হীৰুদাৰ সোঁৱৰণত

হীৰুদাৰ সোঁৱৰণত
  • 15 Jul, 2012

দীৰ দৰে নিৰ্মল শস্যৰ দৰে সুন্দৰ
মোৰ আইৰ হাত ধৰি মই গৈ আছোঁ
ভৱিষ্যৎহীন বৰ্তমানৰ পৰা আন এটা বৰ্তমানলৈ… (আন্তৰ্জাতিক)

এয়া হৈছে হীৰুদাৰ যাত্ৰাপথৰ সংজ্ঞা। ভৱিষ্যৎহীন বৰ্তমানত শংকিত হৈ পৰা হীৰুদাৰ সংকল্পও দৃঢ়।

আই, আজি মই সঁচাকৈয়ে বৰ হিংস্ৰ হৈ উঠিছোঁ।
মোৰ নিয়াৰিৰ কাঁচিখনলৈ এবাৰ চালেই বুজিব পাৰিবা
কাৰ ডিঙিৰ জোখেৰে গঢ়িছোঁ… (আত্মপক্ষ)

আকৌ কৈছে—
দেশ বুলি ক’লে আদেশ নেলাগে
মোৰ টুমৰলি তেজত টগবগাই উঠে এহেজাৰ এটা ৰণুৱা ঘোঁৰা।

কেতিয়াবা ভয় হয়, বিদ্ৰোহৰ অনল শিখাত গঢ়ি লোৱা কলমেৰে ওলোৱা এই কবিতাবোৰ পাহৰণিৰ গৰ্ভলৈ গুচি যাব নেকি! যাব পাৰে। যেনেকৈ বিষ্ণু ৰাভাৰ হালোৱা-হজুৱাৰ বাবে লিখা গীতবোৰ পাহৰিব খুজি বাছি লৈছোঁ ‘পৰজনমৰ শুভ লগনৰ’ জাতীয় বিৰহ-প্ৰেমৰ গীতবোৰ।

তলস্তয়ে কৈছিল— মানুহ প্ৰেমেৰে জীয়াই থাকে। হীৰুদাৰ কবিতাতো আছে প্ৰেম। সেই প্ৰেম শইচৰ পথাৰৰ প্ৰতি, পথাৰৰ ৰোৱনীৰ প্ৰতি।

শস্যৰ সময়। ৰোৱনীৰ ভৰি উঠে বুকু।
বেলি বুৰ দিবলৈহে পালে
ধানৰ শীহে শীহে সুহুৰি বজাই গ’ল বতাহৰ নিছিগা ধাৰ।
সাঁজৰ এন্ধাৰে মোৰ বাহুত মূৰ থৈ যিমানলৈ চাব পাৰে চালে:
ৰোৱনীৰ ধুক ধুক বুকুৰ শব্দই শব্দই কঁপি উঠে গোটেই পথাৰ। (পথাৰ)

পাঠ্যপুথিৰ কবিতাৰ বাহিৰে প্ৰথমে পঢ়িবলৈ লোৱা কবিতা আছিল হীৰুদাৰ কবিতা। বাৰে বাৰে পাঠ কৰিব পাৰি হীৰুদাৰ কবিতা। আমনি নালাগে। তেতিয়া আমাৰ তথাকথিত প্ৰেমত পৰাৰ বয়স। গতিকে সুযোগ পালেই গুণগুণাইছলো—

তোমাৰ কথা ভাবিলে অকলে অকলে,
তৰাই তৰাই কথা পাতে গোলাপৰ পাহে পাহে
মোৰ বুকুত এজোপা গোলাপ কোনে ৰুলে… (এজোপা গোলাপ)

এটা অজুহাত পালে
মই গুচি যাব পাৰোঁ যেনি মন যায়,
তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি… (অসম্ভৱ অনুবাদ)

হীৰুদাক সজাই পেলাইছিলো প্ৰেমৰ কবি— বিষাদৰ কবি ৰূপে। লাহে লাহে কবিৰ ওচৰ চাপিছিলো। হীৰুদা আছিল আড্ডাপ্ৰিয় মানুহ। কফে প্ৰায়ে আমনি কৰা হীৰুদাই কেতিয়াবা কৈছিল— আজি বেছি কথা নেপাতোঁ, গা ভাল নহয়। পিছে ডেৰ-দুঘণ্টাৰ কমে আমি যে উভতি আহিব নোৱাৰিছিলো হীৰুদাৰ কাষৰ পৰা।

লাহে লাহে গম পাইছিলো— হীৰুদা ভাৰতীয় গণ-নাট্য সঙ্ঘৰ মজিয়াৰ মানুহ। সেই সময়ৰ (১৯৮২-৮৩) ৰূঢ় বাস্তৱটো আছিল বামপন্থা বিৰোধী। এই ৰূঢ় বাস্তৱক অস্বীকাৰ কৰিও আমি হীৰুদাৰ ওচৰলৈ যোৱাৰ অজুহাত বিচাৰি ফুৰিছিলো।

আজি মনত শঙ্কা উপজিছে— হীৰুদাৰ সপোন পূৰণ হ’বনে? হীৰুদাই যে কৈছিল—

গান আনা,
শুনো যুদ্ধৰ গান, শান্তিৰ গান
পলাতক প্ৰাচীন অথবা আগত তৰুণ,
জটিল দিনৰ প্ৰতীকী ভাষান্তৰ
কাঠ হোৱা চকুলোৰ সুঠাম নিৰ্মাণ… (কাঠ হোৱা চকুলোৰ গান)

হীৰুদাৰ সোঁৱৰণত | ভূপেন শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক