ৰা জনৈতিক গাঁথনিৰ ইতিহাস চালে দেখা যায় যে ৰাজনৈতিক ইতিহাস ক্ষণভংগুৰ। কোনো গাঁথনিয়েই স্থায়ী, চিৰন্তন নহয়। ৰজা আহে, ৰজা যায়। বংশ আহে, বংশ যায়। ৰাজ্যৰ সীমাবোৰো কেতিয়াবা বাঢ়ে, কেতিয়াবা টুটে। ৰাজ্য প্ৰশাসন, ৰাজস্ব নীতি, সামৰিক নীতিবোৰো সময় আৰু পৰিস্থিতিৰ লগে লগে সাল-সলনি হৈ যায়। সেয়ে চাগৈ ইতিহাসৰ পাত মেলিলে আমি সদায় এক চিৰপৰিৱৰ্তনকামী ৰাজ্য, ৰাজ্য ব্যৱস্থা দেখা পাওঁ। বিশ্ব ইতিহাসত খুব কমেইহে এক দীঘলীয়া শাসন ব্যৱস্থাৰ চানেকি দেখা যায়। যি দুই-এক আছে, তাৰো আঁৰত একো একোজন ৰাজনীতিজ্ঞই মুকলি কৰা নীতি, মাৰ্গে ক্ৰিয়া কৰা দেখা যায়।
বিশ্ব ইতিহাসৰ এই বিশাল তুলনাত অসম ভূখণ্ডৰ আহোম ৰাজ্য ব্যৱস্থাই ১২২৮ চনৰ পৰা ১৮২৬ চনলৈকে এক দীঘলীয়া সময় সামৰি লৈছিল। বুৰঞ্জীৰ ছাত্ৰ হিচাপে আমাৰ বাবে এই ৰাজ্য ব্যৱস্থা সদায় আকৰ্ষণৰ কেন্দ্ৰ। প্ৰায় ছশ বছৰীয়া এই শাসন ব্যৱস্থা আকৰ্ষণৰ কেন্দ্ৰ। আধুনিক অসমীয়া জাতিৰ ভেটি নানা দ্বন্দ্ব, সংঘাত, তেজ-ঘামৰ বিনিময়ৰ মাজেৰে গঢ় লৈ উঠিছিল। এই ভেটি গঢ়িবলৈ গৈ কত ৰণুৱা, বনুৱা, কাঁড়ী-পাইক-চমুৱা, বা-বিষয়া, ডা-ডাঙৰীয়াই নিজৰ দেহা উজাৰি দিছিল। কতজনৰ তেজ-ঘাম-শ্ৰমৰ মাজেৰে এই ভেটি গঢ় লৈ উঠিছিল; তাৰ কোনো লেখ-জোখ নাই। হয়তো কাকতত লিখি থোৱা এক তথ্য ভঁৰাল থকা হ’লে দেখা গ’লহেঁতেন যে ঘৰে ঘৰে একোজনৰ প্ৰাণ বলিদান, আত্মনিৱেদনৰ খতিয়ান।
অসম আৰু অসমীয়া জাতিৰ এই ভেটিটোৰ কথা আলচ কৰাৰ আগতে ভেটিটোব আহল-বহল পটভূমিৰ কথা আলোচনা কৰাৰ থল আছে। সেয়া বহু পৰিমাণে সাংস্কৃতিক সভ্যতাৰ খতিয়ান। বিশ্ব ইতিহাসত নদীক কেন্দ্ৰ কৰি সভ্যতা গঢ় লোৱাৰ দৰেই এই ভূখণ্ডতো নদীক কেন্দ্ৰ কৰি সভ্যতা গঢ়ি উঠিছিল। সেয়া সকলোৱে জনা লুইতপৰীয়া সভ্যতা। লুইতৰ পাৰতেই পলসুৱা মাটি, গছ-বন-বিৰিখ, চৰাই-চিৰিকটি, টিলা-টঙনা, চাপৰি, দ্বীপ আদি প্ৰাকৃতিক পৃষ্ঠভূমিত গঢ়ি উঠিছিল এই সভ্যতা। এই প্ৰকৃতিয়ে যুগে যুগে প্ৰব্ৰজন কৰি অহ্য মানুহক আশ্ৰয় প্ৰদান কৰি আহিছে। কেতিয়াবা পূবৰ পৰা, কেতিয়াবা পশ্চিমৰ পৰা, কেতিয়াবা উত্তৰৰ পৰা, কেতিয়াবা দক্ষিণৰ পৰা পদব্ৰজে পৰিভ্ৰমণ কৰি অহা সৰু-ডাঙৰ জনগোটসমূহ ইয়াতেই থিতাপি লৈছিল, তাতেই গঢ়ি উঠিছিল নানা সৰু-বৰ সাংস্কৃতিক ক্ষেত্ৰ।
জনগোটসমূহৰ নিজা গাঁথনিবোৰত চাৰিও দিশৰ সাংস্কৃতিক চিন্তাধাৰাই এক নতুন সাংস্কৃতিক চেতনাৰ বিকাশ কৰিছিল। সেয়াই ঘাইকৈ লুইতপৰীয়া অসমীয়া সংস্কৃতি। যি স্বতন্ত্ৰ আৰু নিজা বৈশিষ্ট্যৰে গৰীয়ান। লুইতপৰীয়া সভ্যতাৰ মহীৰংগ, বান, নৰক, ভগদত্ত, ভাস্কৰ বৰ্মন, শালস্তম্ভ, দুৰ্লভ নাৰায়ণৰ পৰা বিচাৰপতিফা, ৰত্নধ্বজ, নৰনাৰায়ণ-চিলাৰায়, বাৰভূঞা, পাঁচোৰজা-সাতোৰজাকে ধৰি বহুজনে গঢ়ি তুলিছিল নিজস্ব ৰাজ্য ব্যৱস্থা। কাহানিবা বিশাল, কাহানিবা ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতম এই ৰাজ্য ব্যৱস্থা। তাৰেই চানেকি দেখা যায় নানা শিলালিপি, ভাস্কৰ্য, স্থাপত্যশৈলীৰ মাজত। দেখা যায় লোক-সাহিত্য, লোক-পৰম্পৰা, ধাৰ্মিক বিশ্বাসৰ মাজত। চৌৰাশী সিদ্ধৰ পৰা মহাপুৰুষীয়া বৈষ্ণৱ পৰম্পৰালৈকে বহু সাংস্কৃতিক সুঁতি এই সকলোকে আবৰি-সামৰি লুইতপৰীয়া সভ্যতা।
অৱশ্যে লুইতপৰীয়া সভ্যতা বুলি ক’লেই এই ভূখণ্ডৰ সঠিক মূল্যায়ন নহয়। সমগ্ৰ ভূখণ্ডকে পাহাৰ-পৰ্বতে আবৰি আছে। এই পাহাৰ-পৰ্বতবোৰত কুৰুঙে কুৰুঙে, হৈয়াঙে-দৈয়াঙে, ক’ৰবাত শিলাময়, ক’ৰবাত সেউজী এই ৰেখা, গিৰিপথ, গিৰিকন্দৰ, নাতিদীৰ্ঘ উপত্যকাকে সামৰি আমি ভূখণ্ডত পাটকাই সভ্যতাকো বিচাৰি পাওঁ। পাহাৰ-পৰ্বতক কেন্দ্ৰ কৰি বিকাশ হোৱা এই পাটকাই সভ্যতা বিশ্বতে অনন্য। পাটকাই সভ্যতাৰ বিষয়ে লেখক সৌম্যদ্বীপ দত্তই বিস্তাৰিত আলোচনা কৰিছে। ঝুমতলীৰ হাঁহি-কান্দোন, সেউজীয়া সৃষ্টি, ৰণথলীৰ ধ্বংস, পাহাৰে পাহাৰে ঢালবোৰত বিয়পি থকা বৰ্ণিল জনসমাজৰ বৈচিত্ৰ্যময় সমাজ-সংস্কৃতিক বুকুত সাবটি সগৌৰৱে পাটকাই থিয় দি আছে।
ভাষাৰে বুজাব নোৱৰা ৰামধেনুসদৃশ জনজীৱন, উৎসৱ, খাদ্যৰীতি, বস্ত্ৰকলা, নৃত্য-গীতৰ বৰপেৰাৰে সমৃদ্ধ এই পাটকাই সভ্যতা। সেয়ে সমগ্ৰ ভূখণ্ডক আৱৰি-সামৰি ল’বৰ বাবে আমি ‘লুইত-পাটকাই সভ্যতা’ বুলি নামকৰণ কৰিব খোজোঁ। বিশ্বৰ বুকুত অনন্য জীৱ-বৈচিত্ৰ্য, বৰ্ণিল জনজীৱন, হেজাৰ বছৰীয়া বুৰঞ্জী বুকুত সামৰি সমুজ্জ্বল এই নদী আৰু পাহাৰক কেন্দ্ৰ কৰি গঢ়ি উঠা লুইত-পাটকাই সভ্যতা। মেগালিথিক কালৰ পৰা আজিৰ মেগাপিক্সেল সময়লৈকে লুইত-পাটকাই সভ্যতাই বুকুত বহন কৰি আহিছে এক ঐতিহ্যময়, গৌৰৱশালী, স্বকীয় বৈশিষ্ট্যৰে দঙৰ দোকমোকালিৰ দৰেই পোহৰমুখী এই জনসমাজ। বিকাশৰ ভিন্ন স্তৰত কোনো জাতি, কোনো জাতিসত্তা, কোনো জনগোষ্ঠী নামেৰে নামাংকিত মাথোঁ।
লুইত-পাটকাই সভ্যতাৰ দুৱাৰডলিত ভৰি দিয়েই চাওলুং চুকাফাই কুকুৰা কাটি শপত ল’লে। মুঙ-দন-চুন-খাম— সকলোৰে ঐক্যধ্বনিয়ে প্ৰতিধ্বনি তুলিলে পাহাৰ-পৰ্বতত। এয়া যে সূৰ্যোদয়ৰ দেশত অৰুণোদয়ৰ ধলফাট। থানগিৰি বা থলগিৰি সমাজক আৱৰি-সামৰি লুইত-পাটকাই সভ্যতাৰ বিশাল বুকুত চুকাফাই প্ৰতিষ্ঠা কৰিলে বানমুং। এই বানমুংসমূহেই অসমৰ পোৱঁতী শাল। সূচনা হ’ল এক নতুন যাত্ৰাৰ। বহুকেইটা দিশৰ পৰাই এই যাত্ৰাই ন ৰূপ ধাৰণ কৰিলে।
বহু সমাজ সামৰি এক সমাজ কৰাৰ বাবেই চুকাফাই গঢ়ি তুলিলে এক প্ৰশাসন ব্যৱস্থাৰ গাঁথনি। যাক আমি চমুৱাই আহোম বুলিব পাৰোঁ। বহুতে ভবাৰ দবে আহোম মানে কেবল টাইমূলীয় লোকসকলেই নহয়। আহোম মানে টাইসকলক কেন্দ্ৰ কৰি গঢ়ি উঠা এক প্ৰশাসনীয় ব্যৱস্থা। যাৰ আওতাত নানা বিষয়বাবৰ মাজেৰে থানগিৰি মৰাণ, বৰাহী, চুতীয়া, কছাৰী, দেউৰী, হাবুঙীয়া ব্ৰাহ্মণ, কনৌজীয় ব্ৰাহ্মণ-বাৰভূঞা, কোচ, কলিতা, নগা, মিচিং, জয়ন্তীয়া, গৰিয়া-মৰিয়া আদি সকলো সমাজৰ লোকেই নানা সময়ত সোমাই পৰিছিল। এয়া এক নতুন পথ, নতুন বুনিয়াদ।
এই গাঁথনি গঢ়িবলৈকে চুকাফাৰ নীতিৰে টাইসকলে নিজা ভাষা পৰিত্যাগ কৰি হেজাৰ বছৰ ধৰি লুইত-পাটকাই সভ্যতাত বিৰাজমান অসমীয়া ভাষাক আদৰি লৈছিল। নতুন ব্যৱস্থা গঢ়িবৰ বাবে স্বকীয় ভাষা ত্যাগ কৰাৰ নজিৰ বিৰল। সমান্তৰালভাৱে চুকাফাৰ নীতিৰেই আহোম প্ৰশাসন ব্যৱস্থাত এক ধৰ্ম-ঊৰ্ধ্ব নীতি প্ৰবৰ্তন কৰা হৈছিল। টাই ধৰ্ম থানগিৰি সমাজত জাপি দিয়াৰ সলনি সকলো চিন্তাকে সমমৰ্যাদা দিয়া এই ধৰ্ম-ঊৰ্ধ্ব প্ৰশাসনীয় নীতিৰ বাবে লুইত-পাটকাই সভ্যতাৰ শক্তি-শাক্ত, ব্ৰজধানী বৌদ্ধ, শৈৱ, বৈষ্ণৱ, একেশ্বৰবাদী, প্ৰকৃতি উপাসক, জড় উপাসক— সকলো সমাজৰ লোকেই আহোম প্ৰশাসনীয় ব্যৱস্থাৰ আওতালৈ আহোঁতে কোনো জটিলতাৰ সৃষ্টি হোৱা নাছিল। অসমীয়া জাতিৰ জাতীয় জীৱনত অদ্যাপি বিৰাজমান ধৰ্ম-ঊৰ্ধ্ব জাতীয় এই আহোম প্ৰশাসনীয় ব্যৱস্থাৰ ঐতিহাসিক ফচল।
হেংদান যদি আত্মৰক্ষা আৰু প্ৰতিৰোধ সংগ্ৰামৰ প্ৰতীক, তেন্তে গুটিয়া ম’হৰ নাঙল হ’ল সেই সময়ৰ উন্নত উৎপাদনৰ আহিলা। চাওলুং চুকাফাই হাতৰ হেংদানৰ জৰিয়তে বানমুঙত গঢ়ি তুলিছিল এক সামৰিক সংস্কৃতি। পৰম্পৰাগত টাই সমৰকলা বা মাৰ্চিয়েল আৰ্টৰ প্ৰশিক্ষণ, খেপ-দগা আদি যুঁজৰ কৌশল, গড়-প্ৰাঞ্চি-কোঠ সামৰিক বেহু নিৰ্মাণৰ পুৰুষৰ পৰা পুৰুষলৈ প্ৰৱাহিত সামৰিক সংস্কৃতিত বিতত হৈ ৰাজপুত বীৰ ৰামসিংহৰ দৰে বহুজনে প্ৰত্যাৱৰ্তনৰ পথ ল’বলগা হৈছিল।
সেইদৰে জলাহ, দ পথাৰবোৰত আলি মাৰি, গুটিয়া ম’হৰ নাঙলৰ হালেৰে পথাৰৰ মাটি নেফানেফ কৰি, তোমত ভৰাই অন্য কঠীয়াৰে শালি খেতি আৰম্ভ কৰা পৰম্পৰাই পথাৰবোৰ সেউজ-সোণোৱালী কৰি তুলিছিল। তাকে দেখি থানগিৰি সমাজে ক’লে বোলে— ‘হা-শ্যাম’। এই খেতিপথাৰত ৰাহি হোৱা শস্যৰে আৰম্ভ কৰিলে সকলোৱে মিলি ভোজ খোৱাৰ পৰম্পৰা। পথাৰৰ শস্য, বনৰ মঙহ, পানীৰ মাছেৰে এসাঁজ একেলগে বহি খোৱাৰ আত্মীয়তাৰে, বিয়া-বাৰুৰে মিতিৰ হোৱাৰ নিয়মেৰে সকলো ওচৰ চাপি আহিল। এই কৃষিনীতিকে সাৰোগত কৰি পৰৱৰ্তী সময়ত মোমাই তামুলী বৰবৰুৱাই বাৰী পতা, খেল বন্ধোৱা, পাইকৰ পিয়ল কৰা আদি পৰিকল্পনাৰে সবাকে আঁটি আঁটি বান্ধিলে। যাৰ চানেকি আজিও বিদ্যমান।
হেংদানকেন্দ্ৰিক সামৰিক সংস্কৃতি, গুটিয়া ম’হৰ নাঙলকেন্দ্ৰিক কৃষি ব্যৱস্থাই লুইত-পাটকাই সভ্যতাৰ ভিন্ন জনগোটক এক স্বকীয়, স্বাভিমানী জনসমাজলৈ ৰূপান্তৰ কৰিব পাৰিছিল বাবেই এই জনসমাজে সকলো বহিঃআক্ৰমণকাৰীৰ বিৰুদ্ধে প্ৰতিৰোধ শক্তি গঢ়ি তুলি স্বতন্ত্ৰতা ৰক্ষা কৰিব পাৰিছিল। বুৰঞ্জীৰ প্ৰতি পৃষ্ঠা তাৰ সাক্ষী। লুইত-পাটকাই সভ্যতাৰ বুকুত আহোম প্ৰশাসনীয় ব্যৱস্থাৰ জন্ম দিয়াৰ মাজেৰে চাওলুং চুকাফাই সকলো থানগিৰি সমাজক সামৰি আৰু যুঁজত ৰৈ যোৱাসকলক জীণ নিয়াই মধ্যযুগীয় অসম আৰু অসমীয়াৰ ভেটি গঢ়িছিল। পৰৱৰ্তী সময়ত যোগ্যজনে সেই ভেটি মজবুত কৰিলে আৰু অযোগ্যজনে সেই ভেটিত তিতা লাও গজালে। তথাপি সামৰিক সংস্কৃতি আৰু কৃষি অৰ্থনীতিৰ দীঘলীয়া পৰম্পৰাৰ ছিগা সূতাৰে আজিও বিশ্বৰ বুকুত অসমীয়া নামেৰে এক জাতি তিষ্ঠি আছে।
এনে বহুবোৰ দিশৰ পৰা লুইত-পাটকাই সভ্যতাৰ দীঘলীয়া ইতিহাসত চাওলুং চুকাফা এজন শ্ৰেষ্ঠ ৰাজনীতিজ্ঞ। জাতি একোটাৰ পিতৃত্ব প্ৰদানৰ পৰম্পৰা যদি অনুসৰণ কৰা যায়, তেন্তে অসমীয়া জাতিৰ পিতৃ চাওলুং চুকাফা। সেয়ে অসম দিৱস মানে চাওলুং চুকাফাৰ অৱদান স্মৰণ কৰাৰ মাজেৰে জাতীয় ঐতিহ্য হৃদয়ংগম কৰা এক দিৱস। লগতে অসমীয়া জাতিৰ এই দীঘলীয়া পৰিক্ৰমাত জাতি গঢ়িবলৈ আত্মবলিদান দিয়া প্ৰতিগৰাকী পূৰ্বজৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য, স্মৰণ, কৃতজ্ঞতা প্ৰদানৰ দিৱস। চমু কথাত, লুইত-পাটকাই সভ্যতাৰ ছাবেক অংশীদাৰ বুলি নিজকে ভবা, নিজৰ ঐতিহ্যৰ প্ৰতি সদা নমনীয় প্ৰতিগৰাকীৰ বাবেই ই এক সদাস্মৰণীয় দিৱস।
❧ | আৰু পঢ়ক:
- আহোম যুগৰ মুদ্ৰা: এটি চমু আলোচনা
- লাচিত বৰফুকন বৰসেনাপতি
- সমাজ জাতি আৰু মানুহ: বিষ্ণুপ্ৰসাদ ৰাভাৰ অভিজ্ঞতাৰ প্ৰজ্ঞা
- গীত: চাওলুং চুকাফা
- জাতীয় চেতনাৰ প্ৰতীক ৰূপে ৰঙালী বিহু: প্ৰতিষ্ঠা আৰু বিস্তাৰত ৰাধাগোবিন্দ বৰুৱা আৰু লতাশিলৰ বিহুৰ ভূমিকা
ছবি: ৱিকিমিডিয়া কমন্সৰ সৌজন্যত
Follow Nilacharai on Facebook