ডায়েৰীৰ পৃষ্ঠাত এটি নীৰৱ নিশা

ডায়েৰীৰ পৃষ্ঠাত এটি নীৰৱ নিশা
  • 09 Jan, 2022

আজি বহু দিনৰ মূৰত
শব্দবোৰৰ মাজত হেৰাই
যাবলৈ ধৰিছে মোৰ মন।
পুৰণি ডায়েৰীখনৰ
পৃষ্ঠাবোৰত পীত বৰণীয়া আচ্ছাদন।
খিৰিকীৰ সন্মুখত এয়া
মই আৰু নীৰৱতা।

নিশা গভীৰ হৈছে;
পুহ মাহৰ এটি
ধীৰ গম্ভীৰ নিশা।
জোনাক মোৰ প্ৰিয়
জোনাকীয়ে কথা কয়
নিৰৱতাত আঁচোৰ নপৰাকৈ।

এন্ধাৰ কোঠাটোত
জোনাকবোৰ সিঁচৰতি হৈ
মায়াময় কৰি তুলিছে এই প্ৰহৰ।
মোৰ গালে মুখে
জোনাকৰ স্নিগ্ধ পৰশ।

ৰিণি ৰিণি শুনিবলৈ পাওঁ
নিজৰাৰ ঢৌৱে ঢৌৱে
বাগৰি আহিছে
অচিনাকি বাঁহীৰ কৰুণ ধ্বনি।
এয়া যেন কাতৰ
হৃদয়ৰ কৰুণ বিননি
ৰুদ্ধশ্বাস এক অনুভূতি।

শুনিছোঁ মই
ধীৰে ধীৰে বৈ অহা
নূপুৰৰ শব্দ।
সেয়া যেন দেৱদাসীৰ নৃত্য।

দূৰৈৰ পাহাৰখনে মোক
ৰিঙিয়াই মাতিছে।
বতাহৰ আঁচোৰত
শুকান পাতৰ শব্দ
ক্ৰমশঃ কৰ্কশ হৈ পৰিছে।

নিশাৰ গভীৰতাত
এক অচিন মায়া।
অন্তহীন বেদনাৰ তাত
চিৰস্থায়ী মেলা।

❧ | আৰু পঢ়ক:

ডায়েৰীৰ পৃষ্ঠাত এটি নীৰৱ নিশা | ডলী মেধি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক