পুৰণিগুদাম অঞ্চলৰ লোকনাট্য পৰম্পৰা: পানীতোলা সবাহ, পালা ভাওনা আৰু বোকা ভাওনা

পুৰণিগুদাম অঞ্চলৰ লোকনাট্য পৰম্পৰা: পানীতোলা সবাহ, পালা ভাওনা আৰু বোকা ভাওনা
  • 21 Dec, 2021

লো কনাট্যৰ এক শক্তিশালী পৰম্পৰাৰে অসম ঐশ্বর্যমণ্ডিত। সংস্কৃতিৰ মিলন ক্ষেত্ৰ অসম দৰাচলতে লোকনাট্যৰ ভঁৰাল বুলি ক’লে ভুল কৰা নহ’ব। নগাঁও জিলাৰ বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ ৰাইজে আশাশুধীয়াকৈ অনুষ্ঠিত কৰি অহা তিনিটা লোকনাট্য পৰম্পৰা— পানীতোলা সবাহ, পালা ভাওনা আৰু বোকা ভাওনাৰ বিষয়ে চমু আলোকপাত কৰিব বিচাৰিছোঁ।

পানীতোলা সবাহ

পানীতোলা সবাহ

পানীতোলা সবাহ

পৃথিৱীৰ সৰহ সংখ্যক কৃষিজীৱী মানুহৰ আনন্দোৎসৱৰ মূল উৎস ঘাইকৈ কৃষি। যিবিলাক উৎসৱ প্রধানতঃ কৃষি ভিত্তিক, সেই বিলাকৰ মাজত এটা ওতপ্রোত সম্পর্ক থকা দেখিবলৈ পোৱা যায়। বিশেষকৈ এই লোক উৎসৱবিলাক উদযাপন কৰা সময় প্রায়বোৰ ঠাইতে একে হয়।

বহু আগৰে পৰা মধ্য অসমৰ হিন্দু সমাজত চলি অহা লোক-উৎসৱ পানীতোলা সবাহে আজি সংস্কৃতিপ্রেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ কৃষিৰ দ্বাৰা জীৱিকা নির্বাহ কৰা মানুহখিনিৰ কাৰণে এই পৰম্পৰাই এক সুপৰিচিতি লাভ কৰিছে। জেঠ আৰু আহাৰ মাহ দুটা শইচ ৰোৱাৰ লগতে বানপানী হোৱাৰ সময়। কৃষিৰ লগাত পানীৰ ওতপ্রোত সম্বন্ধ, গতিকে প্রকৃতিয়ে দয়া নকৰিলে এই সময়ছোৱাত কৃষক ৰাইজৰ মনবোৰে হাহাকাৰ কৰিবলৈ ধৰে।

কেতিয়াবা অতিপাত পানীৰ ফলত খেতি পথাৰ বুৰি আৰু কেতিয়াবা বৰকৈ খৰ হোৱাৰ ফলত খেতিপথাৰ শুকাই কৃষিজীৱী পৰিয়ালৰ জীৱন ধাৰণত বাধাৰ সৃষ্টি কৰে। এই সমস্যা নির্মূলার্থে ইষ্ট দেৱ-দেৱতাক সন্তুষ্ট কৰিবলৈ জনবিশ্বাস অনুসৰি চলি অহা পৰম্পৰাটিয়েই হ’ল পানীতোলা সবাহ বা উৎসৱ। নামনি অসমৰ মাৰৈ বা মনসা পূজা আৰু অসমৰ প্ৰায়বোৰ ঠাইতে জনাজাত ভেকুলী বিয়াৰ লগত পানীতোলা সবাহৰ সাদৃশ্য আছে। মধ্য অসমৰ বাহিৰেও ইয়াৰ প্ৰচলন আন বহুকেইখন ঠাইত দেখিবলৈ পোৱা যায়। গভীৰ জনবিশ্বাসৰ মাজেদি প্রচলিত হৈ অহা এই উৎসৱত বেছিকৈ আয়তীসকলেই আগভাগ লয়। জেঠ-আহাৰ-শাওণ মাহৰ যিকোনো দিনতে ইয়াৰ আয়োজন দেখা যায়। প্রচলিত ৰীতি অনুসৰি আয়তীসকলে নির্দিষ্ট কৰি থোৱা ঠাইৰ পৰা পানীতোলাৰ ব্যৱস্থা কৰে। এই পানীতোলা কার্য সম্পাদনা কৰিব পাৰে কেবল ‘এৱা’ (পুষ্পিতা নোহোৱা) ছোৱালীয়েহে। ঘটৰ সহায়ত সংগ্রহ জল নামঘৰত স্থাপন কৰে। পানী তুলিবলৈ যাওঁতে আয়তীসকলে মংগল উৰুলী ধ্বনিৰে গীত গাই যোৱা কার্য যথেষ্ট আকর্ষণীয়। পানী তুলিবলৈ যাওঁতে আয়তীসকলে গোৱা গীতৰ নমুনা এটি উল্লেখ কৰা হ’ল।

“জয় জয় কাষতে কলচী
জয় জয় লোৱাহে দৈৱকী
জয় জয় পানী তুলিবলৈ যাওঁ হে।
জয় জয় যমুনাৰ জলে
জয় জয় কৰে তলে বলে
জয় জয় দৈৱকী আহিব শুনিহে।।…”

এই গীতবোৰত পানী তুলিবলৈ যোৱা ঘটনাৰ সাৱলীল বর্ণনা দেখিবলৈ পোৱা যায়।

দ্বিতীয় দিনা অঞ্চলৰ সমূহ ৰাইজ নামঘৰত একত্ৰিত হৈ নাম-কীর্তন কৰে। তৃতীয় তথা অন্তিম দিনা ঘটৰ পানীভাগ হোম পুৰি পূজা কৰে আৰু এক উৎসৱমুখৰ পৰিৱেশত সেই পৱিত্ৰ পানীভাগ নামঘৰৰ চাৰিওদিশে ছটিওবাৰ লগতে অৱশিষ্টখিনি ৰাইজৰ মাজত বিতৰণ কৰা হয়। বিশ্বাস যে পৱিত্ৰ জল যি যি অঞ্চললৈ মানুহৰ গাত লাগি যায়, সেই অঞ্চলটোত শান্তি বিৰাজ কৰে আৰু বেমাৰ-আজাৰ আদি নহয়। এই কামখিনি শেষ হোৱাৰ অন্তত সমূহীয়াভাৱে ৰাইজে মাহ-প্রসাদেৰে দিনটোৰ ব্ৰত ভঙ্গ কৰে। কোনো কোনো অঞ্চলত সেইদিনা নিশা ভাওনা অনুষ্ঠিত কৰি উৎসৱৰ সামৰণি মৰা হয়। যি অঞ্চলত এই উৎসৱ হয়, সেই অঞ্চলৰ যিসকল ব্যক্তি অন্য ঠাইত জীৱিকাৰ খাটিৰত আছে, তেখেতসকলো যেনেতেনে আহি উৎসৱত ভাগ লয়হি। কাৰণ জনবিশ্বাস মতে যি ঘৰৰ ব্যক্তি উপস্থিত নাথাকে, সেই বৰ্ষটোত সেই ঘৰৰ অপায়-অমঙ্গল হ’ব পাৰে। সেই জনবিশ্বাসৰ আচিলাতে অঞ্চলৰ সকলো ৰাইজ মিলিত হৈ ভাব বিনিময় কৰাৰ সুযোগ পায়। মধ্য অসমৰ বিভিন্ন ঠাইত প্রচলিত এই লোক-উৎসৱটিৰ বৰ্ণনা আমি নগাঁও জিলাৰ পুৰণিগুদামৰ গায়নবৈৰাগী গাঁৱত হোৱা উৎসৱৰ অভিজ্ঞতাৰ ভেটিত লিখিছোঁ। এই গাঁওখনত প্রত্যেক বছৰতে মহাসমাৰোহেৰে পানাতোলা সবাহ পালিত হৈ আহিছে।

