ড° ভূপেন হাজৰিকাৰ গীত নতুন গায়কসকলে অশুদ্ধ উচ্চাৰণেৰে গোৱাৰ প্ৰসঙ্গত সমাজ-সচেতন নিবন্ধকাৰ দেৱেন দত্তই এটা কথা দ্ব্যৰ্থহীন ভাষাত কৈছে যে ড° হাজৰিকাই অসমীয়া ভাষাটো ‘প্ৰায়’ নিখুঁতকৈ উচ্চাৰণ কৰি গৈছে। ড° হাজৰিকাই ‘অশুদ্ধ’কৈ উচ্চাৰণ কৰা দুটা শব্দ উনুকিয়াইছে শ্ৰীযুত দত্ত ডাঙৰীয়াই। সেই দুটা হ’ল— ‘জীৱন’ আৰু ‘ব্যক্তি’। ‘জীৱন’ শব্দটো কেতিয়াবা ‘জীৱন’ হিচাপে আৰু কেতিয়াবা প্ৰায় ‘জীয়ন’ৰ নিচিনাকৈ উচ্চাৰণ কৰিছিল ভূপেন হাজৰিকাই। আৰু ‘ব্যক্তি’ শব্দটো ‘বেক্তি’ৰ দৰে উচ্চাৰণ কৰিছিল। আমাৰ কাণত পৰা আন এটা শব্দ হ’ল— ‘পদ্মা’ (গঙ্গা মোৰ মা, পদ্মাও মোৰ মা… )। বাংলাত ‘পদ্মা’ক ‘পদ্দা’ হিচাপে উচ্চাৰণ কৰে, কিন্তু অসমীয়াত ‘পদ্মা’ক ‘পদ্মা’ হিচাপেই উচ্চাৰণ কৰা হয়। মুঠ কথাত, দুটামান অতি সামান্য ব্যতিক্ৰম বাদ দি ড° ভূপেন হাজৰিকাই নিখুঁতভাৱে অসমীয়া ভাষা উচ্চাৰণ কৰি গৈছে আৰু তাৰ স্বাক্ষৰ যুগমীয়া কৰি থৈ গৈছে। ওপৰৰ কথাখিনিৰ পৰা অৱশ্যম্ভাৱী সিদ্ধান্তটো হ’ল— অসমীয়া উচ্চাৰণৰ ক্ষেত্ৰত ড° ভূপেন হাজৰিকা এক নিৰ্ভৰযোগ্য আৰ্হি হ’ব পাৰে।

এতিয়া ফঁহিওৱা যাওক। ‘অসম আমাৰ ৰূপহী গুণৰো নাই শেষ’— এই বাক্যটোত ‘গুণৰো’ আৰু ‘নাই’— এই শব্দ দুটাৰ ‘ণ’ আৰু ‘ন’ বেলেগকৈ উচ্চাৰণ কৰিব পাৰিলেনে? ‘অসম’ৰ ‘স’, ‘শেষ’ৰ ‘শ’ আৰু ‘ষ’ বেলেগকৈ উচ্চাৰণ কৰিব পাৰিলেনে? নাই পৰা। কোনো অসমীয়াই নোৱাৰে। হিন্দী বা বাংলাৰ প্ৰভাৱত থকা কোনোৱে হয়তো ‘ণ’ আৰু ‘ন’ বেলেগকৈ উচ্চাৰণ কৰি শুনাব, কিন্তু তৰ্কৰ খাতিৰতহে, নিজে স্বাভাৱিকভাৱে কথা কওঁতে হিন্দী বা বাংলাৰ দৰে উচ্চাৰণ নকৰে,— আচলতে কৰিব নোৱাৰে। ‘শ-ষ-স’ৰ কথাটো আৰু সাংঘাতিক। অসমীয়াই যিদৰে উচ্চাৰণ কৰে, সেই উচ্চাৰণেৰে পৃথিৱীৰ কোনোৱে তালব্য, মূৰ্ধন্য বা দন্ত্য হিচাপে ‘শ-ষ-স’ উচ্চাৰণ কৰিব নোৱাৰে। ‘প’ বৰ্ণক যিদৰে তালব্য, মূৰ্ধন্য বা দন্ত্য হিচাপে উচ্চাৰণ কৰিবলৈ কোৱাটো অবান্তৰ, ঠিক সেইদৰে অসমীয়া ‘শ’ (বা ‘ষ’ বা ‘স’)ক তালব্য, মূৰ্ধন্য বা দন্ত্য হিচাপে উচ্চাৰণ কৰিবলৈ কোৱাটো অবান্তৰ।

আমি উচ্চাৰণ নকৰা বৰ্ণ অসমীয়াত বহুকেইটা আছে— ঈ, ঊ, ছ, ট, ঠ, ড, ঢ, ণ, য, শ, ষ। সকলোৱেই এই বৰ্ণ আৰু সংশ্লিষ্ট ‘কাৰ’সমূহ (স্বৰবৰ্ণৰ ক্ষেত্ৰত) ই, উ, চ, ত, থ, দ, ধ, ন, জ, স, স হিচাপেই উচ্চাৰণ কৰে। তেনেহ’লে আমাৰ ভাষাত এই ‘অলাগতিয়াল’ বৰ্ণসমূহৰ প্ৰয়োজন আছেনে? ভাষাবিজ্ঞানীয়েও কৈছে— অসমীয়া ভাষাত মূৰ্ধন্য উচ্চাৰণ নাই। তেনেহ’লে বৰ্ণকেইটা থকাৰ কি প্ৰয়োজন? অসমীয়া ভাষা সংস্কৃতৰ উপজাত হ’ব পাৰে, কিন্তু উচ্চাৰণৰ ক্ষেত্ৰত অসমীয়া সংস্কৃতৰ ‘ধাৰে-কাষে’ও নাই। আৰু সংস্কৃত ব্যাকৰণৰ নিয়মো অসমীয়াত ষোল্ল অনাই মনা নহয়।

আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা দেখিছোঁ, ‘প্ৰায়’ প্ৰত্যেক অসমীয়াই মাতৃভাষা লিখোঁতে এশভাগ শুদ্ধকৈ লিখিব নোৱাৰে। অসমীয়া বৰেণ্য লেখকৰ হাতে লিখা পাণ্ডুলিপি পঢ়াৰ সৌভাগ্য-কালতো দেখা পাইছিলো— তেখেতসকলৰ লেখাতো দৃষ্টিকটু অশুদ্ধি। অশুদ্ধিবোৰ প্ৰধানকৈ থাকে— ই-কাৰ নে ঈ-কাৰ, উ-কাৰ নে ঊ-কাৰ, চ নে ছ আৰু ট বৰ্গ নে ত বৰ্গ— এইকেইটাত আৰু চন্দ্ৰবিন্দুটো ক’ত দিব, এই লৈ (বহুতে ‘ও’ দেখিলে তাৰ ওপৰত চন্দ্ৰবিন্দু দিয়াটো নিয়ম বুলিয়েই ভাবে)। আনকি আমাৰ অভিধানবোৰৰ মাজতো সংগতি নাই। কোনোবাখনত যদি ‘কুঁৱলি’ পৰে, আনখনত ‘কুঁৱলী’ পৰে; এই কথাটোও নাই যে— ‘কুঁৱলি’ও পৰিব পাৰে, ‘কুঁৱলী’ও পৰিব পাৰে!

এতিয়া প্ৰশ্ন হ’ল— এই ‘অলাগতিয়াল’ বৰ্ণবোৰ আঁতৰাই দিলে আমাৰ কি সুবিধা হ’ব আৰু কি সমস্যা হ’ব? সুবিধা হ’ব— ভাষাটো বহু পৰিমাণে সৰল হ’ব আৰু অশুদ্ধি কমিব। যি সময়ত নতুন প্ৰজন্মৰ মাজত অসমীয়া পঢ়া আৰু লেখাৰ পৰিমাণ দ্ৰুত গতিত কমি আহিছে, সেই সময়ত ভাষাৰ সৰলীকৰণে তেওঁলোককো হয়তো কিছু দূৰলৈ অসমীয়া লিখাৰ ক্ষেত্ৰত আগ্ৰহী কৰিব। যিহেতু কওঁতে অসমীয়াই কয়, গতিকে অযথা জটিলতাৰ ঠাইত কোৱাৰ দৰেই লিখিব পাৰিলে (আখৰকেইটা চিনি পোৱা আৰু লিখিব পৰা হ’ব লাগিব) লিখিবৰ বাবে নিশ্চয় আগ্ৰহী হ’ব। ‘অনুবাদ’ হ’লে উ-কাৰ হয় আৰু ‘অনূদিত’ হ’লে ঊ-কাৰ কিয় হয় তাক ভাবি মূৰ নাঘামিব।

ইয়াৰ বিপৰীতে কিছু সমস্যাৰো সন্মুখীন হ’ব লাগিব। ‘অসম আমাৰ ৰুপহি গুনৰো নাই সেস’ বুলি ক’লে আমি ঠিকেই বুজিম হয়তো; কিন্তু ‘শিৰ ফাটি তেজ ওলাইছে’ আৰু ‘সিৰ ফাটি তেজ ওলাইছে’— এই দুটা বাক্যৰ প্ৰথমটোৰ ‘শ’টো ‘স’ কৰি লিখিলে অৰ্থৰ পৰিৱৰ্তন (শিৰ=মূৰ, সিৰ=Vein) ঘটিব।

১. ঘৰটো নাই (টো= নিৰ্দিষ্টতাবাচক)
২. ঘৰতো নাই (ঘৰত+ও, ও= also)

—এই দুটা বাক্যৰ ‘ট’ বা ‘ত’ সলনি হ’লে হ’লে অৰ্থৰ পৰিৱৰ্তনো ঘটিব। এই ধৰণে হয়তো এই সমস্যা সমাধান কৰিব পৰা যাব—

১. ঘৰ্‌তো নাই ( উচ্চাৰণ= ঘৰটো নাই)
২. ঘৰতো নাই (উচ্চাৰণ= ঘৰতো নাই)
এই ধৰণৰ উদাহৰণ কিছু ওলাব। চাল (আচ্ছাদন, Roof)/ ছাল (চামৰা, বাকলি), চুটি (সংক্ষিপ্ত)/ ছুটি (চেঁকুৰ)/ ছুটী (Leave) আদি।

কথা হ’ল— যিটো কৰিলে লাভ বেছি হয়, আমাৰ মতে সেইটো কৰাই মঙ্গল। সমস্যাৰ সমাধানৰ পথো ওলাব। বহু ক্ষেত্ৰত ব্যৱহাৰৰ ধৰণেও অৰ্থ স্পষ্ট কৰিব।

মুঠ কথাত, অসমীয়া লিখাৰ ক্ষেত্ৰত সৰলীকৰণৰ কথাটো ভাষাটোৰ মঙ্গলৰ স্বাৰ্থতে গভীৰভাৱে চিন্তা কৰিবৰ হ’ল। সময়ে সময়ে এই প্ৰসঙ্গই বাতৰি কাকতৰ পৃষ্ঠা অধিকাৰ কৰিছে যদিও ভাষাবিদ-বিশ্ববিদ্যালয়-সভাই এই ক্ষেত্ৰত ‘ওঁ-ৰাম’ কৰা দেখা পোৱা হোৱা নাই। বিষয়টো সম্পৰ্কত অনেক জটিল, সময় দাবী কৰা আৰু আঁহ-ফলা বিশ্লেষণ আৰু আলোচনাৰ প্ৰয়োজন হ’ব বুলি আমি জানো; কিন্তু আৰম্ভণি এটা কৰিবই লাগিব।

সদৌটিলৈ ৰঙালী বিহুৰ ওলগ যাঁচিছো। শুভ নৱবৰ্ষ বা সুভ নববৰ্স— নতুন বছৰ সকলোৰে বাবে মঙ্গলময় হওক। দেশ-জাতিৰ কুশল হওক।

এই লেখকৰ সকলো লেখা চাওক →
সুভ নববৰ্স! | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক