হি মাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে যোৱা ৯ ছেপ্তেম্বৰত মুক্তি পাইছে এখন অসমীয়া চিনেমা— ‘বুলু ফিল্ম’। চিনেমাখনৰ কাহিনী হিমাংশু প্ৰসাদ দাসৰ, চিত্ৰনাট্য মহৰ্ষি তুহিন কাশ্যপ, চাংকু নিৰঞ্জন নাথ আৰু হিমাংশু প্ৰসাদ দাসৰ।
বুলু ফিল্ম সময় সাপেক্ষ বিষয়-বস্তুৰে এখন কিছু অগতানুগতিক চিনেমা। লক ডাউনৰ সময়ৰ জীৱন সংগ্ৰাম-সমস্যা-হতাশা আদি চিনেমাৰ কাহিনীটোৰ মূল সম্বল। তাৰ ৰূপায়ণ আৰু কিছু পৰিপক্ক আৰু কাৰ্যকৰী (effective) হোৱাৰ সম্ভাৱনা আছিল বোধহয়। সামগ্ৰিকভাৱে বিষয়-বস্তু আৰু উপস্থাপনত এক বলিষ্ঠ প্ৰয়াস আছে। মূল কাহিনীটোৰ লগে লগে কিছুমান সূক্ষ্ম দিশৰ প্ৰক্ষেপণ সুন্দৰ। আনহাতে কিছু সূক্ষ্ম প্ৰক্ষেপণ সমস্যাজনকো— যদিও কাহিনীৰ মূল সুঁতিটোত নাৰীবাদী ঢৌ আছে, তাৰ লগতে কম বয়সতে বিধৱা হোৱা মহিলাই ‘খজুৱতি’ নিবাৰণৰ কাৰণে বেশ্যা বৃত্তি গ্ৰহণ কৰে বুলি সংলাপো আছে। তেনে সংলাপ কোনো negative character-ৰ মুখত থকা হ’লে বুজা গ’লহেঁতেন যে এক বিশেষ নীচ মানসিকতা দেখুৱাবলৈ তেনে সংলাপ ব্যৱহাৰ কৰা হৈছে। কিন্তু ইয়াত মূল যুৱক চৰিত্ৰ তিনিটাক পৰিস্থিতিৰ পাকচক্ৰত পৰি যিকোনো কামকে কৰিবলৈ প্ৰস্তুত হোৱা দেখুওৱা হৈছে যদিও তেওঁলোকক নীচ মনোবৃত্তিৰ চৰিত্ৰ হিচাপে ৰূপায়ণ কৰা হোৱা নাই। নাৰী চৰিত্ৰকেইটাক বলিষ্ঠ ৰূপত উপস্থাপন কৰাটো চিনেমাখনৰ এটা প্ৰসংশনীয় দিশ।
কিছু দৰ্শকে চিনেমাখনৰ কেইটামান দৃশ্য,— সংগমৰ দৃশ্য, উদং গাৰে বিছনাত বাগৰি প্ৰায় সংগমৰত ভাব-ভংগীৰে প্ৰেমিকাৰ লগত ফোনত কথা পতাৰ দৃশ্য, এটা চৰিত্ৰই চৰম হতাশাত ‘কোনে মাৰ, মাৰ’ বুলি পেণ্ট খুলি দিয়া দৃশ্য সহজভাৱে গ্ৰহণ কৰিব পৰা নাই যেন লাগিছে বা চিনেমাখনত তেনে কেইটামান দৃশ্যৰ প্ৰয়োজন নাছিল বুলি কৈছে। ইয়াৰ লগত জড়িত নৈতিকতাৰ দিশটো আৰু দৰ্শকৰ হাঁহি-খিকিন্দালিৰ সম্পৰ্কটো শেষৰ ফালে আলোচনা কৰিম; কিন্তু মোৰ দৃষ্টিত এনেধৰণৰ দৃশ্যকেইটাই দৰ্শকৰ পৰিপক্কতা (maturity)ক (লগতে দুমুখীয়া চৰিত্ৰক, কাৰণ একেখিনি দৰ্শকে নিশ্চয় নেটফ্লিক্স, ডিজনি প্লাছ হটষ্টাৰ আদি অ’টিটি প্লেটফৰ্মত এনে ধৰণৰ দৃশ্য থকা চিনেমা চাই থাকে) challenge কৰিছে। সেই দিশেৰে এনেবোৰ দৃশ্য অসমীয়া চিনেমা এখনত অনাটো মই এক ইতিবাচক কথা বুলিয়ে ভাবোঁ (যিসকলে পৰিষ্কাৰ-পৰিচ্ছন্ন, বিশুদ্ধ, নিৰ্মল অসমীয়া সমাজত বিশ্বাস ৰাখে, তেওঁলোকে বেয়া পালেও উপায় নাই)।
অভিনয়ৰ ক্ষেত্ৰত নাটকীয় অভিনয়ৰ সলনি সাৱলীল অভিনয়ৰ প্ৰয়াস প্ৰায় সকলোকেইটা চৰিত্ৰতে দেখা যায়। তুলনামূলকভাৱে কুলদীপৰ চৰিত্ৰটোত কিছু নাটকীয়তা আছে।
বুলু বাইৰ ভায়েকৰ চৰিত্ৰটোৰ অভিনয় ভাল লাগিল। হিমাংশু প্ৰসাদ দাসে কোনো অভিনয়-চমকৰ আশ্ৰয় নোলোৱাকৈ বাস্তৱিকভাৱে তেনে ঠাইৰ তেনে চৰিত্ৰ এটা ফুটাই তুলিবলৈ আন্তৰিকতাৰে চেষ্টা কৰিছে। তেনেদৰে গোৱাৰ পৰা ঘূৰি আহি নিজৰ ঠাইতে খাপ নোখোৱা ধৰণৰ, লগতে বাকী দুটা মূল চৰিত্ৰৰ তুলনাত অলপ easy going চৰিত্ৰটো ফুটাই তুলিবলৈ চাংকু নাথ সফল হৈছে যদিও তেওঁৰ চৰিত্ৰটোত লক ডাউনৰ গধুৰ বোজাৰ বিশেষ প্ৰভাৱ (গোৱাৰ চাকৰি বাদ ঘৰলৈ ঘূৰি আহিব লগা হোৱা সত্ত্বেও) দেখা নগ’ল।
চৰিত্ৰায়ণ আৰু অভিনয় দুয়ো দিশৰ পৰা মোৰ তৃতীয় যুৱ চৰিত্ৰটো (নামটো পাহৰিলো) বিশেষভাৱে ভাল লাগিল। তেওঁৰ চাকৰি বাদ দি স্বাৱলম্বী (আত্মনিৰ্ভৰ?) হোৱাৰ সপোনটোত লক ডাউনে মাধমাৰ সোধোৱা দিশটো বৰ্তমান পৰিস্থিতিত বিশেষ তাৎপৰ্যপূৰ্ণ। লক ডাউনৰ সময়ৰ যি যন্ত্ৰণা, হতাশা, আৰ্থিক হতাশা উপস্থাপন কৰিব বিচৰা হৈছে, তাক তেওঁৰ অভিনয়ে আটাইতকৈ সবলভাৱে কঢ়িয়াই নিব পাৰিছে। তেওঁ পেণ্ট খুলি দিয়া দৃশ্যটো সেই হতাশাৰে চূড়ান্ত ৰূপ,— তাত অশ্লীলতাতো নায়েই, কোনো যৌন ইংগিতো নাই।
প্ৰণামী বৰাৰ অভিনয় যিখিনি দেখিছোঁ, সদায়েই ভাল পাইছোঁ; কিন্তু এইখন চিনেমাত তেওঁ যি কৰিলে, সেয়া একপ্ৰকাৰে অবিশ্বাস্য। আৰম্ভণিতে ভাবিছিলো, এই আছে এই নাই ধৰণৰ চকামকা চৰিত্ৰ এটাৰ বাবে তেওঁৰ পৰ্যায়ৰ অভিনেতাৰ কি প্ৰয়োজন আছিল? লাহে লাহে সেই প্ৰয়োজন বুজি পালো— প্ৰায় কায়িক অস্তিত্বহীন, চকামকা ছাঁ হেন চৰিত্ৰ এটা (যিটো বাকী চৰিত্ৰকেইটাই কৰা বু বু-বা বা, ঠাট্টা-মস্কৰাৰ জৰিয়তেহে দৰ্শকৰ আগত দাঙি ধৰা হৈছে, অৰ্থাৎ চৰিত্ৰটোৰ অনুপস্থিতিতহে চৰিত্ৰটোক দৰ্শকৰ লগত চিনাকি কৰাই দিয়া হৈছে), আনবোৰ দৃশ্যৰ মাজে মাজে স্বচ্ছ-অস্বচ্ছ নিমাখিতভাৱে চাহ বেচা ফ্লাস্কটো লৈ পাৰ হৈ গৈছে, মদ খাবলৈ পইচা বিচাৰি পিছ নেৰা ভায়েকটোক দিওঁ-নিদিওঁকৈ অলপ পইচা দি পিছ এৰুৱাইছে, কাজিয়া কৰিবলৈ পিছে পিছে খেদি অহা মহিলাগৰাকীৰ পৰা যেনেতেনে হাত সাৰিছে,— সকলো দূৰে দূৰে, কেমেৰাৰ লগত (দৰ্শকৰ লগত) কোনো প্ৰত্যক্ষ সংঘাত নাই, যিকেইটা দৃশ্যত কেমেৰাৰ সমুখত আছে, তাতো যিকোনো মুহূৰ্তত বেকগ্ৰাউণ্ডত বিলীন হৈ যাব যেন এক উপস্থিতি; আনকি শেষৰ ফালে কাহিনীৰ কেন্দ্ৰ বিন্দু হৈ পৰাৰ পাছতো সেই একেই ভাসমান এক অশৰীৰী উপস্থিতি— কি সাংঘাতিক!
![বুলু ফিল্ম চিনেমা](https://res.cloudinary.com/s3/image/upload/v1714108258/bulu-film-movie-poster_sy8y4a.webp)
বুলু ফিল্ম চিনেমাৰ পোষ্টাৰ
শেষৰ গুৰুত্বপূৰ্ণ দৃশ্যটোৰ দৃশ্যায়ন অতি শক্তিশালী আৰু মৰ্মস্পৰ্শী। যদিও এটা সম্ভোগৰ দৃশ্য (সংগমৰ নহয়), ইমান পৰে হাঁহি-খিকিন্দালি, চিঞৰ-বাখৰ কৰি থকা চেঙেলীয়াহঁতো নীৰৱ হৈ গৈছিল। এনে দৃশ্যায়নৰ সামৰ্থ্য থকা পৰিচালকগৰাকীয়ে ইচ্ছা কৰিলে বুলু ফিল্মতকৈ বহু উচ্চ স্তৰৰ চিনেমা নিৰ্মাণ কৰিব পাৰিব।
এই দীঘলীয়া বকলাৰ পাছত (কিছু) দৰ্শকৰ প্ৰতিক্ৰিয়া বিষয়ক আৰু এবকলা:
মই চোৱা শ্ব’টোত এনে লাগিল যেন চিনেমাখনে (শেষৰ চোৱা বাদ দি) একাংশ দৰ্শকক (এচাম চেঙেলীয়া ডেকাক) ৰাজহুৱাভাৱে ‘অশ্লীল’ হ’বলৈ অনুমতিহে দিলে! আন বহু দৰ্শকৰো একে ধৰণৰ অভিজ্ঞতা হোৱা বুলি শুনিছোঁ। সেয়া অৱশ্যে চিনেমাখনৰ দোষ নহয়, দকৈ চাবলৈ গ’লে দৰ্শকখিনিৰো দোষ নহয়, সমস্যাটো হ’ল সকলো ‘প্ৰাপ্তবয়স্ক’ বিষয় তুলিৰ তলত থোৱাৰ (মানে ‘আন্দাৰ দ্য কাৰ্পেট’ আৰু!) আমাৰ সমাজৰ যি নৈতিক বিশুদ্ধিকৰণৰ মানসিকতা— সেয়াহে। (এইখন চিনেমাৰ প্ৰসংগতো বহুতে নৈতিক প্ৰশ্ন এটা আনিছে বুলি শুনিছোঁ, নৈতিক বিশুদ্ধিকৰণৰ জৰিয়তে মানসিকভাৱে যৌন-বিকৃতি পোহপাল দি ৰখাটো বোধহয় ‘ভাল’ সমাজৰ ‘নৈতিক দায়িত্ব’!) কিছুমান বিচলিত কৰা (disturbing) দৃশ্যতো কিছু দৰ্শকে হাস্যৰস বিচাৰি পোৱা দেখি সঁচাকৈয়ে অবাক হৈছিলো। এই ক্ষেত্ৰত কেৱল দৰ্শকক দোষ নিদি চিনেমাখনৰ মুক্তিৰ পূৰ্বৰ প্ৰচাৰ কেনে আছিল, সেইটোও চাব লাগিব। চিনেমাখন ভাল চলিছে বুলি শুনিছোঁ, সেয়া নিঃসন্দেহে ভাল খবৰ। লগতে চিনেমাখন কিয় জনপ্ৰিয় হৈছে, তাৰ ভিত্তিতো চিনেমাখনৰ বিষয়ে কিছু কথা ভাবিব পাৰি। মই যিখিনি দেখিছিলো, তাৰ ভিত্তিত মই ভাবোঁ যে চিনেমাখনক এখন বাস্তৱৰ ছবি দাঙি ধৰা মননশীল চিনেমা হিচাপে প্ৰচাৰ কৰা হোৱা নাছিল, যদি তেনেধৰণে প্ৰচাৰ কৰা হ’লহেঁতেন, তেনেহ’লে চিনেমাখন ইমান চলিলহেঁতেন নে?
মই এই কথা বিনাদ্বিধাই স্বীকাৰ কৰোঁ যে হলত ৰিলিজ কৰা চিনেমা এখনৰ বাবে বাণিজ্যিক দিশটো খুব গুৰুত্বপূৰ্ণ, কিন্তু এইখনতো দিলৱালে দুলহনিয়া লে জায়েংগে ধৰণৰ চিনেমা নহয় যে বাণিজ্যিক দিশটোৱেই মূল, বাকী সকলো পাছত! অৱশ্যে এই ধৰণৰ সমালোচনাৰ এটা উত্তৰ চিনেমা নিৰ্মাতা (বা যিকোনো শিল্পী) সকলৰ হাতত মজুত থাকে যে ভাল কথা/ চিন্তা/ কাহিনী এটা যথা সম্ভৱ সৰহ সংখ্যক দৰ্শকৰ ওচৰলৈ লৈ যাবৰ বাবে কেতিয়াবা কিছুমান কৌশল প্ৰয়োগ কৰিব লগা হয়। কথাটোৰ কিছু সত্যতা আছে যদিও (নহ’লে মুক্তিৰ পূৰ্ব প্ৰচাৰ, বিজ্ঞাপন আদিৰ প্ৰয়োজনেই নহ’লহেঁতেন) সেই কৌশল যদি ‘যেন তেন প্ৰকাৰেণ’ হয় (বা সস্তীয়া হয়) তেতিয়া কথাটো সমস্যাজনক হৈ পৰে। দৰ্শক লাগে— সঁচা কথা, কিন্তু কেনে দৰ্শক? অলপ গাৰ চাল দেখিলেই (বা সাধাৰণতে আমাৰ চিনেমাবোৰত শুনিবলৈ নোপোৱা দুই-এটা শব্দ শুনিলেই) দেহত সুৰসুৰণি উঠা দৰ্শক? চিনেমাৰ পোষ্টাৰত থকা ‘যৌৱনে আমনি কৰে’ টেগলাইনটোৰ চিনেমাখনৰ লগত কি সম্পৰ্ক আছে?
সেই ‘যেন তেন প্ৰকাৰেণ’ কৌশলে ভাল চিনেমা এখন চাম বুলি যোৱা দৰ্শকসকলক চিনেমাখন উপভোগ কৰাত ব্যাঘাত জন্মোৱা নাইনে? নে দৰ্শকৰ যি হয় হওক; চিনেমা চলিল পইচা আহিল,— খেলা খতম?
❧ | আৰু পঢ়ক:
- অৰিবাম শ্যাম শর্মাৰ চিনেমা
- বণ্ড, জেমচ বণ্ড
- অনেকে কয়, লটাৰি আৰু বঁটা বিজয় একেই কথা, পিছে ৰজনী বসুমতাৰীয়ে খেলিবলৈকে নাপালে
- অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্তমান আৰু ভৱিষ্যৎ
- মিয়াজাকিৰ স্পিৰিটেড এৱেৰ সঁচা চৰিত্ৰবোৰ