কিছুমান কথা কোৱাৰ প্ৰয়োজন নাথাকে
কৈফিয়ৎ দি কোনে কাক বুজাব পাৰে?
শেষ হোৱা দিন এটাৰ পৰত বেলি উদয়ৰ
স্বপ্ন দেখাতকৈ অপেক্ষা কৰা ভাল।
কৈ যোৱা প্ৰতিটো কথা ইতিহাস নহয়
কিছু স্মৃতি হৈ ৰৈ যাব পাৰে,
নোকোৱা কিছু কথাও ইতিহাস হ’ব পাৰে।
চেলুলয়ডত নেদেখুওৱা বহুটো কাহিনী
জীৱনে ক’ব পাৰে
মৌনই সিঁচা কথাবোৰৰ ভৰ
কৈ যোৱা কথাবোৰতকৈ গধুৰ হ’ব পাৰে।
বিলাসী ভাৱনাবোৰক অভিজ্ঞতাই হেঁচি ধৰে,
কিছুমান কথা ভবাৰো প্ৰয়োজন নাথাকে
তথাপি সপোন দেখাৰ পৰা জানো
কোনোবাই আমাক বাধা দিব পাৰে?
📚 | অধিক কবিতা:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...