শাওণৰ পথাৰ

শাওণৰ পথাৰ
  • 05 Aug, 2022

এজাক বৰষুণে ধুৱাই নিলে
ধৰণী মোৰ।
আঃ বিনন্দীয়া ৰ’দৰ জিলিঙণিত
সাৰ পাই উঠিল ভুৱন ভুলোৱা সেউজ।

সদ্যস্নাতা পাতত পানীৰ টোপালবোৰে
আনন্দৰ ৰোল তোলে,
গছে পাতে পথাৰে পথাৰে
সাতোৰঙী সুৰৰ বীণ বাজে।

শাওনী বাইহঁতে কোঁচনি কোচাই
খিলখিলনি তুলি
বোকাৰ পথাৰখন পলসুৱা কৰে
আশাবোৰ সিঁচি দিয়ে
সুখৰ সন্ধানত।

বহু বেলি হ’ল…
দেওধনী খোজত ঘৰমুৱা হয়
হেঙুলীয়া পৰস পৰা আপোন ঘৰলৈ।

দূৰৈত ক’ৰবাত আকৌ মেঘে গাজে…

🔗 | আৰু পঢ়ক:

ছবি: নয়নজ্যোতি শইকীয়া

শাওণৰ পথাৰ | পবিত্ৰ কুমাৰ দাস

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক