বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ হিন্দী সংস্কৰণ মুকলি

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ হিন্দী সংস্কৰণ মুকলি

অ সমীয়া জাতীয় জীৱনৰ অন্যতম প্ৰাণ-পুৰুষ সৈনিক-শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ জনপ্ৰিয় গীত ‘বিলতে হালিছে ধুনীয়া পদুমী’ৰ এটি হিন্দী সংস্কৰণ ২০ জুন, ২০২১ৰ বিষ্ণু ৰাভা দিৱস উপলক্ষে ইউটিউব যোগে মুক্তি পাইছে। ‘নীলা চৰাই’ৰ অন্যতম লেখক ৰূপজ্যোতি গোস্বামী আৰু মুক্তিনাথ টিমচিনাই হিন্দী ভাষালৈ অনুবাদ কৰা গীতটিত কণ্ঠদান কৰিছে উদীয়মান সংগীত শিল্পী পঞ্চম ভৌমিকে। বাঁহী বাদন আৰু সংগীত ব্যৱস্থাপনা কৰিছে ভাৰ্গৱজ্যোতি শইকীয়াই। সীমিত সা-সুবিধাৰ মাজেৰে গীতটিৰ শব্দ মিশ্ৰণ আৰু মাষ্টাৰিং কৰা হৈছে কলিয়াবৰৰ কংকণজ্যোতি শইকীয়াৰ ষ্টুডিঅ’ ফেব্ৰিকেটত।

❧ | আৰু পঢ়ক: গানৰ পুনৰ্জন্ম আৰু কাব্যশ্ৰীৰ গান

কুলদীপ শইকীয়াই পৰিচালনা আৰু সম্পাদনা কৰা গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে পঞ্চম ভৌমিক আৰু ভাৰ্গৱজ্যোতি শইকীয়াই। ভিডিঅ’ৰ চিত্ৰগ্ৰহণ কৰিছে দীক্ষিত হাজৰিকাই।

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ হিন্দী সংস্কৰণ মুকলি
এই লেখকৰ সকলো লেখা চাওক →
বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ হিন্দী সংস্কৰণ মুকলি | সম্পাদনা কক্ষ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক