সুধাকণ্ঠ ভূপেন হাজৰিকা

সুধাকণ্ঠ ভূপেন হাজৰিকা
  • 04 Nov, 2023
(৫ নৱেম্বৰৰ মৃত্যু দিৱসৰ শ্ৰদ্ধাৰ্ঘ্য)

সু ধাকণ্ঠ ড° ভূপেন হাজৰিকা। অসম আৰু অসমীয়া জাতি জীয়াই থকালৈকে প্ৰতিজন অসমীয়াৰ অন্তৰৰ আঁহে-কোঁহে যিসকল মহান পুৰোধাৰ নাম শিলৰ ৰেখাৰ দৰে খোদিত হৈ থাকিব, সেইসকলৰ এগৰাকী ড° ভূপেন হাজৰিকা। আজন্ম প্ৰতিভাধৰ এই মানুহজনে আমাক কাললৈ সমৃদ্ধ কৰি গৈছে তেখেতৰ অভ্ৰভেদী সৃষ্টিপ্ৰতিভা, তুলনাবিহীন সংগীতৰ মায়াজালেৰে। কি নাছিল তেওঁ? এগৰাকী গীতিকাৰ, সুৰকাৰ সংগীতশিল্পী হোৱাই নহয়, তাৰ সমান্তৰালভাৱে সাহিত্য-সংস্কৃতিৰ প্ৰায় প্ৰতিটো দিশতে, বিশেষকৈ চলচ্চিত্ৰ, নাটক, অনুবাদ, চিত্ৰ অংকন, অধ্যাপনা, সাহিত্যচৰ্চা আৰু কেবাখনো মননশীল জনপ্ৰিয় আলোচনীৰ সম্পাদনা আদিবোৰতো ভূপেন হাজৰিকা জড়িত হৈ সেই সকলোবোৰ ক্ষেত্ৰতে নিজৰ ঈৰ্ষণীয় প্ৰতিভাৰে উজলি উঠিবলৈ সক্ষম হৈছিল।

কেৱল সেয়াই নে? অসমৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত, বিশেষকৈ বলিউডৰ হিন্দী ছবি জগততো অসামান্য স্থান অধিকাৰ কৰি গৈছে আমাৰ বুকুৰ আপোন শিল্পীগৰাকীয়ে। আশী-নব্বৈ দশকতে ‘দিল হুম হুম কৰে’, ‘গংগা বেহতী হো কিউ’, ‘চুপকে চুপকে হাম পালকো মে’, ‘নেইনো মে দৰপণ হে’ ৰ দৰে ভালেসংখ্যক কালজয়ী গীতেৰে বলিউডত একপ্ৰকাৰ খলকনিৰ সৃষ্টি কৰিছিল ভূপেন হাজৰিকাই। তদুপৰি কলিকতাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো তেওঁ আছিল প্ৰচুৰ জনপ্ৰিয়। ভূপেন হাজৰিকাই বাংলা ভাষাত গোৱা প্ৰতিটো গীতেই বঙালীসকলৰ অতিকে প্ৰিয় আছিল। উল্লেখ্য যে ড° ভূপেন হাজৰিকাই সৰ্বোচ্চ অসামৰিক সন্মান প্ৰথমে নিজৰ দেশ ভাৰতৰ পৰা পোৱা নাছিল, তেখেতৰ অসামান্য প্ৰতিভাৰ প্ৰতি সন্মান জনাই বাংলাদেশৰ চৰকাৰে তেখেতক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘মুক্তিযোদ্ধা পদক’ৰে সন্মানিত কৰিছিল।

অফুৰন্ত সৃষ্টিশীলতাৰে ভৰপূৰ এই গৰাকী সংগীতজ্ঞৰ কাপেৰে এনে কেতবোৰ গীতৰ সৃষ্টি হৈছিল, যিবোৰে অসমৰ বা ভাৰতৰে নহয়, বিশ্বমানৱৰ বিভিন্ন সমস্যাৰ কথা সুন্দৰ আৰু সাৱলীলভাৱে উপস্থাপন কৰিছিল, যাৰ বাবে দেশ-বিদেশৰ বিভিন্ন ভাষালৈ অনূদিত হৈ, পৰিৱেশিত হৈ সমগ্ৰ পৃথিৱীতে সমাদৃত হৈছিল এইসমূহ অনন্য গীত। ভাৰততে নহয় দেশ-বিদেশৰ শত-সহস্ৰ জনতাক গীতেৰে, সুৰেৰে, সৃষ্টিৰে মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰা এগৰাকী নিভাঁজ অসমীয়া আছিল ড° ভূপেন হাজৰিকা। অসমৰ কোনোবা অখ্যাত গাঁৱৰ ‘ৰংমন’ৰ পৰা বিশ্ববিখ্যাত নীলনদীৰ পাৰৰ ‘জন’লৈকে, আমাৰ শংকৰ গুৰুৰ পৰা মাৰ্ক টোৱেইন, মেক্সিম গৰ্কি অথবা নেলচন মেণ্ডেলালৈকে সকলোৱেই আছে ভূপেন হাজৰিকাৰ গীতত। এক কথাত, পাহাৰ-ভৈয়ামৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য-সম্প্ৰীতিৰ বাণী বিলাই এক সুউচ্চ মন আৰু সুবিশাল হৃদয় লৈ মানৱতাৰ জয়গান গোৱা ভূপেন হাজৰিকা কেৱল ভাৰতৰত্নই নহয়, ‘বিশ্বৰত্ন’ হোৱাৰো যোগ্য।

ভূপেন হাজৰিকা

ক’বলৈ গ’লে, অসম আৰু অসমীয়া জাতীয় জীৱনৰ এনে এটা দিশ হয়তো নাই, যি তেখেতৰ গীতত প্ৰতিফলন হোৱা নাই। কি শংকৰ-মাধৱ গুৰু দুজনা, কি মহাবাহু ব্ৰহ্মপুত্ৰ, কি বহাগ, কি বাৰিষা, কি শৰৎ, কি শীত, কি বিহু, কি বানপানী, কি মানৱতাবাদ, কি প্ৰেম, কি বিৰহ, কি সমন্বয়-সম্প্ৰীতি, কি জাতীয়তাবাদ, দেশপ্ৰেম— সকলোখিনি ভূপেন হাজৰিকাই নিজৰ সৃষ্টিৰাজিৰ মাজেৰে, গীতৰ কথা সুৰ আৰু কণ্ঠৰ অপূৰ্ব সংমিশ্ৰণেৰে যাউতিযুগলৈ প্ৰতিগৰাকী অসমীয়াৰ হিয়াই হিয়াই নিকপকপীয়াকৈ খোদিত কৰি গৈছে। তেওঁ গীতৰ মাজেৰেই নিজৰ জাতিটোক তাহানিতে সকীয়াই থৈ গৈছে— ‘আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে মগনীয়া হ’ব’ বুলি।

তেওঁ অগ্নিযুগৰ ফিৰিঙতি হৈ নতুন সমাজ গঢ়াৰ সপোন ৰচিছিল। মানুহে মানুহৰ বাবে ভাবিবলৈ, মানুহৰ প্ৰতি সহানুভূতিশীল হ’বলৈ তেওঁ গীতৰ মাজেৰেই কৈ গৈছিল। গীতৰ মাধ্যমেৰেই তেওঁ বিমূৰ্ত নিশা মৌনৰ সূতাৰে নীলা চাদৰ বৈছিল। মহাবাহুক মহামিলনৰ তীৰ্থ বুলি কৈ ব্ৰহ্মপুত্ৰৰ সুবিশাল সভ্যতা-সংস্কৃতিৰ গৌৰৱময় গাথাক যিদৰে গীতৰ মাজেৰেই তুলি ধৰিছিল, আকৌ সেই বুঢ়ালুইতক প্ৰশ্নও কৰিছিল— অসংখ্যজনৰ হাহাকাৰ শুনিও, নৈতিকতাৰ স্খলন দেখিও, মানৱতাৰ পতন দেখিও নিশব্দে-নীৰৱে, নিৰ্লজ্জ অলসভাৱে কিয় বৈ আছে বুলি। একেদৰে, দেশ তথা জাতিটোৰ বিপদৰ সময়ত, জাতীয় জীৱনৰ দুৰ্যোগৰ সময়ত তেওঁ গীতেৰে জনগণৰ কাষত থিয় দিছিল। ৰামৰ দেশত থকা ৰাৱণ বধিবলৈ তেওঁ গীতৰ মাজেৰেই জনতাক উদ্বুদ্ধ কৰিছিল।

অন্যহাতেদি, ভূপেন হাজৰিকাৰ গীতসমূহৰ সাহিত্যিক মান অতি উচ্চ পৰ্যায়ৰ। তেখেতৰ প্ৰতিটো গীতেই উচ্চাংগ সাহিত্যৰ ৰূপ পোৱা বুলি ক’ব পাৰি। তেখেতৰ গীতসমূহৰ ৰচনাশৈলী পৃথক, একক আৰু অতুলনীয়। গীতৰ কথাৰ শব্দচয়নৰ মাধুৰ্য, যুক্তাক্ষৰৰ বহুল ব্যৱহাৰ, কাহিনী-গীতৰ প্ৰাচুৰ্য আদি বৈশিষ্ট্যই ভূপেন হাজৰিকাৰ গীতক স্বকীয়তা প্ৰদান কৰিছে। দীঘল শাৰীৰ ব্যৱহাৰ হোৱা বহুকেইটি গীতেও তেখেতৰ সৃষ্টিৰাজিক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। তেখেতৰ কেবাটাও গীতৰ শাৰীৰ সংখ্যা ইমানেই বেছি যে ই বিশ্বৰ সংগীতক্ষেত্ৰতে বিৰল। কিন্তু আটাইতকৈ ডাঙৰ কথা, সেই গীতসমূহ ইমানেই মাদকতাপূৰ্ণ যে গাই থাকোঁতে গীতৰ দৈৰ্ঘ্যৰ বিষয়টো কাৰো মনলৈকে নাহে।

প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণৰ আপোন, বিশ্ববিশ্ৰুত খ্যাতিৰে সমুজ্বল এইগৰাকী ভাৰতৰত্ন ড° ভূপেন হাজৰিকা আমাৰ মাজৰ পৰা গুচি যোৱা এটা যুগ হ’ল। কিন্তু এই এটা যুগত তেখেতৰ অবৰ্তমানত এটা অনুভৱ হৈছে, কেৱল তেওঁৰ ওপজা দিন আৰু মৃত্যুবাৰ্ষিকীৰ দিনটোত তেখেতৰ সোঁৱৰণী সভা, তেখেতৰ জীৱন তথা কৰ্মৰাজি সুৱঁৰি বক্তৃতানুষ্ঠান অথবা গীত-মাতৰ প্ৰতিযোগিতা পাতিলেই জানো অসমীয়াৰ দায়িত্ব শেষ হ’ব? নিশ্চিতভাৱে নহয়। তেখেতে নিজেই গীতৰ মাজেৰে কৈ গৈছে— “নেলাগে মোৰ সোঁৱৰণী সভা/ নেলাগে মিছা নাম…”। গতিকে চিন্তাবোৰ অলপ অন্যধৰণে কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। কৰবাত যেন ভূপেন হাজৰিকা নামৰ সত্তাটোৰ, তেখেতৰ অফুৰন্ত সৃষ্টিপ্ৰভিভাৰ মূল্যায়ন কৰাত আমি ৰৈ গৈছো!

আমাৰ জাতিটোৱে যেন ভূপেন হাজৰিকাক নতুনকৈ আৱিষ্কাৰ কৰাৰ প্ৰয়োজন হৈছে। তেখেতক অকৃত্ৰিমভাৱে ভাল পোৱা প্ৰতিগৰাকী অসমীয়াই নিশ্চিতভাৱেই তেখেতৰ প্ৰতিটো সৃষ্টিৰ নৱ মূল্যায়ন, গৱেষণা হোৱাটো কামনা কৰে, তেখেতক চিৰযুগমীয়া ৰূপত আমাৰ মাজত থকাটো বিচাৰে। কিন্তু তাৰ বাবে নতুন প্ৰজন্মলৈ তেখেতৰ ব্যক্তিত্ব, প্ৰতিভা, তেখেতৰ সৃষ্টিৰাজি, গীতসমূহৰ বৈশিষ্ট্য আদি শুদ্ধ আৰু পৰিশীলিত ৰূপত লৈ যোৱাৰ প্ৰাসংগিকতা আহি পৰিছে। অসমৰ নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালীক পৰিচয় কৰাই দিব লাগিব তেখেতৰ কৰ্মৰাজি, অভ্ৰভেদী সৃষ্টিসত্তাৰ সৈতে। তেখেতৰ প্ৰতিটো গীত শুনিবলৈ, বুজিবলৈ, গাবলৈ, হৃদয়ৰে উপলব্ধি কৰিবলৈ উদ্বুদ্ধ কৰিব লাগিব। তেতিয়াহে প্ৰকৃতাৰ্থত তেখেতৰ প্ৰতি কিছু হ’লেও সন্মান বা শ্ৰদ্ধা প্ৰদৰ্শন কৰা হ’ব।

❧ | আৰু পঢ়ক:

সুধাকণ্ঠ ভূপেন হাজৰিকা | হিমাংশু ৰণ্‌জন ভূঞা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক