ক ণ্ঠহীন জনতাক কণ্ঠ দিয়া সাংবাদিক ৰৱিশ কুমাৰ। বিশেষণটো আমাৰ নহয়, ৰামন মেগছে’ছে’ এৱার্ড ফাউণ্ডেচন (Ramon Magsaysay Award Foundation)ৰ৷ হয়, ২০১৯ বৰ্ষৰ ৰামন মেগছে’ছে’ বঁটাৰ বাবে নির্বাচিত হোৱা ভিন ভিন দেশৰ পাঁচজন ব্যক্তিৰ মাজৰ অন্যতম হৈছে ভাৰতৰ ৰৱিশ কুমাৰ। বঁটাৰ বাবে নির্বাচিত বাকী চাৰিজন ব্যক্তি হৈছে— কো স্বে উইন (মিয়ানমাৰ), অংখানা নীলপাইজিৎ (থাইলেণ্ড), ৰায়মুণ্ড’ পুজাণ্টে চায়াব্যাব (ফিলিপিনছ) আৰু জং-কি কিম (দক্ষিণ কোৰিয়া)। এনডিটিভি ইণ্ডিয়াৰ সাংবাদিক আৰু এংকৰ, কেইবাখনো গ্রন্থৰ লেখক ৰৱিশ কুমাৰৰ প্ৰাথমিক চিনাকিটো এৱার্ড ফাউণ্ডেচনৰ মতে— ‘ৰৱিশ কুমাৰ হৈছে কণ্ঠহীনক কণ্ঠ দিয়া সাংবাদিকতাক শক্তিশালী কৰোঁতা’ (‘Ravish Kumar: Harnessing journalism to give voice to the voiceless’)।
এছিয়া মহাদেশৰ নবেল বঁটা বুলি গৰিমা অর্জন কৰা ৰামন মেগছে’ছে’ বঁটা ৰৱিশ কুমাৰৰ আগতে ভাৰতীয় সাংবাদিক পাঁচজনে লাভ কৰিছিল। তেওঁলোক হৈছে— অমিতাভ চৌধুৰী (১৯৬১), বি জি ভার্গিছ (১৯৭৫), অৰুণ শ্বৌৰি (১৯৮২), আৰ কে লক্ষ্মণ (১৯৮৪) আৰু পি চাইনাথ (২০০৭)। ভাৰতীয় সাংবাদিকতাৰ ধাৰাক গৌৰৱান্বিত কৰা এইসকলৰে সার্থক উত্তৰসূৰী ৰৱিশ কুমাৰ।
এই সময়ত ৰৱিশ কুমাৰৰ দৰে আপোচহীন সাংবাদিকক ৰামন মেগছে’ছে’ বঁটাৰে সন্মানিত কৰা কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে। যিসময়ত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশখনৰ চতুর্থ স্তম্ভ অর্থাৎ সংবাদ মাধ্যম নিজেই থৰক-বৰক হৈ পৰিছে, দেশৰ সংবাদ মাধ্যমৰ বুজন অংশই নিজৰ কর্তব্য পাহৰি কেৱল শাসকৰ জয়গান গাব লাগিছে, সেই সময়ত ভটিয়নী সোঁতত উটি নোযোৱা সাংবাদিক ৰৱিশ কুমাৰৰ বঁটাপ্রাপ্তি একে সময়তে বহুতো প্রশ্ন আৰু উত্তৰৰ সমাহাৰ।
এটা বাতৰি চেনেলৰ জ্যেষ্ঠ সাংবাদিক আৰু এংকৰ ৰৱিশ কুমাৰে স্বয়ং আজি কিছুদিনৰ পৰা দৰ্শকক বাতৰি চেনেল নাচাবৰ বাবে আবেদন জনাই আহিছে। তেওঁ সময়ে সময়ে ভিন ভিন স্থানত তাৰ ব্যাখ্যাও আগবঢ়াইছে। তেওঁ কৈছে— ভাৰতৰ প্ৰায়বোৰ সংবাদ মাধ্যমেই এতিয়া এক বিশেষ নক্সাত বন্দী হৈ পৰিছে। ৰৱিশ কুমাৰে ‘গদী মেডিয়া’ (lapdog media, কোলাত বহা সংবাদ মাধ্যম) বুলি শ্রেণীভুক্ত কৰা এই সংবাদ মাধ্যমবোৰে সাংবাদিকতাৰ ধৰ্ম পাহৰি মূলতঃ শাসক আৰু ক্ষমতাসীন ৰাজনৈতিক দল-নেতাৰ গুণ-গানত অহর্নিশ ব্যস্ত হৈ থাকে।ৰাজনৈতিক দলৰ নেতাক প্রকৃত জীৱনতকৈয়ো ডাঙৰ ৰূপত, অতিমানৱীয় ৰূপত প্ৰক্ষেপ কৰি জনসাধাৰণক মূল প্রশ্নবোৰৰ পৰা দূৰৈত ৰখাৰ কৌশল অৱলম্বন কৰে। বাতৰি ‘তৈয়াৰ’ কৰি জনগণক বিভ্রান্ত কৰাৰ চেষ্টাও এই মাধ্যমসমূহৰ কর্মকাণ্ডত সুলভ। ন্যস্ত স্বার্থ আৰু টি আৰ পিৰ স্বাৰ্থত এই ধৰণৰ বাতৰি চেনেলবিলাকে অনুষ্ঠিত কৰা বিতর্ক বা টক্ শ্ব’বিলাকে ৰাজহুৱা আলোচনাৰ স্তৰ কি পর্যায়লৈ নমাই নিছে, সেয়া যিকোনো এটা বাতৰি চেনেল খুলিলেই উমান পাব পাৰি। অভব্য চিঞৰ-বাখৰ, গালি-গালাজ, ট্রলিং আনকি শাৰীৰিক আক্রমণ-প্রত্যক্রমণ তথাকথিত এই টক্ শ্ব’বিলাকত সাধাৰণ ঘটনা হৈপৰিছে। ৰৱিশ কুমাৰৰ শেহতীয়া গ্রন্থ ‘দ্য ফ্রী ভয়চ: অন ডেমোক্রেচি, কালচাৰ এণ্ড দ্য নেশ্যন’ (The Free Voice: On Democracy, Culture and the Nation)-অত এই ধৰণৰ কথা-কাণ্ডৰ আলোচনা কৰা হৈছে।
১৯৯৬ চনত এনডিটিভি ইণ্ডিয়াত যোগদান কৰা ৰৱিশ কুমাৰে ওপৰত উল্লেখ কৰা ধৰণৰ অশুভ শৈলীৰ সাংবাদিকতাৰ পৰা আঁতৰি নিজস্ব নীতি-আদর্শ আৰু সাংবাদিকতাৰ প্রকৃত ধৰ্মক আঁকোৱালি লৈ প্রায় এককভাৱেই আগুৱান হৈ থকা পৰিলক্ষিত হৈছে। ইয়াকে নিৰৱচ্ছিন্নভাৱে কৰিবলৈ যাওঁতে তেওঁ অলেখ গালি-শপনি, ভাবুকি, অপমানৰ মুখামুখি হ’বলগা হৈছে। কংগ্ৰেছৰ শাসনকালত কংগ্ৰেছ দল আৰু চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰা ৰৱিশ কুমাৰক পিছে বিজেপিৰ শাসনকালত বিজেপি দল আৰু চৰকাৰক কৰা সমালোচনাৰ বাবে ‘দেশদ্রোহী’, ‘মোদী বিৰোধী’ আদি অভিধাৰে অভিহিত কৰা হৈছে। চছিয়েল মেডিয়াত অহৰহ অপপ্ৰচাৰ আৰু ট্রল কৰা হৈছে, ভয়-ভাবুকিৰে তেওঁক কর্তব্যৰ পৰা নিবৃত্ত কৰিব খোজা হৈছে। এই ধৰণৰ বহুমুখী আক্ৰমণত তেওঁ ব্যক্তিগত পর্যায়ত ভয় খোৱা বুলি স্বীকাৰ কৰিলেও কিন্তু এইবোৰে তেওঁক কর্তব্যৰ পৰা বিচলিত কৰিব পৰা নাই। যেন কবিগুৰু ৰবীন্দ্ৰনাথৰ অমৰ পংক্তিৰ প্ৰতিধ্বনি— ‘যদি তোৰ মাত শুনি কোনো নাহে/ তেনেহ’লে অকলেই আগবাঢ়ি যা…’। ভাৰতৰ দৰে অলেখ বিবিধতাৰে পূৰ্ণ, অলেখ সমস্যা আৰু অভাৱেৰে ভাৰাক্রান্ত দেশ এখনৰ বাবে হ’বলগা প্রাথমিক আৰু মৌলিক প্রশ্নবোৰ ৰৱিশ কুমাৰে আপোচবিহীন আৰু নিৰৱচ্ছিন্নভাৱে কর্তৃপক্ষ বা চৰকাৰৰ ওচৰত উত্থাপন কৰি গৈছে। নিশা ন বজাত এনডিটিভি ইণ্ডিয়াত সম্প্রচাৰ কৰা ৰৱিশ কুমাৰৰ ‘প্রাইম টাইম’ অনুষ্ঠান প্রকৃত অর্থতে দেশৰ ‘কণ্ঠহীন’সকলৰ কণ্ঠ স্বৰূপ! পানী, বিজুলী, ৰাস্তা-ঘাট, মজদুৰ-চাফাই কর্মী, চিকিৎসক, ৰেলৱে কৰ্মচাৰী, ছাত্র-শিক্ষক আদি দেশৰ বুনিয়াদী অংগবোৰৰ সমস্যা লৈ ৰৱিশ কুমাৰৰ ‘প্রাইম টাইম’ সদায়েই মুখৰ।
মেগছে’ছে’ বঁটাৰ মেডেল | Courtesy: rmaward.asia
অলেখ অশুভৰ মাজতো সাধাৰণ জনতা-পীড়িত জনতাৰ বাবে যেন এক শুভ বার্তা— ৰৱিশ কুমাৰ। ৰামন মেগছে’ছে’ এৱাৰ্ড ফাউণ্ডেচনৰ মতেও ৰৱিশ কুমাৰে সদায়ে চিৰিয়াছ, ভাৰসাম্য আৰু তথ্যসমৃদ্ধ সাংবাদিকতাৰ পোষকতা কৰি আহিছে। কেৱল হিন্দু-মুছলমান, মন্দিৰ-মছজিদৰ বিতৰ্কই দেশৰ গণতান্ত্রিক আৰু ধৰ্মনিৰপেক্ষ মূল্যবোধক শক্তিশালী কৰিব পাৰেনে? সমাজৰ সৰ্বস্তৰত মানুহে মানুহক ঘিণোৱাৰ পৰিৱেশ আৰু অভ্যাসে দেশখনক আধুনিক বিশ্বৰ সৈতে খোজত খোজ মিলাই আগুৱাই নিব পাৰেনে? দলীয় স্বার্থত দেশৰ মানুহবোৰক ভাগ ভাগ কৰা ৰাজনীতিয়ে ভাৰত বোলা অনৈক্যৰ মাজৰ ঐক্যৰ ধাৰণাক কিদৰে স্বাস্থ্যবান কৰি ৰাখিব? দেশৰ গণতান্ত্রিক অনুষ্ঠান, সংবিধান আৰু খোদ গণতন্ত্রই শলঠেকত পৰা সময়ত ৰৱিশ কুমাৰলৈ অহা ৰামন মেগছে’ছে’ৰ বহুমূলীয়া স্বীকৃতিয়ে ভাৰতৰ শাসক, ৰাজনৈতিক দল, নেতা-পালিনেতা, অন্ধ সমর্থক, দায়িত্বজ্ঞান আৰু কর্তব্য পাহৰি যোৱা সংবাদ মাধ্যমৰ লোকসকলৰ চকু মেল খুৱাব পাৰিবনে?
❧ | আৰু পঢ়ক: ঘৃণা আৰু ভয়ৰ সামাজিকীকৰণ
সংবাদ মাধ্যমত ক্রমবর্ধমান ৰাজনৈতিক আগ্রাসন আৰু নিয়ন্ত্রণ, অশুভ ৰাজনৈতিক-সামাজিক পৰিৱেশ আৰু অনিয়ন্ত্রিত অভ্যবতাৰ মাজতো নিজৰ কৰ্তব্যত অবিচলিত ৰৱিশ কুমাৰৰ ৰামন মেগছে’ছে’ বঁটা প্রাপ্তিত দেশৰ ‘কণ্ঠহীন’সকল সুখী, গৌৰৱান্বিত। গৌৰৱান্বিত আমি। অভিবাদন ৰৱিশ!
ফিচাৰড্ ইমেজৰ মূল ছবিৰ সৌজন্য: Twitter/@ndtv