পালা ভাওনা

পালা ভাওনাৰ বিবেক

পালা ভাওনাৰ বিবেক

অসম লোকসংস্কৃতিৰ ক্ষেত্ৰত যথেষ্ট চহকী। বিভিন্ন জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্যসম্পন্ন লোকসংস্কৃতিয়ে আমাৰ সংস্কৃতিৰ ক্ষেত্ৰখন চহকী কৰি ৰাখিছে। পালা ভাওনা তেনে এবিধ লোকসংস্কৃতি। ‘পালা’ শব্দৰ আভিধানিক অর্থ নাচ-গান, যাত্ৰা-ভাওনা কৰা মানুহৰ দল বা পাল। অন্য এক অৰ্থত অভিনয়ৰ এটা সম্পূর্ণ খণ্ডকো পালা বোলে। এই নাট্যধাৰাটোৰ উৎস বাংলা যাত্রা অভিনয় হ’লেও থলুৱা পৰম্পৰাৰ সংমিশ্ৰণত ই এক স্বকীয় ধাৰা হিচাপে লোকশিল্পত স্থান দখল কৰি লৈছে। বংগৰ পৰা অহা যাত্ৰাভিনয়ৰ অনুকৰণত গঢ় লোৱা এই ধাৰটিৰ প্ৰভাৱ এতিয়াও ঠায় ঠায়ে সঞ্জীৱ হৈ আছে। এসময়ত যাত্ৰাৰ বিকল্প হিচাপে জনসমাজে এই নাট্যধাৰাক আঁকোৱালি লৈছিল যদিও এতিয়া ইয়াৰ ঠাই মঞ্চৰ নাটে দখল কৰি লৈছে। তথাপি বহুকেইখন ঠাইত পালা ভাওনা সফলতাৰে প্ৰচলিত হৈ থকা দেখা যায়। এতিয়াও ঠায়ে ঠায়ে পালা ভাওনা কৰি ফুৰা ভ্ৰাম্যমাণ দল পোৱা যায়।

পালা ভাওনা যাত্ৰা ভাওনাৰ অনুৰূপ হলেও, অঙ্কীয়া ভাওনাৰ লগত কিছু সামঞ্জস্য থকা দেখা যায়। পালা ভাওনাৰ বিবেক চৰিত্ৰটোৰ অঙ্কীয়া ভাওনাৰ সূত্ৰধাৰৰ লগত কিছু মিল থকা দেখা যায়। আধুনিক মঞ্চনাটৰ দৰে পালা ভাওনাত দৰ্শকসকলৰ বাবে সন্মুখভাগ ৰখা হয়। ভাৱৰীয়াসকলে ছোঁঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখৰ মুকলি ঠাইত অভিনয় কৰে। উক্ত দ্বাৰেদি সকলো ভাৱৰীয়াই ক্ৰম অনুসৰি নাটকৰ প্রয়োজনত প্ৰৱেশ আৰু প্রস্থান কৰে। প্ৰৱেশদ্বাৰৰ একাষে দর্শকৰ মুখামুখিকৈ গায়ক, বাদকসকলে অৱস্থান কৰে।

পালা ভাওনাৰ নাটসমূহৰ ভাষা সম্পূর্ণ গ্ৰাম্য ভাষা। ব্রজাৱলী ভাষাৰ লগত এই ভাষাৰ কিছু মিল থকা দেখা যায়। পৌৰাণিক কাহিনীৰ পৰা আৰম্ভ কৰি ঐতিহাসিক কাহিনীলৈকে দর্শকৰ মনত সাঁচ বহুৱাব পৰা যিকোনো কাহিনী লৈয়ে পালা ভাওনাৰ নাটসমূহ ৰচিত হৈছে। নাটসমূহ কোনে ৰচনা কৰে সেইটো নির্দিষ্টকৈ ক’ব নোৱাৰিলেও ইয়াৰ ৰচক যে একো একোজন অভিজ্ঞ চহা নাট্যকাৰ, সেয়া নাটমূহৰ ভাষা আৰু ৰচনাৰীতিয়ে দেখুৱাই দিয়ে। কেইখনমান জনপ্রিয় পালা নাটক হ’ল— হৰিশ্চন্দ্ৰ উপাখ্যান, শ্ৰীবৎস-চিন্তা, সতী বেউলা, সীতা বনাবাস, নল-দমায়ন্তী, জেৰেঙাৰ সতী আদি।

হৰিশ্চন্দ্ৰ পালাৰ একাংশ | সৌজন্য: অবিনশ্বৰ গোষ্ঠী/ইউটিউব

পালা ভাওনাৰ আৰম্ভণিতে কাহিনী অনুসৰি বন্দনা গীত গোৱা হয়। গায়ক-বাদকসকলে এই গীত পৰিৱেশন কৰে। তাৰ পাছত এহাল ল’ৰা-ছোৱালীয়ে নাটকৰ বাবে শুভ কামনা কৰি গীত গায়।

“হে ভগৱান হে ভগৱান
ভগৱান ভগৱান হে ভগৱান
পূজিম চৰণ এ
ৰাখিবা হৃদয়ৰ মাজে হে…।”

বংগৰ যাত্ৰাত থকা ছোকৰা-ছোকৰীৰ গীতৰ লগত এই গীতৰ সামঞ্জস্য আছে।

অঙ্কীয়া ভাওনাৰ সূত্ৰধাৰৰ আগত মিল থকা পালা নাটৰ ‘বিবেক’ চৰিত্ৰক মহর্ষি নাৰদৰ চৰিত্ৰৰ লগত ৰিজাব পাৰি। গীত-নৃত্য বিশাৰদ এই চৰিত্ৰটো প্রত্যেকখন পালা নাটৰ এক উমৈহতীয়া অংগ। আধ্যাত্মিক দিশৰ পৰা চাবলৈ গ’লে এই চৰিত্ৰটো প্রতীকধর্মী। মানুহৰ মানসিকতাক বিবেকে পৰিচালনা কৰাৰ দৰে এই চৰিত্ৰয়ো নাটকৰ চৰিত্ৰসমূহক ন্যায়-অন্যায়, ভাল-বেয়া, উচিত-অনুচিত আদি বিচাৰ কৰাত সহায় কৰে।

পালা ভাওনাৰ সংলাপসমূহৰ ভাগ দুটা। আমি যিদৰে সাধাৰণতে আলাপ কৰোঁ, তেনে লেখীয়াবোৰক ‘কথা’ আৰু সুৰত গোৱাবোৰক ‘গান’ বোলা হয়। গানবিলাক ছন্দত লিখা নহ’লেও ইয়াৰ আবেদন অঙ্কীয়া নাটৰ স্তুতি, বিলাপ, পয়াৰতকৈ কোনো গুণে কম নহয়।

অসমৰ বিভিন্ন ঠাইত পালা ভাওনাৰ বহুল প্রচলন এতিয়াও লক্ষ্য কৰিবলগীয়া। নামনি অসমৰ কেতবোৰ ঠাইত ই ‘যাত্রা’ নামেৰে প্ৰচলিত যদিও মধ্য অসমৰ নগাঁও, কলিয়াবৰ প্রমুখ্য বিভিন্ন ঠাইত এইবিধ লোকশিল্প ‘পালা ভাওনা’ নামেৰেহে জনপ্রিয়।

বোকা ভাওনা

বোকা ভাওনা

বোকা ভাওনা

লোকনাট্যৰ ভঁৰাল চহকী কৰা মধ্য অসমত প্রচলিত এক লোকনাট্য হ’ল বোকা ভাওনা বা পংক উৎসৱ। বোকা ভাওনা হৈছে ভাদ মাহৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথিৰ লগত সংগতি ৰাখি পালিত হোৱা এক লোকনাট্য। এই অনুষ্ঠান ভাদ মাহৰ কৃষ্ণা একাদশী তিথিৰ দিনা নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ নামঘৰসমূহত আবহমান কালৰে পৰা বৰ্তমানলৈকে শিল্পপ্রাণ ৰাইজে বৰ আনন্দ-উল্লাসেৰে পালন কৰি আহিছে।

পুৰণিগুদামৰ চলচলি মৌজাৰ অন্তৰ্গত দেউৰী গাঁও, খাটোৱাল মৌজাৰ ৰংদাইচুক গাঁও আৰু চামগুৰি মৌজাৰ ব্রহ্মচাৰী সত্ৰৰ নামঘৰত যোৱা ডেৰশ বছৰৰো অধিক কাল ধৰি প্ৰতি বছৰে বোকা ভাওনা অনুষ্ঠিত কৰি অহা হৈছে। শ্রীকৃষ্ণৰ জন্মাষ্টমী তিথিৰ দিনাই নামঘৰৰ সন্মুখৰ মুকলি ঠাইত আহল-বহলকৈ প্রায় এক ফুট দকৈ, বিছ-ত্রিছ ফুট ব্যাসৰ গোলাকাৰ আকৃতিত মাটি খান্দি লোৱাৰ পাছত জেং-জাবৰ নথকা মাটি আনি তাত ভৰাই পানীৰ লগত খচি সাজু কৰে বোকা ভাওনাৰ মঞ্চ।

কৃষ্ণ একাদশী তিথিৰ দিনা মঞ্চৰ চাৰিও দিশত কলগছৰ পুলি পুতি ফুলৰ মালা গুঠি সজাই-পৰাই দেখিবলৈ ধুনীয়া কৰে। পুৱাৰ ভাগত নামঘৰত নাম-প্রসঙ্গ কৰি দুপৰীয়া ওচৰচুবুৰীয়া গাঁৱৰ আমন্ত্রিত বৈষ্ণব-ভকত মিলিত হৈ প্রসঙ্গীয়া নাম কৰে। নামৰ অন্তত গায়ন-বায়নৰ জোৰা উঠে আৰু সূত্ৰধাৰৰ নিৰ্দেশত বোকা ভাওনা আৰম্ভ কৰে। আগতে সজাই থোৱা দুগ্ধ, ঘি, লৱণু আদিৰ শৰাইখন গাঁৱৰ বয়োবৃদ্ধ এজনে হাতত লৈ বোকা ভাওনাৰ মঞ্চলৈ আগবাঢ়ে, পিছে পিছে গায়ন-বায়ন আৰু উপস্থিত দর্শক ৰাইজ।

❧ | আৰু পঢ়ক: নগঞা বৈষ্ণৱী ওজাপালিৰ অতীত আৰু বৰ্তমান

গায়ন-বায়নে বোকা ভাওনাৰ মঞ্চৰ চাৰিওকাষে ঘূৰি ঘূৰি নাম-গুণ গাই তিনি বা পাঁচ পাক ঘূৰাৰ পাছতে নন্দ, যশোদা আৰু শিশু শ্ৰীকৃষ্ণৰ প্ৰৱেশ হয়। বৃদ্ধ কালত নন্দ-যশোদাৰ পুত্ৰ লাভৰ কথা বিয়পি পৰাত গকুলবাসীয়ে যিদৰে আনন্দত মতলীয়া হৈ পদূলি উদুলি-মুদুলি কৰিছিল, ঠিক তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে বোকা ভাওনাৰ থলীত। বিভিন্ন ভঙ্গীমাৰে গাঁৱৰ ৰসিক লোকসকলে ৰং-ধেমালি কৰি অনুষ্ঠানটি আনন্দ মুখৰ কৰি তোলে। ৰাইজে নিয়া শৰাইখন নন্দ-যশোদা আৰু শিশু কৃষ্ণৰ আগত ৰাখি শৰাইত থকা দুগ্ধ, লৱণু বোকালৈ আৰু ভাওৰীয়াসকলৰ গালৈ দলিয়াই সকলোৱে আনন্দ কৰে আৰু ভাৱৰীয়াসকলে বোকাত নামি ইজনে সিজনৰ গাত বোকা সানি আনন্দত মতলীয়া হয়। গায়ন-বায়নৰ তালে তালে পাৰত থকা দর্শক ৰাইজে কৃষ্ণ নামত মগ্ন হৈ পৰে। বোকাত থক শিল্পীসকলে ভিন্ন ভঙ্গীমাৰে নাচি নাচি নৃত্য কৰে। তেনে সময়ত গর্গ ঋষিয়ে নৱজাতকৰ নামকৰণ কৰিবলৈ ভাওনাৰ মঞ্চত প্রৱেশ কৰে আৰু নন্দ-যশোদাৰ পুত্ৰৰ নাম শ্রীকৃষ্ণ ৰাখে।

❧ | আৰু পঢ়ক: দৰঙী লোক-পৰিৱেশ্য কলা: খুলীয়া ভাউৰীয়া

সন্ধ্যাৰ আগে আগে ভাৱৰীয়াসকলে বোকাৰ পৰা উঠি ওচৰত থকা কলং বা বিলৰ পানীত স্নান কৰি তিতা গাৰেই নামঘৰলৈ আহি সেৱা জনাই বোকা ভাওনাৰ সামৰণি মাৰে। তাৰ পাছত নামঘৰত সকলোৱে বহি মাহ-প্ৰসাদ খাই ঘৰাঘৰি যায়। একাংশ ৰাইজে ভাওনাৰ স্থলীৰ পৰা কলপাতত ঘৰলৈ বোকা লৈ যোৱাৰ পৰম্পৰা আছে। সেই বোকা ঘৰত ৰাখিলে গৃহস্থীৰ মঙ্গল হোৱাৰ লগতে ভগৱান শ্ৰীকৃষ্ণই বাস কৰে বুলি আৰু শিশু সকলৰ কপালত ফোট দিলে অপায়-অমঙ্গল নহয় বুলি ৰাইজে বিশ্বাস কৰি আহিছে। বৈষ্ণৱ-ভকতসকলে এই বোকা মৃত্তিকা হিচাপেও ব্যৱহাৰ কৰে। অসমীয়া লোক সংস্কৃতিৰ বৰপেৰাত জাপ খাই জীপাল হোৱা বোকা ভাওনা পুৰণিগুদামবাসীৰ এক আনন্দৰ উৎসৱ।

ছবি: লেখকৰ সৌজন্যত

পুৰণিগুদাম অঞ্চলৰ লোকনাট্য পৰম্পৰা: পানীতোলা সবাহ, পালা ভাওনা আৰু বোকা ভাওনা | দুলাল বৰা

Follow Nilacharai on Facebook