ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড: বি বি পি

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড: বি বি পি
  • 03 Jul, 2022

চি কামৰা গাঁৱৰ চাৰিআলিটোত হঠাৎ টেম্পোখন ৰৈ গ’লহি। সেইখনত বান্ধি অনা মাইকটোত ভূপেন দাৰ ‘ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ’ গানটো বাজি আহিছিল। টেম্পোখন ৰোৱাৰ লগে লগে গানটোও বন্ধ হৈ গ’ল। এইবাৰ মাইকটোত বাজি উঠিল এটা গলগলীয়া কণ্ঠস্বৰ— ‘শ্ৰদ্ধেয় ৰাইজ, আমি বি বি পি দলে এখন সমৃদ্ধিশালী অসম গঢ়াৰ সংকল্প লৈছোঁ। সেয়ে আপোনালোকে এইবাৰ নিৰ্বাচনত আমাক ভোট দি জয়যুক্ত কৰক। …’ হঠাৎ ঘোষণাটো শুনি গাঁৱৰ মানুহবোৰ চুচুক-চামাককৈ পদূলিমুখলৈ ওলাই আহিল। সকলো আচৰিত হ’ল। এইটো আকৌ কি নতুন দল ওলাল? তেওঁলোকে এজিপি, বিজেপি, কংগ্ৰেছ আদি দলৰহে নাম শুনিছে, এইটো দলৰ নাম কেতিয়াও শুনা নাই।

টেম্পোখনৰ ভিতৰত হাতত লাওড স্পিকাৰ লৈ বলকি থকা মানুহটোৰ বাকীবোৰ কথাত মানুহবোৰে বেছি গুৰুত্ব নিদিলে। কথাবোৰ এখন কাণেৰে সুমুৱাই আনখন কাণেৰে উলিয়াই দিলে। নিৰ্বাচনৰ সময়ত এনেকুৱা কথা প্ৰতিটো দলেই কয়। তেওঁলোকৰ কাৰণে এইবোৰ হৰিনাম হোৱাদি হয়। এজন-দুজনকৈ মানুহবোৰ ঘৰমুৱা হ’ল।

নগেন গাঁওখনৰ একমাত্ৰ শিক্ষিত, সৰবৰহী, আগৰণুৱা ল’ৰা। সি গুৱাহাটীৰ পৰা ওলোৱা কাকত এখনৰ স্থানীয় সংবাদদাতাও। তাৰ ঘৰ চাৰিআলিটোৰ গাতে লগা। সেই সময়ত নগেনে গা ধুই আছিল। টেম্পোখন গুচি যায়গৈ বুলি সি হাতত নোটবুক এখন লৈ থিতাদহে, কুকুৰ লৰ দি সেইখিনি পালেহি। টেম্পোৰ ভিতৰত বহি টেঁটু ফাটি যোৱাকৈ ‘বক্তৃতা’ দি থকা মানুহটোৰ কথাখিনি শেষ হোৱাৰ লগে লগে নগেনে সাংবাদিকসুলভ সুৰেৰে তেওঁক সুধিলে— ‘আপোনালোকৰ পাৰ্টিৰ এজেণ্ডা কি কওকচোন।’

নগেনৰ প্ৰশ্ন সোধাৰ ধৰণটোত আৰু অভিজ্ঞতাৰ পৰা মানুহটোৱে বুজি পালে— প্ৰশ্নকৰ্তা কোনোবা সাংবাদিকেই হ’ব। সেয়ে তেওঁ পোন হৈ বঢ়ি গহীনাই ক’লে— ‘আমি নতুনকৈ একো এজেণ্ডা লোৱা নাই।’

—‘কিয়? এজেণ্ডা নোলোৱাকৈ আপোনালোকে কেনেকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব?’ —‘চাওক, বৰ্তমানৰ শাসনাধিস্থ দলটোৱে ৰাজ্যখনৰ সকলো দিশতে ইমানেই পৰিৱৰ্তন আনিলে, ইমানেই উন্নতি সাধিলে যে আমি নতুনকৈ কিবা কৰিবলৈ একোৱেই নাই। সেয়ে আমি তেওঁলোকে কৰি যোৱা কামবোৰতে মাথোঁ নেগুৰ লগাই যাম।’ —‘যেনে?’ —‘যেনে, যিসকলে বিনামূলীয়া চাউল পাই আছে, সেইসকলৰ ৰন্ধা-বঢ়া কামটোও আমি কৰি দিম। আৰু কোনোবাই বিচাৰিলে আমি খুৱায়ো দিম।’ —‘আৰু?’ —‘আৰু যিসকলে বিনামূলীয়া শৌচাগাৰ লাভ কৰিছে, সেইসকলৰ শৌচাগাৰত কমোদ বহুৱাই দিম, যাতে একো কাম-বন নকৰি, ঘৰত এনেয়ে বহি থাকি থাকি আঁঠু আৰু কঁকালৰ বিষ হোৱাসকলে কামফেৰা কৰিবলৈ আৰাম পায়।’ —‘আৰু?’ —‘ৰ’ব। আপুনি মাজতে সুধি নিদিব। কথাবোৰত মোৰ যঁট লাগি যায়। মোক একেলেথাৰিয়ে কৈ ল’বলৈ দিয়ক।’ —‘ঠিক আছে। আপুনি কৈ যাওক। মই আৰু প্ৰশ্ন নকৰোঁ।’

মানুহটোৱে এনেয়ে গলহেকাৰি এটা মাৰি নগেনৰ আগত এইবাৰ যিখিনি ক’লে, তাৰ সাৰমৰ্ম হ’ল: চৰকাৰ গঠন কৰাৰ পাছতে বি বি পিয়ে বিভিন্ন উৎসৰ পৰা পাঁচ লাখ কোটি টকা ধাৰ ল’ব। তাৰপাছত কলেজৰ ল’ৰা-ছোৱলীবোৰক বাইক (অহা কেইবছৰত চৰকাৰে ল’ৰাবোৰকো যিহেতু বাইক দিবই) আৰু স্কুটিত তেল ভৰাবলৈ মাহে এক্সট্ৰাকৈ এহেজাৰ টকা দিব। একোটাকৈ স্মাৰ্ট ফোনো দিব, যাতে বৰষুণীয়া বতৰত ঘৰৰ পৰাই প্ৰেমিক-প্ৰেমিকাই ফূৰ্তি-তামাচা কৰিব পাৰে। যিমানবোৰ চৰকাৰী প্ৰতিষ্ঠান আছে, আটাইবোৰ ব্যক্তিগত মালিক গোষ্ঠীক বিক্ৰী কৰিব। কেৱল বিদ্যালয়তে নহয়, ঘৰতো হিন্দী ভাষা কোৱাটো বাধ্যতামূলক হ’ব। আৰু প্ৰতি বছৰে তিনি মাহমান বাধ্যতামূলক হ’ব ক’ৰোনা বেমাৰ। প্ৰথম কাৰণ, ই জনসংখ্যা হ্ৰাস কৰে। দ্বিতীয় কাৰণ, এই বেমাৰ হ’লে প্ৰতিজন ৰোগীৰ বিপৰীতে যথেষ্ট ধন আহে, যাৰ কাৰণে ৰাজকোষৰ ওজন বাঢ়ে। মন্ত্ৰী-বিধায়কৰ পৰিয়ালে চৈধ্য পুৰুষলৈকে পেঞ্চন পাই থাকিব। সোণ পোৱা, আদবয়সীয়া ছোৱালীবোৰক দৰাও বিচাৰি দিব। বিদেশী নাগৰিকৰ সংস্থাপনৰ সময়-সীমা আৰু দুবছৰমান আগুৱাই দিয়া হ’ব। মথাউৰিবোৰে যিহেতু কাম নকৰেই, সেয়ে বানপানীৰ সময়ত কামত অহাকৈ পানীত ওপঙি থকা ঘৰ সাজি দিব। বাৰিষা গুৱাহাটীৰ আলি-গলিবোৰত চলা-ফিৰা কৰিবৰ কাৰণে সৰু সৰু মেচিন নাৱৰ ব্যৱস্থা কৰিব। বস্তু-বাহানিৰ দাম আৰু তিনি গুণমান বঢ়াব। বিছ কিলোমিটাৰৰ অন্তৰে অন্তৰে টোলগে’ট বহুওৱা হ’ব। … মানুহটোৰ আৰু ক’ব লগা আছিল, কিন্তু সময়ৰ অভাৱত তেওঁ আৰু কথা নবঢ়ালে। শেষত নগেনে তেওঁক ক’লে— ‘আপোনাৰ কথাবোৰ শুনি ভাব হৈছে— আপোনালোকৰ দলে এইবাৰ চৰকাৰ গঠন কৰাটো এশ শতাংশই খাটাং। কিন্তু এটা কথা।’

—‘কওক।’ —‘আপুনিতো জানেই, আজিকালি দেনা-পাওনাৰ যুগ। গতিকে আপোনালোকৰ দলটোৰ কথা মই যদি ভালকৈ লিখাটো বিচাৰে, তেনেহ’লে…!’ —‘হ’ব, আপোনাৰ কথাটো মই বুজি পাইছোঁ। কিন্তু আমাৰ দলটো নতুন। ফাণ্ড কম। সেয়ে এতিয়া আপোনাক যৎ সামান্য কিবা এটাহে দিম। কিন্তু আপোনাক কথা দিছোঁ, আমাৰ চৰকাৰ হ’লে আপোনাক আমি ৱাইন শ্বপৰ পাৰ্মিট এখন নিশ্চয়কৈ উলিয়াই দিম।’

মানুহটোৱে হাতবেগটোৰ পৰা পাঁচশ টকীয়া নোট এখন উলিয়াই নগেনৰ জেপত গুজি দিলে। তাৰ পাছত ড্ৰাইভাৰ ল’ৰাটোক টেম্পোখন চলাবলৈ নিৰ্দেশ দিলে।

নগেনে এইবাৰ মানুহটোক ক’লে— ‘ৰ’ব, যোৱাৰ আগতে আপোনালোকৰ বি বি পি দলটোৰ সম্পূৰ্ণ নামটো কৈ যাওক। মই লিখিব লাগিব নহয়!’

মানুহটোৱে এইবাৰ অৰ্থপূৰ্ণ হাঁহি এটা মাৰি ক’লে— ‘বৰকথা বেচিখোৱা পাৰ্টি!’

❧ | ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ পূৰ্বৰ খণ্ডসমূহ পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড: বি বি পি | ধ্ৰুৱজ্যোতি শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক