ন তুন শিক্ষানীতি ২০২০-ৰ তিনি-ভাষা নীতিৰ বিৰোধিতা আৰু দুই-ভাষা (তামিল আৰু ইংৰাজী) নীতিৰ পোষকতা কৰি তামিলনাডুৱে দৃঢ় স্থিতি গ্ৰহণ কৰিলে। অৱশ্যে তামিলনাডুৰ এই বিৰোধ প্ৰথম নহয়, ইয়াৰ আগৰ শিক্ষানীতিতো তিনি-ভাষা নীতিৰ পোষকতা কৰা হৈছিল আৰু তামিলনাডুৱে ইয়াক প্ৰয়োগ কৰা নাছিল। এই বাৰৰ বিৰোধৰ পৰিণাম স্বৰূপে কেন্দ্ৰীয় চৰকাৰে পুঁজি কৰ্তন কৰিব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে হুমকি দিয়াৰ পৰিপ্ৰেক্ষিতত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কেইদিনমানৰ আগতে স্বাধীনতাৰ পৰৱৰ্তী সময়ৰে পৰা উমি উমি জ্বলি থকা জুইকুৰাত আকৌ অলপ ঘিঁউ ঢালি দিলে। বিষয়টো হিন্দী ভাষাৰ আগ্ৰাসন প্ৰসংগত। এম কে ষ্টেলিনে তেওঁৰ এক্স (টুইটাৰ) পোষ্টত লিখিলে:
“অন্য ৰাজ্যৰ প্ৰিয় ভাই-ভনীসকল, কেতিয়াবা ভাবিছেনে— হিন্দীয়ে কিমান ভাৰতীয় ভাষা গিলি পেলালে? ভোজপুৰী, মৈথিলী, অৱধী, ব্ৰজ, বুণ্ডেলী, গাঢ়োৱালী, কুমাওনী, মগহী, মাৰোৱাৰী, মালৱী, ছত্তিছগঢ়ী, সান্থালী, অংগিকা, হো, খাৰিয়া, খোৰঠা, কুৰমালি, কুৰুখ, মুণ্ডাৰী আদি এনেকুৱা বহুতো ভাষাই এতিয়া অস্তিত্বৰ সংকটত ভূগিছে। এটা একক হিন্দী পৰিচয়ৰ বাবে কৰা চেষ্টাই প্ৰাচীন মাতৃভাষাবোৰক হত্যা কৰিছে। উত্তৰ প্ৰদেশ আৰু বিহাৰ কেতিয়াও কেৱল ‘হিন্দী হাৰ্টলেণ্ড’ নাছিল। তেওঁলোকৰ প্ৰকৃত ভাষা এতিয়া অতীতৰ ধ্বংসাৱশেষ। তামিলনাডুৱে প্ৰতিৰোধ কৰিছে, কাৰণ আমি জানো যে ইয়াৰ শেষ ক’ত। হিন্দী জাপি দিয়া (imposition) বন্ধ কৰক। ভাৰতীয় ভাষাসমূহ ৰক্ষা কৰক।”

এই বক্তব্য দিয়াতে ক্ষান্ত নহৈ তামিলনাডুৰ ৰাজ্যিক বাজেটৰ নথি-পত্ৰত ভাৰতীয় ৰুপীৰ প্ৰতীক বাদ দি তামিল ভাষাৰ প্ৰতীক ছপা কৰা হ’ব বুলিও ষ্টেলিনে প্ৰকাশ কৰিলে।
ইয়াৰ পাছত ষ্টেলিনৰ সপক্ষে আৰু বিপক্ষে সমালোচনা-বিতৰ্কৰ জোৱাৰ উঠিল— সামাজিক মাধ্যমৰ পৰা ৰাজনৈতিক ক্ষেত্ৰলৈ। তামিলনাডুত অহা বছৰ (২০২৬)ত অনুষ্ঠিত হ’বলগা বিধান সভা নিৰ্বাচন আৰু ইতিমধ্যে চৰ্চা চলি থকা সমষ্টি পুনৰনিৰ্ধাৰণ (delimitation) প্ৰক্ৰিয়াই উত্তৰ ভাৰতৰ বাহিৰে বাকী প্ৰায় ৰাজ্যসমূহকে ক্ষতিগ্ৰস্ত কৰিব বুলি কৰা আশংকাৰ পৰিপ্ৰেক্ষিতত ষ্টেলিনৰ মন্তব্যৰ ৰাজনৈতিক উদ্দেশ্য থকা বুলি অনেকে ভাবিলেও বিষয়টো নিৰ্মোহভাৱে আলোচনা কৰাৰ থল আছে।
ভাৰতত সংবিধান স্বীকৃত ভাষা ২২টা হ’লেও মানুহৰ মুখত ইয়াতকৈ অনেক অনেক বেছি ভাষা আছে। চৰকাৰী হিচাপ (২০১১ চনৰ জৰীপ) মতে ভাৰতত ১২১টা ভাষা, ২৭০টা মাতৃভাষা (১০,০০০-ৰ অধিক কওঁতা থকা), ১৩৬৯টা ৰেশ্যনেলাইজড মাতৃভাষা আৰু ১৯,৫০০টা অস্বীকৃত মাতৃভাষা কোৱা হয়। ইন্দো-ইউৰোপিয়ান, দ্ৰাৱিড়িয়ান, অষ্ট্ৰো-এছিয়াটিক, তিবেটো-বাৰ্মিজ আদি ভিন্ন বৈশিষ্ট্যসম্পন্ন ভাষিক গোষ্ঠীৰ ভাষাৰে পৰিপূৰ্ণ ভাৰতৰ দৰে বিশাল দেশত এটা উমৈহতীয়া ভাষাৰ প্ৰয়োজন উপলব্ধি কৰাটো অস্বাভাৱিক নহয়। সেয়েহে স্বাধীনতা আন্দোলন কালীন সময়ৰে পৰা এই বিষয়ত চিন্তা-চৰ্চা চলি আহিছিল। দক্ষিণ ভাৰতকো একেডাল সূতাৰে বন্ধাৰ ইচ্ছাৰে স্বাধীনতাৰ পূৰ্বেই ১৯১৮ চনত মহাত্মা গান্ধীৰ উদ্যোগত ‘দক্ষিণ ভাৰত হিন্দী প্ৰচাৰ সভা’ প্ৰতিষ্ঠা কৰি হিন্দী ভাষাৰ প্ৰচাৰৰ বাবে কাম কৰা হৈছিল। এই অনুষ্ঠানৰ সৰ্বপ্ৰথম প্ৰচাৰক আছিল গান্ধীজীৰ পুত্ৰ দেৱদাস গান্ধী। এতিয়াও বৰ্তি থকা এই অনুষ্ঠানৰ মুখ্য কাৰ্যালয় তামিলনাডুৰ চেন্নাইত আছে। এই অনুষ্ঠানৰ আৰ্হিৰে ১৯৩৬ চনত ‘ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি, ৱাৰ্ধা’ আৰু ১৯৩৮ চনত গোপীনাথ বৰদলৈৰ প্ৰচেষ্টাত ‘অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি’ সংগঠিত হৈছিল। এই ধৰণে মূলতঃ হিন্দী নোকোৱা ৰাজ্যসমূহত হিন্দী ভাষা জনপ্ৰিয়কৰণৰ বাবে চেষ্টা কৰি অহা হৈছিল। অৱশ্যে এনে ধৰণৰ প্ৰচেষ্টা চলি আহিলেও হিন্দী নোকোৱা ৰাজ্যসমূহত দীৰ্ঘ সময়তো হিন্দী জনপ্ৰিয় হোৱাৰ কোনো লক্ষণ দেখা পোৱা নগ’ল।
স্বাধীনতাৰ পাছত সমগ্ৰ ভাৰতৰ বাবে এক উমৈহতীয়া সংযোগী ভাষা হিচাপে হিন্দীৰ নাম প্ৰস্তাৱিত হ’লেও ঐকমত্যৰ অভাৱ আৰু তামিলনাডুকে ধৰি প্ৰায় সমগ্ৰ দক্ষিণ ভাৰতৰ বিৰোধিতাত হিন্দীৰ লগতে ইংৰাজীকো পৰৱৰ্তী ১৫ বছৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৰাজভাষা (অফিছিয়েল লেংগুৱেজ) ৰূপে ৰখা হ’ল আৰু কোৱা হ’ল যে এই সময় সীমাৰ পাছত কেৱল হিন্দীয়েহে ভাৰতৰ সংযোগী ভাষাৰ মৰ্যাদা পাব। পোন্ধৰ বছৰৰ সময় উকলিবৰ সীমা কাষ চাপি অহাৰ লগে লগে দক্ষিণ ভাৰতত হিন্দী বিৰোধী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিলে। এই আন্দোলনৰ তীব্ৰতাত সেও মানি কেন্দ্ৰীয় চৰকাৰে ‘অফিছিয়েল লেংগুৱেজ এক্ট ১৯৬৩’ গ্ৰহণ কৰি অনিৰ্দিষ্ট কালৰ বাবে ইংৰাজীকো হিন্দীৰ লগতে ভাৰতৰ অফিছিয়েল ভাষা ৰূপে ৰাখিবলৈ বাধ্য হ’ল।
লাহে লাহে দেখা গ’ল, এই বিষয়টো অৰ্থাৎ হিন্দী ভাৰতৰ ৰাষ্ট্ৰ ভাষা হ’ব লাগে বুলি আৰু ভাৰতৰ সকলোৱেই হিন্দী শিকিবই লাগে বুলি ৰাজনৈতিক নেতা আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৰাজনৈতিক বতাহ গৰম কৰাৰ এক কচৰৎ আৰম্ভ হ’ল। এনে কৰিবলৈ যাওঁতে হিন্দী ভাষাৰ হকে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা হিন্দী দিৱস, হিন্দী পষেক আৰু অন্যান্য কিছুমান প্ৰায় বাধ্যতামূলক কাৰ্যসূচী গ্ৰহণ কৰি বুজন পৰিমাণৰ পুঁজিও খৰচ কৰা হ’ল। মহাত্মা গান্ধী, গোপীনাথ বৰদলৈ আৰু অন্যান্যসকলে আৰম্ভ কৰা হিন্দী ভাষাৰ আন্তৰিক প্ৰচাৰ-প্ৰসাৰৰ প্ৰয়াসটো (promotion) জাপি দিয়া (imposition) পৰ্যায়লৈ পৰ্যৱসিত হোৱাও পৰিলক্ষিত হ’ল। জোৰ-জবৰদস্তিকৈ কৰা কামৰ যে ফলাফল ভাল নহয়, সেয়া হিন্দী প্ৰসাৰৰ কাৰ্যসূচীতো দেখা গ’ল। বিগত প্ৰায় এশ বছৰৰ হিন্দী প্ৰচাৰৰ বাগাড়ম্বৰতাই হিন্দী প্ৰসাৰত বিশেষ কিবা ফল ধৰাব পাৰিলে বুলি মনে নধৰে। ভাৰতৰ বিভিন্ন প্ৰদেশত হিন্দী ভাষাৰ প্ৰচাৰ-প্ৰসাৰত প্ৰকৃততে মুম্বাইৰ হিন্দী চিনেমাইহে এক ভূমিকা ল’ব পাৰিলে বুলি ভাব হয়। অতি সাম্প্ৰতিক সময়ত বিভিন্ন ডিজিটেল মাধ্যম, সংবাদ মাধ্যম আৰু অ’টিটি প্লেটফৰ্মবিলাকে এই ভূমিকাত হাত উজান দিছে।
হিন্দী প্ৰসাৰৰ এনে ব্যৰ্থতাক খুব সম্ভৱতঃ ঢাকোন দিয়া আৰু হিন্দী কওঁতাৰ এক বিশাল সংখ্যা প্ৰদৰ্শন কৰাৰ ইচ্ছাৰে ১৯৭১ চনৰ জৰীপত হিন্দী ভাষা বুলি ৪৮টা মাতৃভাষাকো দেখুওৱা হ’ল। ইয়াৰ আগলৈকে হিন্দীৰ উপভাষা বুলি কোৱা এনে ভাষাৰ সংখ্যা মাথোন দহটা (খড়ী বোলী, ব্ৰজ ভাষা, অৱধী, বুন্দেলি, বাঘেলি, চত্তিছগঢ়ী, লাৰিয়া, লোঢী, পৰদেশী, পোৱাৰি) আছিল। নতুনকৈ অন্তৰ্ভুক্ত কৰা ভাষাৰ ভিতৰত উল্লেখনীয় হৈছে— ৰাজস্থানী মূলৰ মাৰোৱাৰী, ৰাজস্থানী, মেৱাৰী; বিহাৰী মূলৰ ভোজপুৰী, মগহী বা মাগধী, চাদ্ৰী; পাহাৰী মূলৰ গাঢ়ৱালী, কুমাওনী, হিমাচলী আদি। ২০০৩ চনত সংবিধানৰ অষ্টম অনুসূচিত অন্তৰ্ভুক্ত হোৱাৰ আগলৈকে বিহাৰ-ঝাৰখণ্ডৰ অতি সমৃদ্ধিশালী ভাষা মৈথিলীও হিন্দীৰ তথাকথিত উপভাষা হৈ আছিল। এনে জোৰ-জবৰদস্তিৰ ফলত আৰু উত্তৰ ভাৰতৰ অধিক জন্মৰ হাৰৰ পৰিপ্ৰেক্ষিতত ‘হিন্দী কওঁতা’ৰ সংখ্যা কাগজে-কলমে বাঢ়িয়েই থাকিবলৈ ধৰিলে। ২০১১ চনৰ জৰীপত ভাৰতৰ সৰ্বাধিক কথিত ভাষা হিন্দীৰ কওঁতা (৪৩.৬৩ শতাংশ) আৰু দ্বিতীয় সৰ্বাধিক কথিত ভাষা বাংলা কওঁতা (৮.০৩ শতাংশ)ৰ মাজৰ পাৰ্থক্য অতি বিশাল।
অৱধী, ব্ৰজভাষা, ভোজপুৰীৰ দৰে হাজাৰ বছৰীয়া ঐতিহ্যৰে সমৃদ্ধ ভাষা ভাৰতৰ তেনেই নতুন ভাষা হিন্দীৰ উপভাষা হিচাপে থাকিব লগা হোৱাটো দুৰ্ভাগ্যজনক কথা। ভাষাতত্ত্বৰ অধ্যাপক আৰু লেখক দেৱপ্ৰসাদ বন্দ্যোপাধ্যায়ে সঠিকভাৱেই কৈছে— “কখন ভাষা হয়, আৰ কে কখন উপভাষা হয়, সেটা ঠিক কৰে দেয় ভাষা-অতিৰিক্ত কিছু শৰ্ত: অৰ্থনৈতিক-ৰাজনৈতিক-সাংস্কৃতিক শৰ্ত।” (কেতিয়া ভাষা হয়, আৰু কোনটো কেতিয়া উপভাষা হয়, সেয়া ঠিক কৰে ভাষাৰ বাহিৰৰ কিছুমান চৰ্তই: অৰ্থনৈতিক-ৰাজনৈতিক-সাংস্কৃতিক চৰ্তই।) এনে ৰাজনৈতিক চৰ্ত বা কাৰণতে হিন্দীক চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া (১৮১৮ চনতে!) ভাৰতৰ প্ৰথম ৰাজ্য বিহাৰৰ অন্যতম প্ৰধান ভাষা মৈথিলীয়ে সংবিধানৰ স্বীকৃতি আৰু ঝাৰখণ্ডত চৰকাৰী ভাষাৰ মৰ্যাদা পালেও বিহাৰৰ চৰকাৰী ভাষা আজিও হ’ব নোৱাৰিলে!

একে ভাষিক গোষ্ঠীৰ বাহিৰেও বেলেগ ভাষিক গোষ্ঠী (মাগধী প্ৰাকৃত)ৰ এনে বিশাল সংখ্যক ভাষাক হিন্দী (শৌৰসেনী প্ৰাকৃত) বুলি কওঁতে কৃত্ৰিমভাৱে হিন্দীৰ লাভ হ’ল সঁচা, কিন্তু বাকী ভাষাবিলাকৰ লাভ বা লোকচান কি হ’ল? সাম্প্ৰতিক সময়ত ভাষাতত্ত্বৰ জগতত প্ৰভাৱশালী অৱদান থকা ভাষাত্ত্ববিদ নোৱাম চমস্কিয়ে কৈছিল— “A language is not just words. It’s a culture, a tradition, a unification of a community, a whole history that creates what a community is.” (ভাষা কেৱল শব্দ নহয়। ই এক সংস্কৃতি, এক পৰম্পৰা, এটা জাতিৰ সমন্বয় সাধন, জাতি এটা তৈয়াৰ হোৱাৰ সামগ্ৰিক ইতিহাস।) মাতৃভাষাৰ পৰা বিচ্ছিন্ন হোৱা মানে শিপাৰ পৰা বিচ্ছিন্ন হোৱা— নিজা সভ্যতাহীন এক ওলোমা অস্তিত্বত পৰিণত হোৱা। জীনে শাৰীৰিক বৈশিষ্ট্য কঢ়িয়াই থকাৰ দৰে মাতৃভাষাইও কওঁতাৰ অজান্তেই নিজ ঐতিহ্যৰ এটা তৰপ বা লেয়াৰ মনৰ মাজত কঢ়িয়াই লৈ ফুৰে। সেই তৰপটোৱে মানুহক নিজৰ ধৰণে চিন্তা কৰিবলৈ, কথা ক’বলৈ, কামত আগবাঢ়িবলৈ প্ৰেৰিত কৰে। ভাৰতীয় মানুহে নিজৰ ভাষাক জননী বুলি কোৱাটো উপমা মাত্ৰ নহয়, মাতৃভাষাই আক্ষৰিক অৰ্থতে জননীৰ দৰেই মানুহৰ চিন্তা-কৰ্মক আৱৰি-সামৰি ৰাখে। গতিকে কোনোবাই মাতৃভাষা হেৰুৱাইছে মানে মাতৃভাষাই কঢ়িয়াই অনা মহামূল্যবান তৰপটো হেৰুৱাইছে। এই তৰপটো হেৰুৱাই পেলোৱাৰ ভয়টোৱে বেলেগ ভাষা-সংস্কৃতিৰ আগ্ৰাসনক প্ৰতিৰোধ কৰিব বিচাৰে। সেয়ে হয়তো দক্ষিণ ভাৰত, উত্তৰ-পূব ভাৰতত হিন্দী ভাষা জাপি দিয়া বুলি অনুভৱ হ’লেই প্ৰতিবাদৰ জোৱাৰ উঠে।
অতি সম্প্ৰতি তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ বক্তব্যই কেৱল তামিলনাডু বা দক্ষিণ ভাৰতেহে হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে যেন দেখুৱালেও আচল পৰিস্থিতি ইয়াতকৈ বেলেগ। বিহাৰ, উত্তৰ প্ৰদেশৰ বেলেগ বেলেগ ভাষাভাষী অনেক সচেতন মানুহৰ মাজতো হিন্দীৰ প্ৰতি বিৰোধৰ উমান কিছু বছৰৰ পৰা পোৱা হৈ আছে। অনেক ভাষিক ঐতিহ্যৰে পৰিপূৰ্ণ এই বিশাল অঞ্চলটোৱে যে ক্ৰমে নিজৰ ইতিহাস বা শিপা হেৰুৱাবলৈ গৈ আছে, সেয়া সেই সচেতন লোকসকলে অনুভৱ কৰিছে। অনেক চেষ্টা-চৰিত্ৰৰ বলত বিহাৰ-ঝাৰখণ্ডৰ মৈথিলীয়ে অষ্টম অনুসূচীৰ স্বীকৃতি লাভ কৰিলে যদিও এক বিশাল পৰিমাণৰ লোক (২০১১ চনৰ জৰীপ অনুসৰি প্ৰায় ৬ কোটি)ৰ মাতৃভাষা ভোজপুৰীয়ে ‘ৰাজনৈতিক চৰ্ত’ৰ বলি হৈ সেই সৌভাগ্য লাভৰ পৰা বঞ্চিত হৈ আছে। উত্তৰ প্ৰদেশ-বিহাৰৰ দৰে বিচিত্ৰ আৰু সমৃদ্ধিশালী ভাষিক অঞ্চল এটাত,— য’ত ব্ৰজভাষাত শ্ৰীকৃষ্ণকেন্দ্ৰিক অনেক গীত-মাত, সাহিত্যিক ৰচনা, মীৰাবাঈ-সুৰদাসৰ ভজন; অৱধী ভাষাত শ্ৰীৰামচন্দ্ৰকেন্দ্ৰিক অগণিত গীত-মাত, গোস্বামী তুলসীদাসৰ ৰামচৰিতমানস, সন্ত কবীৰদাসৰ নিৰ্গুণ ভক্তিৰ সাহিত্যকৃতি আৰু অসংখ্য প্ৰকাৰৰ বিয়ানাম-ঢাইনাম-লোকগীত; ভোজপুৰী ভাষাত ভিক্ষাৰী ঠাকুৰ-ৰাহুল সংকৃতায়নৰ সাহিত্যকৃতি আছে,— তাত এই সকলোবোৰ ঐতিহ্যৰ উত্তৰাধিকাৰৰ পৰা ইয়াৰ বাসিন্দাসকল বঞ্চিত হ’বলৈ গৈ আছে। এই ভাষাবোৰৰ ব্যৱহাৰ ক্ৰমে সীমিত হৈ আহিব লাগিছে বুলি সচেতন লোকসকলে বিভিন্ন মাধ্যমৰ জৰিয়তে আশংকা প্ৰকাশ কৰিছে। প্ৰধানকৈ নগৰাঞ্চলৰ লোকসকলে এনে তথাকথিত ‘গাঁৱলীয়া’ (দেহাতী) মাতৃভাষা ক’বলৈ গৈ নীচাত্মিকাবোধত ভোগা পৰিলক্ষিত হৈছে। শিক্ষা-দীক্ষা, চৰকাৰী কাম-কাজ আৰু দৈনন্দিন জীৱন-যাত্ৰাত যেতিয়া ভাষা এটাৰ ব্যৱহাৰ নহ’ব, সেই ভাষা কিমান দিনলৈ জীয়াই থাকিব? ভাষা জীয়াই নাথাকিলে সেই ভাষাই কঢ়িয়াই অনা সভ্যতাৰ ঐশ্বৰ্য জীয়াই থাকিব নোৱাৰে।
ভাষা মানে কেৱল শব্দ আৰু ব্যাকৰণ নহয়; চমস্কিয়ে কোৱাৰ দৰে ভাষা মানে ঐতিহ্য, ভাষা মানে পৰম্পৰা, ভাষা মানে শিপা,— হিন্দীৰ ‘নিচিনা’ শব্দ আৰু ব্যাকৰণ কাৰণেই ৫৬/৬০টা ভাষাক হিন্দী বুলি কৈ দিলে ভাষাবোৰে কঢ়িয়াই অনা সভ্যতা-ঐতিহ্য-পৰম্পৰা ৰক্ষা হ’বনে? আনকি ‘ৰাজনৈতিক চৰ্ত’ই হিন্দীৰ নিচিনা নোহোৱা