প্ৰা য় দুঘণ্টা ধৰি কলহৰ কাণে ঢালি থকা বৰষুণজাক শাম কাটি অহাত চ’ৰাঘৰৰ মজিয়াত বহি বিচনীৰ কাঠী তুলাই থকা গৰ্গ সাতোলাই ভিতৰলৈ উঠি গৈ পুতেকক ক’লে— ‘হেৰ’ নন্দ, পথাৰৰ পৰা গাইজনী লৈ আহগৈ যা। নহ’লে গাইজনীক এতিয়া মহে খাই মাৰিব।’
নন্দই বিছনাত পৰি ভীম চৰিতখন পঢ়ি আছিল। দেউতাকৰ আদেশত সি অনিচ্ছা সত্ত্বেও পুথিখন সামৰি থ’লে। গোহালি ঘৰৰ চালত খুঁচি থোৱা হালোৱা এছাৰি এডাল লৈ সি বামুণীয়া খোজেৰে পথাৰৰ পিনে কোব ল’লে।
সাতোলাৰ সৰুপানী চোৱাৰ ভাব এটা হৈ আছিল। বৰষুণজাকৰ কাৰণেহে তেওঁ উঠি যাব পৰা নাছিল। টিপি আছিল। গোহালি ঘৰটোৰ কাষতে তেওঁ সাউৎকৈ কামকণ কৰি পুনৰ বিচনীৰ কাঠী তুলুৱাত লাগিলহি। লগে লগে এইবাৰ তেওঁ নামঘোষাৰ পদ এফাকিও গাই থাকিল।
সাতোলাই কালি বৰা চুবুৰিৰ নদুৱাৰ লগত গৈ শালনা বজাৰৰ পৰা কলী গাই এজনী কিনি আনিছিল। কলী গাই লক্ষ্মী। গাখীৰো ডাঠ আৰু আন গাইতকৈ গাখীৰো দিয়ে অধিক। গতিকে বগী বা পাখৰী গাইতকৈ কলী গাইৰ দাম অধিক। গাইজনীত নগদ কুৰি হেজাৰ ভৰিল যদিও সাতোলাৰ গাত লগা নাই। গাইজনী পানী গাভিনী। আৰু দুমাহমান পাছতে জগিব। সাতোলাৰ খীৰতী গাইজনী এমাহমানৰ আগেয়ে হঠাতে চবকাত পৰি মৰাতহে এইজনী গাই কিনিব লগা হ’ল। আগৰ গাইজনীও কম লক্ষ্মী নাছিল! দুয়োবেলা মিলাই প্ৰায় চাৰি লিটাৰ গাখীৰ দিছিল। এক লিটাৰ ঘৰত ৰাখি বাকীখিনি উঠনা দিছিল। গাইজনী মৰাৰ দিনা সাতোলাহঁতৰ কাৰো পেটলৈ ভাত যোৱা নাছিল।
গাইজনী আনিবলৈ গৈ দুখনমান তামোল খোৱা পৰৰ পাছতো নন্দ আহি নোপোৱাত সাতোলাৰ মুখত চিন্তাৰ ৰেখা ফুটি উঠিল। ই কিয় ইমান দেৰি কৰিছে! গাইজনীয়ে খুঁটি তুলি ক’ৰবালৈ গুচি যোৱা নাইতো! সাতোলাই হাতৰ কাঠী-কটাৰী মজিয়াখনতে পেলাই থৈ পিছফালৰ ঢেঁকীঘৰৰ খোলাত পিঠাগুড়ি ভাজি থকা ঘৈণীয়েক দমিলাৰ ওচৰ পালেগৈ।
—‘হেৰ’ ই নন্দ দেখোন এত পৰলৈকে আহি নাপালে!’
—‘নাহিনো ক’লৈ যাব? ডেকা ল’ৰা, পথাৰত লগ-সংগ পাই দুই-চাৰিষাৰ কথা হৈছে চাগে! আপুনিনো ইমানকৈ ধৰফৰাই মৰিব লাগে কিয়?’
ঘৈণীয়েক দমিলাৰ পৰা সঁহাৰি নাপাই সাতোলা পুনৰ চ’ৰাঘৰ পাওঁতেই নন্দ টোপাকাঁড়ডালৰ দৰে পদূলিয়েদি সোমাই আহিল।
—‘পিতাই, পথাৰত এৰাল দি থোৱা ঠাইত আমাৰ গাইজনী নাই। অইন এজনী বগী গাইহে এৰাল দি থোৱা আছে।’ নন্দই চ’ৰাঘৰৰ দুৱাৰমুখতে ৰৈ ফোপাই-জোপাই কোৱা কথাষাৰ শুনি সাতোলা চক খাই উঠিল।
—‘কি কলি, গাইজনী নাই!’ সাতোলাই হনুমন্ত জাঁপ এটা মাৰি চ’ৰাঘৰৰ পৰা পুতেকৰ ওচৰত থিত্ ল’লেগৈ। ‘হেৰ’ এৰাল-চেৰাল ছিঙি ক’ৰবালৈ যাব পাৰে, ভালদৰে চাইছিলি নে নাই?’
—‘চাইছিলো পিতাই। আমাৰ গাইজনী জানো দীঘলী পাচিৰ জামুজোপাৰ তলতে এৰাল দিয়া নাছিলি?’
—‘অঁ, তাতে দিছিলো।’
—‘মই চুটিপাচি, খাউণ্ডৰ মাটি, বৰ দল— সকলোতে চালো। ৰাইজৰ পুখুৰী আৰু বৰুৱা পুখুৰীৰ পাৰতো এপাক মাৰি আহিলো।’
সাতোলাৰ মুখখন হঠাতে চূণৰ টেমিটো যেন হৈ পৰিল। ধেমালি নেকি! কালি নগদ কুৰি হেজাৰ ভৰি গাইজনী অনা হৈছে আৰু আজি নাই বোলোঁতেই নাই হ’ব পাৰে নেকি? বাপেক-পুতেকৰ উচ্চগ্ৰামত হোৱা কথা-বতৰা শুনি ঢেঁকীঘৰৰ পৰা দমিলাও ওলাই আহিল। গাইজনী হৰণলুকি হোৱা কথাটো শুনা মাত্ৰকে তাই গছৰ কেঁচাপাত সৰি যোৱাকৈ বিনাবলৈ ধৰিলে— ‘অ’ কোনে এনেকৈ বুকুত কামোৰ মাৰি থৈ গ’ল অ’…।’
সাতোলাই বিলম্ব নকৰিলে। নন্দক দমিলাৰ লগত থৈ নদুৱাকে লগত লৈ কুকুৰ লৰ দি পথাৰ পালেগৈ। দহ আলিৰ মথাউৰিৰ পৰাই তেওঁলোকে নন্দই কোৱাৰ দৰে দীঘলী পাচিৰ জামুজোপাৰ তলত তেওঁৰ কলী গাইজনীৰ ঠাইত বগী গাই এজনীহে এৰাল দি থোৱা দেখিবলৈ পালে। গাইজনীৰ একেবাৰে ওচৰ পাই সাতোলা এটা কথাত আচৰিত হ’ল।গাইজনীৰ চেহেৰাটো তেওঁ কালি কিনি অনা গাইজনীৰ সৈতে হুবহু অবিকল। এৰালডালো তেওঁলোকৰে। কিন্তু…!
সাতোলাই মূৰে-কপালে হাত দি বৰষুণত তিতি থকা বঁকিয়া এটাতে বহি পৰিল।
—‘কোৱাইদেউ, হেৰিত জোক লাগিলে আক’ সর্বনাশ হ’ব, চাব।’
নদুৱাৰ কথা সাতোলাৰ কাণত নোসোমাল। তেওঁ মাথোঁ ভাবিলে— কি হ’ব এতিয়া? কি কৰে এতিয়া? পুতেকে গোটেই পথাৰখন বিচাৰিও যেতিয়া নাপালে, গাইজনী আৰু বিচাৰিওতো লাভ নাই! তেওঁৰ কুৰি হাজাৰ টকা পানীতেই পৰিল নেকি?…
—‘কোৱাইদেউ, বৰষুণৰ সুযোগ লৈ কোনোবা চোৰে গাইজনী সলাই লৈ যোৱা নাইতো?’ নদুৱাই পথাৰখনৰ চাৰিওফালে সন্ধানী চকু ফুৰাই সাতোলাৰ পৰা সমিধান বিচাৰিলে।
—‘হেৰ’ এই দিন দুপৰতে ক’ৰ চোৰখন আহিব? গৰু সলাই নিয়া ইমান দয়ালু চোৰ পৃথিৱীত এতিয়ালৈকে জনম পোৱা নাই।’
সাতোলাৰ খাৰাংখাচ কথাত নদুৱাই আৰু এই বিষয়ে কথা আগ নবঢ়ালে। নদুৱাৰ প্ৰধান পেশা গৰু চৰোৱা। এই অঞ্চলৰ পাঁচ-ছয়খন গাঁৱৰ প্ৰায় প্ৰতিঘৰ মানুহৰে সি গৰু পাল ৰাখে। পইচাৰ বিনিময়ত। কোনটো গৰু কাৰ ঘৰৰ তাৰ নখ দর্পণত। নদুৱাৰ লগত আলোচনা-বিলোচনা কৰি সাতোলা যেতিয়া নিশ্চিত হ’ল— বগী গাইজনী এই অঞ্চলৰ কাৰো নহয়, উপায়ান্তৰ নাপাই নদুৱাৰ কথামতেই তেওঁৰ কলী গাইজনী কোনোবা চোৰে সলাই নিলে বুলি ভাবি বগী গাইজনীকে ঘৰলৈ লৈ অনাৰ সিদ্ধান্ত কৰি পেলালে।
গাইজনী লৈ নদুৱা আগে আগে, সাতোলা পিছে পিছে। গাইজনীয়ে অৱশ্যে অকণো হোঁহকা-পিছলা নকৰিলে। তেওঁলোকৰ লগেলগে কনকনাই আহি থাকিল। নদুৱাই মুখেৰে কিবাকিবি বলকি আহিছিল যদিও সাতোলাৰ কাণত সেইবোৰ একো নোসোমাল। তেওঁৰ মনত মাথোঁ চেলাপেটী জোক লগাদি এটা কথাই লাগি থাকিল— গাইজনীৰ যদি পাছত কোনোবা গ্রাহক ওলায় আৰু তেতিয়া তেওঁহে যদি ওলোটাই চোৰত পৰেগৈ, তেনেহ’লে কি হ’ব? তেওঁৰ নাকটো ক’ত থাকিব?
পথৰুৱা গো-বাট এৰি গাঁৱলৈ সোমোৱা বাটটোত সাতোলাহঁত উঠিছিলহে, তেনেতে শান্তিপুৰৰ ফালৰ পৰা চাইকেল মাৰি আহি থকা কথা চহকী গজেনে তেওঁলোকৰ ওচৰতে চাইকেলখনৰ পৰা জাঁপ মাৰি নামি ক’লে— ‘কোৱাইদেউ, আজি নলতলিৰ সোমবৰীয়া বজাৰত ডাঙৰ ঘটনা এটা ঘটিল নহয়, গম পাইছেনে নাই?’
—‘নাই পোৱা। কি ঘটনানো?’ সাতোলাৰ সলনি নদুৱাই মাত লগালে।
—‘দলগাঁৱৰ ৰহমত গৰু বেপাৰীক ৰাইজে একেবাৰে গুৰুলা-গুৰুলকৈ খুন্দিলে।’
—‘কিয় অ’?’ পুনৰ নদুৱাৰ প্ৰশ্ন।
—‘সি বগী গাই এজনীক কলী কৰি বেচিব খুজিছিল।’
—‘হেৰ’ কেনেকৈ? ভেদ ভাং।’ সাতোলাই এইবাৰহে মুখ খুলিলে। তেওঁৰ নিৰ্দেশত গজেনে যিখন ৰামায়ণ গালে, তাৰ সাৰাংশ এনে ধৰণৰ:
ক’লী গাইত দাম বেছি পায় কাৰণে ৰহমতে বগী গাই এজনীকে গডৰেজ কলপ সানি কলী কৰি আনিছিল। কিন্তু সি যে ভেজাল কলপৰ বেপাৰীৰ পাল্লাত পৰিছিল গমেই পোৱা নাছিল। অথনিৰ দোপালপিটা বৰষুণজাকত তিতাৰ পাছতে ভেজাল ৰংবোৰ এৰাই গাইজনীৰ আচল ৰংটো ওলাই পৰাত সি আৰু ক’ত সাৰে?
গজেনে নিজৰ কথাৰ ৰসত বুৰি নিজেই খালৈত থকা কাৱৈ মাছৰ দৰে খলখলাই হাঁহিবলৈ ধৰিলে। তাৰ হাঁহিত নদুৱায়ো উজান দিলে। সাতোলাই পিছে হাঁহিব নোৱাৰিলে। অর্জুনে গাণ্ডীৱত টংকাৰ মৰাদি অইন এটা কথাইহে তেওঁৰ মনত টোকৰ মাৰি গ’ল।
কালি তেওঁতো ৰহমত বেপাৰীৰ পৰাই গাইজনী কিনিছিল! সাতোলাই লিখা-পঢ়া বেছিকৈ নাজানে যদিও অভিজ্ঞতাৰ পৰা তেওঁ বহু কথা শিকিছে। তেওঁ নদুৱাক হঠাতে নিৰ্দেশ দিলে— ‘ঐ, গাইজনী ৰখাচোন।’
নদুৱাই গল্চিডালত টানি গাইজনী ৰখাই দিলে। সাতোলাই এইবাৰ গাইজনীৰ একেবাৰে ওচৰলৈ গৈ তাইক ভালদৰে নিৰীক্ষণ কৰিবলৈ ধৰিলে আৰু বাওঁহাতটো গাইজনীৰ তলপেটটোত ফুৰাই দিলে। বৰষুণজাকে গাইজনীৰ তলপেটটো সম্পূৰ্ণকৈ তিয়াব পৰা নাছিল। পিঠিৰ পৰা নিগৰি যোৱা পানীৰ টোপালে মাথোঁ সেমেকাই তুলিছিল। সাতোলাৰ বাওঁহাতটোত ক’লা চানেকীয়া ৰং অলপ লাগি আহিল। সাতোলাৰ আৰু বুজিবলৈ বাকী নাথাকিল আচল ৰহস্যটো কি। কালি ৰহমত বেপাৰীয়ে তেওঁকো ৰাম ঠগন দিলে! নলতলি বজাৰৰ ৰহমত বেপাৰীৰ ঘটনাটো কৈয়ে গজেন চাইকেলত লাফ্ মাৰি উঠি গুচি গৈছিল। কাৰণ সি ইয়াত পলম কৰি থাকিলে নহ’ব। আজিৰ বজাৰৰ ঘটনাটো ৰহণ লগাই গাঁৱত সি অনেকক শুনাবগৈ লাগিব।
সাতোলাৰ কাণ্ড-কাৰখানা হৃদয়ংগম কৰিব নোৱাৰি মৰা মানুহৰ দৰে ফেলফেলকৈ চাই থকা নদুৱাক গাইজনী খেদিবলৈ নিৰ্দেশ দি তেওঁ এইবাৰ ক’লে— ‘বুইছ নদুৱা, তই ভবাৰ দৰে আমাৰ গাইজনী চোৰে সলাই নিয়া নাই। আমি কালি কিনি অনাজনীয়েই এইজনী।’
‘কি ক’লে কোৱাইদেউ? চেউৰী গায়ে ৰং সলায় বুলি জানো। কিন্তু সেই বুলিয়েই এৰাতিতে এনেকৈ ৰং সলাব পাৰে জানো?’ নদুৱাই সাতোলাৰ কথা বিশ্বাস কৰিবলৈ টান পালে।
—‘তই বৰ মূৰ্খ অ’ নদুৱা! অলপ আগেয়ে গজেনে কি ঘটনাটো কৈ গ’ল নুশুনিলি? কালি ৰহমত বেপাৰীয়ে আমাকো ঠগিলে। গডৰেজ কলপ সানি এই বগী গাইজনীকে আমাক কলী কৰি বেচিলে। পিছে সি এইজনী গাইত সনা গডৰেজখিনিও ভেজাল আছিল, নহ’লেনো অথনিৰ বৰষুণজাকতে ৰংবোৰ এৰাই যায়নে? তই বিশ্বাস নকৰ যদি এয়া চা। গাইজনীৰ নিতিতা তলপেটটোত এতিয়াও অলপ ৰং লাগি আছে।’ সাতোলাই আগবঢ়াই দিয়া বাওঁহাতখন দেখিহে নদুৱাৰ কথাটো বিশ্বাস হ’ল। সি হঠাতে খঙত টিঙিৰিতুলা হৈ ক’লে— ‘তেনেহ’লে আমিও ৰহমত বেপাৰীক ভালকৈ এপিটন দি আহোঁগৈ ব’লক।’
—‘নালাগে নদুৱা। যি হ’ল হ’ল। এশ গৰু মাৰিলে বাঘৰো মৃত্যু। সি আজি নলতলি বজাৰতে সেই শাস্তি খালে। পিছে আচল কথাটো কি জান নদুৱা?’
—‘কি কোৱাইদেউ?’
—‘ৰহমতৰ দৰে পুঠি-খলিহনাবোৰহে সদায় জালত পৰে। ৰৌ-বৰালিবোৰ সদায় সাৰি যায়।’
😀 | পূৰ্বৰ খণ্ডসমূহ পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড