা ৰীতিটো দ্রাবিড় সংস্কৃতিৰ পৰা অহা বুলি দাবী কৰে। মহামহোপাধ্যায় পি. ভি. কানে মন্তব্য কৰে যে তামোল খোৱা অভ্যাসটো খ্রীষ্ট জন্মৰ ঠিক আগে আগে নাইবা খ্রীষ্ট জন্মৰ সময়ৰ পৰা আৰম্ভ হৈছে।
সংস্কৃত সাহিত্যত, বিশেষকৈ ঋগবেদৰ পৰা আৰম্ভ কৰি ব্ৰহ্মণ, উপনিষদৰ সময়লৈ আৰু ৰামায়ণ-মহাভাৰত আদি মহাকাব্যৰ যুগলৈকে তামোলৰ ব্যৱহাৰৰ উল্লেখ ক’তো পোৱা নাযায়। সম্ভৱতঃ ভাত খোৱাৰ পাছত তামোল খোৱাৰ প্রথা প্রথমে পালি সাহিত্যতহে পোৱা যায়। স্মৃতিশাস্ত্ৰত ভাত খোৱাৰ পাছত তামোল খোৱা ৰীতিৰ উল্লেখ আছে।
অসমীয়া সমাজত তামোলৰ ব্যৱহাৰ
খ্রীষ্টীয় দ্বাদশ শতিকাত ৰচিত কালিকা পুৰাণত পোন প্রথমবাৰৰ বাবে ধর্মীয় দক্ষিণা হিচাপে তামোল-পাণ দিয়াৰ উল্লেখ আছে। প্ৰাগজ্যোতিষপুৰ নগৰখন ৰজা বলবর্মনে তামোল-পাণৰ গছ ৰুই সজোৱা বুলি বর্ণনা আছে। সপ্তম শতিকাত পোৱা শিলালিপিতো লৌহিত্যৰ পাৰত তামোল-পাণৰ থকাৰ উল্লেখ আছে। জনশ্রুতি মতে, তামোল-পাণেৰে আগুৰি থকা বাবেই প্রাগজ্যোতিষপুৰৰ নাম পাছলৈ গুৱাহাটী (গুৱা= তামোল) হয়।
অসমত তামোল-পাণৰ লগত জড়িত ৰীতি নীতিসমূহ
অসমত তামোল খোৱা ৰীতি বহুলভাৱে প্ৰচলিত আছিল বুলি যোগিনী তন্ত্রৰ এটি শ্লোকত আছে। আন খাদ্যদ্রব্য একেলগে খোৱাত বাধা-নিষেধ থাকিলেও তামোল খোৱাৰ ক্ষেত্ৰত এনে ধৰণৰ বাধা নাই। পুৰুষ-মহিলা উভয়ে, সকলো বয়সৰ ব্যক্তিয়ে একেলগে তামোল খোৱাত কোনো সামাজিক বাধা নাই। আহোমৰ দিনত ৰজা বা ডা-ডাঙৰীয়াসকলক তামোল যোগান ধৰিবলৈ এজন সুকীয়া বিষয়া ৰখা হৈছিল, যাৰ উপাধি আছিল তামুলী। আনকি সত্ৰসমূহতো ‘গুৱাকটা’ নামৰ এটি বাবা আছিল। আহোম ৰজাসকলে তামোল-পাণৰ খেতিত বিশেষ গুৰুত্ব দিছিল আৰু এই ক্ষেত্ৰত পাৰদৰ্শিতা প্রদর্শন কৰা বিষয়াক তামুলী ফুকনৰ পৰা বৰবৰুৱালৈ পদোন্নতি দিয়াৰ কাহিনী পোৱা যায়।
ধর্মীয় ৰীতি-নীতি আৰু অনুষ্ঠানত তামোল
ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানসমূহত গুৱা-পাণ বা তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সমাজত অপৰিহার্য। তামোল-পাণ আগবঢ়াইহে যিকোনো ধর্মীয় বা সামাজিক অনুষ্ঠান আৰম্ভ কৰা হয়। আনকি আলহী-অতিথিকো প্রথমে গুৱা-পাণেৰেহে অভ্যর্থনা কৰা হয়। তামোল-পাণৰ শৰাই আগবঢ়োৱাটো অতি সন্মানৰ চিন। গুৰুৱে শিষ্যক অথবা ৰজাই প্রজাক তামোল-পাণ যঁচা মানে বুজিব লাগিব যে তেওঁলোকে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সামাজিক বিচাৰৰ ক্ষেত্ৰতো দুয়োপক্ষই সমাজলৈ তামোল-পাণৰ শৰাই আগবঢ়োৱা মানেই হ’ল দুয়োপক্ষৰ মাজত মিত-মাত হোৱা কার্য।
মাংগলিক অনুষ্ঠানত তামোল-পাণ
প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত তামোল-পাণ
প্রেম আৰু বিবাহৰ ক্ষেত্ৰত তামোল-পাণে বিশেষ তাৎপর্য বহন কৰি আহিছে। তামোল-পাণে ডেকা গাভৰুৰ হিয়াৰ আদান-প্রদানৰ মাধ্যম হিচাপে কাম কৰে। তামোলে আনকি ডেকাৰ অন্তৰৰ বেদনাও প্রকাশ কৰে। ‘লোকলৈ চুপতি কৰা নাই লাহৰি মনত কথাষাৰ আহে, তামোল হোৱা হ’লে ফালি যেন দেখুৱাম ভিতৰত কি কথা আছে।‘
অসমীয়া সংস্কৃতিৰ অন্যতম লোকগীত-বিহুগীতসমূহত বহুল অংশত তামোলক প্রেম-ভালপোৱাৰ প্রতীক হিচাপে ব্যৱহাৰ কৰি অহা হৈছে।
বিয়া-বাৰুৰ ক্ষেত্ৰত তামোল-পাণ
বিবাহ অনুষ্ঠানত সম্পূৰ্ণ তামোলৰ থোক
তামোল-পাণে বিয়াৰ নিমন্ত্ৰণী পত্ৰ হিচাপে কাম কৰে। যদিও নগৰ-চহৰসমূহত এই ৰীতি কমি আহিছে, তথাপি জ্যেষ্ঠজনক বা সন্মানীয়জনক তামোল-পাণ এযোৰ আগবঢ়াইহে নিমন্ত্রণ জনোৱা হয়। বিবাহ কাৰ্যৰ লগত জড়িত আন আন ৰীতি-নীতি, যেনে— জোৰণৰ দিনৰ পৰা বিবাহ কাৰ্য পৰ্যন্ত আৰু তৎপৰৱৰ্তী কাৰ্যসমূহতো তামোল-পাণৰ ব্যৱহাৰ অপৰিহার্য। জোৰণৰ দিনাৰ পৰা বিবাহ কার্য সমাপন নোহোৱালৈকে দৰা-কইনাই তামোল-পাণ এযোৰ লগত ৰখাটো বাধ্যতামূলক। বিয়াৰ লগত জড়িত দৈয়ন দিয়া অনুষ্ঠানতো বিয়াৰ দিনা ঢলপুৱাতে দৰা-কইনাক বিচনাৰ পৰা আনি দুৱাৰডলিত বহুৱাই মাক, বায়েক আৰু অন্যান্য সম্পর্কীয় মহিলাসকলে দুয়োহাতে পাণ দুখিলাৰে দৈ লৈ মুখ, বাহু, ভৰি আদিত লগাই দিয়াৰ প্রথা চলি আহিছে। আনকি বিবাহ কার্যত কইনাক পাণ গছকাই পিতৃৰ গোত্র ত্যাগ কৰি স্বামীৰ গোত্র গ্রহণ কৰোৱা হয়। অসমৰ কিছুমান ঠাইত পাণ ছিঙি দৰা-কইনাৰ বিবাহ বিচ্ছেদ ঘটোৱা প্রথা প্রচলিত।
দৰৱ আৰু মন্ত্র বিচাপে তামোল-পাণৰ ব্যৱহাৰ
অসমৰ বহুতো বন দৰৱত তামোল-পাণ আৱশ্যকীয় উপাদান। অসমৰ বেজ, কবিৰাজ সকলে পেটৰ বিষ, দাঁতৰ বিষ আদিত তামোল উপকাৰী বুলি গণ্য কৰিছিল। তামোলৰ পিক গৰুৰ ছাল আৰু চকুৰ বেমাৰৰ দৰৱ হিচাপে ব্যৱহাৰ কৰা হৈছিল। তামোল-পাণে হজম শক্তি বঢ়ায় বাবে মুখশুদ্ধি হিচাপে ব্যৱহাৰ কৰা হয়। তামোল-পাণে মুখৰ দুর্গন্ধ আঁতৰোৱাতো সহায় কৰে। তামোল-পাণৰ অলৌকিক গুণ থকা বুলি ধৰা হৈছে। তামোলেৰে মন্ত্ৰ কৰাকে ‘আহুদি’ কৰা বুলি কোৱা হৈছিল। গিৰীয়েকে ঘৈণীয়েকক আৰু ঘৈণীয়েকে গিৰীয়েকক বশ কৰিবলৈ তামোল-পাণত মন্ত্ৰ কৰা হৈছিল। এইটোও বিশ্বাস কৰা হৈছিল যে চূণেৰে সৈতে তামোল-পাণ কোনো জলচৰ প্ৰাণীৰ মুখত লগাই সেই তামোল-পাণ গিৰীয়েকক বা ঘৈণীয়েকক খুৱালে ইজন আনজনৰ বশ হয়। কালিকা মন্ত্র মাতি চোবোৱা তামোলখন যদি কাৰোবাৰ ঘৰৰ চাৰিসীমাৰ ভিতৰত পেলোৱা হয়, তেনেহ’লে গৃহস্থৰ টোপনি নহা বেমাৰ হয়।
অসমত তামোল খোৱা প্রথা
অসমত সাধাৰণতে কেঁচা তামোল আৰু বুঢ়া তামোল চূণ আৰু পাণেৰে খোৱা হয়। পুৰণি কালত তামোল খাবৰ বাবে বিশেষ এজাতি শামুক পুৰি চূণ তৈয়াৰ কৰা হৈছিল। পুৰণি অসমীয়া সাহিত্যত কৰ্পূৰেৰে তামোল খোৱাৰ উল্লেখ আছে। কোনো কোনো ঠাইত বিশেষ প্রকাৰে ধঁপাত তৈয়াৰ কৰি তামোলৰ লগত খোৱা হয়। বানৰ হর্ষচৰিত আৰু মুছলমান বুৰঞ্জীবিদসকলৰ টোকাতো অসমীয়া মানুহৰ তামোল-পাণৰ ব্যৱহাৰৰ উল্লেখ আছে। অসমীয়া মানুহে বিবাহ আদি শুভ অনুষ্ঠানত বিশেষভাৱে সন্মান প্রদর্শন কৰি থুৰীয়া তামোল আগবঢ়ায়। থুৰীয়া তামোল হ’ল এখিলা পাণৰ আধা ভাগত তামোল এখন ভৰাই কৰা শংকু আকৃতিৰ ৰূপটো। সাধাৰণতে থুৰীয়া তামোল খাবলৈ ব্যৱহাৰ কৰা নহয়। অকল উৎসৱ-পার্বণ আদিতহে ব্যৱহাৰ কৰা হয়। পাণ খাওঁতে পাণখিলাৰ আগ-গুৰি আৰু ওপৰৰ সিৰডাল কাটি পেলাইহে খোৱা হয়।
পাণৰ লগত কিছুমান জনবিশ্বাস জড়িত হৈ আছে। উদাহৰণ স্বৰূপে, পাণৰ সিৰ খালে মানুহ মুৰ্খ হয়। দুজন মানুহে হাতে হাতে পাণ ছিঙিব নেপায়, তেনে কৰিলে মানুহ দুজনৰ মাজত কাজিয়া লাগে। ভাত খাই উঠিয়েই পাণৰ গছৰ পৰা পাণ ছিঙিব নেপায়, তেনে কৰিলে পাণ গছ মৰি যায়। সন্মানীয় বা জ্যেষ্ঠজনক হাতে হাতে তামোল দিয়া নহয়, বটা বা শৰাইতহে তামোল-পাণ খাবলৈ আগবঢ়াই দিয়া হয়।
অসমৰ বিভিন্ন জাতি আৰু গোষ্ঠীৰ মাজতো তামোলৰ ব্যৱহাৰ এটি সাধাৰণ ৰীতি। অসমীয়া সমাজ আৰু সংস্কৃতিত তামোলে এটি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। এতিয়াও দূৰ ভ্ৰমণলৈ যাবলৈ ওলোৱাজনে তামোল এটোপোলা লৈ ওলায়। ই ভ্ৰমণৰ ক্লান্তি আঁতৰায়, লগতে সহযাত্রীৰ লগত সম্পর্ক অতি কম সময়ৰ ভিতৰত মধুৰ কৰাটো বিশেষভাৱে সহায় কৰে। বর্তমান সময়তো ৰাস্তাই-ঘাটে হঠাতে পৰিচিত মানুহক লগ পালে ওচৰৰ পাণ দোকানলৈ লৈ গৈ তামোল এখন যঁচাটো অসমীয়া মানুহৰ এক প্ৰকাৰৰ সৌজন্য। সময়ৰ লগে লগে মিঠাপাণ, জৰ্দাপাণৰ প্ৰভাৱত তামোলৰ প্ৰাধান্য কিছু কমিছে যদিও তামোলে অসমীয়া সমাজ আৰু সংস্কৃতিত এক অপৰিহাৰ্য আৰু বিশিষ্ট স্থান গ্রহণ কৰি আছে।
ছবি: পল্লৱপ্ৰাণ গোস্বামী