কে ইবছৰমান আগলৈকে নগৰ-মহানগৰৰ কথা ক’বই নালাগে, সৰু সৰু চহৰবোৰতো কেইমিটাৰমানৰ ব্যৱধানতে একোটা পি চি অ’ পোৱা গৈছিল। ‘এছটি ডি, আই এছ ডি, লোকেল কল’ বুলি লিখা থকা ৰঙীন ছাইনব’ৰ্ডে শুৱনি (? ) কৰিছিল গুমটি দোকানৰ সমান এই পি চি অ’ বুথবোৰ। ফিক্সড লাইন টেলিফোন এটা আৰু বিলিং মেশ্বিন এটাত বিনিয়োগেৰে এটা ব্যৱসায় আৰম্ভ হৈ চলি আছিল। এতিয়া সময় এনেকুৱা হ’ল, ‘পি চি অ” মানে কি, নতুন ল’ৰা-ছোৱালীক বুজাব লগা হ’ল। মোবাইল ফোনৰ আগমন আৰু ব্যাপক জনপ্ৰিয়তাই একদা জনপ্ৰিয় ব্যৱসায়-ধাৰণা এটাক চিৰদিনলৈ বিদায় দিলে।
গীত-সংগীতৰ ব্যৱসায়টো বহুকাল ধৰি কেছেটক কেন্দ্ৰ কৰি চলিছিল। ৰমৰমীয়াকৈ চলিছিল কেছেটৰ ব্যৱসায় নগৰ-মহানগৰৰ পৰা গাঁৱলৈকে। ভাত-চাহ খাবলৈ ৰাতিৰ বাছ ৰোৱা ঠাইবোৰত দুপৰ নিশাও খোলা থাকিছিল কেছেটৰ দোকান। সেইবোৰ ঠাইত দিনা-নিশাই সমানে কেছেটত বাজিছিল জিতুল সোণোৱাল-জুবিন গাৰ্গৰ গান। বিজয় ভূঞা-সন্ধ্যা মেনন-মহেন্দ্ৰ হাজৰিকাৰ গান! কেছেট থাকোঁতেই চিডি আহিল। চিডি-এ ভালকৈ খোপনি পুতিবলৈ নৌপাওঁতেই ইণ্টাৰনেট-পেন ড্ৰাইভৰ আগমনে কেছেট-চিডিৰ বজাৰখন গ্ৰাস কৰি পেলালে। তাৰ পাছত ‘সৰ্ব অৱতাৰ ৰূপ’ মোবাইল ফোনে কেছেট প্লেয়াৰ, চিডি প্লেয়াৰত গান বজোৱাৰ ধাৰণাটোকে চিৰকাললৈ বিদায় দিলে। আন এটা ব্যৱসায়ৰ ধাৰণা কালৰ বুকুত লীণ হৈ গ’ল!
প্ৰযুক্তিৰ উন্নীতকৰণ আৰু পৰিৱৰ্তনে যিদৰে কিছুমান ব্যৱসায়-ধাৰণাক নাইকিয়া কৰি পেলাইছে, ঠিক সেইদৰে নতুন কিছুমান ধাৰণাক আমদানিও কৰিছে। অতি সম্প্ৰতি মোবাইল ফোন আৰু মোবাইল ইণ্টাৰনেটৰ বিশাল জনপ্ৰিয়তাই একেবাৰে নতুন ধৰণৰ ব্যৱসায়িক চিন্তাৰ সৈতে আমাক পৰিচিত কৰাইছে। একেবাৰে থাপতে পোৱা উদাহৰণ হ’ল— মোবাইল এপ্লিকেশ্যন (এপ)ৰ জৰিয়তে টেক্সি বুক কৰা ব্যৱস্থা (উবেৰ, ওলা), বাইক টেক্সি (ৰেপিড’) আৰু ঘৰলৈকে খাদ্য অনাব পৰাৰ ব্যৱস্থা (জোমেটো, চুইগি, উবেৰ ইটচ)। গুৱাহাটী মহানগৰীত প্ৰায় আটাইকেইটা ব্যৱসায়েই ইতিমধ্যেই চলি আছে আৰু আন আন নগৰতো এইবোৰে লাহে লাহে ভুমুকি মাৰিবলৈ আৰম্ভ কৰিছে। টেক্সিৰ ব্যৱসায়টোৰ মূল ধাৰণা হ’ল— টেক্সিৰ ব্যৱসায় কৰিবলৈ মন কৰা এজন ব্যক্তিয়ে নিজৰ গাড়ীখনৰ সৈতে কোনোবাটো কোম্পানী (ধৰক, ওলা বা উবেৰ বা আন এটা কোম্পানী)ৰ সৈতে চুক্তিবদ্ধ হয়। এজন গ্ৰাহকে ক’ৰবালৈ যাবৰ বাবে কোম্পানীৰ মোবাইল এপত গাড়ীৰ সন্ধান কৰে আৰু কোম্পানীয়ে যাদৃচ্ছিকভাৱে (randomly) তেওঁলোকৰ লগত চুক্তিবদ্ধ হৈ থকা গাড়ী এখন গ্ৰাহকজনৰ ওচৰলৈ পঠিয়াই দিয়ে আৰু সম্ভাৱ্য ভাৰা জনাই দিয়ে। সেই মৰ্মে গ্ৰাহকজনে টেক্সিৰ সেৱা গ্ৰহণ কৰি ভাৰা আদায় দিয়ে। খাদ্য সৰবৰাহৰ ব্যৱস্থাপনাটোও প্ৰায় একে ধৰণৰ। অৱশ্যে টেক্সি ব্যৱস্থাত দুটা পক্ষ (কোম্পানী আৰু গাড়ীৰ মালিক) জড়িত থকাৰ বিপৰীতে খাদ্য সৰবৰাহ ব্যৱস্থাটোত তিনিটা পক্ষ জড়িত থাকে। কোম্পানীৰ লগত খাদ্য প্ৰস্তুতিৰ বাবে কিছুমান ৰেষ্টুৰেণ্ট আৰু গ্ৰাহকৰ ওচৰলৈ খাদ্য কঢ়িয়াই নিবৰ কিছু ব্যক্তি (ৰাইডাৰ) চুক্তিবদ্ধ হৈ থাকে। এই ব্যৱস্থাপনাত গ্ৰাহক এজনে কোম্পানীৰ মোবাইল এপ খুলি তাত তালিকাভুক্ত হৈ থকা যিকোনো ৰেষ্টুৰেণ্টৰ পৰা খাদ্যৰ অৰ্ডাৰ দিব পাৰে। ৰেষ্টুৰেণ্টে খাদ্য যোগানৰ নিশ্চিতি দিলে গ্ৰাহকৰ ওচৰলৈ খাদ্য কঢ়িয়াই নিবলৈ কোনো এজন ৰাইডাৰক কোম্পানীয়ে দায়িত্ব দিয়ে আৰু ৰাইডাৰজনে ৰেষ্টুৰেণ্টৰ পৰা খাদ্য নি গ্ৰাহকক দিয়ে। উপাৰ্জিত লভ্যাংশৰ পৰা প্ৰতিটো পক্ষই নিজৰ ভাগ পায়। দুয়োটা ব্যৱসায়ৰে সৰলীকৃত ধাৰণা এয়াই।
প্ৰযুক্তিয়ে কঢ়িয়াই অনা সুবিধা গ্ৰহণ কৰি এই ব্যৱসায়ে ভাৰতত খোপনি পুতিলে আৰু লাহে লাহে নিজকে বিস্তাৰ কৰিবলৈ ধৰিলে। তথ্য-পাতি পৰীক্ষা কৰিলে দেখা যায় এই ‘বিস্তাৰ’ অলপ নহয়। শেহতীয়া বাতৰি মতে, ভাৰতত খাদ্যৰ গৃহ যোগানৰ অনলাইন ব্যৱসায়ে ইতিমধ্যে বছৰি তিনি লাখ কোটি টকা পাৰ কৰিছে। এই পৰিমাণ ডাঙৰ ডাঙৰ বহুকেইখন ৰাজ্যৰ বাৰ্ষিক বাজেটতকৈও বেছি। উদাহৰণ স্বৰূপে, পশ্চিম বংগৰ ২০১৯-২০ বৰ্ষৰ বাৰ্ষিক বাজেটৰ পৰিমাণ ২. ৩৮ লাখ কোটি টকা। খাদ্যৰ গৃহ যোগান ব্যৱসায়ৰ তুলনাত অসমৰ ২০১৯-২০ বৰ্ষৰ বাৰ্ষিক বাজেট নগণ্য মাত্ৰ— ১, ১৯৩. ০৪ কোটি টকা। অহা তিনি বছৰৰ ভিতৰত খাদ্যৰ গৃহ যোগানৰ অনলাইন ব্যৱসায়ে বাৰ লাখ কোটি টকা অতিক্ৰম কৰিব বুলিও বাতৰি প্ৰকাশ হৈছে! এই বিশাল অংকই এই ব্যৱসায়ে জন্ম দিয়া প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগৰ বিষয়েও স্পষ্ট ধাৰণা দিছে। এনে পৰিপ্ৰেক্ষিতত এই ব্যৱশায়ক উলামূলাভাৱে লোৱা উচিত হ’ব নে? এই প্ৰশ্ন উত্থাপন নহ’লহেঁতেন, যদিহে খাদ্যৰ গৃহ যোগানৰ লগত সম্পৰ্কিত দুটা ঘটনা শেহতীয়াকৈ নঘটিলহেঁতেন।
জুলাই মাহৰ শেহৰ ফালে জবলপুৰৰ এজন গ্ৰাহকে ‘জোমেটো’ এপৰ দ্বাৰা দিয়া এটা খাদ্যৰ অৰ্ডাৰ বাতিল কৰিলে। বাতিল কৰাৰ কাৰণ হ’ল, খাদ্য কঢ়িয়াই নিয়া ৰাইডাৰজন ‘অ-হিন্দু’ আছিল। গ্ৰাহকজনে অৰ্ডাৰটো বাতিল কৰাতে ক্ষান্ত নাথাকি টুইটাৰৰ জৰিয়তে ইয়াক ৰাজহুৱা কৰিলে আৰু এক ধৰণৰ বিশেষ ‘অভিব্যক্তি’ নিৰ্মাণৰ অপচেষ্টা কৰিলে আৰু তাত তেওঁ বহুলাংশে সফলো হ’ল। ইণ্টাৰনেটৰ জগতখন জবলপুৰৰ গ্ৰাহকজনৰ সপক্ষে আৰু বিপক্ষে দুটা ভাগত বিভক্ত হ’ল। এনে মুহূৰ্তত জোমেটোৱে তেওঁলোকৰ স্থিতি স্পষ্ট কৰিলে— ‘খাদ্যৰ কোনো ধৰ্ম নাথাকে। ই নিজে এক ধৰ্ম।’ জোমেটোৱে কোৱা ধৰণৰ মানৱিক বা আৱেগিক দৃষ্টিভংগীক বাদ দি কেৱল কাৰিকৰীভাৱে চালেও গোটেই কাৰবাৰটো এক অবান্তৰ বা উদ্দেশ্য প্ৰণোদিত কাৰবাৰৰ বাহিৰে আন একো নহয় বুলি ধাৰণা হয়। খাদ্য কোন ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ দিব, সেয়া গ্ৰাহকৰ ওপৰত নিৰ্ভৰ কৰে। ৰেষ্টুৰেণ্টখনত কি ধৰ্মাৱলম্বী লোকে খাদ্য প্ৰস্তুত কৰিব, সেয়া গ্ৰাহকজনে জনাটো সম্ভৱ নহয়। খাদ্য কঢ়িয়াবলৈ ৰাইডাৰজন কোম্পানীৰ দ্বাৰা যাদৃচ্ছিকভাৱে নিৰ্বাচিত হয়। তেওঁৰ ধৰ্মক লৈ কিয় সমস্যা, তাকো এপত প্ৰদৰ্শিত হোৱা তেওঁৰ নামটো চাই? নাম প্ৰদৰ্শন হ’লেই সমস্যা, নাম প্ৰদৰ্শন নোহাৱা ৰান্ধনিজনক লৈ একো সমস্যা নাই? এনেদৰেই সমগ্ৰ কাৰবাৰটো পৰিচালিত হয় বুলি জনাৰ পাছতহে এজন ব্যক্তিয়ে এনেকুৱা এপৰ সেৱা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহে; তেনেক্ষেত্ৰত এনে ধৰণৰ মধ্যযুগীয় ধ্যান-ধাৰণাৰে আক্ৰান্ত মানসিকতাৰ পৰিচয় দিয়া হ’ল কিয়?
দ্বিতীয় ঘটনাটো ঘটিল পশ্চিম বংগত। ৫ আগষ্ট তাৰিখৰ পৰা জোমেটো কোম্পানীৰ হাওৰা অঞ্চলৰ কিছু ৰাইডাৰে পা-পইচা সম্পৰ্কীয় কিছু দাবী লৈ ধৰ্ণা-আন্দোলন কৰি আছিল। ১২ আগষ্ট তাৰিখে হঠাৎ নতুন দাবী যোগ হ’ল— তেওঁলোকে গৰু আৰু গাহৰিৰ মাংস যুক্ত খাদ্য সৰবৰাহ নকৰে। বাতৰিত প্ৰকাশ পোৱা মতে, এই দাবীৰ পিছত এজন স্থানীয় ৰাজনৈতিক নেতাৰ প্ৰৰোচনা আছিল। যি নহওক, এনে ক্ষেত্ৰতো ব্যাখ্য একেই— খাদ্যত কি আছে, ৰাইডাৰক ক’বলৈ কোনো বাধ্য নহয়। ডাক বিভাগৰ পিয়ন এজনে ক’ব পাৰে নেকি যে— অমুক অমুক লিখা থকা চিঠি আমি বিলি নকৰোঁ? তদুপৰি ৰাইডাৰৰ কামটো কি ধৰণে হয়, সেয়া ভালদৰে জানি উঠিহে তেওঁলোকে সেই কামটো কৰিবলৈ আগবাঢ়ি আহিছে, তেনে ক্ষেত্ৰত হঠাৎ এই ধৰণৰ আপত্তি কিয়? এয়াটো এটা সৰু প্ৰশ্ন, আমি উত্থাপন কৰিব বিচৰা বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু দামী— প্ৰায় তিনি লাখ কোটি টকাৰ সমান দামী!
ওপৰত কৈ অহা ধৰণে গ্ৰাহকৰূপী নাগৰিক আৰু ব্যৱসায়টোত পোনপটীয়াকৈ জড়িত ব্যক্তিয়ে যদি নিজস্ব ধৰ্মীয় গোড়ামি, গোৱাৰামি আৰু অবিবেচনাৰে ব্যৱসায়-ধাৰণাটোৰ প্ৰতি গ্ৰাহকৰূপী সাধাৰণ ৰাইজক বীতশ্ৰদ্ধ কৰি তোলে, ক্ষতি কাৰ হ’ব? ইয়ে ভাৰতৰ অৰ্থনীতিত এই ব্যৱসায়ে আগবঢ়োৱা অৰিহণাত আঘাত নকৰিবনে? সাধাৰণ মানুহৰ অশ্ৰদ্ধা আৰু বিশ্বাসহীনতা বাঢ়ি গৈ থাকিলে, যিমান লাখ কোটি টকীয়াই নহওক, ব্যৱসায় এটা থিয় হৈ থাকিবই বুলি ন-দি ক’ব পৰা যাবনে? ব্যৱসায় এটা ধ্বংস হৈ গ’লে তাৰ লগত জড়িত মানুহবোৰৰে ক্ষতি, সেই ক্ষতি হিন্দু-মুচলমান ধৰ্ম চাই চাই হ’বনে? ক্ষতিগ্ৰস্ত হ’বলগীয়া মানুহবোৰ কোন? ক’ৰ মানুহ সেইবোৰ? আমাৰ নিজৰে মানুহ নহয় নে তেওঁলোক? কথাবোৰ এই ধৰণেও ভবা ভাল। প্ৰযুক্তি সলনি হ’লে ন প্ৰযুক্তিয়ে ন সম্ভাৱনাও আনিব, কিন্তু প্ৰযুক্তি সলনি নৌহওঁতেই সম্ভাৱনা মষিমূৰ হ’লে মূৰ দাঙিবলৈ টান হ’ব।
❧। আৰু পঢ়ক: হৃদয় য’ত ভয়শূন্য
ব্যৱসায়ীৰ বাবে ব্যৱসায়, কৰ্মীৰ বাবে কৰ্মই পথ হোৱা উচিত। সেই পথত অন্ততঃ ধৰ্ম অন্তৰায় হোৱা অনুচিত। অগত্যা ধৰ্ম লাগেই যদি সেয়া অৰ্থনীতিহে হ’ব লাগে,— দেশৰ ব্যৱসায়ী, কৰ্মী আৰু গ্ৰাহকৰূপী নাগৰিকে এই কথাটো অনুধাৱন কৰাটো অতি দৰকাৰী।