কে শৱ মহন্তৰ কালজয়ী কবিতা ‘সোণজিৰা মাহীৰ নাড়ী’ৰ মূল চৰিত্ৰ হৈছে সোণজিৰা মাহী। গ্ৰাম্য সৰলতাৰ প্ৰতিমূৰ্তি এই গৰাকী সোণজিৰা মাহী আমি সততে সমাজ জীৱনত লগা পোৱা ডাল-দৰিদ্ৰ, শোষিত আৰু বঞ্চিত শ্ৰেণীটোৰ প্ৰতিনিধি। তেওঁৰ জীৱনটো বৰ দুখৰ। তেওঁ দেহা মাৰি কষ্ট কৰিও বছৰটো জোৰাকৈ ভঁৰালত ধান জমা কৰিব নোৱাৰে। তাঁত বোৱা, ঢেঁকী দিয়া, কঠীয়া তোলা, ভূঁই ৰোৱাকে আদি কৰি ঘৰে-পথাৰে সকলো কামতে মাহী নিপুণ। অথচ ইমান কষ্ট কৰিও জমাৰ ঘৰত মাহীয়ে শূন্য এটাৰ বাহিৰে একো নাপায়। হতাশাই তেওঁক আগুৰি ধৰে। কিন্তু সেয়া সাময়িক, কাৰণ, সোণজিৰা মাহীয়ে দুখৰ মাজতো হাঁহিবলৈ শিকিছে।
সোণজিৰা মাহীৰ লগত কবিৰ আছে একান্ত আত্মীয়তা। চেনেহৰ সেই এনাজৰীডাল নিকপকপীয়া। সেই আপাহতে কবিয়ে অভিমানৰ সুৰত কৈছে যে মাহীয়েক তেওঁৰ বিয়ালৈ আহিব নোৱাৰিলে নাই, কিন্তু বিহুত যেন যেনেতেনে কৰি হ’লেও আহে। চেনেহৰ সেই দাবীক সোণজিৰা মাহীয়েও আওকাণ কৰিব নোৱাৰিলে। সেয়েহে কবিয়ে কিবা এটা কৰি তেওঁক জিলালৈ নিয়াৰ আগতে মাহী নিজেই আহি জিলাত উপস্থিত হ’ল। কবি বিস্ময়ত অভিভূত হ’ল। হাস্যবদনে তেওঁ মাহীয়েকক সুধিলে— টকা পালি কত? তেওঁৰ প্ৰশ্নৰ উত্তৰ স্বৰূপে সোণজিৰা মাহীয়ে যিখিনি কথা ক’লে, তাৰ সাৰাংশ হ’ল— মহাই (অৰ্থাৎ সোণজিৰা মাহীৰ স্বামীয়ে) সৰু পুতেক সোণক পঢ়ুৱাব খোজে। কিন্তু তাৰ বাবে বহুত ধনৰ প্ৰয়োজন। তেওঁৰ সেই আশা পূৰণৰ বাবে মাহীয়ে তেওঁৰ বৰ ল’ৰা দেউতাকণক অন্য মানুহৰ ঘৰত হালোৱা হিচাপে ৰাখিছে। সোণৰ মাচুলৰ বাবদ কিছু টকা মহাৰ হাতত জমা হৈছে। কিন্তু কবিৰ প্ৰতি থকা মাহীৰ মমত্ববোধ আৰু অকৃত্ৰিম চেনেহৰ আগত মহাৰ সেই আশা মনতে মাৰ যোৱাৰ নিচিনা হৈছে। কাৰণ, মহাৰ হাতৰ পৰা সেইখিনি টকা লৈয়ে মাহী জিলালৈ আহিছে। মাহীৰ এই নিঃস্বাৰ্থ ভাৱনাই কবিক অভিভূত কৰিলে।
কিন্তু তাতকৈও ডাঙৰ কথা এটাৰ বাবে কবি মুঠেও প্ৰস্তুত নাছিল। তেওঁলোকৰ আলাপ-আলোচনা চলি থাকোঁতে কবিৰ মিত্ৰ দীননাথ বৰাই আহি খবৰ দিলেহি যে কংগোত লুমুম্বা নামৰ হতভাগিনী মাতৃগৰাকীয়ে তেওঁৰ মৃত সন্তানটিৰ মুখ চোৱাৰ পৰা বঞ্চিত হৈছে। কথাষাৰ শুনি সোণজিৰা মাহী থৰ লাগিল। তেওঁ জিজ্ঞাসু দৃষ্টিৰে এবাৰ কবিলৈ আৰু এবাৰ দীননাথ বৰালৈ চালে। তেওঁ সেই মৃত কেঁচুৱাটোৰ বিষয়ে জানিবলৈ উদগ্ৰীৱ হৈ পৰিল। সহজ-সৰল মাহীয়ে কংগো বা লুমুম্বা কোন বা কি সেই বিষয়ে একো নাজানো। তেওঁ মাথোঁন বুজি পায় ‘লুমুম্বাৰ মৰা পোনাটিক’। অৰ্থাৎ দুখ-দৈন্যৰে পীড়িত আত্মা হৈয়ো সোণজিৰা মাহীহঁতৰ নিচিনা সাধাৰণ স্তৰৰ মানুহবোৰৰ অন্তৰৰ পৰা স্বভাৱজাত অনুভূতিসমূহ নিঃশেষ হৈ যোৱা নাই। সেয়েহে তেজৰ বা বংশৰ বা দেশৰ মানুহ নহ’লেও এই শ্ৰেণীৰ মানুহে পৰকো আপোন বুলি ভাবি সিবিলাকৰ দুখ-দুৰ্দশাৰ লগত একাত্ম হৈ সহানুভূতি প্ৰদৰ্শন কৰিব পাৰে। আমাৰ সোণজিৰা মাহীজনীও এই মহৎ চিন্তাৰ জীৱন্ত প্ৰতিভূ। আচলতে, সোণজিৰা মাহী নামৰ চৰিত্ৰটি আমাৰ চিৰ পৰিচিত আৰু অতিকে আপোন। তেজৰ সম্পৰ্কৰে সম্পৰ্কিত নহ’লেও সমাজত সাধাৰণ মানুহে মানুহৰ লগত মানৱতাৰ সম্বন্ধেৰে বান্ধ খাব পাৰে, এজনে আনজনৰ দুখ-দুৰ্দশাৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি সান্ত্বনা জনাব পাৰে। কেৱল ইমানেই নহয়, চকুৰে নেদেখা দূৰত্বত অৱস্থান কৰা আতৰ্জনৰ দুখ-যাতনাক হৃদয়ঙ্গম কৰি পৰৰ দুখত দুখী হ’ব পাৰে। বস্তুবাদী সমাজৰ স্বাৰ্থপৰতা আৰু উদাসীনতাৰ বিপৰীতে সৰ্বহাৰা শ্ৰেণীটোৰ নিঃস্বাৰ্থ ভাবনা আৰু সহৃদয়তাৰ মনোজ্ঞ প্ৰকাশেই কবিতাটোৰ মূল বিষয়বস্তু।
তেৰটা স্তৱক আৰু এশ বাৰটা শাৰীৰে সমৃদ্ধ এই আধুনিক কবিতাটোত মানৱতাবাদ অন্তঃসলিলা ফল্গুধাৰৰ দৰে প্ৰৱহমান। ‘সোণজিৰা মাহীৰ নাড়ী’— নামটোৱেই তাৎপৰ্যপূৰ্ণ। কবিতাৰ শিৰোনামত থকা ‘নাড়ী’ শব্দটো স্পন্দন অৰ্থাৎ গতিশীলতাৰ পৰিচায়ক। এই নাড়ী হৈছে জীৱন স্পন্দন, জীয়াই থকাৰ তাড়নাত মানুহে অহৰহ লিপ্ত হৈ থকা কৰ্মময় জীৱনটোৰ এক সাৰ্থক চিত্ৰ। পিছে ইয়াত চিত্ৰিত হোৱা মানুহবোৰ সমাজ জীৱনৰ অৰ্থনৈতিক লেখ (Economic Graph)ডালৰ সৰ্বনিম্ন বিন্দুত অৱস্থান কৰা সংখ্যাৰ প্ৰতিনিধি। সমাজবাদী চিন্তাৰে পুষ্ট কবি-চিন্তাত সমাজ জীৱনৰ এই ভাৰসাম্যহীন স্থিতি সোণজিৰা মাহী নামৰ প্ৰতিনিধিত্বমূলক চৰিত্ৰটোৰ মাজেদি ভাস্বৰ হৈ উঠিছে। সৰ্বহাৰা শ্ৰেণীটোৰ যি দৈন্য, সেয়া সোণজিৰা মাহীৰ ঘৰৰ বাস্তৱ স্থিতিৰ মাজেদি ফুটি উঠিছে—
‘‘পেটৰ জুৰণি যদি এমুঠি লখিমী হয়,
বুকুৰ জুৰণি হ’ব, যদি
একেদিনে শেষ হয় বাৰ আষি কঠীয়াৰ ভূঁই।
তথাপি ভঁৰালৰ এবছৰো নাই যাৰ এমুঠিও ৰাহি।’’
অশেষ শ্ৰম কৰিও সোণজিৰা মাহীহঁতৰ নিচিনা মানুহে বছৰটো জোৰাকৈ ভঁৰাললৈ ধান চপাই আনিব নোৱাৰে। অন্য কথাত ক’বলৈ গ’লে কপালৰ ঘাম মাটিত পেলাই শ্ৰম কৰিও এইবিলাক মানুহে কষ্টৰ যথোচিত মূল্য নাপায়। এয়াই তেওঁলোকৰ হতাশাৰ কাৰণ। কিন্তু তেওঁলোক নিৰুপায়। জীয়াই থকাৰ হেঁপাহতেই হওক বা নিজৰ সতি-সন্ততিৰ উজ্জ্বল ভৱিষ্যতৰ আশাতেই হওক, সোণজিৰা মাহীৰ নিচিনা সম্বলহীন মানুহবিলাকে ভাগ্যকে ধিয়াই দেহক পানী কৰি কষ্টকৰ জীৱন অতিবাহিত কৰে। তেওঁলোকৰ সেই মনোবেদনা এইদৰে প্ৰকাশ পাইছে—
“এনেকৈ থকাতকৈ মৰায়েই ভাল বুলি
ভাবিলেও খেতি কৰে ঘূৰি বছৰত!
নহ’লেনো বাৰু
মৰো বুলি নাৰ্জিলে জীলে খাব কি।’’
দুখ-দৈন্য আৰু হতাশগ্ৰস্ততাই আগুৰা জীৱন যদিও সোণজিৰা মাহীহঁতৰ নিচিনা মানুহে দুখ-কষ্টৰ মাজতো হাঁহিব পাৰে। তেওঁলোকৰ চিন্তা আৰু জীৱনবোধৰ মাজেদি গ্ৰাম্য জীৱনৰ সহজ-সৰল ৰূপ ফুটি উঠে। কবিৰ কাপৰ পৰা নিসৃত শব্দমালাই গ্ৰাম্য জীৱনৰ এই সৰলতাক মনোগ্ৰাহী ৰূপত দাঙি ধৰিছে। নগৰীয়া জীৱনৰ কৃত্ৰিমতাৰ চাপ গ্ৰাম্য জীবন চিন্তাত নাই। ইয়াত জীৱনটোক আমি প্ৰকৃত ৰূপত বিচাৰি পাওঁ। সেই জীৱনৰ কোঁহে কোঁহে বিৰাজ কৰিছে লোক মনৰ বিশ্বাস-পৰম্পৰাই। তৰপে তৰপে থুপ খাই আছে প্ৰকৃতিপ্ৰদত্ত স্বাভাৱিক সৌন্দৰ্যৰ আকৰ। সোণজিৰা মাহী যেন সেই নিভাঁজ সৌন্দৰ্যৰ মূৰ্তিমান প্ৰতীক। কবিৰ কাপত সেই বিমল সৌন্দৰ্যই ধৰা দিছে এইদৰে—
“মুগাৰ মেখেলা পিন্ধা উদং ভৰিত
খম্ খম্ খোজ, যাৰ
ব্লাউজ নোহোৱা দেহা কেৱল ৰিহাৰে ঢকা
মাগুৰ বৰণ, যাৰ
পুৰুষৰ মন গলে বুলি, জুই-লা গলাই লেপি
ক’লা কৰা দুয়োপাৰি দাঁত, যাৰ
ফটাকানি-সোপাহীন কেৱল চুলিৰ খোপা
কলডিল হেন আৰু ওৰণিৰে ঢকা।’’
কিন্তু প্ৰকৃত মনুষ্যত্ব আৰু সহৃদয়তা সোণজিৰা মাহীৰ নিচিনা সাধাৰণ মানুহৰ মনতহে লুকাই থাকে। এনে নোহোৱাহেঁতেন নিজৰ দাৰিদ্ৰ্যক আওকাণ কৰি মাহীয়ে সাঁচতীয়া ধন ভাঙি ভাগিনীয়েক অৰ্থাৎ কবিৰ খবৰ ল’বলৈ জিলালৈ নাহিলহেঁতেন। অথচ কেৰাণী হৈয়ো কবিয়ে নিজৰ হাতৰ ধন ভাঙি মাহীয়েকক জিলালৈ ফুৰাবলৈ আনিবলৈ অপাৰগ। এয়াই হৈছে মধ্যবিত্তৰ বাস্তৱ স্থিতি। মধ্যবিত্ত শ্ৰেণীটোৱে অভিজাত শ্ৰেণীটোৰ দৰে লাহ-বিলাহত মত্ত