পূৰ্বৰ খণ্ড: অসমীয়া কৃষ্টিৰ চমু আভাস (৮)
ছায়াচিত্ৰৰ কথা
ই এটা বিৰাট ব্যাপাৰ আৰু বহু ধন ব্যয় সাপেক্ষে বেপাৰ। সেই বিষয়ে ইয়াত আলোচনা নিষ্প্ৰয়োজন। মুঠতে ‘ফিল্ম’ হৈছে শিক্ষা আৰু প্ৰচাৰৰ কাৰণে সকলোতকৈ উজু উপায় আৰু ৰঙ্গমঞ্চত যিবিলাক প্রকাশ কৰা অসম্ভৱ, ‘ফিল্ম’ত সেইয়া সম্ভৱ। দুঃখৰ বিষয় অসমত এনে ‘ফিল্ম’ৰ কোনো বিশেষ অনুষ্ঠান আজিও নাই। অসমৰ যি কেইখন বোলছবি ওলাইছে আটাই কেইটাই ‘আর্ট’ৰ আৱৰ্জনা আৰু অসমীয়া চাহ-বাগিচাৰ মালিক ধনী কেইজনৰ ধনৰ প্রদর্শনী আৰু আভিজাত্যৰ প্রতিযোগিতা যেন লাগে । কথাছবি উলিয়াবলৈ হ’লে Synopsis, Scenario, Location, Setting, Costume, Painting ইত্যাদিৰ আৱশ্যক আৰু তাৰ কাৰণে লাগে Camera, Sound Machine, Actor, Actress, Camera man, Sound Engineer, Art director, Music director, Costume director, Director, Producer এইবিলাক লাগে। গতিকে অসমত যেতিয়া মুষ্টিমেয় ধনীসকলৰ ‘ফিল্ম’ত প্রতিযোগিতা চলিছে, তেন্তে সংখ্যাগৰিষ্ঠ দুখীয়া ৰাইজৰ লিমিটেড্ কোম্পানীৰ বাহিৰে আৰু উপায়েই নাই। সেই কাৰণে এই বিষয়ে মোৰ যথেষ্ট অভিজ্ঞতা থকা সত্বেও দুখেৰে জনাব লগীয়া হৈছে যে ই মোৰ পক্ষে নিৰ্ধনী দুখীয়াৰ অলীক সপোন হে। গতিকে এই বিষয়ে আলোচনা নিষ্প্ৰয়োজন।
অসমীয়া ‘ৰেকর্ড’ প্রায় নাছিলেই। এই দুখীয়াৰ পক্ষে এয়া সহজ উপায় বুলি ভাবি হেতা-ওপৰাকৈ অসমীয়া ‘ৰেকর্ড’ দি দি আজি ইমান অসমীয়া ‘ৰেকর্ড’ হৈছে যে বিদেশী ৰেকৰ্ডে আৰু ইমান অধিকাৰ অসমত কৰিব নোৱাৰিব। কিন্তু অসমত যদি অসমীয়া ‘ফিল্ম কোম্পানী’ নহয় আৰু অসমীয়া ‘ফিল্ম’ নোলায়, তেন্তে এই বিদেশী ‘ফিল্ম’বিলাকেই অসমীয়াৰ সুকীয়া কৃষ্টি, সুকীয়া সভ্যতা নষ্ট কৰি পেলাব। শেহত অসমীয়াৰ অস্তিত্বই নাথাকিব। অসমীয়া তেনেই মৰিব আৰু আমাৰ চেনেহী অসমী আইৰ ৰূপ পৃথিৱীৰ মানচিত্ৰৰ পৰা চিৰকাললৈ বিলুপ্ত হ’ব।
কথাত কথা বাঢ়ি যায়, তথাপি ইয়াতে সামৰিবলৈ অনিচ্ছাৰে ইচ্ছা কৰোঁ। সামৰণি মৰাৰ আগতে কওঁ, অসমীয়া কৃষ্টি-সংস্কৃতি আৰু সভ্যতা নির্য্যাতিত-নিষ্পেষিত, দুখীয়া কৃষক-বনুৱা অসমীয়াইহে আজিও অবহেলিতভাৱে জীয়াই ৰাখিব পাৰিছে, যিবিলাকেৰে আজিও আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ, অসমীয়া বুলি জগতত চিনাকি দিব পাৰোঁ। গতিকে অসমীয়া জাতিৰ মৃত্যুবাণ এই হোজা দুখীয়া গাঁৱলীয়া অসমীয়াৰ হাততহে।
কিন্তু যিবিলাক ধনী জমিদাৰ, হাকিম, পুঁজিপতি, চাহ বাগিচাৰ মালিক, তেওঁলোকে অসমৰ এই বাপতিসাহোনীয়া সম্পতি, অসমৰ কৃষ্টি-সংস্কৃতি মস্কৰা আৰু আমোদৰ উপকৰণ বুলি ইতিকিং কৰি নিষ্ঠুৰ আনন্দ লভে। কিন্তু তেওঁলোক জানো অসমীয়া, তেওঁলোক জানো ভাৰতৰ নাগৰিক? তেওঁলোক অসমীয়া নহয় আৰু ভাৰতৰ নাগৰিকও নহয়। পৃথিৱীৰ আন আন দেশৰ সেই একে শোষক সম্প্রদায়ৰ তেওঁলোক— যাৰ জাতি নাই, দেশ নাই; কেৱল সুবিধাবাদী, মুনাফাখোৰ, চোৰাং বাজাৰী। তেওঁলোকৰ ৰচনা, তেওঁলোকৰ বক্তৃতা, তেওঁলোকৰ সৃষ্টি কেৱল ভুৱা আৰু ফাঁকি। তেওঁলোকৰ টকা আছে, ছপাখানা কিনিছে, ৰজিতা খুৱাই গুণিছে, গাঁথিছে, লিখিছে, ৰচিছে, আঁকিছে আৰু তাকে ছপাই জগতত প্রকাশ কৰিছে, বিলাইছে। আজি যাৰ অন্তৰত জেতুকা পাতৰ দৰে ৰঙা বোল সোমাই আছে, যাৰ হৃদয়ৰ অভ্যন্তৰত ধেতুৰৰ কলীয়া ৰেণু লুকাই আছে, যাৰ হিয়াত আমঠু সদায় নিষ্পেষিত, নিপীড়িত, নিৰ্য্যাতিত, অত্যাচাৰিত হৈ চিৰকাল পুৰি ছাই হৈ গৈছে; সেই কৃষক-বনুৱা অসমীয়া অত্যাচাৰিত দলৰ গল্প উপন্যাস, নাটক, ছবি, মূৰ্ত্তি, নাম, বোলছবি, ৰেখা, কাঁহী প্রকাশ কৰিবৰ অর্থ নাই, সামর্থ্য নাই; সময় নাই। তেতিয়াহে প্রকৃত শিৱৰ উৎকর্ষ সাধন হ’ব, যেতিয়া এই অত্যাচাৰিত দলৰ প্রকৃত স্বৰূপ উদ্ঘটিত হ’ব, দুৰৱস্থা উন্নীত হ’ব আৰু তেওঁলোক এই আহল-বহল পৃথিবীৰ বুকুত চিৰযুক্ত; চিৰ-স্বাধীন হৈ উমলি ফুৰিব পাৰিব। অসমৰ যি কৃষ্টি-সংস্কৃতি আছে, তাক সংস্কৃত কৰিব লাগিব, যি নতুন আহিছে তাকে অসমীয়া ঠাচত ভালকৈ সজাই পৰাই গঢ়িব লাগিব। তেতিয়াহে আমাৰ কৃষ্টি-সংস্কৃতি আৰু সভ্যতাই পূর্ণ বিকাশ পাব আৰু অসমীয়া জাতি বাচিব। (সমাপ্ত)
(ছপাৰ ভুল বুলি অনুভৱ কৰা অশুদ্ধি শুধৰোৱাৰ বাহিৰে ৰচনাৰ বানান পদ্ধতিত হাত দিয়া হোৱা নাই)
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কনিহা ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে প্ৰদান কৰা ভাষণটি পিছত ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ নামেৰে পুস্তিকা আকাৰে ছপা হৈ ওলাইছিল। যদিও বৰ্তমানে ৰাভাদেৱৰ ৰচনা আৰু সৃষ্টিসমূহৰ স্বত্ত্ব উকলি যোৱা নাই, জাতীয় স্বাৰ্থত বৰ্তমানে প্ৰায় দুষ্প্ৰাপ্য হৈ পৰা পুস্তিকাখনি ধাৰাবাহিক ৰূপত ‘নীলা চৰাই’ত প্ৰকাশ কৰা হৈছে। এই সম্পৰ্কত কাৰোবাৰ কিবা আপত্তি থাকিলে অনুগ্ৰহ কৰি আমাক জনালে (editor @nilacharai.com) প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। —সম্পাদক, নীলা চৰাই
❧ | ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ ই-বুক হিচাপে উপলব্ধ কৰোৱা হৈছে। সবিশেষ ইয়াত চাওক।