আঁৰ কাপোৰ

আঁৰ কাপোৰ
  • 24 Mar, 2022

ভিতৰৰ মানুহজন
ধৰা পৰি যায় বুলি
নিজকে আবৰণেৰে ঢাকি থওঁ

আপোনাৰ ওচৰত আপুনি
কেতিয়াবা উলংগ হৈ চাইছেনে?
উলংগ হ’বলৈ সকলোৱে ভয় কৰে—
উলংগ হ’লেই জানোচা
প্ৰকাশ পায় প্ৰকৃত সত্য

আমি প্ৰত্যেকেই একো একোজন
নিখুঁত অভিনেতা
অতৃপ্ত কামনা অতৃপ্ত বাসনাৰ
মেটমৰা বোজা কঢ়িয়াই ফুৰিও
সুখী, পৰিতৃপ্তৰ অভিনয় কৰোঁ

অৱদমিত আশা আকাংক্ষা
প্ৰেম প্ৰতাৰণাৰ দুখৰ ভৰত
দোৰোলখাই পৰে হৃদয়
তথাপি কেলেণ্ডাৰৰ ছোৱালীজনীৰ দৰে
মুখত লৈ ফুৰো একাঁজলি
কৃত্ৰিম ৰ’দ

মন নাযায়নে কেতিয়াবা
আদিমৰ পৰা আদিম হ’বলৈ
মন নাযায়নে কেতিয়াবা
খুলি থ’বলৈ কৃত্ৰিম মুখবোৰ
মন নাযায়নে কেতিয়াবা
আঁতৰাই পেলাবলৈ
সন্মুখত আঁৰি থোৱা আঁৰ কাপোৰ?

হ’ব যদি পাৰিলোহেঁতেন অৰণ্য—
অৰণ্যৰ একো লুকধাক নাই,
অৰণ্যৰ দৰে উন্মুক্ত!

❧ | আৰু পঢ়ক:

আঁৰ কাপোৰ | অসমীয়া কবিতা | যাদৱ হাজৰিকা