এজাক বৰষুণে ধুৱাই নিলে
ধৰণী মোৰ।
আঃ বিনন্দীয়া ৰ’দৰ জিলিঙণিত
সাৰ পাই উঠিল ভুৱন ভুলোৱা সেউজ।
সদ্যস্নাতা পাতত পানীৰ টোপালবোৰে
আনন্দৰ ৰোল তোলে,
গছে পাতে পথাৰে পথাৰে
সাতোৰঙী সুৰৰ বীণ বাজে।
শাওনী বাইহঁতে কোঁচনি কোচাই
খিলখিলনি তুলি
বোকাৰ পথাৰখন পলসুৱা কৰে
আশাবোৰ সিঁচি দিয়ে
সুখৰ সন্ধানত।
বহু বেলি হ’ল…
দেওধনী খোজত ঘৰমুৱা হয়
হেঙুলীয়া পৰস পৰা আপোন ঘৰলৈ।
দূৰৈত ক’ৰবাত আকৌ মেঘে গাজে…
🔗 | আৰু পঢ়ক:
ছবি: নয়নজ্যোতি শইকীয়া
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক