শিক্ষক মানে জন্মদাত্ৰী মাতৃ,
যাৰ গৰ্ভত থকাৰ পৰাই আৰম্ভ হয়
শিক্ষা-জীৱন।
শিক্ষক মানে সচেতন পিতৃ,
যাৰ তীক্ষ্ণ দৃষ্টিত পালিত হয়
ছাত্র-জীৱন।

শিক্ষক মানে একোটা গুৰি-পৰুৱা,
যি দিব পাৰে মাউখে উটাৰ জ্ঞান;
শিক্ষক মানে জোনাকী পৰুৱা,
যি দেখুৱাই এন্ধাৰতো আমাক বাট।

শিক্ষক মানে ষণ্ডামৰ্ক নহয়,
শিক্ষক মানে ঋষি বশিষ্ঠ আৰু বিশ্বামিত্ৰ;
শিক্ষক মানে গুৰু দ্ৰোণাচাৰ্য নহয়,
শিক্ষক মানে বিদূৰ আৰু বিকৰ্ণ।

শিক্ষক মানে প্ৰকৃতি,
শিক্ষক মানে নিয়ম-নীতি,
শিক্ষক মানে সমদৃষ্টি,
শিক্ষক মানে শ্ৰদ্ধা-ভক্তি।

শিক্ষক মানে কেতিয়াবা দুখ আৰু কষ্ট,
শিক্ষক মানে সৰ্বদা ধৈৰ্য আৰু সহ্য;
শিক্ষক মানে কেতিয়াবা বিপ্লৱৰ গান,
শিক্ষক মানে আমৃত্যু অবিৰত সংগ্ৰাম।

শিক্ষকেই পাব পাৰে সমৃদ্ধি আৰু সন্মান,
শিক্ষকেই পাব পাৰে সুফল আৰু সুনাম,
শিক্ষকেই দিব পাৰে গতি আৰু জ্ঞান,
শিক্ষকেই ল’ব পাৰে সৱাতোকৈ উচ্চ স্থান।

শিক্ষক মানে সমাজৰ শক্তি;
সেই শক্তিক জনাইছোঁ
প্ৰণাম শতকোটি।

❧ | আৰু পঢ়ক:

শিক্ষক | ডা° হেমন্ত কুমাৰ গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক