পৰ্যায়ক্ৰম

পৰ্যায়ক্ৰম
  • 03 May, 2022

নলাটোৰ পৰা ওলাই আহিছিল এটা কেঁচুৱা
তাৰ ফুলা পেট আৰু ক্ষীণ মজ্জা

বোকাৰে চহকী নলাটোৰ গভীৰৰ পৰা
সি ওলাই আহিছিল
তাৰ হাতৰ মুঠিত আছিল এটুকুৰা পাতল ৰুটি

তাক দেখি এটাৰ পাছত এটাকৈ
সকলোৱে সহায় কৰিবলৈ আহিল
শেলুৱৈ পৰা দেহত তাৰ লৰচৰ কিন্তু নাই
তাৰ চকু শেঁতা আৰু শুকাই পৰা ওঁঠ

তাৰেই অন্তৰালত
নলাটোৰ পৰা ওলাই আহিছিল আন এটা কেঁচুৱা
ফুলা পেট আৰু ক্ষীণ মজ্জা

❧ | আৰু পঢ়ক:

পৰ্যায়ক্ৰম | ৰিছাদ ভূঞা

Follow Nilacharai on Facebook