লাচিত বৰফুকন

লাচিত বৰফুকন
  • 24 Nov, 2022

তিহাসৰ পাত লুটিয়ালে দেখা যায় যে যুগে যুগে আৱিৰ্ভাৱ হয় একো একোজন ক্ষণজন্মা পুৰুষৰ। যাৰ দ্বাৰা সেই জাতিৰ, সেই দেশৰ, সমাজৰ তথা বহল অৰ্থত জগতৰ বৃহত্তৰ স্বাৰ্থ সাধন হয়। মধ্যযুগৰ ভাৰতবৰ্ষৰ উত্তৰ-পূব সীমান্তত থকা অসম মাতৃৰ বুকুতো এনে এজন ক্ষণজন্মা বীৰপুৰুষৰ আৱিৰ্ভাৱ হৈছিল, যি সাধাৰণ পৰ্যায়ৰ পৰা জীৱন আৰম্ভ কৰিও কালৰ বুকুত নিজৰ শৌৰ্য-বীৰ্য, আত্মমৰ্যাদা, আত্মবিশ্বাস, কৰ্তব্যনিষ্ঠা, নিঃস্বাৰ্থ দেশপ্ৰেম তথা ত্যাগৰ অপূৰ্ব নিদৰ্শনেৰে এক দোমোজাত মাতৃভূমিক ৰক্ষা কৰি জাতীয় বুৰঞ্জীত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰি গৈছে। এজন মহানায়ক, বীৰযোদ্ধা, নিপুণ সেনাপতি, দেশপ্ৰেমিক,— তেৱেঁই লাচিত বৰফুকন। নামেই যাৰ পৰিচয়। যাৰ এটি ৰণাহ্বানে স্বদেশপ্ৰেমৰ ভাৱ নতুনকৈ জাগ্ৰত কৰিছিল সহস্ৰ অসমীয়া সেনানীৰ মাজত। যাৰ নাম শুনিলে গৰ্বত আমাৰ বুকু ফুলি উঠে অথচ বীৰত্বই কৰে শিহৰিত, যিয়ে দমন কৰিছিল সমগ্ৰ ভাৰতক নিজৰ কৰতলীয়া কৰা দুৰ্জেয় মোগলক।

‘লাচিত ফুকন লাচিত ফুকন মোৰ স্বদেশৰ বীৰ!
দেশৰ কাৰণে তাহানি এদিন যাঁচিলা নিজৰ শিৰ।
দেশৰ কাৰণে মুক্তিৰ হকে অন্যায় ৰোধি বীৰ!
নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ।’

এইগৰাকী বীৰ, অসম মাতৃৰ সুযোগ্য পুত্ৰ লাচিতৰ জন্ম হৈছিল ১৬২২ খ্ৰীষ্টাব্দৰ ২৪ নৱেম্বৰত। পিতৃ আছিল শুকতি আৰু মাতৃ নাগেশ্বৰী আইদেউ। ভাগিনীয়েকৰ ঘৰত বনুৱা হিচাপে থকা শুকতিয়ে যিকোনো কাৰ্যত নিজৰ পৰিপাটীতাৰ জৰিয়তে স্বৰ্গদেউ প্ৰতাপসিংহৰ মনোযোগ পাইছিল আৰু পাছলৈ প্ৰতাপসিংহৰ দিনত বৰবৰুৱা আৰু প্ৰধান সেনাপতিৰ গুৰুভাৰ লৈছিল। অসম বুৰঞ্জীত চিৰনমস্য তেৱেঁই নোচাং মোমাই তামুলী বৰবৰুৱা। এনে ৰজাঘৰীয়া হোৱাৰ সুবাদতেই বৰবৰুৱাৰ ৰাজচ’ৰাৰ দৈনন্দিন কাৰ্যাৱলীৰ পৰাই লাচিতে প্ৰথম শিক্ষা লাভ কৰিছিল। ৰাজকাৰ্য পৰিচালনাৰ ভিন্ন আলোচনাৰ মূলমন্ত্ৰ, সিদ্ধান্ত আদি ল’ৰা অৱস্থাতে দেখিছিল আৰু শুনিছিল। প্ৰথম অবস্থাত ৰাজমন্ত্ৰীৰ হাচটি ধৰা বৰুৱা হোৱা লাচিতে পাছলৈ ঘোঁৰাবৰুৱা, দুলীয়া বৰুৱা, দোলা কাষৰীয়া বৰুৱা আদি পদত আছিল। প্ৰতিটো পদত লাচিতে পৰিচয় দিছিল বিচক্ষণতাৰ আৰু সৰুতে দেখা-শিকা জ্ঞানৰ, পিতৃৰ অপৰাজয়ে কৰ্তব্যজ্ঞান, কৰ্মত আত্মবিলোপ, সততাৰ।

লব্ধপ্ৰতিষ্ঠ বুৰঞ্জীবিদ ড° সূৰ্যকুমাৰ ভূঞাদেৱে তেখেতৰ ‘Lachit Barphukan And His Times’ গ্ৰন্থত কৈছে— ‘If Lachit Barphukan had written his autobiography he would have admitted: “ From my father I learnt to be dutiful and love my work, and to forget myself in the ecstasy derived from a faithful and conscientious discharge of the trust imposed upon me.”

১৬৬২ খ্ৰীষ্টাব্দত মোগল সম্ৰাটে পঠোৱা মীৰজুমলাই অসম আক্ৰমণ কৰি ৰাজ্যৰ হৃৎপিণ্ড ৰাজধানী গড়গাঁৱত ভৰি দিছিলগৈ। ফলত তদানীন্তন স্বৰ্গদেউ জয়ধ্বজ সিংহ পলাই ফুৰিবলগা হৈছিল। সেই তেতিয়াই লাচিতে এমুঠিমান সৈন্যৰে মোগলৰ লগত এঘৰী যুঁজি সাহসৰ পৰিচয় দিছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহই তেতিয়াই লাচিতৰ মাজত দেখা পাইছিল ভৱিষ্যতৰ এজন সুদক্ষ সেনাপতিৰ লক্ষণ। পৰৱৰ্তী সময়ত জয়ধ্বজ সিংহই মোগলৰ লগত সন্ধি কৰি নামনি অসম মোগলক এৰি দিয়ে। নিজ ৰাজ্যৰ অংশ বঙালক দিবলগা হোৱাৰ দুখত তেওঁ মানসিকভাৱে ভাগি পৰি পাছত মৃত্যুক আঁকোৱালি লয়।

ইয়াৰ পাছতেই চক্ৰধ্বজ সিংহ ৰাজপাটত উঠে। ৰজা হৈয়ে তেওঁ সমগ্ৰ অসম বঙালমুক্ত কৰাৰ মন মেলি যুদ্ধৰ যাৱতীয় যা-যোগাৰ আৰম্ভ কৰি দিয়ে। স্বৰ্গদেৱে লাচিতৰ কৰ্মদক্ষতা, সাহসৰ কথা আগয়েে জানিছিল যদিও এদিন প্ৰমাণ চাবৰ নিমিত্তে লাচিতক ক’লে— ‘বঙাল ওচৰতে আছে। চৈয়দ পিৰোজ, চৈয়দ চালাক কেনেকৈ ধৰা যায়?’ উত্তৰত লাচিতে ক’লে— ‘স্বৰ্গদেউৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? স্বৰ্গদেৱে ধূলা দিবহে লাগে। মন কৰি চাওক।’ এনে নিৰ্ভীক উত্তৰ পাই ৰজাদেৱ সন্তোষিত হ’ল আৰু লাচিতক অসমীয়া সেনাৰ প্ৰধান সেনাপতি ‘বৰফুকন’ পাতিবলৈ থিৰাং কৰে। শুভ দিন চাই যথাবিহিত নিয়মৰ মাজেৰে ৰাজসভাত লাচিতক আনুষ্ঠানিকভাৱে সোণোৱালী হেংদান দি বৰফুকন পদত নিযুক্তি দিয়ে।

১৮৬৭ খ্ৰীষ্টাব্দত বাৰিষা যুদ্ধৰ আয়োজন সমাপ্ত হ’লত লাচিতৰ নেতৃত্বত অসমীয়া সৈন্যই লুইতেৰে ভটিয়াই গৈ গুৱাহাটী আৰু নামনি অসম মোগলৰ পৰা জয় কৰি মানাহ নদীত সীমা বান্ধি দিয়ে। দূৰদৰ্শী বৰফুকনে বুজিছিল যে মোগল দুনাই আহিব অসমলৈ। গতিকে প্ৰস্তুতি হিচাপে গুৱাহাটী, ইটাখুলি, অশ্বক্লান্ত আদি মূল ঘাটিবোৰত গড়-কোঠ নিৰ্মাণ কৰিলে। লগত চলিল ৰাজ্যৰ কেউজন প্ৰধান বিষয়াৰে আলোচনা। লাচিত গুৱাহাটীক ৰক্ষা কৰাৰ ক্ষেত্ৰত দৃঢ়প্ৰতিজ্ঞ আছিল। তেওঁ নিজে কৈছিল— ‘গুৱাহাটীত থাকি যুদ্ধ কৰা আমি নিজৰ ঘৰত বহি যুদ্ধ কৰাৰ নিচিনা সুবিধা।’

ইফালে দিল্লী অধিপতি ঔৰংজেৱে গুৱাহাটী পুনৰ আহোমে লোৱাৰ বাতৰি পাই অম্বৰৰ ৰাজপুত ৰজা ৰামসিংহক বিশাল মোগল বাহিনীৰ সেনাপতিৰ দায়িত্ব দি অসম মাৰিবলৈ পঠায়। ক্ৰমাৎ ৰামসিংহ অসমৰ সমীপলৈ আহিল। প্ৰত্যাক্ৰমণৰ বাবে অসমো সাজু হ’ল। নতুন প্ৰণালীৰে ঠায়ে ঠায়ে সৈন্য থোৱা হ’ল। গড়-কোঠবোৰ মেৰামতি তথা আগতকৈ ওখ-দৃঢ় কৰা হ’ল। বঙাল যিহেতু এই পাইহিহে লাগে, সেয়ে লাচিতে এই কামবোৰ কম সময়ৰ ভিতৰতে নিয়াৰিকৈ কৰিবলৈ কঠোৰ নিৰ্দেশ দিলে। আমিনগাঁৱৰ সমীপত তেনে এটি গড় নিৰ্মাণৰ দায়িত্ব মোমায়েকৰ ওপৰত ন্যস্ত আছিল। কিন্তুু লাচিতে এদিন নিশা গৈ দেখে যে মোমায়েকৰ অৱহেলাৰ বাবে গড়ৰ কাম পৰি আছে। ইয়াতে খঙত একো নাই হৈ লাচিতে ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি নিজ মাতুলৰ শিৰচ্ছেদ কৰিছিল। এই কাৰ্যৰ দ্বাৰা তেওঁ দৃষ্টান্ত ৰাখি গ’ল যে দেশমাতৃৰ ক্ষেত্ৰত তেওঁ আপোচবিহীন।

ৰঙামাটিত চকী পতা মোগলৰ বিশাল সৈন্য দেখি বৰফুকনে উপলব্ধি কৰিলে যে তেওঁলোকৰ পক্ষে মোগলৰ লগত স্থলত যুঁজা অসম্ভৱ। সেয়ে ৰাজমন্ত্ৰী বাহগৰীয়া আতন বুঢ়াগোহাঁইৰ লগত আলচি উপযুক্ত ছল চাই চাই মোগলক আকস্মিকভাৱে আক্ৰমণ কৰি থকাৰ সিদ্ধান্ত ল’লে। এনেদৰে প্ৰায় ডেৰ বছৰ ছেগা-চোৰোকাকৈ হৈ থকা আহোমৰ আক্ৰমণত মোগলৰ ভালেখিনি ক্ষয়-ক্ষতি হ’ল। কিন্তুু আগ-পাছ নুগুণি প্ৰতিশোধপৰায়ণ হৈ এবাৰ চক্ৰধ্বজ সিংহই মোগলক আলাবৈ পাহাৰৰ নামনিত আক্ৰমণ তথা যুদ্ধৰ নিৰ্দেশ দিয়াত আহোম সৈন্য সষ্টম মোগলৰ হাতত বেয়াকৈ পৰাজিত হয়। অসমে এই যুঁজত হেৰুৱায় দহ হাজাৰ সৈন্য। অদূৰদৰ্শিতাৰ বাবে হোৱা এই কৰুণ ঘটনাত সেনাপতি বৰফুকনে বৰকৈ আঘাত পায়। কিন্তুু আতন বুঢ়াগোঁহাইয়ে ‘বাৰীৰ পুখুৰী সিঁচোতেই দুই-চাৰিক শিঙিয়ে বিন্ধে, এয়া ৰণ, গতিকে মানুহ পৰিবই’ বুলি বুজনি দিয়াত লাচিত শান্ত হয়। ইয়াৰ পাছৰ পৰাই মোগলৰ সেনাপতিৰ পৰা লাচিতে নানা প্ৰৰোচনামূলক, ইতিকিংসূচক, ভাৰ-ভেটি সম্পৰ্কীয় বাৰ্তা পাব ধৰিলে। এবাৰ লাচিতক ভয়ো খুৱালে এটোপোলা আফুগুটি পঠায়— ‘বোলে গুটিৰ সমানেই আমাৰ সৈন্যৰ সংখ্যা।’ চতুৰ লাচিতেও চুঙা চাই সোপা দিয়াৰ মন কৰি এচুঙা বালি পঠাই ক’লে যে এই মূলুকৰ সৈন্যৰ লক্ষণ বালিৰ লেখীয়া। পিছে আফুগুটি পটাত পিছিলে পানী হ’ব।

তাৰ পাছতেই ১৬৭১ খ্ৰীষ্টাব্দত আহোম-মোগলৰ মাজৰ মূল যুদ্ধ আৰম্ভ হয়। বৰফুকনে পূৰ্বপৰিকল্পিত ৰণনীতি মতে ব্ৰহ্মপুত্ৰৰ পাৰৰ চামধৰা, শিমলুগুড়ি, কাজলিমুখ আদিত বালিৰ গড় সাজি তাত হিলৈ-বৰটোপৰ ব্যৱস্থা কৰে। ইয়াৰ ফলত মোগলে নদীপথেৰে উভতি জুৰিয়াৰ পৰা অশ্বক্লান্ত অভিমুখে ৰাওনা হয়। তেনে সময়তে লাচিত বৰফুকন নৰিয়াত পৰিল। ইতিমধ্যে ১৬৭০ খ্ৰীষ্টাব্দত চক্ৰধ্বজ সিংহৰ মৃত্যু হৈছিল। ফলত নতুনকৈ ৰাজপাটত উঠা উদয়াদিত্য সিংহই ৰাজ্য পৰিচালনাৰ তলা-নলা বুজি উঠা নাছিল। লাচিতে জানিছিল যে অচিৰেই অশ্বক্লান্ততে আহোম-মোগলৰ মাজত সমুখ সমৰ হ’ব আৰু উপযুক্ত পৰিচালনাৰ দোষত আহোম সৈন্যৰ পতন নিশ্চিত। সেয়ে নৰিয়া গাৰেই তেওঁ মোগলৰ বিৰুদ্ধে নৌকা এৰি দিলে। তাৰ পৰাই হাজাৰ হাজাৰ সৈন্যক উদ্দেশি তেওঁ আহ্বান জনালে— ‘অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ। তাতে নি মোৰ শটো থ’বা। অথবা বঙালে মোক ধৰি লৈ যাওক। তোমালোক সুখেৰে ঘৰলৈ উভতি যোৱা।’

লাচিতৰ এই মৰণপণ আহ্বানে পলাবলৈ ধৰা অসমীয়া সৈন্যৰ শোণিতধাৰাত তুলিলে দেশপ্ৰেমৰ জোৱাৰ। তেওঁলোকে মোগলক উভতি ধৰিলে। তুমুল ৰণ হ’ল। অসমীয়া সেনানীৰ পৰাক্ৰমৰ আগত বঙাল ছেদেলি-ভেদেলি হৈ পৰিল। সিহঁতে ছত্ৰভংগ দিলে। আমাৰ সৈন্যই মোগলক পাণ্ডুলৈকে খেদি তাত এই ৰাজ্যৰ সীমা বান্ধি দিলে। আমিনগাঁৱৰ সমীপত লুইতৰ বুকুত হোৱা এই যুদ্ধই ইতিহাসত বিখ্যাত শৰাইঘাটৰ যুদ্ধ হিচাপে জনাজাত। যুঁজৰ শেষত অসমক প্ৰশংসা কৰি ৰামসিংহই এইদৰে কৈছিল— ‘প্ৰতিজন অসমীয়া সৈন্যই নাও বাব পাৰে। কাঁড় মৰা, খাৱৈ খন্দা, হিলৈ মৰা সকলোতে পাকৈত। এনে পাৰ্গত ৰণুৱাৰ দৃষ্টান্ত ভাৰতৰ ক’তো মই দেখা নাই।’ লাচিত বৰফুকনৰ নেতৃত্বকো তেওঁ প্ৰশংসা কৰি গৈছিল।

ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকন গুৱাহাটীতে থাকিবলৈ লয়। কিন্তুু বিধিয়ে দিলেও বিধাতাই নিদিয়াৰ দৰে বৰফুকনেও বঙালমুক্ত অসমখনিক চাবলৈ বেছি দিন জীয়াই নাথাকিল। শৰাইঘাটৰ ৰণৰ বছৰ নৌহওঁতেই ১৬৭২ খ্ৰীষ্টাব্দৰ ২৫ এপ্ৰিলত টান নৰিয়াত পৰি এই মহান বীৰজনাৰ অকাল বিয়োগ ঘটে। বৰফুকনৰ সমাধিস্থল যুগমীয়া কৰাৰ উদ্দেশে সেই বছৰতে স্বৰ্গদেউ উদয়াদিত্য সিংহই যোৰহাটৰ পৰা কিছু নিলগৰ হোলোঙাপাৰাত ‘লাচিত মৈদাম’ প্ৰতিষ্ঠা কৰে।

দেশ প্ৰেম এটি মহৎ গুণ। দেশবাসীৰ মাজত চিৰ জাগ্ৰত দেশপ্ৰেম থাকিলেহে দেশ প্ৰগতিৰ পথত আগুৱাব পাৰে। তেনে লোকৰ বাবে ব্যক্তি স্বাৰ্থ তুচ্ছ। দেশ প্ৰেমিক স্বদেশ-বিদেশ সকলোতে নমস্য। কিয়নো এজন দেশপ্ৰেমিকৰ ত্যাগৰ গাথাৰে উদ্বুদ্ধ হয় সৰ্বসাধাৰণ। লাচিত বৰফুকনো আছিল তেনে এগৰাকী মহান দেশপ্ৰেমিক, যুগনায়ক। তেখেতৰ বাবেইতো অসমীয়া জাতি বিদেশী মুছলমান-বঙালৰ বিৰুদ্ধে অজেয় বুলি মণ্ডিত হৈছিল, যিদৰে প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ বাবে অজেয় আছিল আফ্ৰিকাৰ নিওমেদিয়ান আৰু মৌৰিটেনিয়ানসকল।

প্ৰতি অসমীয়াৰ প্ৰাণত শিহৰণ জগাই লাচিতৰ সেই শৰাইঘাটে। লুইতপৰীয়া ডেকাই শৰাইঘাটলৈ যাবলৈ ভয় কৰা নাছিল ১৬৭১ তো। আজিও নকৰে। মাতৃৰ সুৰক্ষাৰ বাবে সদা প্ৰস্তুত। সেয়েতো কলংপৰীয়া কবি দেৱকান্ত বৰুৱাদেৱে কৈছে—

‘দেশৰ কাৰণে আজিও বিনায় হেজাৰ ডেকাৰ হিয়া
দেশৰ সেনানী! আকৌ মাথোন এবাৰ হুকুম দিয়া,
আকউ এবাৰ শুনোৱা তোমাৰ ৰণ-আহ্বান-বাণী
আকউ এবাৰ ৰঙা কৰি মৰোঁ লুইতৰ বগা পানী।’

অসমীয়া জাতিৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক, অসীম বীৰত্বৰ অধিকাৰী, অকৃত্ৰিম জননী প্ৰেমৰ আকৰ মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ প্ৰাকক্ষণত তেখেতলৈ জনাইছোঁ শত শত প্ৰণাম। এই শুভ ক্ষণত আমাৰ এটাই কাম্য, লাচিতৰ আদৰ্শেৰে যাতে আমি উঠি অহা প্ৰজন্মও দেশসেৱাত আগুৱাই যাব পাৰোঁ— যুগ-যুগান্তৰলৈ বোৱাই নিয়াৰ শক্তি পাওঁ লাচিত বৰফুকনৰ স্বদেশ প্ৰেমৰ ফল্গুধাৰা।

(প্ৰধানকৈ লব্ধপ্ৰতিষ্ঠ বুৰঞ্জীবিদ ড° সূৰ্যকুমাৰ ভূঞাদেৱৰ Lachit Barphukan And His Times গ্ৰন্থৰ আধাৰত লেখাটি প্ৰস্তুত কৰা হৈছে।)

❧ | আৰু পঢ়ক:

লাচিত বৰফুকন | ৰীতিন্দ্ৰ কুমাৰ ডেকা
Follow Nilacharai on Facebook