হ’ব নোৱাৰে, আকৌ নিজৰ মধ্যবিত্ত স্থিতিটো বৰ্তাই ৰখাৰ স্বাৰ্থত তেওঁলোকে সমাজৰ নিম্ন শ্ৰেণীটোৰ লগতো মিলি যাব নোৱাৰে। মধ্যবিত্ত শ্ৰেণীটোৰ এই অসহায় ৰূপটো কবিৰ কাপত জিলিকি উঠিছে। মধ্যবিত্তৰ এই দোদুল্যমান স্থিতিৰ বিপৰীতে সমাজৰ তথাকথিত নিম্ন শ্ৰেণীটো এইবিলাক চিন্তাৰ পৰা মুক্ত। তেওঁলোকে তেওঁলোকৰ বাস্তৱ স্থিতিক সাহসেৰে স্বীকাৰ কৰি লয়। সময়ৰ কঠোৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা এই লোকসকলে জীৱনটোক মধ্যবিত্তৰ তুলনাত ভিন্ন দৃষ্টিৰে পৰ্যৱেক্ষণ কৰে। এই শ্ৰেণীটোৱে স্বাৰ্থৰ কথা ভাবি দ্বিতীয় এজন ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন নকৰে, কৰে স্বাৰ্থহীন সম্পৰ্ক। সেয়েহে তেজৰ সম্বন্ধৰ নহ’লেও ভাগিনীয়েক বুলি জ্ঞান কৰা বাবে সোণজিৰা মাহীয়ে বিশেষ কামৰ বাবে সাঁচি থোৱা ধন ভাঙি ভাগিনীয়েক অৰ্থাৎ কবিৰ খা-খবৰ ল’বলৈ জিলালৈ ঢাপলি মেলিছে। এয়াই হৈছে সোণজিৰা মাহীহঁতৰ নিচিনা সৰু সৰু মানুহৰ মহানুভৱতা।
জীৱনলৈ অহা কিছুমান দুৰ্ভোগ-দুৰ্ভাৱনাই মানুহৰ মন আলোড়িত কৰে। ভাল-বেয়া সকলো ধৰণৰ ঘটনাই মানৱ মনত প্ৰশ্নৰ জোৱাৰ তোলে। এয়া মানৱ মনৰ স্বভাৱজাত প্ৰবৃত্তি যদিও বস্তুবাদী চিন্তাৰ ধামখুমীয়াত আজিৰ মানুহৰ মনৰ পৰা এই চিৰন্তন ভাবানুভূতি হেৰাই যোৱাৰ উপক্ৰম হৈছে। কিন্তু তাৰ মাজতো মধ্যবিত্ত বৌদ্ধিক শ্ৰেণীটোৱে এই প্ৰবৃত্তিটো জীয়াই ৰাখিবলৈ চেষ্টা চলাইছে। সেয়েহে কবিতাটোত উল্লেখ থকা দীননাথ বৰাই সুদূৰ কংগোৰ বতৰা লৈছে আৰু কংগোৰ সামাজিক-ৰাজনৈতিক অস্থিৰতাক লৈ মানুহ হিচাপে চিন্তিত হৈ পৰিছে। কেৱল সিমানেই নহয়, কংগোত দৃষ্টিগোচৰ হোৱা মনুষ্যত্বৰ স্খলনে মানুহ হিচাপে দীননাথ বৰাক চিন্তিত কৰি তুলিছে। তেওঁৰ সেই চিন্তা আৰু উদ্বেগৰ ভাগ কবিকো দিব খুজিছে। কবিৰ ওচৰতে ৰৈ থকা সোণজিৰা মাহীৰ কাণত দীননাথ বৰাই কোৱা শব্দকেইটা পৰাত মাহী উদগ্ৰীৱ হৈ পৰিল। মৃত সন্তানটোক চাবলৈ নোপোৱা পলিন লুমুম্বা কোন মাহীয়ে নাজানে। কিন্তু সেই কথাটো শুনি মাহীৰ মাতৃ-হৃদয় আকুল হ’ল। এক অবুজ আত্মীয়তা আৰু সহানুভূতিশীল মনোভাবে মাহীৰ মন ভাৰাক্ৰান্ত কৰিলে। তেওঁৰ মনত বাৰে বাৰে এটা প্ৰশ্ন জাগি উঠিছিল—
‘‘কোন এই মৰা কেঁচুৱাটি?
কোন তাৰ মাক? তাৰ পিতাকেই বা কোন?
জানোবা সিহঁতো মোৰে কোনোবা আপোন!’’
‘সোণজিৰা মাহীৰ নাড়ী’ কবিতাটোত ‘মৰা কেঁচুৱাটি’য়ে গভীৰ তাৎপৰ্য বহন কৰিছে। কবিতাটোৰ আৰম্ভণিৰে পৰা জীৱনৰ এক প্ৰাণ-চঞ্চল ৰূপ, এটা অপ্ৰতিৰোধী গতি পৰ্যবেক্ষণ কৰিব পাৰি। সোণজিৰা মাহীৰ জীৱনো সময়ৰ সেই অপ্ৰতিৰোধী গতিৰ আৱৰ্তত ঘূৰি আছে। সেই গতি স্থবিৰ হৈ যোৱা নাই। সেয়াই হৈছে জীৱন স্পন্দন। সময়ৰ খলা-বমা গতিপথত সেই গতি সাময়িকভাৱে স্থবিৰ হৈ পৰিছে যদিও আশাবাদী মানুহে আশা এৰি দিয়া নাই। মৰা কেঁচুৱাটোৰ প্ৰসঙ্গই এই সাময়িক স্থবিৰতাৰ ইংগিত বহন কৰিছে। কিন্তু এই সাময়িক স্থবিৰতাৰ অন্তঃস্থলত সুপ্ত হৈ আছে চিৰ শাশ্বত মনুষ্যত্বৰ ফল্গুধাৰা, জীৱনৰ অমৃতকুণ্ড— যিয়ে মানৱক পৰাজয়ৰ পাছতো আশাবাদী হ’বলৈ শিকনি দিয়ে, জীৱনটো নকৈ গঢ় দিবলৈ অনুপ্ৰেৰণা যোগায়। মুঠতে ‘সোণজিৰা মাহীৰ নাড়ী’ কবিতাটোৰ প্ৰথম শাৰীৰ পৰা শেষৰ শাৰীটোলৈকে বাজি আছে সম্ভাৱনাৰ সুৰ, যদিওবা কোনো কোনো স্তৱকত সেই সুৰ অন্তঃবাহিনী নদীৰ সুঁতিৰ দৰে সুপ্ত হৈ আছে।
কবি কেশৱ মহন্ত কেৱল সংবেদনশীলেই নহয়, তেওঁ তেওঁৰ চৌপাশৰ সমাজখন, নিজৰ দেশ আনকি বিদেশত সংঘটিত হোৱা নানা পৰিৱৰ্তন, জাগৰণ সম্পৰ্কেও সজাগ। সেয়েহে কবিৰ দৃষ্টিত সুদূৰ আফ্ৰিকা মহাদেশৰ অন্তৰ্গত কংগোত চলি থকা সংঘাতজৰ্জৰ পৰিস্থিতি আৰু তাৰ পৰিণাম স্বৰূপে হোৱা ৰক্তপাত আৰু জীৱন হানিৰ ঘটনাসমূহো সাৰি যোৱা নাই। কংগোৰ সেই দুৰ্দশাগ্ৰস্ত লোকসকলৰ দুখত কবিৰ অন্তৰে হাহাকাৰ কৰিছে। কিন্তু সমবেদনা প্ৰকাশৰ বাহিৰে তেওঁ একো কৰিব নোৱাৰে। এই অশহায় অৱস্থাই তেওঁক ব্যাকুল কৰি তুলিছে। তেওঁৰ চৰিত্ৰ সোণজিৰা মাহী আৰু দীননাথ বৰাৰ মনোভাবৰ মাজেদি কবি মনৰ সেই উৎকণ্ঠা কাব্যিক ৰূপত ফুটি উঠিছে। তেওঁলোকৰ নিচিনা মানুহে নিজৰ ক্ষুদ্ৰ স্বাৰ্থ, ব্যক্তিগত অভাৱ-অভিযোগক আওকাণ কৰি পৰৰ মংগলৰ বাবে অকাতৰে নিজৰ সৰ্বস্ব অৰ্পণ কৰিবলৈ সাজু। আজিৰ বস্তুবাদী সমাজ ব্যৱস্থাত এইটো এটা ব্যতিক্ৰম। ৰোমাণ্টিক কবিসকলৰ ৰচনাত এনে ধৰণৰ বিষয়বস্তুৰ প্ৰকাশ হোৱা দেখা নাযায়। এনে বক্তব্য কেৱল আধুনিক কবিয়েহে কৰিব পাৰে। উল্লেখযোগ্য যে সোণজিৰা মাহী চৰিত্ৰটি কবিগৰাকীৰ ভাব-চিন্তাৰ বাহক। অৰ্থাৎ এই চৰিত্ৰটিৰ জৰিয়তে কবি কেশৱ মহন্তই তেওঁৰ সাম্যবাদী চিন্তাৰ কথাই প্ৰকাশ কৰিছে।
কবিয়ে কবিতাটিৰ মাজেদি তেওঁৰ নিজস্ব দৰ্শনৰ কথা প্ৰকাশ কৰোঁতে কাব্যৰ সৌন্দৰ্য বিঘ্নিত হ’বলৈ দিয়া নাই। তেওঁ সযতনে অসমীয়া লোকজীৱনৰ পৰা বিভিন্ন প্ৰতীক, কল্পচিত্ৰ লৈ কবিতাটিৰ বিষয়বস্তু অধিক আটিল কৰি কাব্যিক সৌন্দৰ্য প্ৰকাশ কৰিবলৈ যত্নপৰ হৈছে। সন্দেহ নাই, সোণজিৰা মাহী কেৱল কেশৱ মহন্তৰ কবিতাৰ এটা অন্যতম উজ্জ্বল চৰিত্ৰই নহয়, অসমীয়া কাব্য জগতৰো এটি সাৰ্থক তথা উৎকৃষ্ট চৰিত্ৰ।
দেখা যায়, বহু সময়ত কবি কেশৱ মহন্ত গীতিকাৰ কেশৱ মহন্তৰ সৈতে একাকাৰ হৈ গৈছে। এই কবিতাতো গীতিকাৰ কেশৱ মহন্তই ভুমুকি মাৰিছে। সংগীতময়তাও আধুনিক কবিতাৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য। ‘তামোলৰ পিক্ মাৰি পৰৰ মাটিত/ মোহাদেৱে চাই লয় যি বোকাখিনি/ সোণজিৰা মাহীজনী তাৰেই ৰোৱনী’— আদি পংক্তিৰ মাজত ধ্বনিত সংগীতিক মূৰ্চ্ছনাই পাঠকক মোহিত কৰে। এনেদৰে গোটেই কবিতাটিৰ মাজতে আমি এটি লয় অনুভৱ কৰোঁ। বিভিন্ন প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰয়োগ আধুনিক কাব্যৰীতিৰ অন্যতম লক্ষণ। লোকজীৱনৰ লগত সম্পৰ্কিত পৰম্পৰাগত শব্দ আৰু উপমাত অভিনৱ অৰ্থ সংযোজনেৰে কবিয়ে ইয়াত বিবিধ চিত্ৰকল্প নিৰ্মাণ কৰিছে। যেনে—
“পুৰুষৰ মন গলে বুলি, জুই-লা গলাই লেপি
ক’লা কৰা দুয়োপাৰি দাঁত…”
‘‘কপাহী মেখেলাখনি যাৰ ৰং বগা
আধাৰো অধিক তাৰ বোকাৰেই ঢকা,
ঢেঁকী-তাত-পথাৰৰ কাম যাৰ ক’লীয়াৰ বাঁহী” আদি।
এইবোৰত গ্ৰাম্য জীৱনৰ কিছুমান চিনাকি বস্তু, চিনাকি পৰিৱেশৰ সমাহাৰত কবিয়ে মনোগ্ৰাহী চিত্ৰকল্পৰ নিৰ্মাণ কৰিছে। কবিতাটিৰ শব্দ চয়নো মন কৰিবলগীয়া। ঠায়ে ঠায়ে প্ৰতীক, ৰূপকৰ ব্যৱহাৰৰ দ্বাৰা নিজৰ বক্তব্য পাঠক-শ্ৰোতাৰ মাজলৈ নিবলৈ কবিয়ে প্ৰয়াস কৰিছে। কবিতাটোৰ শেষৰ স্তৱকৰ— ‘কোন এই মৰা কেঁচুৱাটি?’ শাৰীত উল্লেখ থকা মৰা কেঁচুৱাটি কেৱল কংগো নিবাসী দুৰ্ভগীয়া লুমুম্বাৰ মৃত সন্তানটিয়েই নহয়, ই হৈছে শ্ৰেণী সংঘাতত ধৰাশায়ী হোৱা মানৱতাৰ প্ৰতীক। যিকোনো ধৰণৰ সংঘাতে সমাজ জীৱনৰ ধাৰাবাহিকতাত ব্যাঘাত জন্মায়। ফলত সমাজৰ উন্নয়নৰ গতি বাধাপ্ৰাপ্ত হয়। মানৱ শিশু এটিৰ জন্মৰ লগত সম্ভাৱনা জড়িত হৈ থাকে। এই সম্ভাৱনাৰ গতি ৰোধ কৰা মানেই প্ৰগতিৰ নিৰৱচ্ছিন্ন ধাৰাত ব্যাঘাত জন্মোৱা। সেয়েহে কবি ব্যথিত। কিন্তু তেওঁ আশাবাদী, কাৰণ, অপশক্তিয়ে চিৰশাশ্বত মানৱতাক ধৰাশায়ী কৰিব পাৰে, কিন্তু ইয়াক সমূলঞ্চে বিনাশ কৰিব নোৱাৰে। কবিতাৰ শেষত সোণজিৰা মাহীৰ ব্যাকুলতা ভৰা ভাবনাই যেন এইটোকে সোঁৱৰাই যে চিৰশাশ্বত মানৱতা আৰ মনুষ্যত্বৰ ধাৰণা আমাৰ সমাজত আজিও বৰ্তি আছে।
কবিতাটিৰ ছন্দসজ্জাও আধুনিক গঢ়ৰ। পূৰ্বৰ ৰোমাণ্টিক কবিতাৰ দৰে ইয়াত অন্ত্যমিলযুক্ত ছন্দৰ ব্যৱহাৰ হোৱা নাই, স্পন্দিত গদ্য ছন্দহে প্ৰয়োগ হৈছে। মুঠতে আলোচ্য কবিতাটিত বিষয়বস্তু, আংগিক আৰু প্ৰকাশভংগীৰ ফালৰ পৰা আধুনিক কবিতাৰ বিশেষত্বসমূহ সাৰ্থকভাবেই প্ৰতিফলিত হৈছে।
❧ | আৰু পঢ়ক:
- কবি-গীতিকাৰ কেশৱ মহন্ত
- কবি অমূল্য বৰুৱাৰ কাব্যকৃতি আৰু ‘বিপ্লৱী’
- সাহিত্যিক, অধ্যাপক আৰু সাংসদ হেম বৰুৱা
- মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত নাৰী চৰিত্ৰ
- নৱকান্ত বৰুৱাৰ ৰাৱণ কবিতাত ৰাৱণৰ চৰিত্ৰ চিত্ৰণ
Follow Nilacharai on Facebook