“ওঁ কাৰং বিন্দু সংযুক্তং নিত্যং ধ্যান্তি যোগিনঃ।
কামদং মোক্ষদঞ্চৈৱ ওঁ কাৰায় নমো নমঃ।।
ন জাতং নৈব সম্ভূতংক্ষয়োৰ্যস্য ন বিদ্যতে।
নমন্তি দেৱতা সৰ্ব্বে নকাৰায় নমো নমঃ।।
মহাদেৱ মহাত্মানং মহাযোগেশ্বৰং হৰং।
মহাপাপ হৰং দেৱং মকাৰায় নমোনমঃ।।
শিৱং শান্তং জগন্নাথং লোকানুগ্ৰহ কাৰকং।
শিৱমেকপৰং ব্ৰহ্ম শি কাৰায় নমো নমঃ।।
বাহনং বৃষভোযস্য বাসুকি কণ্ঠভূষণং।
বামে শক্তি ধৰং দেৱ বা কাৰায় নমোনমঃ।।
যত্র তত্র জগন্নাথো জগদ্ব্যাপী মহেশ্বৰঃ।
জগত কৰ্ত্তা জগদ্ধর্তা য়া কাৰায় নমো নমঃ।।
ষড়ক্ষমিদং স্ৰোত্ৰং যঃ পঠেৎ শিৱ সন্নিধৌ।
ইহ লোকং সুখং প্রাপ্য অন্তে যান্তি পৰাঙ্গতিম্।।
ওঁ বম বম্—
নমো শিবায় বিষ্ণু ৰূপায় বিষ্ণুৱে শিৱ ৰূপিণে।
অনাদি জগদীশায় নমো হৰি হৰাত্মনে।।”

যিজন জগতৰ ঈশ, জগদীশ্বৰ, মহাপ্রভু, মহাদেৱ, ত্রিগুণাতীত, নিৰাকাৰ, নীলকণ্ঠ, মঙ্গল কাৰক, যিজন আদি, মধ্য, অন্তহীন, অনন্ত ত্রিনেত্র, শুক্লেশ্বৰ, চিদানন্দ স্বৰূপ আৰু পৰম দয়ালু—সেইজন বিশ্বনাথ বিশ্ব বন্দিত শিৱক নমস্কাৰ কৰোঁ— “হৰ পাপং হৰ শোকং হৰাশুভং মহাদেৱ নমোস্তুতে”।

সর্ব সাধাৰণৰ দৃষ্টিত শৈৱ শক্তি ধ্বংসৰ কাৰণ; বিল্ববৃক্ষ আৰু শ্মশান ভূমি তেওঁৰ বাসস্থান; সৰ্বগাৱে ভষ্ম-ধূলি, কটিত ব্যাঘ্ৰ চৰ্ম, মূৰত জঁটা, ডিঙি সৰ্পৰ মালাৰে সুশোভিত, হাতত ডম্বৰু আৰু ত্ৰিশূল; ভাং খাই ঘূৰি ফুৰা এজন সংসাৰ বিৰাগী দেৱতা; বৃষভ তেওঁৰ বাহন, কান্ধত ভিক্ষাৰ জুলি লৈ ঘৰে ঘৰে মাগি ফুৰা এজন ভিকহু। কিন্তু তাতোকৈ যদি অধিক দকৈ চিন্তা কৰি চাবলৈ যাওঁ— পৃথিৱীৰ সৃষ্টিত প্রথমে জলৰে পৰিপূৰ্ণ এখন বিশাল মহাসাগৰ, তাত অনাদি-অনন্ত এক ব্ৰহ্মৰ কথা পাওঁ। সৃষ্টি কৰিবলৈ মন কৰাত সত্ব, ৰজ আৰু তম গুণৰ সৃষ্টি হ’ল আৰু এই তিনি গুণৰ ওপৰত একোজন প্রতীক দেৱতাৰ সৃষ্টি হ’ল। সত্ব গুণৰ বাবে ব্ৰহ্মা, ৰজ গুণৰ বাবে বিষ্ণু আৰু তম গুণৰ বাবে মহেশ্বৰৰ সৃষ্টি হ’ল। ইয়াৰ প্ৰতিটো গুণৰো একোটা শাব্দিক অর্থও বিদ্যমান— সত্বগুণ (সৎ/উত্তম) জগতৰ তিনিগুণৰ এক গুণ, এই গুণৰ দ্বাৰা মানুহ ধাৰ্মিক, নম্ৰ আৰু শান্ত হয়। ৰজ গুণ— (সং ৰজ্জ্, অৰ্থাৎ বৰণ লগোৱা) ৰাজসিক গুণ, অহঙ্কাৰ আৰু সংসাৰৰ সুখ-সন্তোষ বাঞ্চা জন্মোৱা গুণ আৰু সং তমস্ (তম্ কষ্ট ভোগ কৰ) তিনি গুণৰ শেষৰটো, যাৰ দ্বাৰা ইহকালত পাবলৈ ইচ্ছা আৰু পৰকালত নৰক হয়।

প্ৰকৃততে শৈৱ শক্তি এক পৰম মঙ্গলময় শক্তি। শিৱ শব্দটোৰ অর্থই হ’ল মঙ্গলময়, কল্যাণময়। জীৱক মায়াৰ বন্ধনৰ পৰা মুক্তি কৰি সাযুজ্য ৰূপে মোক্ষ বা মুক্তি প্ৰদান কৰি কল্যাণ কৰে বাবে তেওঁ ‘শিৱ’। শিৱ কোনো দেৱতা নহয়। তেওঁ হ’ল পৰমাত্মা, পৰম ব্ৰহ্ম, নিৰঞ্জন। পৰম ব্রহ্ম অক্ষৰ, অব্যয়, অনন্ত— বেদত তেওঁক ঈশ বুলি কোৱা হৈছে— “ঈশাৱাস্যমিদং। ইক্ষনাদি প্ৰৱেশান্তঃ সংসাৰৰ ঈশ কল্পিত।”

বেদৰ পাছত ঈশ শব্দই ‘শিৱ’ সংজ্ঞা লাভ কৰিছে। তাৰ অৰ্থ হ’ল— ঈ (ি)শ (শ) অ(ৱ) = শিৱ। বেদত তেওঁক আত্মা— নিষ্ক্রয় আত্মা বুলি বুজাইছে। “ওঁ আত্মা ৱা ইদমেক এৱাগ্ৰ আসীত। নান্যৎ কিঞ্চন ভিষত্। স ইক্ষত লোকানু সৃজা ইতি।” অর্থাৎ আদিতে এই দৃশ্য, দৃশ্যমান জগত একমাত্র আত্মাহে আছিল। আত্মাৰ বাদে আন একোৱেই নাছিল। তেওঁ ভাবিলে যে লোকসমূহৰ ৰচনা কৰোঁ।

সেই বাবে শিৱ শক্তি এটা স্বৰ অৰ্থাৎ মৌলিক। স্বৰৰ পৰাই ব্যঞ্জন অর্থাৎ যৌগিক অর্থাৎ মায়াময় বিশ্ব চৰাচৰৰ সৃষ্টি হৈছে। দেৱতাসকলো সূক্ষ্ম মায়া। ঈশ্বৰৰ ইচ্ছাই বিভিন্ন ভাগত বিভাজিত হৈ ভিন্ন ভিন্ন গোচৰ-অগোচৰৰ ৰূপ ধাৰণ কৰি ত্ৰিভুৱনাদি ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে। এই বিভাজিত ৰূপবোৰৰ ভিতৰত ‘হ’ কাৰেই ‘হৰ’ শিৱৰ আন এটা নাম। ‘হৰতি বন্ধনং ইত্যৰ্থে হৰ’ অর্থাৎ যাৰ প্ৰদৰ্শিত সাধনা পথৰে চলি মানুহ সৰ্ববিধ বন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰে অৰ্থাৎ যিজন মহান পুৰুষে মানুহৰ বন্ধন হৰণৰ ব্যৱস্থা দি গৈছে, সেই অৰ্থতেই তেওঁক ‘হৰ’ বুলি কোৱা হয়। আনহাতে ‘হ’ মানে ব্যোম, ভূমা-ব্যোম হ’ল বিশাল, কিন্তু সূক্ষ্মতম্ সূক্ষ্ম। হৰেই ব্ৰহ্মাণ্ডক হৰণ কৰে অৰ্থাৎ প্ৰলয়ৰ অন্তত সৃষ্টি সূক্ষ্ম হৈ সূক্ষ্মতম হৰত বিলীন হয়। আকৌ হৰৰ পৰাই বিন্দু মাত্রাদি পঞ্চতন্মাত্ৰৰ সৃষ্টি হয় নাদ ৰূপত। পঞ্চতন্মাত্র মানে গন্ধ, ৰস, ৰূপ, স্পৰ্শ আৰু শব্দ, যাৰ পৰা পঞ্চভূত বা পঞ্চতত্ত্বৰ উৎপত্তি হয়। পঞ্চ তন্মাত্ৰৰ শেষ শব্দই ব্রহ্ম অর্থাৎ নাদেই ব্ৰহ্ম৷ সৃষ্টিৰ প্ৰক্ৰিয়া নাদ ব্ৰহ্মৰে আৰম্ভ হয়।

শিৱৰ উৎপত্তি সম্বন্ধে কেইখনমান বেদ-পুৰাণত কোৱা কথা খিনি এইখিনিতে উল্লেখযোগ্য।

বেদ-পুৰাণ আদিত শিৱ মহাদেৱ, শম্ভু, ঈশ, পশুপতি, শূলীন, ঈশান, শঙ্কৰ, চন্দ্ৰশেখৰ, ভূতেশ, গিৰীশ, মৃড়, মৃত্যুঞ্জয়, কৃতিবাস, প্রমসাধিপ, উগ্র, কপর্দিন, ধূর্জটি, হৰ, ত্র্যম্বক, ত্ৰিপুৰান্তক, গংগাধৰ, শ্ৰীকণ্ঠ, কপালভূত, বামদেৱ, বিৰূপাক্ষ, ত্রিলোচন, বৃষধ্বজ, ব্যোমকেশ, ভৱ, ভীম, স্থানু, ৰুদ্ৰ, উমাপতি আদি বিভিন্ন নামেৰে পৰিচিত। লোকজীৱনত তেওঁ বুঢ়া গোসাঁই, ভঙুৱা শঙ্কৰ, ভোলানাথ আদি নামে জনাজাত। Dr N Venkataramayaya-ই লিখিছে— “Some of these names such as Asani, Ugra, Bhima, Pasupati, Nilakantha, Sitikantta, Kapardin, Kumara had their origin in Rudra’s association with Agni, others like Isana, Mahadeva were assumed by Him as mark of His sovereignty over the universe and His superiority over gods; and a few arose out of Rudra’s coalescence with local deities of similar character like Bhava and Sarva”.

বিভিন্ন পণ্ডিতৰ মতে শিৱ বৈদিক দেৱতা নহয়, আর্য বহিৰ্ভুত দেৱতা। বৈদিক যাগ-যজ্ঞত তেওঁৰ স্থান নাই বুলি প্ৰমান পোৱা গ’ল দক্ষ যজ্ঞলৈ তেওঁক নিমন্ত্ৰণ নকৰাৰ বাবে। কিন্তু পাছত অৰ্থাৎ যজ্ঞ নষ্ট কৰাৰ পাছতহে শিৱই বৈদিক যাগ-যজ্ঞত শ্রেষ্ঠ স্থান লাভ কৰিলে।

ঋক্‌বেদত শিৱৰ নামোল্লেখ নাই। তাত তেওঁ ৰুদ্ৰ নামেৰে জনাজাত। বৈদিক ৰুদ্ৰৰ উৎস অনা-আর্য পটভূমি। ‘ৰুদ্র’ শব্দটি সংস্কৃত ‘ৰুদ্’ ধাতুৰ পৰা আহিছে। ইয়াৰ অৰ্থ ক্রন্দন কৰা বা শব্দ কৰা। কাৰণ শব্দ ব্ৰহ্মৰ পৰা ৰুদ্ৰৰ উৎপত্তি বুলি ধৰা হৈছে। বেদত ৰুদ্ৰক কোৱা হৈছে— তেওঁৰ হাত আছে, ওঁঠ দুটা সুন্দৰ, জঁটাধাৰী, পিংগল বৰ্ণ বিশিষ্ট, সূৰ্যৰ দৰে উজ্জ্বল। তেওঁ পুৰুষ, নাৰী, গাই গৰু, ঘোঁৰা, ভেড়া আদিৰ মঙ্গল সাধন কৰে। ৰুদ্রই ৰোগত ঔষধ দান কৰে, পাপ-তাপ হৰণ কৰে। তেওঁ বন্য জন্তুৰ দৰে ধ্বংসকাৰী। এই বেদত অগ্নিকেই ৰুদ্ৰ বুলি কৈছে। যজুর্বেদতো অগ্নিকেই ৰুদ্ৰ— “ৰুদ্ৰৰূপোহগ্নি দেৱতা” বোলা হৈছে। ঋকবেদত ৰুদ্ৰবদান্য, আশুতোষ আৰু কল্যাণপদ। আনহাতে তেওঁ অনিষ্টকাৰী দেৱতা, খং উঠিলে মানুহক বজ্ৰপ্ৰহাৰ কৰি বধ কৰে। তেওঁ ৰোগৰো অধিপতি। তেওঁ মানুহক বিপদৰ পৰা ৰক্ষা কৰে। ৰোগ-শোক আঁতৰ কৰে। আনকি ঋকবেদত তেওঁক ব্ৰাহ্মণক ঘৃণা কৰোঁতাজনক হত্যা কৰোঁতা ৰূপে চিত্ৰিত কৰিছে— “অহং ৰুদ্ৰায় ধনুৰা তনোমি ব্ৰহ্মদ্বেষে শৰৱে হন্তবা উ।”

এফালে তেওঁৰ চৰিত্ৰ ভয়ানক (ৰুদ্ৰ) আৰু আনহাতে শিৱ অর্থাৎ মঙ্গলময়। এই দুই ৰূপৰ সমন্বয় সাধন হৈছে। যজুৰ্বেদত ৰুদ্ৰ মুক্তিদাতা আৰু নীলগ্ৰীৱ। সহস্রাক্ষ, এহাজাৰ তীৰ বহণকাৰী, ৰুদ্ৰৰ বৰণ ৰঙা। অথৰ্ব বেদত ৰুদ্ৰ গৃহ পালিত পশুৰ ৰক্ষাকৰ্তা, কিন্তু তেওঁৰ স্বভাৱ ৰুক্ষ, তেওঁ ধ্বংসকাৰী দেৱতা।

উপৰত উল্লেখ কৰা ‘শিৱ’ শব্দটো ‘ৰুদ্ৰ’ৰ বিশেষণ স্বৰূপেহে ব্যৱহৃত হৈছিল। কিন্তু পাছত ৰুদ্ৰৰ অন্য এক নাম হিচাবে প্রয়োগ হ’ল আৰু শেষত তেওঁ ত্ৰি দেৱতাৰ অন্যতম হিচাপে স্বীকৃতি লাভ কৰিলে। পৰিশেষত ৰুদ্ৰ বা শিৱ ত্ৰি তত্ত্ববাদৰ বিনাশ বা ধ্বংসৰ প্ৰতীক হিচাপে ব্যৱহাৰ হ’ল।

উপনিষদত ৰুদ্ৰই নিজকে নিজে কৈছে— ‘ময়েই সর্ব প্রথম আহিছোঁ। মোৰ আগত বা পাছত কোনো নাই। মই চিৰন্তন, মই ব্ৰহ্ম।’ ৰুদ্ৰই পৃথিৱীৰ একমাত্র শাসনকর্তা, প্রলয় কালত ৰুদ্ৰই সমস্ত বিশ্ব-ব্রহ্মাণ্ড ধ্বংস কৰে। তেওঁ আদি, মধ্য আৰু অন্তহীন। তেওঁ অনাদি-অনন্ত। ৰুদ্ৰই ব্রহ্মা, বিষ্ণু, ইন্দ্ৰ, শিৱ।

‘ব্ৰহ্মাণ্ড পুৰাণ’ত কৈছে—

“উৰস্তো বিষ্ণু বোপ্যাসনং পালকাজগতাং দ্বিজাং।
উবেৰাসন মহাত্মানো ৰুদ্ৰাৰৌদ্ৰ পৰাক্ৰমাঃ।।”

অৰ্থাৎ মহাবিষ্ণুৰ বক্ষঃ স্থালৰ পৰা জগত পৰিপালক অনন্ত কৌটি বিষ্ণুৰ উৎপত্তি আৰু উৰুদ্বয়ৰ পৰা মহাত্মা ভয়ঙ্কৰ পৰাক্ৰম অনন্ত কোটি ৰুদ্ৰ উৎপন্ন হয়”। ’সংহৰ্ত্তাৰ স্তিজগতাং তমোগুণ গুণান্বিতাঃ’— সেই ৰুদ্ৰসমূহ তমোগুণ সমন্বিত, তিনিজগতৰ সংহাৰ কৰ্তা অর্থাৎ ব্ৰহ্মা সৃষ্টি কর্তা, বিষ্ণু জগতৎ ভর্তা, শিৱ সংহৰ্তা হয়।

‘ব্ৰহ্ম বৈৱৰ্ত পুৰাণ’ত এক জ্যোতি স্বৰূপ পৰম ব্ৰহ্মই শ্যাম ৰূপ ধাৰণ কৰা দেখিবলৈ পালে—

“ঘোৰ অন্ধকাৰাবৃত হেৰেণ সংসাৰ।
জীৱহীন, জলহীন, বায়ু হীন আৰ।।”

তেনে অৱস্থাত সেই পৰম জ্যোতি ব্ৰহ্মৰ
“সৃষ্টি হেতু সমুদ্যত হলেন কাণ্ডাৰী।।
যেমন অন্তৰে হৈল ইচ্ছাৰ উদয়।
অমনি জন্মিল মূর্তিমান গুণ ত্ৰয়।।”

এই গুণ ত্ৰয় হ’ল— সত্ব, ৰজ আৰু তম। তাৰ পৰা মহত্বৰ সৃষ্টি হয়— মহত্বৰ পৰা অহঙ্কাৰ— অহঙ্কাৰৰ পৰা পঞ্চতন্মাত্ৰৰ সৃষ্টি (ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ) অৱশেষত নাৰায়ণৰ জন্ম হয়— পৰম ব্ৰহ্মৰ দক্ষিণ অংগত নাৰায়ণৰ জন্ম। ৰূপ আছিল এনে ধৰণৰ—

“পীত বস্ত্ৰ পৰিধান চতুৰ্ভূজধাৰী।
গল দেশে বনমালা শঙ্খচক্ৰধাৰী।।”

তাৰ পাছত পঞ্চানন শিৱৰ জন্ম হ’ল কৃষ্ণৰ বাম ভাগৰ পৰা। ৰূপ আছিল এনে ধৰণৰ—

“বিশুদ্ধ স্ফটিক সম শুভ্র কলেৱৰ।
মহাযোগী পঞ্চবক্ত দেৱ দিগম্বৰ।।
প্রতি মুখে ত্রিনেত্র অতি সুশোভন।
জঁটা ভাৰ শোভে শিৰে কাঞ্চন বৰণ।।
ত্রিশূল পট্টিশধাৰী জপ মালা কৰে।
শশাঙ্ক সকল শোভে ললাট উপৰে।।”

তাৰ পাছত পৰম ব্ৰহ্ম অর্থাৎ মহাবিষ্ণুৰ নাভিকমলৰ পৰা ব্ৰহ্মাৰ জন্ম হয়। তেওঁ হ’ল—

“শ্বেতবস্ত্ৰ পৰিধান চতুৰ আনন।
আস্য দেশে শোভিতেছে ধৱল দশন।।”

‘বিষ্ণু পুৰাণ’ত শিৱৰ জন্মৰ বিষয়ে কৈছে যে সৃষ্টি কার্যত ৰত থকা অৱস্থাত ব্ৰহ্মাৰ শৰীৰ পৰা কান্দি থকা ল’ৰা সন্তান এটিৰ জন্ম হ’ল। উপজিয়েই কন্দা বাবে ব্ৰহ্মাই ল’ৰাটিৰ নাম ৰাখিলে ৰুদ্ৰ। ইয়াৰ পাছতো তেওঁৰ চকুৰ পৰা সাত বাৰ চকুৰ পানী পৰিল বাবে তেওঁ সাতোটা নাম পালে— ভৱ, সর্ব, ঈশান, পশুপতি, ভীম, উগ্র, কপালী আৰু মহাদেৱ বা ৰুদ্ৰ বা শিৱ। এই পুৰাণত লিঙ্গ ৰূপী শিৱৰ আদি-অন্ত পোৱা নাযায়।

‘পদ্ম পুৰাণ’ত ৰুদ্ৰ বা শিৱৰ জন্ম বৃত্তান্ত এনে— এদিন ব্ৰহ্মাৰ বৰ খং উঠিল। তেতিয়া ব্ৰহ্মাৰ ভ্ৰূৰ মাজৰ পৰা ৰুদ্ৰৰ আৱির্ভাৱ হ’ল। জন্ম হৈয়েই ৰুদ্ৰই কন্দা বাবে ‘ৰুদ্ৰ’ ৰখা হ’ল। ইয়াৰ বাদেও ব্ৰহ্মাই ঋতধ্বজ, মনু, মন্যু, উগ্ৰৰেত, শিৱ, ভৱ, কাল, মহিনস, বামদেৱ আৰু ধৃতব্ৰত নামেৰেও পৰিচিত হ’ব বুলি ক’লে। তাৰ বাদেও তেওঁৰ বাসস্থান, স্ত্রী আদিৰ বিষয়ে উল্লেখ কৰি সৃষ্টি কৰিবলৈ নিৰ্দেশ দিলে। সৃষ্টি কার্যতো তেওঁ প্ৰথমে ভূতপ্রেতাদিত গুৰুত্ব দিয়াত ব্ৰহ্মাই এনে অনিষ্টকাৰী প্ৰাণীৰ সৃষ্টিত বাধা দি বিষ্ণুৰ আৰাধনাত ব্ৰতী হবলৈ নিৰ্দেশ দিয়ে।

‘শ্ৰীমদ্ভাগৱত পুৰাণ’ত স্বয়ং ব্রহ্মাই সমুদ্র মন্থনত উদ্ভৱ হোৱা হলাহল পান কৰিবলৈ মহাদেৱক স্তুতি কৰিছে আৰু তাতেই শিৱৰ স্বৰূপ প্ৰকাশ হৈছে—

“দেৱ দেৱ মহাদেৱ ভূতাত্মন্ ভূতভাৱন৷
ত্ৰাহিণঃ শৰণাপন্নং স্ত্ৰৈলোক্য দহনাদ্বিযাত্।।
ত্বমেকঃ সর্বজগত ঈশ্বৰো বন্ধ মোক্ষয়োঃ।
তৎ ত্বামৰ্চন্তি কুশলাঃ প্ৰপন্নাতিহৰং গুৰুম্।।
গুণময্যা স্বশক্তাহস্য স্বর্গ স্থিতোহ প্যয়ান বিভো।
ধৎসে যদা স্বদৃগ্ ভূমন্ ব্ৰহ্ম বিষ্ণু শিৱাভিধাম্।।
ত্বং ব্ৰহ্ম পৰম গুহ্যং সদা সম্ভাৱ ভাৱনঃ।
নানা শক্তিভিৰাভাতস্ত্বমাত্মা জগদীশ্বৰঃ।।
ত্বং শব্দ যোনিৰ্জৰ্গদাদিৰাত্মা প্রাণেন্দ্রিয় দ্রব্য গুণ স্বভাৱঃ।
কালঃ ক্রতুঃ সত্যমৃতঞ্চ ধর্ম স্বম্যক্ষৰং যৎত্রিবৃদামনস্তি।।
অগ্নিমুখং তেহখিল দেৱতাত্মনো ক্ষিতিং বিদুলোৰ্ক ভৱাঘি পংকজম্।
কালংগতিং তেহখিল দেৱতাত্মানো দিশশ্চকনৌ ৰসনং জলেশম্।।
এতৎপৰং প্রপশ্যামো ন পৰং তে মহেশ্বৰ।
মৃড়নায়হি লোকস্য ব্যক্তিস্তেহব্যক্ত কর্মনঃ।।”

অর্থাৎ শিৱ হ’ল সকলো ভূতৰ আত্মা, ভূতবাহন, মহাদেৱ, দেৱাদিদেৱ। তেওঁ সৰ্ব জগতৰ ঈশ্বৰ, তেৱেঁই জগত স্ৰজন, পালন আৰু সংহাৰ কৰে। তেওঁ নানা অৱতাৰ গ্ৰহণ কৰি পৃথিৱীক উদ্ধাৰ কৰে। তেওঁ পৃথিৱীৰ আদি পুৰুষ। ব্ৰহ্মবাদী মহাদেৱেই জগত স্বৰূপে বিৰাজমান। তেওঁৰ শিৰেই স্বৰ্গ, পাদতেই পৃথিৱী, তেওঁ পঞ্চমুখ— তেওঁৰ নাম পঞ্চানন বা পঞ্চৱক্ত, তেওঁৰ নাভিয়েই গগণ, ৰেতস, বৃষ্টি, জল। পঞ্চ উপনিষদ তেওঁৰ পঞ্চ মুখ। তেওঁৰ জিভাই জুই, গৰ্ভই সাগৰ। সূৰ্য তেওঁৰ চকু, চন্দ্ৰ তেওঁৰ মন। দশোদিশ তেওঁৰ কাণ আৰু বতাহ তেওঁৰ বসন। গছবোৰ তেওঁৰ শৰীৰৰ নোম আৰু পৰ্বত অস্থি। তেৱেঁই পশুপতি, কন্দর্প, ভকতক নিস্তাৰ কৰোঁতা, অসুৰ সংহাৰক, বৃষভ বাহন, অৰ্দ্ধনাৰীশ্বৰ, নাগধাৰী, ত্ৰিপুৰাৰী, শূলধাৰী, নৰমুণ্ড মালী, বিঘ্নি বিনায়ক, ব্রহ্ম জ্ঞান বিধায়ক, সৃষ্টি বিধায়ক, বেদান্ত গায়ক, ডম্বৰু বাদক, জগত নায়ক, খট্বাংগ শায়ক, মুকুতি দাতা, অচিন্ত্য মহিমা যুক্ত, পুৰাণ পুৰুষ, ত্রিলোচন।

‘শ্রীমদ্ভাগৱত পুৰাণ’ত মহাদেৱ, সৃষ্টি ধ্বংস কৰিব খোজা অনিষ্টৰ প্রতিমূৰ্তি ধ্বংস কৰোঁতা। সেইবাবে সৃষ্টি ধ্বংস কৰিব পৰা হলাহল ভক্ষণ কৰিবলৈ স্বয়ং ব্রহ্মাই মহাদেৱক স্তুতি কৰিছে । শিৱ পুৰাণত ‘শিৱ’ শব্দময়। তেওঁৰ মুখ পাঁচখন, হাত দহখন। মহেশ্বৰৰ ৰূপ পাঁচ ভাগত বিভক্ত। প্রথম ৰূপত তেওঁ উৰ্দ্ধৰোম আৰু ভয়ঙ্কৰ। দ্বিতীয় ৰূপত তেওঁ সূৰ্য্যৰ পোহৰৰ দৰে উজ্জ্বল। তৃতীয় ৰূপত তেওঁ জোনাকৰ দৰে স্নিগ্ধ। চতুৰ্থ ৰূপত তেওঁ কুবেৰ আৰু পঞ্চম ৰূপত তেওঁ ব্ৰহ্ম । গতিকে শিৱ পৰম মঙ্গল, পৰমাত্মা।

প্ৰকৃততে পুৰাণত শিৱৰ স্থান অতি উচ্চ। ইয়াত শিৱ অনন্ত-অনাদি আৰু অচিন্ত্যনীয়। মহাভাৰত আৰু ৰামায়ণত শিৱৰ মঙ্গলময় মূৰ্তি আৰু ভীষণ ৰূপৰ অভিব্যক্তি দেখিবলৈ পাওঁ। ধৰ্ম, সলিল আৰু চন্দ্ৰ ৰূপে শিৱ সৌম্য শান্ত ৰূপে চিত্রিত। আনহাতে অগ্নি-বিদ্যুৎ আৰু সূৰ্য ৰূপে শিৱৰ ভীষণ মূর্তি প্রকাশিত হৈছে।

‘শ্বেতাশ্বতৰ উপনিষদ’ত ‘শিৱ’ পদটো ৰুদ্ৰৰ নামবাচক পদ ৰূপে ব্যৱহৃত হৈছে। ইয়াত শিৱ ৰুদ্ৰই অদ্বিতীয় দেৱতা স্বৰূপে স্বীকৃতি লাভ কৰিছে, তেওঁ জগৎ স্ৰষ্টা, পালক, সংহাৰক আৰু নিয়ামক—

“একো হি ৰুদ্ৰো ন দ্বিতীয়ায় তস্থর্যমা লোকান্ ঈশত ঈশনীভিঃ।
প্রত্যঙ্ জনাং স্তিষ্ঠতি সঞ্চু কোপান্ত কালে সংসৃজ্য বিশ্বা ভুবনানি গোপাঃ।।”

এনে এজন পুৰাণ, বেদ, মহাভাৰত ৰামায়ণ বর্ণিত মহাযোগী, তপস্বী, পৰম ত্যাগী, ব্ৰহ্মচাৰী, বেদজ্ঞ, অৰ্দ্ধ নাৰীশ্বৰ, পৰম জ্ঞানী,সদাশিৱ-মহেশ্বৰেই অসমীয়া সমাজত জনসাধাৰণৰ ৰুচি অভিৰুচি অনুসৰি বিভিন্ন কল্প সলাইছে। অসমীয়া সমাজত শিৱ যোগীন্দ্ৰ, সংসাৰী, দেৱতা, কৃষক, ভঙুৱা, নটুৱা, ভিক্ষাৰী, পগলা, জঁটীয়া আদি ৰূপে বিৰাজ কৰিছে। লোক সমাজত শিৱই প্রাচীনতম আৰু শ্রেষ্ঠতম দেৱতা। জনগণৰ প্ৰিয় দেৱতা হিচাপে অসমীয়া বুঢ়া মানুহ এজনৰ কাৰ্যৱলীয়েই অধিক ভাৱে প্ৰকট হোৱা হেতু শিৱ বুঢ়া গোঁসাই আৰু তেওঁৰ পত্নী বুঢ়ী গোঁসানী হিচাপে পৰিচিত।

এতিয়া আহোঁ আমাৰ চাৰিওকাষে থকা জনজাতীয় সমাজখনত শিৱক কেনে ধৰণে সাবটি লৈছে তাৰ স্বৰূপ নির্ণয় কৰিবলৈ। বড়ো-কছাৰীসকলৰ আদি দেৱতা বাথৌ-শিৱাই তেওঁলোকৰ পিতৃ। বড়ো-কছাৰীসকলৰ মাজত শিৱ গিলা, দামব্রা, খৌৰিয়া বীৰাম (ছিব্রায়), বাথৌবীৰায় ৰূপে পৰিচিত। এই পূজাত বড়োসকলে সিজু গছ, বড় গছ, আঁহত, জৰি আদিত দেৱতা-অপদেৱতা আছে বুলি বিশ্বাস কৰি পূজা পাতল কৰে। কিন্তু সেই বুলিয়েই তেওঁলোকক দেও পূজক বা জড় পূজক (Animist) বুলি কোৱা টান। কাৰণ বাথৌ পূজাত উচ্চাৰিত মন্ত্ৰৰপৰা জনা যায়—

“আহাম ফৰ্মাদে
বাথৌৱা জাদং বান্দবা, সিজৌৱা জাদং গৰংবা ।
মই থাহাজি, ৰাং ৰাচি, বাগিংথাম্ নংন জাদং ছাচেয়ান ফান থাম্‌।”

অৰ্থাৎ হে সদা বিৰজিত প্রভূ। তুমি পঞ্চভূতেৰে জগতৰ স্ৰষ্টা আৰু ত্ৰিগুণত্বশালী। সেয়ে পঞ্চভূতৰ চিন স্বৰূপে ‘বাথৌ’ক পাঁচটা বাণেৰে বান্ধো আৰু পাঁচটা গর্ভবিশিষ্ট সিজুগছ চোতালত পুতি থওঁ যাতে সদায় তাৰ ফালে চাই জগতখন পঞ্চভূতৰে সৃষ্টি বুলি মনত ৰাখি ঈশ্বৰৰ ফালে মন আকৃষ্ট কৰাব পাৰোঁ। ইয়াৰ পৰা এইটো স্পষ্ট হয় যে বড়ো সকলে সিজু গছ বা অনান্য গছসমূহক পূজা নকৰি সেই সিজুগছৰ ভিতৰেদি সত্য, শিৱ সুন্দৰ এক পৰমেশ্বৰকহে পূজা কৰে। এইখিনিতে ‘বাথৌ’ শব্দটিৰ অৰ্থও মন কৰিবলগীয়া। বড়ো ভাষাত ‘বা’ মানে পাঁচ সংখ্যা, ‘থাম’ মানে তিনি সংখ্যা, গমৌ মানে গভীৰ। এই তিনিটা শব্দৰপৰা বাথৌ শব্দৰ সৃষ্টি হৈছে। ইয়াৰপৰা আমি অনুমান কৰিব পাৰোঁ— শিৱ পঞ্চানন হোৱা দৃষ্টি ভংগী বড়োৰ পাঁচটা বাণেৰে বন্ধাৰ অনুৰূপ কল্পনাহে মাত্র।

ত্ৰিপুৰীসকলেও নিজকে শিৱৰ বংশধৰ বুলি বিশ্বাস কৰে। চুতীয়া বৰাহীৰ মাজত শিৱ-পাৰ্বতী বুঢ়া-বুঢ়ী ৰূপে জনাজাত। দেউৰী-চুতীয়াসকলে শিৱ-পাৰ্বতীক গিৰা-গিৰাছী বা পিচা-ডেমাৰূপে উপাসনা কৰে। ডিমাছাসকলেও সৃষ্টিকর্তা বাংলা ৰাজা আৰু তেওঁৰ পত্নী আড়িখী ডিমাৰ পৰা ব্ৰাই শিব্ৰাই অৰ্থাৎ শিৱ-পাৰ্বতীৰ জন্ম বুলি মানি লয়। ডিমাছাসকলৰ মতে ব্রাই শিব্রাই দেবাদিদেৱ। তিৱা সম্প্ৰদায়ৰ প্ৰধান উপাস্য দেৱতা মহাদেৱ আৰু পাৰ্বতী। ৰাভাসকলৰ শিৱ লাঙাৰাজা নামেৰে জনাজাত। সোণোৱাল কছাৰীসকলে শিৱক খিৰিং ৰাজা বা বাইখ ৰূপে পূজা কৰে আনকি কাৰ্বিসকলেও মহাদেৱক মহাদায় ৰূপে পূজা কৰে।

ইয়াৰ পৰা এইটো প্রতীয়মান হয় যে শিৱ আৰু পাৰ্বতী অসমৰ জাতি আৰু জনজাতি উভয়ৰে অতি প্রিয় দেৱতা। অতি প্রাচীন কালৰে পৰাই অসমত শিৱ পূজাৰ প্ৰচলন হৈ আহিছে। আচৰিত কথা এয়ে যে অসমৰ বিভিন্ন দেৱ-দেৱীৰ তুলনাত শিৱ দেৱালয়, থান আৰু মন্দিৰৰ সংখ্যাই সৰহ। এইখিনিতে এটি উল্লেখযোগ্য কথা হ’ল অসম তথা ভাৰতত শিৱৰ কোনো মূর্তিৰ পূজা-উপাসনা কৰা নহয়। শিৱৰ প্রতীক ৰূপে লিঙ্গতহে পূজা কৰা হয়। পৃথিৱীৰ বিভিন্ন সংস্কৃতিত জননেন্দ্ৰিয়ৰ প্ৰতীক ৰূপে লিংগ আৰু যোনি উপাসনাৰ প্ৰচলন লক্ষ্য কৰা হয়। ডঃ বাণীকান্ত কাকতিদেৱে লিংগ পূজাৰ অনুৰূপ কল্পনা পুৰণি ইজিপ্ত দেশৰ ধৰ্মৰ ইতিহাসত পাই তেখেতৰ এটি প্ৰৱন্ধত উল্লেখ কৰিছে। সেই আখ্যান অনুসৰি ওচিৰিচ আৰু সেথ নামৰ দুজন ভাই-ককাই আছিল। ওচিৰিচ সদাচাৰী, সেথ দুষ্টাচাৰী প্ৰকৃতিৰ আছিল। দুয়ো দুয়োৰে মত জগতত প্ৰচলন কৰিবলৈ সদায় কাজিয়া কৰে। সৎ পথেৰে বলে নোৱাৰি এদিন সেথে কাৰুকাৰ্য শোভিত এটি ধুনীয়া বাকচ সাজি ধর্মীয় এটি উৎসৱত ঘোষণা কৰিলে যে ইয়াৰ ভিতৰত যি শুব পাৰে, তাকে বাকচটো উপহাৰ স্বৰূপে দিয়া হ’ব। ওচিৰিচ ইয়াৰ ভিতৰত সোমালত সেথে গজালেৰে মুখ বন্ধ কৰি বাকচটো নৈত পেলাই দিলে। ওচিৰিচৰ স্ত্ৰী আইচিচে বাকচ বিচাৰি সমস্ত ইজিপ্ত চলাথ কৰিলে। শেষত বাকচ পালে, কিন্তু ই উদং। সেথে উটি ফুৰা বাকচটো পাই এসময়ত মৰাশটো উলিয়াই তাক সৰু সৰুকৈ কাটি ইজিপ্তৰ চাৰিও ফালে ছটিয়াই দিলে। আইচিচে টুকুৰাবোৰ বিচাৰি পাই য’তে যিডোখৰ পালে, তাতে পুতিলে। এই আটাইবোৰ ওচিৰিচৰ শ্মশান ভূমি বুলি খ্যাত হ’ল। কিন্তু আইচিচে ওচিৰিচৰ পুৰুষাংগ বিচাৰি নাপালে। সেয়ে ইয়াৰ অনুৰূপ প্রতিকৃতি সজাই মন্দিৰ এটিত স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰাই ইজিপ্তত লিঙ্গ পূজাৰ প্ৰচলন হ’ল। ভাৰততো অতি প্রাচীন কালৰে পৰা অনার্যসকলৰ মাজত লিঙ্গ পূজা চলি আহিছে। O. G. Wall-এ কৈছিল— “All religions are based on sex, some like the ancient Egyptian, Greek and Roman or the modern Brahmonic worship of Siva more coarsely so, according to modern civilized thought others like the christian religion more obscurely so” ( Sex & Sex Worship, page 2) শিৱৰ লিঙ্গ পূজাৰ বিষয়ে ডঃ সুধাকৰ চট্টোপাধ্যায়ে তিনিটা কাৰণ দৰ্শহিছে—

  1. The Per-historic relics discovered indifferent part of India
  2. The references to Sisna devah in the vedic works
  3. The Gudimallan and the Bhatalingas.

T. Marshall য়েও উপৰিউক্ত তিনিটা কাৰণৰ ওপৰতে ভিত্তি কৰি The Baitylic, The phallic and Yoni ring stones হিচাপ তিনিটা ভাগত ভগাইছে। হৰপ্পা আৰু মহেঞ্জদাৰোত প্রাপ্ত মূৰ্তিবোৰৰ মাজত শাক্ত, শৈৱ তন্ত্ৰৰ বিকাশৰ ধাৰা পোৱা যায়। ‘হৰপ্পা’ শব্দটো ‘হৰ’ আৰু ‘অপ্পা’— এই দুটা শব্দৰ পৰা সৃষ্টি হৈছে, ইয়াৰ অৰ্থ ‘শিৱ’ আৰু ‘পিতৃ’ বুলি ধৰা হয়। হৰপ্পা সভ্যতা শৈৱ আৰু তান্ত্ৰিকতাৰ জন্ম স্থান। ইয়াত পোৱা ভগ্ন ভাস্কৰ্যসমূহ সম্পর্কে মন্তব্য দি কোৱা হৈছে— এইটো সত্য প্রমাণিত যে এই সভ্যতাত শাক্ত আৰু শৈৱ দুয়োৰে অনা আৰ্য পটভূমিত ধর্মীয় বিশ্বাস গঢ়ি উঠিছিল। সিন্ধু উপত্যকাৰ সভ্যতা ধৰ্মৰ বিষয়ে Sri John Marshall-এ কৈছিল— “Shakti worship is of great antiquity in India, it originated out of the Mother Goddess; and it was Closely connected with the cult of Siva.”

প্ৰকৃততে লিঙ্গক শিৱৰ প্ৰতীক হিচাপে লৈ অৰ্চনা কৰা হয়। ‘অনুভৱ সুত্রক’ তান্ত্রিক গ্রন্থত লিঙ্গক “is a source of creation and dissolution, that source is nothing but the Lord Siva Himself.” বুলি কৈছে। আন এখন তন্ত্র শাস্ত্র ‘Vitul Suddhakhya’-ৰ মতে, “Linga is a creator and destroyer”। অভিনৱ গুপ্তৰ মতে (তন্ত্রালোক) জ্ঞানী লোকে লিঙ্গক সৃষ্টি আৰু ধ্বংসৰ মূল কাৰণ হিচাপে গণ্য কৰা উচিত। লিঙ্গ শব্দৰ ‘La’ indicates dissolution (Loya), while ‘Ga’ stands for arrival (Agamana), One should worship the Atmalinga and avoid other lingas.” এই মত ‘শিৱ পুৰাণ’ আৰু ‘লিঙ্গ পুৰাণে’ও সমৰ্থন কৰিছে। ‘শিৱ পুৰাণ’ত লিঙ্গক প্রথম কাৰণ বিবেচনা শক্তিৰ মূল আৰু বিশ্ব সৃষ্টিৰ মূল বুলি কৈছে। ‘শিৱ পুৰাণ’ৰ মতে “Linga is both the cause of dissolution and evolution”, অর্থাৎ লিঙ্গ হ’ল ধ্বংস আৰু সৃষ্টিৰ কাৰণ। এইবোৰেই প্রমাণ কৰে যে লিঙ্গক শাৰীৰিক অভিব্যক্তিৰ চিন হিচাপে নলৈ “a prime cause of creation of universe”, অর্থাৎ ‘বিশ্ব সৃষ্টিৰ মূল কাৰণ’ হিচাপে লোৱা উচিত।

‘Hindu Polytheism’ গ্ৰন্থত Alain Dencelou-এ কৈছে— “When Hindus worship the linga, they do not deity a physical feature, they merely recognize the divine, eternal from manifest in the macrocosm. It is the human phallus which is a divine emblem of the eternal causal form, the all pervading Linga.”

হৰপ্পা আৰু মহেঞ্জোদাৰোত ষাড়গৰুৰ চিত্ৰ-ভাস্কৰ্যই লিঙ্গ বা শিৱ পূজাৰ প্রচলনৰ ইতিহাস দাঙি ধৰাৰ দৰে অসমৰ ডিমাপুৰ আৰু কাচমাৰীৰ স্তম্ভসমূহেও লিঙ্গ পূজাৰ ইঙ্গিত বহন কৰে। মুঠতে আৰ্যসকল ভাৰতলৈ অহাৰ আগতে আমাৰ দেশত লিঙ্গ পূজাৰ প্ৰচলন আছিল। Wheeler নমাৰ এগৰাকী পণ্ডিতে কৈছিল— “The likelihood that both Siva and linga worship have bean inherited by the Hindus from the Harappans is, perhaps re-informed by the prevalence of the bull (the vehicle of Siva) or of bull like animals, amongst the seal symbols; although the veneration which on the same showing was paid in no less degree to the tiger, elephant, rhinoceros and crocodiles, prevents us from assuming any specific association of the proto-Siva and the bull as early as Harappan times.”

তদুপৰি শিশ্নদেৱৰ কথা ঋক বেদত দুবাৰো উল্লেখ কৰা হৈছে। শিশ্ন সম্প্রদায়ে লিঙ্গ পূজাৰ ক্ৰমবিকাশত যথেষ্ট অৰিহণা যোগাইছিল। অন্যহাতে যোনিৰ প্ৰতিৰূপ বহুতো প্রাচীন শিলা সমগ্ৰ ভাৰতবৰ্ষত পোৱালৈ চাই অতি প্রাচীন কালৰে পৰা লিঙ্গ পূজাৰ প্ৰচলন আছিল বুলি নিঃসন্দেহে ক’ব পাৰি। লিঙ্গ পূজাৰ ধ্যান-ধাৰণা আৰু ক্ৰম বিকাশত প্রজনন কৃত্য, আদিম ধৰ্মীয় ধাৰণা আদিৰ সমল অঙ্গীভূত হৈ আছে। বিশেষকৈ তান্ত্রিক সম্প্ৰদায়ৰ হিন্দুধর্মীসকলৰ মাজতে লিঙ্গ উপাসনাৰ পৰম্পৰা অতি গাঢ়। তেওঁলোকৰ মত অনুসৰি জীৱন দায়িনী শক্তি প্রধানকৈ নিহিত থাকে পুৰুষ আৰু স্ত্ৰীৰ মাজত। পুৰুষ-স্ত্ৰীৰ যৌন সংগমৰ জৰিয়তেহে মানুহে
পৰম মংগলকৰ আনন্দ উপলব্ধি কৰিব পাৰে, কাৰণ যৌন সংগমৰ জৰিয়তে পুৰুষ- স্ত্ৰীৰ মাজত শক্তিৰ বিনিময় হয়। সেই শক্তিৰ সু সামঞ্জস্যৰ দ্বাৰা সৃষ্টি সম্ভৱ হয়। মুঠতে লিঙ্গ পূজাৰ প্ৰধান লক্ষ্য প্রজনন শক্তিৰ উপাসনাহে। সেয়ে লিঙ্গ উপাসনাৰ পটভূমি আমাৰ লোকায়ত সমাজ। কৃষিৰ পৰা শস্য উৎপাদন প্ৰক্ৰিয়াৰ লগত মানুহৰ সন্তান লাভ প্ৰক্ৰিয়াৰ সাদৃশ্য লক্ষ্য কৰা যায়। কৃষি কাৰ্যৰ লগত মানুহৰ উৰ্বৰতা আৰু পথাৰৰ উৰ্বৰতা আৰু যৌন আচাৰাদিৰ লগত মানুহৰ সন্তান জন্ম প্ৰক্ৰিয়াৰ সংযোগত আই বসুমতীৰ গৰ্ভতো প্ৰচুৰ পৰিমাণে শস্য উৎপাদন কৰা প্ৰক্ৰিয়া সমার্থক। এইদৰেই লিঙ্গ আৰু যোনিবাদৰ সৃষ্টি হৈছে বুলি কব পাৰি। যোনি হৈছে শস্য সম্ভৱা বসুমতী বা প্ৰকৃতিৰ প্ৰতীক আৰু লিঙ্গ হ’ল ভূমি কৰ্ষণ কৰা আহিলাৰ প্রতীক। ইয়াৰ পৰা বুজা গ’ল লিঙ্গৰ অধিকাৰী প্ৰত্যেকজন পুৰুষেই শিৱ সদৃশ আৰু যোনি বিশিষ্টা প্রত্যেকজনী স্ত্রীয়েই পার্বতী স্বৰূপা।

লিঙ্গ শিৱৰ মূৰ্ত প্ৰকাশ। প্রত্যেক স্ত্রীমাত্রেই লিঙ্গ অর্থাৎ শিৱ উপাসনা কৰা উচিত। তেতিয়াহে সৃষ্টি সম্ভৱ হ’ব আৰু মানুহৰ মনত থকা জৈৱিক কামনা-বাসনা পূর্ণ হ’ব। আমাৰ আলোচ্য শিৱ লিঙ্গৰ উৎপত্তি সম্বন্ধে পুৰাণত বিভিন্ন কাহিনী পোৱা যায়। ‘স্কন্দ পুৰাণ’ত বৰ্ণিত কাহিনী মতে, ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত কোন শ্রেষ্ঠ— এই লৈ দুয়োৰে মাজত যুদ্ধ লাগিল৷ এই যুদ্ধ চলিছিল হাজাৰ বছৰ। এদিন হঠাৎ তেওঁলোক দুয়োৰে মাজত আৱিৰ্ভাৱ হ’ল এক জ্যোতিৰ্ময় মহালিঙ্গৰ। তেনেতে আকাশবাণী হ’ল— যুদ্ধৰ পৰা নিবৃত্ত হোৱা। যিজনে মহাদেৱৰ লিঙ্গৰ শেষ ভাগ দৰ্শন কৰিবলৈ সক্ষম হ’ব, তেৱেঁই শ্রেষ্ঠ। তেতিয়া ব্রহ্মাই ওপৰফালে আৰু বিষ্ণুয়ে তলৰ ফালে যাত্ৰা কৰিলে। কিন্তু এজনেও লিঙ্গৰ শেষ ভাগত উপস্থিত হ’ব নোৱাৰিলে। এই লিঙ্গ ৰূপী শিৱ ৰুদ্ৰৰ জ্যোতিৰ দ্বাৰা দগ্ধ বিষ্ণুৰ কৃষ্ণত্ব প্ৰাপ্ত হ’ল। এই স্তম্ভৰ নামেই শিৱ লিঙ্গ। বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলো বস্তু আনকি ব্রহ্মা-বিষ্ণুয়ে এই শিৱ লিঙ্গক আশ্রয় কৰি আছে। শিৱ হৈছে দেৱৰো দেৱতা মহাদেৱ। শিৱপুৰাণ আৰু ব্ৰহ্মাণ্ড পুৰাণতো এনে কাহিনী পোৱা যায়।

অৱশ্যে শিৱৰ জননেন্দ্ৰিয়ৰ পৰাও শিৱ লিঙ্গৰ উদ্ভৱ হোৱাৰ কাহিনী পোৱা যায়। কালিকা পুৰাণ মতে দক্ষ যজ্ঞৰ অন্তত বিষ্ণুৱে সুদৰ্শন চক্ৰৰ সহায়ত সতীৰ দেহ খণ্ড-বিখণ্ড কৰে। যি স্থানত সতী দেহৰ মুণ্ড অংশ পৰিছিল, তাতে শিৱই উপবেশন কৰি লৌহময় লিঙ্গ ৰূপ পৰিগ্ৰহ কৰিছিল। অন্য এক কাহিনী মতে, শিৱ দিগ্‌বাস হৈ ঋষিসকলৰ তপোবল পৰীক্ষা কৰি তপোবনে তপোবনে ফুৰিছিল। শিৱৰ তেনে বেশ দেখা পাই ঋষি পত্নীসকল কাম চঞ্চলা হৈ উঠিছিল। তেনে অৱস্থাত ঋষি সকলে শিৱক অভিশাপ দিছিল—

“উচুস্তং পৰুষং তে ৱৈ বিৰুদ্ধং ক্রিয়েতে ত্বয়া।
ত্বদীয়ঞ্চৈর লিংগঞ্চ পততাং পৃথিৱীতলে।।”

অৰ্থাৎ তুমি লোকবিৰুদ্ধ কাৰ্যত প্ৰবৃত্ত হৈছা, তোমাৰ লিঙ্গ পৃথিৱীত পতিত হওক। তাৰ ফলত শিৱৰ জননেন্দ্ৰিয় তৎক্ষণাত ভূ পতিত হ’ল। সেই লিঙ্গ বৰ্দ্ধিত হৈ স্বৰ্গ-মর্ত্য পৰিব্যাপ্ত হ’ল। ত্ৰিলোকত ভয়ৰ সঞ্চাৰ হ’ল। উপায়ান্তৰ নাপাই দেৱতা আৰু ঋষিসকলে ব্ৰহ্মাৰ ওচৰত শৰণ ল’লে। ব্ৰহ্মাৰ উপদেশ মতে ঋষি আৰু দেৱতাসকলে শিৱানীক স্তুতি কৰিবলৈ ধৰিলে। লিঙ্গ গ্ৰাসৰ পৰা ত্ৰিজগতক ৰক্ষা কৰিবলৈ পাৰ্বতীয়েও জগতৰ মঙ্গলৰ বাবে যোনি ৰূপ পৰিগ্ৰহ কৰিলে। যোনিৰ ওপৰত লিঙ্গ প্রতিষ্ঠা কৰি পূজা কৰা হ’ল। এইদৰেই অৰ্দ্ধনাৰীশ্বৰ লিঙ্গ উপাসনাৰ পৰম্পৰা সৃষ্টি হ’ল। এনে কাহিনী আৰু বহুতো পোৱা যায়।

এই খিনিতে এটি প্রশ্ন হয়— শিৱক কিয় ‘পঞ্চানন’ বুলি কোৱা হয়? চাৰি বেদৰ তত্ত্ব ব্যাখ্যা কৰা বাবে ব্ৰহ্মাৰ আন নাম ‘চতুৰানন’, চাৰিবেদৰ উপৰিও তন্ত্র বেদ ব্যাখ্যা কৰা বাবে শিৱ ‘পঞ্চানন’। শিৱৰ পূব মুখৰ দ্বাৰা সৃষ্টি তত্ত্ব আৰু মন্ত্ৰযোগ, দক্ষিণ মুখৰ দ্বাৰা স্থিতি তত্ব আৰু ভক্তিযোগ, পশ্চিম মুখৰ দ্বাৰা সংহাৰ তত্ব আৰু কৰ্মযোগ, উত্তৰ মুখৰ দ্বাৰা আশীৰ্বাদ আৰু জ্ঞান যোগ আৰু উৰ্দ্ধ মুখৰ দ্বাৰা নিগমৰ উপায় আৰু ব্ৰহ্মত্ব লাভৰ গূঢ় তত্ব ব্যাখ্যা কৰে। সেয়ে শিৱক ‘পঞ্চানন’ বুলি কোৱা হয়। শিৱক অষ্টমূৰ্তিতো পূজা কৰা হয়। এনে অষ্টমূর্তি পূজাৰ মন্ত্ৰ উচ্চাৰণ হয় এনে ধৰণে—

(পূর্বদিকে) এতে গন্ধ পুষ্পে ওঁ সৰ্ব্বয় ক্ষিতি মূৰ্ত্তয়ে নমঃ।
(ঈশানদিকে) ওঁ ভবায় জল মূৰ্ত্তয়ে নমঃ।
(উত্তৰে) ওঁ ৰুদ্ৰায় অগ্নিমূৰ্ত্তয়ে নমঃ।
(বায়ুকোণে) ওঁ উগ্ৰায় বায়ুমূৰ্ত্তয়ে নমঃ।
(পশ্চিমে) ওঁ ভীমায় আকাশমূৰ্ত্তয়ে নমঃ।
(নৈঋতে) ওঁ পশুপতয়ে যজমানমূৰ্ত্তয়ে নমঃ।
(দশিণে) ওঁ মহাদেৱায় সোম মূৰ্ত্তয়ে নমঃ।
(অগ্নিকোনে) ওঁ ঈশানায় সূৰ্য্যমূৰ্ত্তয়ে নমঃ।
শিৱ পূজাত বাহিৰে অষ্টমূর্তি পূজা অন্য দেৱতাৰ ক্ষেত্ৰত নহয়। সেয়ে শিৱ অতি শ্ৰেষ্ঠ দেৱতা।

শৈৱতত্ত্ব: নটৰাজ নটৰাজ শিৱ

শিৱ বিভিন্ন নামেৰে জনাজাত। সত্বঃ, ৰজঃ তম ত্রিগুণান্বিতা প্রকৃতিক নিয়ন্ত্ৰণত ৰখাৰ প্রতীক ত্রিশূল মহাদেৱৰ হাতত, সেইবাবে তেওঁৰ নাম শূলপাণি। সৃষ্টিৰ উন্মেষ ঘটোৱা নাদ ব্ৰহ্মৰ প্ৰতীক ডম্বৰু যাৰ হাতত তেওঁ ডম্বৰুধৰ, যোগ অগ্নিৰ দ্বাৰা ভৱ ভয় দাহন কৰোঁতা কালান্তক ৰুদ্ৰ, চৌষষ্ঠি কলা আৰু ৰাগ-ৰাগিনীৰ উৎস নটৰাজ, গঙ্গাক জঁটাত ধৰি ৰখা বাবে গঙ্গাধৰ, সোম নামৰ অমৃতৰ প্ৰতীক যাৰ শিৰত তেওঁ সোমনাথ, চন্দ্ৰশেখৰ বা শশাঙ্কশেখৰ, অতীত, বৰ্তমান, ভৱিষ্যতৰ জ্ঞান থকা বাবে ত্রিকালজ্ঞ বা ত্রিনয়ণ, অসীম দিশসমূহ যাৰ অম্বৰ তেওঁ দিগম্বৰ, ওঁ মহানামেৰে চাৰিবেদে যাক উপাসনা কৰে সেই চতুৰ্বেদৰ প্ৰতীক বৃষভ তেওঁৰ বাহন, স্ত্ৰী-পুৰুষ,ধনী-দুখীয়া, ব্রাহ্মণ-শূদ্র সকলোৰে শিৱ পূজাত সম অধিকাৰ, সেয়ে তেওঁ গণদেৱতা, এটি বেলপাত দি নিবেদন কৰিলেই সন্তোষ হয়, সেয়ে আশুতোষ। বিষয় বিষৰ প্ৰতীক অনন্ত ফণাযুক্ত বাসুকীৰ দ্বাৰা বিষ্ণু আশ্রিত, কিন্তু সেই সৰ্প শিৱৰ ভূষণ, সমুদ্র মন্থনত ওলোৱা জগতক ধ্বংস কৰিব পৰা বিষ গলাধকৰণ কৰা গুণে তেওঁ নীলকণ্ঠ নামে জনাজাত। আধ্যাত্মিক জগতত বীৰ সাধকৰ আশ্রয় দাতা তেওঁ বীৰেশ্বৰ। তেওঁ ‘দেৱানাং দেৱঃ ইত্যৰ্থে’ মহাদেৱ, মানুহৰ বাদেও অন্য পশু-পক্ষী আৰু আন আন জীৱ-জন্তুৰ প্রতিও কল্যাণময়, অগাধ প্রীতি থকা বাবে তেওঁ পশুপতি, যিজন মহাপুৰুষে মানুহৰ বন্ধন হৰণৰ ব্যৱস্থা দি গৈছে সেই অৰ্থতেই তেওঁ ‘হৰ’ নাম পায়।

মুঠতে শিৱ শক্তি এক পৰম কল্যাণময় শক্তি, তেওঁ অগতিৰ গতি, তেওঁ আদি-অন্তহীন, ‘যত্ৰ জীৱ, তত্ৰ শিৱ’— জগতৰ সকলো জীৱতে তেওঁ লীন হৈ আছে। তেওঁ নিজেই কৈছে—

“ময়ৈব সকলং জাতং ময়ি সর্বং প্রতিষ্ঠিতম্।
ময়ি সর্বং লয়ং যাতি তদব্রহ্মাদ্বয়ং স্মাহম্।।”

অর্থাৎ— জগতৰ যত বস্তু আছে সকলোবোৰ মোৰ পৰাই সৃষ্টি হৈছে আৰু সকলোবোৰ মোৰ ভিতৰতে আছে। মোৰ দেহৰ ভিতৰতে সকলোবোৰ খেলা-ধূলা চলিছে, মোতেই সকলোবোৰ লয় প্রাপ্ত হয় আৰু ময়েই সেই অদ্বয় প্রাপ্ত। মোতকৈ দ্বিতীয় আৰু কোনো নাই।

হিন্দু ধৰ্মৰ বিভিন্ন দেৱ-দেৱীৰ উপাসকসকলক প্ৰধানকৈ পাঁচটা ভাগত ভাগ কৰা হয়— শৈৱ, শাক্ত, বৈষ্ণ, সৌৰ আৰু গাণপত্য। যিবোৰ সম্প্রদায়ে এই কল্যাণকামী শিৱক মহান দেৱতা বা মহাদেৱ ৰূপে পূজা কৰে, তেওঁলোকেই শৈৱ সম্প্রদায়। আনহাতে শিৱৰ প্ৰতীক লিঙ্গক উপাসনা কৰা বাবে লিঙ্গায়ৎ সম্প্রদায় হিচাপেও নামকৰণ কৰা হয়। শৈৱ ধৰ্মৰ শাখা প্ৰধানকৈ দুটা লিঙ্গায়ত (দাক্ষিণাত্য) আৰু কাশ্মীৰ। কিন্তু R.G.Bhanderkar-অৰ মতে চাৰিটা— শৈৱ, পাশুপাত, কাৰুক সিদ্ধান্ত আৰু কাপালিক। তেওঁৰ মতে— “The highest class of Lingayats is composed of those who call themselves Lingi-Brahmans, the other castes or classes who were the Lingas being simply their followers. The Lingi-Brahmanas consist of two main classes, the Acaryas and the Pancamas. The Acaryas were originally five in number and sprang from the five faces, Sadyojata etc. of Siva Spoken of in a former section. The five had five gotras viz. Vira, Nandin, Vrsabha, Bhrngin and Skanda, who were original persons almost as high as Siva him self …… The Lingayats abstain from meat and drink. Their widows are allowed to marry. And women are not considered polluted and untouchable during the days of monthly sickness, as in the case among Brahmonic Hindus”.

ফাগুন মাহৰ কৃষ্ণা চতুদর্শী তিথিত কিয় শিৱৰাত্ৰি পালন কৰা হয়, কিয় পালন কৰিব লাগে আৰু কেনেকৈ পালন কৰিব লাগে?

‘অগ্নি পুৰাণ’ত চতুৰ্দশী তিথিত পালন কৰিব লগা কেবাটাও ব্ৰতৰ উল্লেখ আছে। এই ব্ৰতৰ ফলত ভোগ আৰু মোক্ষ উভয় ফালেই লাভ হয় বুলি কোৱা হয়। উল্লেখিত চতুৰ্দশী তিথিত ব্রত-উপবাসে থাকি যথা নিয়মে শিৱ পূজা কৰাৰ যিকেইটা ব্ৰত দিয়া হৈছে সেইকেইটি ব্রতক শিৱ চতুৰ্দশী, ফল চতুৰ্দশী আৰু শিৱ ৰাত্ৰি ব্ৰত বোলা হয়। ‘অগ্নিপুৰাণ’ৰ মতে শিৱ চতুৰ্দশী ব্রত কাতিমাহৰ চতুৰ্দশীৰ পৰা আৰম্ভ কৰা হয়। উক্ত দিনা নিৰাহাৰে থাকি ভক্তি পূর্বক শিৱ পূজা কৰিব লাগে। সেইদিনাৰ পৰা প্রত্যেক মাহৰ চতুৰ্দশী তিথিত এই ব্ৰত কৰি এক বছৰ শিৱ পূজা কৰিব লাগে। এই ব্ৰতৰ ফলত ভোগ, ধন আৰু দীর্ঘায়ু লাভ হয়।

আনহাতে আঘোণ মাহৰ শুক্ল পক্ষৰ অষ্টমীত, তৃতীয়া, দ্বাদশী, বা চতুর্দশী তিথিত মৌন ব্রত ধৰি ফলাহাৰ গ্ৰহণ কৰি শিৱ পূজা কৰি দিনটো কটাব লাগে। প্রতিদিনেই ব্ৰতাচাৰীয়ে কোনো এটি ফল ত্যাগ কৰি দান কৰিব লাগে। সেয়ে এই ব্রতক ‘ফল চতুৰ্দশী’ ব্রত বুলি কোৱা হয়। এই ব্ৰতৰ ফলত লোকৰ স্বৰ্গ প্রাপ্তি ঘটে বুলি ভৱা হয়। ইয়াৰ পিছত সর্ব শ্রেষ্ঠ ব্রত হ’ল ফাগুন মাহৰ কৃষ্ণা চতুর্দশী তিথিত পালনীয় ‘শিৱৰাত্ৰি ব্ৰত’। শিৱৰাত্ৰিৰ ব্ৰত পালনত এটি পৌৰাণিক আখ্যান জড়িত হৈ আছে। এই আখ্যান মতে, ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশীৰ দিনা এজন ব্যাধে চিকাৰ কৰিবলৈ হাবিলৈ গ’ল। ব্যাধে হাবিৰ পহু, চৰাই মাৰি তাকে বেচি জীৱন নিৰ্বাহ কৰিছিল। সেই দিনা ব্যাধে গোটেই দিনটো ঘূৰি সন্ধ্যা সময়ত এটি হৰিণা পাই তাকে কুটি-বাছি টোপোলাত লৈ আহিল। কিন্তু হাবিৰ মাজেদি আহি থাকোঁতে ৰাতি হোৱাত তাতে বনৰীয়া জীৱ-জন্তুৰ মাত শুনি ভয়ত এজোপা বেলগছৰ ওপৰত উঠি আশ্রয় ল’লে আৰু মঙহৰ টোপোলাটো গছৰ ডাল এটাত বান্ধি থলে। সেই বেল গছৰ তলত এটি শিৱৰ লিঙ্গ আছিল। ব্যাধে বান্ধি থোৱা মাংসৰ টোপোলাৰ পৰা টোপ টোপকৈ তেজ ওলাই শিৱ লিঙ্গৰ ওপৰত পৰিল। লগতে ব্যাধে অজানিতে ভাবে দুই-এটা বেল পাত তললৈ পেলাই দিয়াত সেই শিৱ লিঙ্গতে পৰিল। শিৱ অলপতে সন্তুষ্ট হয় বাবে তেওঁৰ আন এটা নাম আশুতোষ। আশুতোষে ব্যাধৰ পৰা হৰিণৰ তেজ আৰু বেলপাত পাই সন্তুষ্ট হ’ল আৰু সেই লিঙ্গৰপৰা জ্যোর্তিময় সদাশিৱ ওলাই ব্যাধক ওচৰলৈ মাতিলে, ব্যাধে বেল গছৰ পৰা নামি আহি শিৱক অষ্টাঙ্গে প্ৰণিপাত কৰিলে। সদাশিৱইয়ো ব্যাধৰ ভক্তিত সন্তুষ্ট হৈ বৰ দি ক’লে যে সেই দিনৰ পৰা তাৰ সকলো দুখ-কষ্ট অন্ত পৰিব আৰু অতুল ঐশ্বৰ্যৰ গৰাকী হ’ব। তাৰ পাছতে শিৱ অন্তৰ্ধান হ’ল আৰু ব্যাধেও ৰাতি পুৱাৰ লগে লগে পৰম আনন্দ মনে খোজ ল’লে।

ব্যাধে শিৱ পূজা কৰা দিনটো আছিল ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশী। সেই আখ্যানৰ পৰাই এই পৱিত্ৰ দিনটো শিৱচতুৰ্দশী বা শিৱৰাত্ৰি হিচাপে পালন কৰা হয়। এই তিথি হিন্দুসকলৰ বিশেষকৈ শৈৱ সম্প্ৰদায়ৰ লোকসকলে অতি পৱিত্রভাৱে পালন কৰে। এই পৱিত্র দিনটোত শিৱ লিঙ্গ বা বিগ্রহ দৰ্শন কৰিলে, শিৱ পূজা কৰিলে ল’ৰা, বুঢ়া, সধৱা-বিধৱা, জীয়ৰী-বোৱাৰী সকলোৰে মঙ্গল হয়, কোনো নিঃসন্তান সধৱাৰ পুত্ৰ লাভ হয, অবিবাহিত জীয়ৰীৰ মনোমত বৰ লাভ হয় আৰু অন্য সকলৰো মনৰ কামনা পূর্ণ হয়। অন্য কোনো দিনত যদি শিৱৰাত্ৰি বা শিৱ পূজা পাতিব লগা হয়, তেন্তে তাৰ বাবে এটি অংক কৰি শুভ দিন চাব পাৰি এইদৰে—

“তিথিভিশ্চ দ্বিগুণিকৃত্য
পঞ্চভিশ্চ সমন্বিতম।
সপ্তভিশ্চ হৰেৎ ভাগং
শিৱস্থানং বিনিদৃশেৎ ।।”

অর্থাৎ— যি দিনা পূজা পাতিব বুলি ভাবে, সেই দিনাৰ তিথিৰ সংখ্যা দ্বিগুণ কৰি তাৰ লগত পাঁচ যোগ দিয়া হয়। আৰু পাছত সাতেৰে সেই সংখ্যা ভাগ কৰি ভাগশেষ যি থাকিব তাৰ পৰাই শিৱৰ স্থিতি নির্ণয় কৰিব পাৰি।

১ বাকী থাকিলে শিৱ কৈলাশত, ফল সুখ বৃদ্ধি।
২ বাকী থাকিলে শিৱ গৌৰি সান্নিধ্যত, ফল সম্পদ বৃদ্ধি।
৩ বাকী থাকিলে শিৱ বৃষভত, ফল সন্তাপ বৃদ্ধি।
৪ বাকী থাকিলে শিৱ সভাত, ফল কাৰ্যহানি।
৫ বাকী থাকিলে শিৱ ভোজনত, ফল কাৰ্যহানি ।
৬ বাকী থাকিলে শিৱ ক্রীড়াৰত, ফল সন্তাপ বৃদ্ধি।
৭ বাকী থাকিলে শিৱ শ্মশানত, ফল মৃত্যু।

শিৱ পূজাত বেলপাত, ধঁতুৰা ফুল, অলপ গন্ধযুক্ত পুষ্প (কৰৱী, দ্রোণ, বক, শ্বেত জবা, বগা অপৰাজিতা), গন্ধ, ধূপ, দীপ আৰু নৈবেদ্যৰ অত্যন্ত প্রয়োজন। এই পূজাৰ অতি প্রয়োজনীয় উপকৰণ হ’ল বিল্বপত্র। ‘লিঙ্গ পুৰাণ’ত কৈছে—

“মণিযুক্ত প্ৰবালৈশ্চ ৰত্মৈৰপ্যৰ্চ্চনং মতম্।
ন গৃহ্নামি বিনা দেৱী বিল্ব পত্ৰৈ বৰাননে।।”

অৰ্থাৎ— মোৰ ভক্তসকলে মোক পূজা কৰোঁতে অনেক মণি, মুক্তা, প্রবাল ৰত্নৰে পূজা কৰে। কিন্তু মোক পৰ্বত প্ৰমাণ ধন-ৰত্নৰে পূজা কৰিলেও সেই পূজাত তৃপ্তি লাভ নকৰোঁ, যদিহে মোক বেলপাতৰে পূজা নকৰে। ‘যোগিনী তন্ত্ৰ’ত শিৱই কৈছে— “যি মহাপাপীয়ে মৃত্যু কালত মোৰ প্ৰিয় বেল গছৰ তলত প্রাণ ত্যাগ কৰে, সেই পাপী কোটি পাপত লিপ্ত হৈয়ো ৰুদ্ৰত্ব প্রাপ্ত হয়। তেওঁৰ পাপ খণ্ডন হয়”। বেলগছ অতি পৱিত্ৰ বৃক্ষ। ইয়াৰ সমীপৰ চাৰিহাত ঠাই মহাকেন্দ্ৰ আৰু এশহাত পর্যন্ত শিৱ কেন্দ্র। ফল নলগা বেলগছৰ পাত শিৱপূজাত ব্যৱহাৰ কৰা নিষিদ্ধ। তিনিটা পাতৰে সংলগ্ন বেলপাত ব্রহ্মা, বিষ্ণু, মহেশ্বৰৰ প্ৰতীক। পঞ্চানন অর্থাৎ শিৱ হোৱা বাবে পাঁচটা পাত সন্নিবিষ্ট বেলপাত পালে মানুহে সৌভাগ্যবান হয় বুলি বিশ্বাস কৰা হয়।

শিৱ পূজা কৰোঁতে ৰুদ্ৰাক্ষৰ মালা, ভষ্ম আৰু ত্ৰিপুণ্ড লৈহে পূজা কৰিব লাগে। তন্ত্ৰত কৈছে—

“বিনা ভষ্ম ত্রিপুণ্ডেন বিনা ৰুদ্ৰাক্ষমালয়া।
বিনা বিল্বপত্রেণ ন অৰ্চ্চয়েৎ পাৰ্থিৱ শিৱ।।”

পার্থিব শিৱ লিংগ বগা আৰু ক’লা মাটিৰে সাজিব লাগে। মাটিখিনিত যাতে শিল, কুটা আদি মিহলি হৈ নাথাকে, তাৰ প্ৰতি সাৱধান হ’ব লাগে। বিশ্বাস আছে যে একে হাতৰে শিৱ লিঙ্গ সাজি পূজা কৰিলে এক হেজাৰ শিৱ লিঙ্গ পূজা কৰাৰ ফল লাভ হয়।

আনহাতে শিৱৰাত্ৰিৰ দিনা উপবাসে আৰু অনিদ্ৰাই কটালেও শিৱ সন্তুষ্ট হয় বুলি কোৱা হৈছ—

“ন স্নানেন ন বস্ত্রেন ন ধুপেন ন চৰ্চ্চয়া।
তুয্যামি ন তথা পুষ্পৈ যথাতত্ৰোপবাসতঃ।।”

অন্য একো দ্রব্য গোটাই শিৱ পূজা কৰিব নোৱাৰিলেও কোনো বিবাদি যাত্ৰা কৰিলে বা পূজা-অৰ্চনাৰ শেষত বিল্ব পত্র এটি লৈ তাৰ ঘ্রাণ লোৱা উচিত। এই ঘ্ৰাণৰ ফলৰ বিষয়ে এখনি তন্ত্ৰত উল্লেখ কৰিছে এইদৰে—

“ঘ্রাণং গৃহীত্বা যো গচ্ছেৎ সবর্ব সিদ্ধিমবাপ্লুয়াৎ।
উৰ্দ্ধং সুদৰ্শনং ৰক্ষেদধঃ পাশুপতস্তথা। ।
পুৰো মাহেশ্বৰী ৰক্ষেৎ পৃষ্ঠে চ শূল ধাৰিণী।
দক্ষ পার্শ্বে চ শ্রীনাথো বাম পার্শ্বে প্রজাপতিঃ।।
চন্দ্রে সূৰ্য্যো ধৃতৌ ছত্রমহং পাদৌ কৰৌ সদা।”

অর্থাৎ যি মানুহে বেলপাতৰ গোন্ধ লৈ কোনো দেশলৈ যাত্ৰা কৰে, তেওঁৰ সকলো কাম সিদ্ধি হয়। তেওঁক ওপৰত সুদৰ্শনে, তলত পাশুপাতে, আগত মহেশ্বৰী পাৰ্বতীয়ে, পিছফালে শূল ধাৰিণী দেৱীযে, সোঁফালে ভগৱান বিষ্ণুয়ে, বাওঁফালে প্রজাপতি ব্রহ্মাই ছত্ৰ ধৰি চন্দ্ৰ আৰু সূৰ্য দেৱতাই আৰু স্বয়ং মহাদেৱে পাদ আৰু কৰতল সর্বদা ৰক্ষা কৰে।

শেষত কালিদাস শকুন্তলা নাটকৰ আৰম্ভণি শ্লোকটিৰে আমাৰ প্ৰৱন্ধৰ সামৰণি মাৰিছোঁ।

“যা সৃষ্টিঃ স্ৰষ্টু ৰাদ্যা বহতি বিধি হুতং যা হবির্যা চ হোত্রী।
যে দ্বে কালং বিধত্তঃ শ্রুতি বিষয়গুণা যা স্থিতা ব্যাপ্যবিশ্বমং।।
যামাহুঃ সৰ্ববীজ প্রকৃতিৰিতি যয়া প্ৰাণিঃ প্ৰাণৱন্তঃ।
প্ৰত্যক্ষাভিঃ প্ৰসন্নস্তনুভিৰবতু বস্তাভিৰষ্টাভিৰীশঃ।।

(বিভিন্ন গ্ৰন্থৰ সহায় লৈ লিখা হৈছে।)

❧ | আৰু পঢ়ক:

শৈৱতত্ত্ব | বিপুল চন্দ্ৰ ভট্টাচাৰ্য
Follow Nilacharai on Facebook