ই লেক্ট্ৰনিক বা ডিজিটেল সঁজুলিৰ সহজলভ্যতা আৰু ব্যৱহাৰ-উপযোগিতাৰ পৰিপ্ৰেক্ষিতত এটা প্ৰশ্ন স্বাভাৱিকতেই উত্থাপন হয় বা হৈ আহিছে,— কিতাপৰ ভৱিষ্যৎ কি? সংগত প্ৰশ্ন৷ ক্ৰমে ক্ৰমে বিনোদন আৰু তথ্য আহৰণ বা সমূহীয়াকৈ কʼব পাৰি— সমল (content) আহৰণৰ উৎস হাতৰ মুঠিতে হʼব ধৰিছে৷ স্মাৰ্টফোনৰ উত্থান আৰু অভূতপূৰ্ব জনপ্ৰিয়তাই কম্পিউটাৰ-লেপটপে কৰিব নোৱৰা বিপ্লৱ সম্ভৱ কৰি তুলিছে৷ স্মাৰ্টফোন আৰু ইণ্টাৰনেট ডাটাৰ সুলভ মূল্য আৰু সহজলভ্যতাই সমাজৰ একেবাৰে প্ৰান্তীয় জনলৈকে ডিজিটেল বিপ্লৱক কঢ়িয়াই নিছে৷ এই বিপ্লৱৰ সৰ্বগ্ৰাসী আগ্ৰাসনৰ সন্মুখত কিতাপৰ ভৱিষ্যৎ সম্পৰ্কে সন্দিহান হোৱাটো অৱশ্যেই স্বাভাৱিক৷
কিতাপ মানে কি? যদি দুই মলাটৰ মাজত মুদ্ৰিত কিছু কাগজকে কিতাপ বুলি এতিয়াও বুজোঁ, তেনেহʼলে সেই কিতাপৰ ভৱিষ্যৎ সম্পূৰ্ণৰূপে অন্ধকাৰ নহʼলেও একেবাৰেই যে পোহৰ, তাক ন-দি কʼব নোৱাৰি৷ যদি দুই মলাটৰ মাজত মুদ্ৰিত পৃষ্ঠাৰ লগতে পি ডি এফ, ই-পাব বা তেনে ধৰণৰ ফৰ্মেটত থকা আৰু স্মাৰ্টফোন, টেবলেট, ই-ৰিডাৰ বা কম্পিউটাৰত পঢ়িব পৰা পৃষ্ঠাৰ সমষ্টি বা ফাইলকো কিতাপ বুলি অন্তঃকৰণেৰে গ্ৰহণ কৰোঁ, তেনেহʼলে কʼব পাৰি,— কিতাপৰ মৰণ নাই!
ʼহাতৰ মাজত লৈ কিতাপ পঢ়াৰ মজাই সুকীয়াʼ বা ʼনতুন কিতাপৰ চিত্তহৰণকাৰী গোন্ধৰ মাজত বুৰ যোৱাৰ শিহৰণ আৰু কʼত পামʼ ধৰণৰ ৰোমাণ্টিকতা চলি থাকক, কিন্তু তাৰ সমান্তৰালভাৱে প্ৰযুক্তিয়ে কঢ়িয়াই অনা সুবিধাক গ্ৰহণ নকৰিলে বা সেই প্ৰযুক্তিৰ সৈতে নিজকে আগবঢ়াই নিনিলে ক্ষতি নিজৰে হʼব৷ পৃথিৱীৰ ডাঙৰ ডাঙৰ প্ৰকাশন প্ৰতিষ্ঠান বিশেষকৈ ইংৰাজী ভাষাৰ প্ৰকাশন প্ৰতিষ্ঠানবোৰে অধুনা কিতাপ একোখনৰ ছপা সংস্কৰণৰ লগতেই ডিজিটেল সংস্কৰণো উলিয়াই দিয়ে৷ গ্ৰাহকে নিজৰ সুবিধা অনুযায়ী কোনো এটা সংস্কৰণ ক্ৰয় কৰে৷ এই ধৰণটো আমাৰ আঞ্চলিক ভাষাৰ প্ৰকাশকসকলেও গ্ৰহণ কৰিব লাগিব, আজি নহয়— কাইলৈ৷ পশ্চিমীয়া দেশৰ কিছু কিছু প্ৰকাশকে ছপা সংস্কৰণ সম্পূৰ্ণৰূপে বন্ধ কৰি কেৱল ডিজিটেল সংস্কৰণেইহে উলিয়াবলৈ লৈছে৷ ইয়াৰ পিছফালেও তেওঁলোকৰ যুক্তি আৰু সংগত কাৰণ আছে৷ পশ্চিমীয়া দেশত সৰু ঘৰত বাস কৰা সৰু পৰিয়ালে স্থুলকায় ছপা কিতাপৰে ঠাই বন্দী কৰিব নিবিচাৰি পকেটত বা হাতৰ মুঠিতে লৈ ফুৰিব পৰা পেন ড্ৰাইভ-মেমৰি কাৰ্ডৰ ডিজিটেল কিতাপক পছন্দ কৰাৰ খবৰ পুৰণি হʼল৷ এনে কৰাৰ ফলত জ্ঞান-বিজ্ঞান চৰ্চাত কিন্তু একো ভাটা পৰা নাই৷ অৰ্থাৎ অলপ যোগ-বিয়োগ কৰি সহজেই ন-প্ৰযুক্তিৰ লগত খাপ খাব পাৰি৷
তথাপিও যদি ভবা যায় যে মানুহৰ সভ্যতাৰ ইমান এটা মহান আহিলা— ছপা কিতাপক আমি মৰ্যাদা সহকাৰে জীয়াই ৰখা উচিত, তেনেহʼলে লেখক, প্ৰকাশক, পঢ়ুৱৈৰ কিছু কৰণীয় নিশ্চিতভাৱে আছে৷ লেখক বুলি যশ বিচৰা (‘মন্দঃ কবিয়শ প্ৰাৰ্থী’— কালিদাস) এজনে যিকোনো কিবা লিখিলেই বা চৰ্বিতচৰ্বন কৰি থাকিলেই আৰু প্ৰকাশকে তাকে প্ৰকাশ কৰিলেই ছপা কিতাপেই হওক বা ডিজিটেল কিতাপেই হওক, কিতাপৰ ভৱিষ্যৎ উজ্জ্বল হʼবনে? নিশ্চয় নহয়৷ লেখাৰ বিষয়বস্তুত নতুনত্ব, চিন্তাৰ বৈচিত্ৰ্যইহে কিতাপৰ প্ৰতি পাঠকক আগ্ৰহী কৰি ৰাখিব। পাঠকৰ আগ্ৰহে কিতাপৰ ভৱিষ্যৎ উজলাব৷ এই সময়ত ছপা কিতাপক অপ্ৰতিদ্বন্দ্বী কৰি ৰাখিবলৈ প্ৰকাশকসকলৰ ভূমিকা সৰ্বাধিক হʼব লাগিব৷ সযতনে বিষয়বস্তু নিৰ্বাচন এক অন্যতম চৰ্ত হোৱাৰ লগতে এটা মৌলিক বিষয়ক প্ৰকাশকসকলে গুৰুত্ব দিবই লাগিব৷ প্ৰকাশকসকলে এই কথাটো আন্তৰিকতাৰে বিশ্বাস কৰিব লাগিব যে কিতাপ কেৱল এক পণ্য নহয়, ই এক শিল্প! এই শিল্পক শিল্প হিচাপেই উত্তীৰ্ণ কৰাব লাগিব৷ অৰ্থাৎ বিষয়বস্তুতে কেৱল গুৰুত্ব নিদি কিতাপৰ বেটুপাত, ছপা, বন্ধা, ব্যৱহাৰ কৰা কাগজ সকলোবোৰকে সমান গুৰুত্বৰে চয়ন কৰি এটা শিল্পৰূপক গ্ৰাহকৰূপী শিল্পবোদ্ধা বা পাঠকৰ হাতত তুলি দিব পাৰিব লাগিব৷ ‘বেটুপাতনো কি, কিবা এটা হ’লেই হ’ল’ জাতীয় মনোভাৱে কিতাপৰ ভৱিষ্যৎ উজ্জ্বল নকৰে। লেথেৰগোবৰ ছপা আৰু ভেঁকুৰ লগা বান্ধোন (binding) কিতাপৰ শত্ৰু। আশাৰ কথা, অতি সম্প্ৰতি বহু অসমীয়া কিতাপ সুন্দৰ ছপা-বন্ধা-বেটুপাতেৰে ওলাব লাগিছে৷ এই ধাৰা অব্যাহত থকাটো জৰুৰী। যিসকল প্ৰকাশকে এই দিশত এতিয়াও তাল মিলাব পৰা নাই, তেখেতসকলেও বিষয়টো গুৰুত্বসহকাৰে লোৱা ভাল।
❧ | আৰু পঢ়ক: হাও দেয়াৰ ইউ!
বিখ্যাত চিত্ৰকৰৰ চিত্ৰ এখন পৰম আন্তৰিকতাৰে কিনি আনি ঘৰত সজাই ৰখাৰ দৰেই কিতাপ এখনো যতনেৰে কিনি অনাৰ পৰিৱেশ আৰু সুযোগ থাকিলে ছপা কিতাপ মানুহৰ নয়নৰ মণি হৈয়েই থাকিব৷ ডিজিটেল কিতাপো অৱশ্যেই থাকিব মানুহৰ প্ৰয়োজন পূৰাই৷