ভাষাকো (মাৰোৱাৰী, পাহাৰী) হিন্দীৰ উপভাষা বুলি কৈছে। ইয়ে ভাষাবোৰৰ প্ৰতি কেনেকৈ সুবিচাৰ কৰিব পাৰে? অসমীয়া আৰু ওড়িয়াক বাংলাৰ উপভাষা বুলি ক’ব খোজাটো যেনে, এই তিনি কুৰি ভাষাক হিন্দী বুলি কোৱাটোও তেনে। এনে পৰিপ্ৰেক্ষিতত তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ বক্তব্যক কেৱল ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি নস্যাৎ কৰি দিব নোৱাৰি। মানুহৰ প্ৰবল সমালোচনাৰ প্ৰত্যুত্তৰত তেওঁ এই কথাও কৈছে যে হিন্দী ভাষাৰ প্ৰতি তেওঁলোকৰ কোনো বিৰাগ নাই, মানুহে স্বপ্ৰণোদিত হৈ ভাষা শিকিবই পাৰে, শিকক। ব্যক্তিগত বিদ্যালয়সমূহত হিন্দী শিকালেও তেওঁৰ আপত্তি কৰিবলগীয়া নাই। কেন্দ্ৰীয় চৰকাৰৰ হিন্দী জাপি দিয়া নীতিৰহে তেওঁলোকে বিৰোধ কৰে। আমিও ভাবোঁ, জাপি দিয়া নীতিৰ বিৰোধ কেৱল দক্ষিণৰ পৰাই কিয়,— ভাৰতৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ— সকলো প্ৰান্তৰ পৰাই হ’ব লাগে। নিজৰ ভাষা-কৃষ্টি হেৰুৱাই নিৰালম্ব হোৱা মানুহ কাৰোবাৰ দাসত পৰিণত হ’ব,— কোনোবাই এনে হোৱাটো বিচাৰিলেও তাক হ’বলৈ নিদিয়াৰ পণ লোৱাৰ শিক্ষা সকলোৱে তামিলনাডু তথা দক্ষিণ ভাৰতৰ পৰা লোৱা উচিত। কেন্দ্ৰীয় চৰকাৰেও হিন্দী ভাষাৰ প্ৰচাৰক উন্মাদনাৰ পৰ্যায়লৈ পৰ্যৱসিত নকৰি প্ৰয়াসটো আন্তৰিক কৰি ৰাখিব লাগে আৰু তাৰ সমান্তৰালভাৱে সকলো ভাষাৰ সম উন্নয়নত মনোযোগ দিব লাগে।
গায়ক-গীতিকাৰ কবীৰ সুমনৰ সৰল ইচ্ছাৰ দৰেই বহুভাষী পৃথিৱীখনত সকলো ভাষাৰে সন্মানজনক স্থিতি থকা দৰকাৰ— “আমি চাই সাঁওতাল তাৰ ভাষায় বলবে ৰাষ্ট্ৰপুঞ্জে/… /আমি চাই নেপালি ছেলেটা গিটাৰ হাতে/ আমি চাই তাৰ ভাষাতেই গাইতে আসবে কলকাতাতে।” (মই বিচাৰোঁ চাওঁতালজনে ৰাষ্ট্ৰসংঘত নিজৰ ভাষাৰেই কথা ক’ব/ মই বিচাৰোঁ নেপালী ল’ৰাটোৱে হাতত গীটাৰ লৈ নিজৰ ভাষাৰেই কলকাতাত গান গাব।)
ভাষা জননীৰ মুখ সৰ্বদা উজ্জ্বল হৈ থকাটো আমি কামনা কৰোঁ।
❧ | আৰু পঢ়ক: