পূৰ্বৰ খণ্ড: অসমীয়া কৃষ্টিৰ চমু আভাস (১)
পূজাৰ বাবে গোষ্ঠী নৃত্য আৰু পূজা সঙ্ঘোৎসৱাদিৰ যি পদ্ধতি ৰচিত হ’ল তাক ‘মাৰ্গ’ বুলি অভিহিত কৰা হ’ল আৰু যৌথ সঙ্ঘৰ নৃত্যৰ যি পদ্ধতি ৰচিত হ’ল তাক ‘দেশী’ বোলা হ’ল। ‘মাৰ্গ’ত এটা ধাৰাবাহিক পদ্ধতি থাকিল, কিন্তু ‘দেশী’ত কোনো পদ্ধতি নাথাকিল, কেৱল তাত স্বতঃস্ফুৰিত অনুভূতিহে প্ৰকাশিত হ’ল। লগে লগে তাত গীত আৰু বাদ্য সংযুক্ত কৰা হ’ল। নৃত্য, গীত, বাদ্যৰ সমাবেশত সঙ্গীত সৃষ্টি হ’ল। গতিকে সঙ্গীত মানে কেৱল গীতেই নহয়, সঙ্গীতৰ অৰ্থ হৈছে গীত, বাদ্য আৰু নৃত্যৰ সমাবেশ। সঙ্গীতক ‘তোৰ্যত্ৰিক’ও বোলে। পদ্ধতিৰ আশ্ৰয় লৈ যি সঙ্গীত, সেই সঙ্গীতেই হৈছে ‘মাৰ্গ’ সঙ্গীত। কিন্তু পদ্ধতিৰ আশ্ৰয় নোহোৱাকৈ স্বতঃস্ফুৰিত সঙ্গীত, সেই সঙ্গীতেই হৈছে ‘দেশী সঙ্গীত’। শুক নান্ন্যা ব্যাহকীৰ্ত্তন, ওজাপালি, ভাওনা আদিৰ নৃত্য-গীত-বাদ্য হৈছে ‘মাৰ্গ’ সঙ্গীত, কিন্তু গৰখীয়া গীত, বাৰমাহী গীত, দেহবিচাৰ গীত, বিয়ানাম, আইনাম, বিহুনাচ, বিহুনাম, অইনিতম আদি হৈছে ‘দেশী’। লোকসঙ্গীতৰ বেছি ভাগেই দেশী সঙ্গীতৰ শাখাত পৰে।
নৃত্যৰ আদিতে অসমৰ আদিম মানৱে অঙ্কন কৰিছিল। সেই অঙ্কনৰ আদৰ্শ আছিল গছ, লতা, পশু-পক্ষী এইবিলাকেই। শেহত নাৰী মূৰ্ত্তি গঠিত হ’ল। সেই নাৰী মূৰ্ত্তি আঁকিবৰ প্ৰেৰণা পোৱা হ’ল মাতৃৰ পৰা। দৰাচলতে সেই মূৰ্ত্তিবিলাকেই মাতৃ মূৰ্ত্তি আছিল। সেই মাতৃ মূৰ্ত্তিত পৰিণত হ’ল। সেই দেৱী মূৰ্ত্তিয়ে আদিপ্ৰস্তৰ যুগৰ পৰা আজিও অসমীয়াৰ পূজা খাই আছে।
যৌথসঙ্ঘনৃত্যৰ পৰা মানৱে পুৰুষৰ মূল্য বুজিলে, সেই পুৰুষৰ মূৰ্ত্তিও শেহত প্ৰতিফলিত হ’ল। অৱশেষত সেই পুৰুষৰ মূৰ্তিবিলাক দেৱতাৰ দৰে পূজিত হ’ল। আদিম অঙ্কনৰ চিন শিলত, গুহাত, মাটিত প্ৰতিফলিত হ’ল। তাৰ আদৰ্শৰ চাব আদিযুগৰ পৰা বস্ত্ৰ-বয়নশিল্প আৱিষ্কাৰ হোৱাৰ লগে লগে কাপোৰতো পৰিল। গতিকে আজিও আদিম শিল্পৰ চানেকী অসমৰ আদিম অধিবাসীসকলৰ কাপোৰত, বাঁহৰ চুঙাৰ গাত ইত্যাদিত দেখা যায়। এইদৰে ক্ৰমবিকাশৰ ফলত এই অঙ্কনৰো এটা পদ্ধতি প্ৰথা গঠিত হ’ল।
অঙ্কনৰ তিনিবিধ নিয়ম হ’ল। তুলাপাতত বা সাঁচিপাতত বিবিধ ধৰণেৰে আঁকি মূৰ্ত্তিক ‘আলেখ্য’ বোলা হ’ল; সমান শিলৰ বুকু কাটি গঢ়া মূৰ্ত্তিক ‘চিত্ৰাৰ্দ্ধ’ বোলা হ’ল আৰু গোটেই মাটি বা শিল কাটি আগ পিছ দেখুৱাই গঢ়া মূৰ্ত্তিক ‘চিত্ৰ’ বোলা হ’ল। গতিকে আমি কাকতত যি ছবি দেখোঁ, সি আলেখ্যহে, ‘চিত্ৰ’ নহয়। সৰস্বতী আদি দেৱ-দেৱীৰ মূৰ্ত্তি গঢ়ি যাক আমি পূজা কৰোঁ, সি ‘চিত্ৰ’হে আৰু ‘চিত্ৰাৰ্দ্ধ’ হৈছে relief মূৰ্ত্তি। মূৰ্ত্তি গঢ়া বা বচাৰ পদ্ধতিৰ যি শাস্ত্ৰ তাক ‘মান-সাৰ’ বোলে। অসমত চাৰি শতিকাৰ পৰা এই ‘মান-সাৰ’ৰ দিহা মতে মূৰ্তি গঢ়া হ’ল। সেই মূৰ্ত্তিবিলাক গোটেই অসমতে সিঁচৰতি হৈ আজিও পৰি আছে। (ক্ৰমশঃ)
(ছপাৰ ভুল বুলি অনুভৱ কৰা অশুদ্ধি শুধৰোৱাৰ বাহিৰে ৰচনাৰ বানান পদ্ধতিত হাত দিয়া হোৱা নাই)
।। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কনিহা ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে প্ৰদান কৰা ভাষণটি পিছত ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ নামেৰে পুস্তিকা আকাৰে ছপা হৈ ওলাইছিল। যদিও বৰ্তমানে ৰাভাদেৱৰ ৰচনা আৰু সৃষ্টিসমূহৰ স্বত্ত্ব উকলি যোৱা নাই, জাতীয় স্বাৰ্থত বৰ্তমানে প্ৰায় দুষ্প্ৰাপ্য হৈ পৰা পুস্তিকাখনি ধাৰাবাহিক ৰূপত ‘নীলা চৰাই’ত প্ৰকাশ কৰা হৈছে। এই সম্পৰ্কত কাৰোবাৰ কিবা আপত্তি থাকিলে অনুগ্ৰহ কৰি আমাক জনালে (editor @nilacharai.com) প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। —সম্পাদক, নীলা চৰাই ।।
❧ | পৰৱৰ্তী খণ্ড: অসমীয়া কৃষ্টিৰ চমু আভাস (৩)