২ ৪ ফেব্ৰুৱাৰী, ২০২৩। সময় ঠিক দিনৰ ২.৩৬ বাজিছে। পৰিৱেশকর্মী ধ্ৰুৱজ্যোতি চেতিয়াই আমালৈ ফোন কৰি ক’লে— “মানস দা, ডাঙৰ ঘটনা এটা হৈছে নহয়, পাগলী পথাৰত শগুন পৰি মৰি আছে। মোৰ লগৰ ৰঞ্জন চেতিয়াই এইমাত্র ফোন কৰি ক’লে, ৭টামান শগুন পৰি মৰি আছে বোলে। আপুনি সোনকালে আহক।” কথাষাৰ শুনি মোৰ মুখৰ মাত হৰিল। তিনি দিনৰ আগতে ধ্রুৱ আৰু মই কঢ়াঘাটত থকা শগুনৰ বাহকেইটা নিৰীক্ষণ কৰি আহিছিলোহে। আমি বাহকেইটাত পোৱালি দেখা পাইছিলো। কেনেবাকৈ সেই শগুনকেইটা নহয়তো! বুকুখন চিৰিংকৈ কঁপি উঠিল। নাই, এতিয়া আৰু ৰৈ থাকিব নোৱাৰি। মই স্কুটীখন লৈ পাগলী পথাৰলৈ বুলি আগবাঢ়িলো। বাটতে পৰিৱেশকর্মী তথা পু এন ফ’ ৱাইল্ডৰ সহ প্রতিষ্ঠাপক ৰণ্টু চেতিয়াই লগ দিলে। তেওঁৰ সৈতে পথাৰত উপস্থিত হ’লোগৈ।
ইতিমধ্যে খবৰটো বিয়পি পৰিছিল। গৈ দেখা পালো, এটা সংকটজনক অৱস্থাত থকা এটা শগুনৰ পৰিচৰ্যাত ধ্ৰুৱ ব্যস্ত হৈ আছে। কাষতে সাংবাদিক পুলকজ্যোতি বৰা আৰু অন্যান্য সংবাদকৰ্মী আৰু স্থানীয় ৰাইজ। স্থানীয় ব্যক্তি এজনক পানী যোগাৰ কৰিবলৈ দি ধ্রুৱই লগত থকা হাতমোজাযোৰ পিন্ধি শগুনটোক পানী খুৱাই বমি কৰাবলৈ চেষ্টা কৰি আছিল। কাষতে কেইবাটাও শগুন মৰি পৰি আছে। তাৰ কাষতে এটা মৃত কুকুৰ। এই মৃত কুকুৰটোৱেই সমগ্র ঘটনাৰ বাবে দায়ী বুলি আমি সন্দেহ কৰিলো। পানী খুৱাই দিয়াত শগুনটোৱে মঙহ আৰু হালধীয়া ৰঙৰ বহু বিজলুৱা পানী বমি কৰি কিছু পৰিমাণে উশাহ ল’ব পৰা হৈছিল।
আমি ফোন কৰি পৰিৱেশ-মিত্ৰ দেৱজিৎ ফুকন ছাৰক সবিশেষ জনাই ডাক্তৰৰ সৈতে আলোচনা কৰিবলৈ অনুৰোধ কৰিলো। আমি আলোচনা কৰি অসুস্থ শগুনটোক পশু চিকিৎসালয়লৈ নিবলৈ এখন গাড়ী ঠিক কৰাৰ কথা ভাবিছিলো যদিও আমাৰ হাতত সময় একেবাৰে কম আছিল বাবে গাড়ীলৈ অপেক্ষা নকৰি ঘটনাস্থলীৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দূৰৈত অৱস্থিত চিকিৎসালয়লৈ সংকটজনক অৱস্থাত উদ্ধাৰ কৰা শগুনটো মোৰ স্কুটীখনতে লৈ মই আৰু ধ্ৰুৱ ৰাওনা হ’লো।
আমি গৈ পাই দেখা পালো চিকিৎসালয় বন্ধ। পলম নকৰি চিকিৎসালয়ৰ কাষতে থকা দোকান এখনৰ পৰা পশু চিকিৎসক ডাঃ ৰূপম গগৈ ছাৰৰ ফোন নাম্বাৰটো লৈ ফোন যোগে সমষ্ট ঘটনা বিৱৰি কোৱাত তেখেতে শগুনটো লৈ পোনে পোনে আমাক বন বিভাগৰ অফিচলৈ যাবলৈ ক’লে। ইতিমধ্যে শগুনটো দেখি পশু চিকিৎসালয়ৰ সন্মুখত বহুকেইজন মানুহ গোট খাইছিল। ধ্রুৱই পানী বিচৰাত কোনোবা এজন ব্যক্তিয়ে কাষৰ দোকানৰ পৰা পানীৰ বটল এটা কিনি দি নিজেই চৰাইটোক খুৱাই পৰিৱেশৰ প্ৰতি সচেতনতাৰ নিদৰ্শন দেখুৱাই বটলটো আমাক দি আঁতৰি গৈছিল। তেখেতৰ এই পৰিৱেশ সচেতন মনৰ বাবে তেখেতলৈ আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
চিকিৎসকৰ পৰামর্শ মতে আমি বন বিভাগৰ কার্যালয় পালোগৈ। ডাঃ ৰূপম গগৈয়ো তাৎক্ষণিকভাৱে উপস্থিত হ’লহি। আমি বন বিষয়াৰ কাৰ্যালয়ত চিকিৎসা প্ৰদানৰ কামত সহযোগ কৰিলো। শগুনটো পৰীক্ষা কৰি তেখেতৰ সহায়কাৰী এজনক ফোন কৰি ঔষধ লৈ আহিবলৈ ক’লে। ইতিমধ্যে শগুন উদ্ধাৰৰ অভিজ্ঞতাৰে পুষ্ট ড° অমল দত্ত ছাৰলৈ মই ফোন কৰিছিলো। তেখেতো আহি পালেহি। ঘিলামৰাৰ পৰা পশু চিকিৎসক ডাঃ হেমন্ত চুতীয়াও আহি উপস্থিত হ’লহি। আমি পুনৰ পাগলী পথাৰলৈ ৰাওনা হ’লো।
তেতিয়ালৈ সাংবাদিক ৰাজীৱ বৰুৱা আৰু প্রতাপ দত্তও উপস্থিত হৈছিলহি। এই নিদাৰুণ সময়খিনিতে আকৌ অন্ধবিশ্বাসত ডুবি থকা সমাজৰ একাংশ লোকে মনে মনে শগুনৰ পাখি, হাড় আদি বিচাৰি আমাক আমনি কৰিছিল যদিও আমি ধমকি দি আতঁৰাই পঠিয়ালো। পাগলী পথাৰলৈ আহি থাকোঁতে পৰিৱেশকৰ্মী বিমান সন্দিকৈ দাদাক লগ পালো। তেখেতকো ঘটনাস্থলীলৈ আহিবলৈ ক’লো। আমি মৃত কুকুৰটো ভালদৰে পর্যৱেক্ষণ কৰি দেখিলো যে কুকুৰটো খোৱাৰ কোনো চিন-মোকাম নাই। অন্য ক’ৰবাত খাদ্য খাই আহি কুকুৰটো খাবলৈ আহোঁতেই হয়তো শগুনবোৰ অসুস্থ হৈ পৰিল। আমি নিশ্চিত হ’লো যে অন্য ঠাইতো মৰা শ বা অসুস্থ শগুন ওলাব পাৰে।
মই ধ্রুৱক ক’লো— “ইয়াত আৰু শগুনো থাকিব পাৰে। আমি বিচাৰ খোচাৰ কৰা উচিত।” লগে লগে কেইজনমান স্থানীয় ব্যক্তিৰ সৈতে মই, ৰণ্টু, ধ্রুৱ আৰু বিমান দাই কাষৰ বাঁহনি আৰু হাবিত শগুনৰ সন্ধান আৰম্ভ কৰিলো। আমি বিচাৰ-খোচাৰ কৰাত আন এটা শগুন সংকটজনক অৱস্থাত পালো। লগে লগে বিমান সন্দিকৈ দা আৰু ধ্ৰুৱ পুনৰ বন বিষয়াৰ কাৰ্যালয়লৈ ৰাওনা হ’ল। দুয়োটাৰে চিকিৎসা আৰম্ভ হ’ল। ইতিমধ্যে আমি বনকৰ্মীৰ সহযোগত মৰা কুকুৰটো পুতি মৰা শগুনকেইটা পোষ্টমৰ্টেম কৰিবলৈ এখন গাড়ীত বন বিভাগৰ অফিচলৈ লৈ গ’লো। সন্ধিয়ালৈ হেমন্ত কুমাৰ বৰুৱা আৰু মহকুমাধিপতি অৰিন্দম বৰুৱাও আহিল, চিকিৎসাৰ বুজ ল’লে। তেতিয়ালৈ আন্ধাৰো হৈ আহিল।
কেইবাঘণ্টা ধৰা নেৰানেপেৰা চিকিৎসাৰ শেষত চিকিৎসকে শগুন দুটা বিপদমুক্ত বুলি ঘোষণা কৰিলে। মনটো অলপ হ’লেও শাঁত পৰিল। সেইদিনা শগুন দুটা বন বিভাগৰ অফিচৰ পুৰণি ৰুম এটাত থোৱাৰ সিদ্ধান্ত লোৱা হ’ল। ডাঃ ৰূপম গগৈয়ে পাছদিনা মৃত শগুনকেইটা পোষ্টমৰ্টেম কৰিব বুলি জনালে। আমি আলোচনা কৰি পাছদিনা ৰাতিপুৱা ধ্রুৱ আৰু বিমান দাই ঘটনাস্থলীলৈ গৈ সম্ভাৱ্য বিষাক্ত মৰাশটো বিচৰাৰ সিদ্ধান্ত লোৱা হ’ল। যদিহে বিষ দিয়া মৰাশটো এতিয়াও ক’ৰবাত ওচৰে-পাজৰে আছে, তেতিয়া অন্য শগুনো পুনৰ বিষক্রিয়াৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।
২৫ ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱা ৬.৩০ বজাত মোৰ ফোনটো বাজি উঠিল। মই তেতিয়া জুহালৰ কাষতে বহি আছিলো। ফোনটোৰ স্ক্রীনত জিলিকি উঠিল— যাযাবৰী বিহংগ। আচলতে ধ্রুৱৰ নামটো এই নামেৰে মোৰ ম’বাইলত চেভ কৰা আছে। ফোন কলটো ৰিচিভ কৰাৰ লগে লগে ধ্রুৱই ক’লে— “ঘটনাস্থলীৰ পৰা আধা কিলোমিটাৰ মান দূৰৈত মৰা গৰু পোৱালি এটা কুকুৰে খাই থকা দেখি আমি চাই দেখিলো যে এই গৰু পোৱালিটো খায়েই শগুনকেইটাৰ মৃত্যু হোৱাৰ লগতে অসুস্থ হৈছিল।”
বনবিভাগৰ সৈতে আলোচনা কৰি গৰু পোৱালিটোৰ শটো পুতি পেলোৱা হয়। ডাঃ ৰূপম গগৈয়ে বিমান দালৈ ফোন কৰি ক’লে যে তেওঁলোক নমান বজাত বন বিভাগৰ কার্যালয়ত উপস্থিত হৈ মৰা শগুনকেইটা পোষ্টমৰ্টেম কৰিব আৰু বাকী শগুন দুটা চিকিৎসা কৰিব লাগিব।
মই গা-পা ধুই বন বিভাগৰ কাৰ্যালয়লৈ বুলি ওলাবলৈ লওঁতেই পুনৰ ফোনটো বাজি উঠিল। সিফালৰ পৰা বিমান দাই ক’লে— “ভাল খবৰ এটা আছে মানস। ধ্রুৱ আৰু মই বাহিৰে বাহিৰে কঢ়াঘাটত থকা শগুনকেইটা চাই আহিলোগৈ। আমি গৈ পাই দেখোঁ যে এজোপা গছত পাঁচটা আৰু আন এজোপা গছত দুটা শগুন বহি ৰ’দ লৈ আছে আৰু গোটেইকেইটা বাহতে পোৱালি আছে। মৰা শগুনকেইটা ইয়াৰ নহয়।”
পুৱা ৯ বজাৰ লগে লগে আমি বন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হ’লোগৈ। ইতিমধ্যে শগুনকেইটাই কি খোৱাৰ বাবে এনে হৈছিল সেয়া আমি নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিছিলো। ৯.২০ বজাত দেৱজিৎ ফুকন ছাৰো আহি পালেহি। সাংবাদিক ৰাজীৱ বৰুৱা দাদায়ো আমাক সংগ দিলে। চিকিৎসক, বন বিভাগৰ লোক, সংবাদ কৰ্মী আৰু আমাৰ টিমটোৰ উপস্থিতিত চিকিৎসা প্ৰদানৰ অন্তত সুস্থ হৈ উঠা শগুনটো মুকলি আকাশলৈ মোকলাই দিয়া হ’ল।
চিকিৎসাধীন অৱস্থাত থকা আনটো শগুনক আবেলি এটা চেলাইন আৰু কেইবাটাও বেজি দিয়াৰ পাছত আগতকৈ কিছু পৰিমাণে সুস্থ হয়। পুনৰ বন বিভাগৰ কার্যালয়তে আগদিনা ৰখা কোঠাটোতে শগুনটোক ৰখা হয়।
২৬ ফেব্ৰুৱাৰী তাৰিখে পুৱা ফোন কৰি খবৰ লওঁতে চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি শগুনটো মুকলি কৰি দিয়াৰ পৰামৰ্শ দিয়ে। পৰামর্শ অনুসৰি আমি আলোচনা কৰি দিনৰ ১২.০০ বজাত মুকলি কৰি দিয়াৰ সিদ্ধান্ত ল’লো। মুকলি কৰি দিবলৈ চিকিৎসক ডাঃ ৰূপম গগৈ, দেৱজিৎ ফুকন, বিমান সন্দিকৈ, ধ্রুৱজ্যোতি চেতিয়া, সাংবাদিক প্ৰতাপ দত্ত, ৰাজীৱ বৰুৱা, বন বিভাগৰ লোকসকল আৰু মই বন বিভাগৰ অফিচত লগ হ’লো। চিকিৎসকে পুনৰ স্বাস্থ্য পৰীক্ষা কৰি শগুনটো সুস্থ হৈ উঠাৰ কথা ক’লে, আমিও মুকলি কৰি দিবলৈ সাজু হ’লো।
সিদ্ধান্ত অনুসৰি বন বিভাগৰ চৌহদতে মুকলি কৰি দিয়া হয় যদিও সি পুনৰ মুকলি আকাশলৈ যাবলৈ যেন ভয় খালে, এনে হ’ল। ভয়ত বিতত হৈ বেছি দূৰ উৰিব নোৱাৰি পুনৰ বাঁহনি এখনৰ তলত উৰি গৈ পৰে। তাৰ পৰা পুনৰ উদ্ধাৰ কৰি আনি স্বাস্থ্য পৰীক্ষা কৰি পুনৰ আলোচনা মৰ্মে ঢকুৱাখনাৰ কোৱাবাৰী দলনিত মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হ’ল।
আমি এখন গাড়ী ভাড়া কৰি কোৱাবাৰী দলনিলৈ ৰাওনা হওঁ। গাড়ীত বনকর্মী বৃষভ দাস, মই আৰু ধ্রুৱ উঠিলো। আন এখন গাড়ীত বাকীকেইজন কর্মী কোৱাবাৰী দলনিলৈ বুলি ৰাওনা হ’ল। সকলোৰে উপস্থিতিত আমি কোৱাবাৰী দলনিত শগুনটোক মুকলি কৰি দিওঁ। মুকলি কৰি দিয়াৰ প্রায় দহ মিনিটমানৰ পাছত শগুনটো উৰি গৈ দলনিত চৰাই চাবলৈ সাজি থোৱা ৱাটচ টাৱাৰটোৰ টিঙৰ ওপৰত পৰিলগৈ। তাতে সি জিৰণি ল’লে। আমি সি উৰি যোৱালৈ অপেক্ষা কৰিলো যদিও গধূলিলৈকে তাতে জিৰণি লৈ পাখি জোঁকাৰি ঠাই সলনি কৰি এফালৰ পৰা আনফাললৈ অহা-যোৱা কৰি থাকিল। সাধাৰণতে বন্ধ কোঠাত থকাৰ বাবে এনে কৰা বুলি আমি অনুভৱ কৰিলো আৰু আলোচনা অনুসৰি তাতে জিৰণি ল’বলৈ দি আমি ঘৰলৈ বুলি ৰাওনা হ’লো।
২৭ ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱাৰে পৰা ধ্রুৱৰ ফোন আহিবলৈ ধৰিলে— “মানস দা, চৰাইটো এতিয়াও তাতেই আছে। আবেলিলৈকে চাওঁ। নহ’লে ৰেচকিউ কৰিব লাগিব।” “ঠিক আছে। চাওঁচোন। সি পাখি জোকাৰি আছে যেতিয়া আবেলিলৈ উৰি যাব লাগে” বুলি কৈ ফোনৰ সংযোগ বিচ্ছিন্ন কৰি দিলো।
আবেলি মই ঢকুৱাখনালৈ ওলালো। প্রয়োজন সাপেক্ষে শগুনটোক ৰেচকিউ কৰিবলৈয়ো মানসিকভাৱে সাজু হৈ গ’লো। কোৱাবাৰী দলনি পাই দেখোঁ শগুনটো নিজৰ ঠাইলৈ উৰি গৈছে। মই লগে লগে ধ্রুৱলৈ ফোন লগালোঁ— “ধ্ৰুৱ, শগুনটো নিজৰ ঠাইলৈ উৰি গ’লগৈ।” “ৰ’ব ৰ’ব, মই দলনিলৈ গৈ আছোঁ।”— ধ্ৰুৱই ক’লে।
অলপ পাছতে ধ্রুৱও দলনি পালেহি। বিমান সন্দিকৈ দাদাও আহিল। শগুনটো উৰি যোৱাৰ বতৰা পাই আমাৰ মুখত হাঁহি বিৰিঙি উঠিল। চকুৰ সন্মুখতে ছটাকৈ শগুনৰ মৃত্যুৰ মাজতে আমি দুটা শগুন উদ্ধাৰ কৰি সুস্থ কৰি প্ৰকৃতিৰ মাজলৈ মুকলি কৰি দিবলৈ পাই আমাৰ মনত অলপ হ’লেও আনন্দৰ বা লাগিল!
| আৰু পঢ়ক: