দি নটোৰ ডিউটী শেষ কৰি এটা ক্লান্ত-অৱসন্ন দেহ-মন লৈ সত্য ঘৰলৈ উভতিল। তেতিয়া আবেলি প্ৰায় চাৰে চাৰি বাজিছিল। আঘোণ মাহৰ অস্তগামী বেলিটোৰ পোহৰে যোৰাবাটৰ পাহাৰকেইটাৰ চূড়া উজলাই তুলিছিল। ডিউটীলৈ আহোঁতে সত্যই আজি স্কুটাৰখন লৈ অহা নাছিল। গতিকে সি পদব্ৰজেই ঘৰলৈ উভতিছিল। তাৰ দৰেই অফিচ-কাছাৰী, স্কুল-কলেজ আদিৰ পৰা ওভতা বিভিন্ন ব্যক্তি আৰু যানবাহনে আবেলিৰ ৰাজপথত ভিৰ জমাইছিল। গাড়ী-মটৰৰ ঝঞ্জাৎ, অস্তগামী বেলিটোৰ ৰাঙলী ৰহণে শোভা বঢ়োৱা পাহাৰৰ সেউজীয়া চূড়াকেইটা অথবা গতিপথত বাধা দিব খোজা পথচাৰী— এইবোৰৰ কোনোটোৱেই কিন্তু সত্যৰ খোজৰ গতি মন্থৰ কৰিব পৰা নাছিল। দিনটোৰ ব্যস্ততাৰ অন্তত আৰু কিছু সময়ৰ পাছতে নৱপৰিণীতা পত্নী মামণিৰ সান্নিধ্য লাভৰ আশাত তাৰ মনটো নাচি উঠিছিল। থানাখনৰ পৰা ওলায়েই জ্বলাই লোৱা চিগাৰেটটোত সুখটান মাৰি মাৰি সি খোজৰ গতি বৃদ্ধি কৰি দিছিল।
থানাখনৰ পৰা তিনিশ মিটাৰমান আঁতৰত থকা কোৱাৰ্টাৰটোত সত্য যেতিয়া উপস্থিত হ’ল, মামণিয়ে তেতিয়া আবেলিৰ জলপানৰ কাৰণে পাকঘৰত আটা মাৰি আছিল৷ আগফালে সত্যৰ উপস্থিতিৰ কথা গম পাই তাই আটা মৰা হাতেৰেই লৰালৰিকৈ আগফাললৈ ওলাই আহি সত্যক ক’লে— ‘ডাঙৰ কথা এটা হ’ল নহয়!’
—‘কি ডাঙৰ কথা?’ সত্যই মূৰৰ টুপীটো খুলি বেৰৰ গজাল এটাত ওলোমাই থৈ প্ৰশ্ন কৰিলে।
—‘আজি দুপৰীয়া ভাত খাই উঠাৰ পাছৰে পৰা দেউতা ঘৰত নাই।’
—‘সেইটো আৰু ডাঙৰ কথা হ’লনে? তোমাক একো কৈ যোৱা নাই?’ সত্যই ড্রয়িং ৰূমৰ চোফা এখনতে বহি জোতাযোৰৰ ফিটা খুলিবলৈ ধৰিলে৷
—‘নাই, মই শুই থাকোঁতেই গৈছে।’ মামণি সত্যৰ কাষৰ চোফাখনতে বহি পৰিল৷
—‘ক’ৰবালৈ ওলাই গৈছে চাগৈ। আহিব ঘূৰি। চাওঁ, এতিয়া মোক মোৰ বস্তুটো দিয়া।’ এইবুলি সত্যই ড্রয়িং ৰূমটোতে মামণিক সাবটি ধৰি তাইৰ গালত পট্কৈ চুমা এটা খাই দিলে। অফিচলৈ যোৱাৰ আগতে আৰু অফিচৰ পৰা আহি ঘৰ সোমোৱাৰ পাছত মামণিক চুমা এটা খাবলৈ সত্যই কেতিয়াও নাপাহৰে।
—‘চাওঁ এৰি দিয়া। দুৱাৰ খোলা আছে। কোনোবাই দেখিলে কি ভাবিব?’ সত্যৰ বাহু-বন্ধনৰ পৰা মামণিয়ে মুক্ত হ’বলৈ চেষ্টা কৰি ক’লে ৷
—‘দেখিলে দেখিব আৰু! মইতো বেলেগক চুমা খাবলৈ যোৱা নাই৷ মোৰ মৰমৰ পত্নীগৰাকীকহে খাইছোঁ।’
সত্যই মামণিক এৰি দিলে। তাই গেছৰ ওপৰত ভাজিৰ কেৰাহীটো উঠাই থৈ আহিছিল৷ মনত পৰাত তাই পুনৰ লৰালৰিকৈ পাকঘৰলৈ সোমাই গ’ল। সত্যই ইউনিফৰ্মযোৰ সলাই কঁকালত গামোচা এখন মেৰিয়াই বাথৰূমত সোমালগৈ।
গা-পা ধুই আহি বিছনাখনত পৰাৰ পাছতহে যেন সত্যৰ দেহলৈ সমস্ত ভাগৰ নামি আহিল৷ আজি দিনটো তাৰ বৰ দৌৰা-দৌৰিকৈ গ’ল। শ্বিলং ৰ’ডৰ দোকান এখনত যোৱা নিশা ডকাইতি এটা হৈছিল। ডকাইতকেইটাৰ পম খেদি খেদি সিহঁত একেবাৰে বৰাপানী পালেগৈ৷ এটাক ধৰিবলৈ সক্ষম হ’ল যদিও বাকীকেইটা পলাল। বৰাপানীৰ পৰা সিহঁত তিনিমান বজাতহে থানা আহি পাইছিল। এই কেইদিন শিশু অপহৰণকাৰীকেইটামানক বিচাৰিও বৰকৈ ঘূৰা-ঘূৰি কৰি থাকিব লগা হৈছে। এই চোৰ-ডকাইতবোৰৰ পিছত ঘূৰি ঘূৰি সত্যৰ একেবাৰে বিৰক্তি লাগি যোৱা হৈছে। কেতিয়াবা তাৰ পুলিচৰ চাকৰিত কিয় সোমাইছিলো কিয় সোমাইছিলো লাগে। কিন্তু তাৰ প্ৰতিজ্ঞাটোৰ কথা মনলৈ আহিলেই সি পুনৰ উৎসাহ পায়। পূৰ্ণোদ্যমে কামত লাগি যাব পাৰে৷ এজন সুদক্ষ ছাব ইন্সপেক্টৰ হিচাপে তাৰ খুব কম দিনৰ ভিতৰতে যথেষ্ট নাম হৈছে।
সত্যই বিয়া কৰোৱা এবছৰো হোৱা নাই। পুলিচৰ চাকৰিত ছুটী একেবাৰে কম। বিয়াৰ পাছত মামণিক সি গাঁৱৰ ঘৰত মাক-দেউতাকৰ লগতে থৈ আহিছিল। তাইক কোৱাৰ্টাৰলৈ অনা দুমাহমানহে হৈছে। মামণি ঘৰত থকা কেইমাহ সত্যৰ ইয়াত একেবাৰে মন বহা নাছিল৷ চাকৰিৰ দায়িত্ব বেছি হোৱা কাৰণে সি ঘনাই ঘৰলৈও যাব পৰা নাছিল৷ আনহাতে মাক-দেউতাকে বেয়া পাব বুলি মামণিক কোৱাৰ্টাৰলৈ অনা কথাটোও সি মুখ ফালি ক’ব পৰা নাছিল। কিন্তু মাক-দেউতাক গাঁৱত বাস কৰা অজ্ঞানী মানুহ হ’লেও ইমান স্বাৰ্থপৰ নাছিল৷ বিয়া কৰোৱাৰ পাছতো তেওঁলোকৰ স্বাৰ্থৰ কাৰণে পুতেকে নিঃসংগ জীৱন এটা যাপন কৰক,— এনেকুৱা কথা এটা তেওঁলোকে বাঞ্ছা কৰা নাছিল। গতিকে মাক-দেউতাকেই মামণিক তাৰ লগত লৈ আহিবলৈ উপদেশ দিছিল। মাক-দেউতাকৰ উপদেশ সি সাদৰেৰে গ্ৰহণ কৰিছিল।
মামণি ইয়ালৈ অহাৰ পাছতহে সত্যৰ সঁচা অৰ্থত বৈবাহিক জীৱন আৰম্ভ হৈছিল। তাৰ জীৱনটো কেৱল সুখেৰে ভৰি পৰিছিল। মামণিৰ সান্নিধ্যই তাৰ সকলো দুখ-ভাগৰ দূৰ কৰি দিছিল। সময় নাই, অসময় নাই— কেৱল চোৰ-ডকাইতৰ পিছে পিছে ঘূৰি ফুৰিব লগা এই চাকৰিটোৰ কাৰণে মামণিয়েও বিৰক্তি নোপোৱাকৈ থকা নাছিল। কেতিয়াবা নিশা ভাত-পানী খাই শুবলৈ লয়হে, থানাৰ পৰা খবৰ আহে অমুকত চুৰি হৈছে, সত্য এতিয়াই যাব লাগে৷ কেতিয়াবা দুপৰীয়া ভাত খাই থাকোঁতেই খবৰ আহে, তমুকত বোমা বিস্ফোৰণ ঘটিছে, চাহাবে তাক মাতি পঠাইছে। তদুপৰি উগ্ৰপন্থীৰ গুলীত প্ৰাণ যোৱাৰ ভয়টো আছেই। এইবোৰ কাৰণতে এদিন নিশা বিছনাত বাওঁহাতৰ দীঘল নখকেইটাৰে সত্যৰ নোমাল বুকুখনত লাহে লাহে আঁচুৰি দি মামণিয়ে তাক কৈছিল— ‘তুমি বেলেগ এটা চাকৰি বিচাৰিব নোৱাৰানে?’
—‘কিয় সোণজনী?’ সত্যই মামণিক বুকুৰ ওচৰলৈ চপাই সুধিছিল।
—‘মোৰ বৰ ভয় হয়, তোমাৰ কেতিয়াবা কিবা এটা হয় বুলি।’
—‘ধেৎ আঁকৰী! মোৰ একো নহয়৷ ভাগ্যত যি লিখা আছে, সেয়াতো হ’বই।’
—‘সেইবুলি সকলো কথা ভাগ্যৰ ওপৰত এৰি দিব পাৰি নেকি?’
—‘নোৱাৰি। কিন্তু সেই বুলিয়েই মই জানো এইটো চাকৰিৰ পৰা পলায়ন কৰা উচিত হ’ব? মই জানিবা এইটো চাকৰি এৰি বেলেগ চাকৰি এটালৈকে গ’লো, মোৰ দৰেতো আৰু বহু মানুহ এই চাকৰিটোত আছে, সেইবোৰ ক’লৈ যাব?’ সত্যৰ কথাত মামণিয়ে এইবাৰ আৰু একো সোধা নাছিল। তাই কুৰুকি কুৰুকি মাথোঁ তাৰ বুকুৰ মাজলৈ সোমাই গৈছিল৷
এসপ্তাহমানৰ আগতে সত্যৰ দেউতাক গাঁৱৰ ঘৰৰ পৰা ইয়ালৈ আহিছিল, পুতেকৰ ঘৰত থাকি গুৱাহাটী মহানগৰ চাবলৈ৷ চাকৰিৰ দায়িত্বৰ কাৰণে সত্যই দেউতাকক বেছি ফুৰাব পৰা নাছিল৷ তথাপি কামৰ ফাঁকে ফাঁকে সময় উলিয়াই চিৰিয়াখানা, বশিষ্ঠ আদিলৈ লৈ গৈছিল ৷ মামণিয়েও কিছুমান ঠাই ফুৰাইছিল। ঠিকনা বুজি লৈ দেউতাক অকলেও কিছুমান ঠাইলৈ গৈছিল। কালি দেউতাকে তাক কামাখ্যা মন্দিৰলৈ কেনি, কেনেকৈ যায় পেঘেনিয়াই পেঘেনিয়াই সুধি লৈছিল। আজি দেউতাক নিশ্চয় তালৈকে গৈছে। সময়ত ওলাবহি। এই মামণিজনী যে! অকণমান কথা এটাতে ইমান ছিৰিয়াছ হৈ যায়! এইটো কাৰণতে তাইৰ ওপৰত কেতিয়াবা তাৰ খঙো উঠে। কিন্তু তাইৰ ওপৰত জানো খং উঠাব পাৰি? কিবা এষাৰ অকণমান টানকৈ ক’লে তাইৰ চকুপানীয়েই ওলাই যায়। মামণিৰ চকুত চকুপানী যে সত্যৰ অকণোৱেই সহ্য নহয়।
—‘তোমাৰ টোপনিয়েই আহিল নেকি?’ হাতত ৰুটি-ভাজিৰ প্লেট এখন লৈ কোঠাটোলৈ সোমাই আহিল মামণি ।
—‘নাই অহা। চকু দুটা এনেয়েহে মুদি আছোঁ।’ চকু দুটা নেমেলাকৈয়ে সত্যই উত্তৰ দিলে।
—‘এয়া খাই লোৱা ৷ আজিতো তোমাৰ নাইট ডিউটী নাই ?’ বেড ছাইড টেবুলখনতে ৰুটি-ভাজিৰ প্লেটখন থৈ মামণিয়ে পুনৰ সুধিলে।
—‘নাই, কিয় সুধিলা?’ সত্য বিছনাৰ পৰা উঠি বহিল।
—‘কিয় সুধিলোঁ মইহে আক’ উত্তৰ দিব লাগেনে? যোৱা চাৰি ৰাতি দেখোন তুমি শুবলৈকে পোৱা নাই!’ মামণি সত্যৰ কাষতে বিছনাখনতে বহি পৰিল।
—‘তুমিওতো শুব পৰা নাই। শুলেও নিশ্চয় অকণো আৰাম পোৱা নাই!’ সত্যই ৰুটি-ভাজি অলপ মুখত ভৰাই দুষ্টালিৰ হাঁহি এটা মাৰিলে।
—‘তুমি কিন্তু দিনক দিনে বেছি অসভ্য হৈ গৈছা দেই! তোমাক বেয়া পাইছোঁ যোৱা।’ কৃত্রিম খং এটা দেখুৱাই মামণি সত্যৰ ওচৰৰ পৰা উচাৎ মাৰি উঠি যাব খোজোঁতেই সি তাইক এহাতেৰে সাবটি ধৰিলে আৰু ৰুটি-ভাজি অকণ তাইৰ মুখতো ভৰাই দিলে।
টিভিত হিন্দী চিনেমা এখন চলি আছিল। চাহ-জলপান খোৱাৰ পাছত সত্য আৰু মামণি দুয়ো বিছনাত আৰামকৈ বহি ল’লে। চিনেমাখন উপভোগ কৰি কৰি সিহঁত দুয়ো দেউতাকলৈ অপেক্ষা কৰি থাকিল ৷
কিন্তু সন্ধ্যা লাগি ভগাত, চিনেমাখন শেষ হোৱাৰ পাছতো দেউতাক ঘূৰি নহাত সত্যৰ এইবাৰ সঁচাকৈয়ে চিন্তা লাগিল। সি স্কুটাৰখন লৈ ঘৰৰ পৰা ওলাই আহিল। স্কুটাৰখন লাহ লাহে চলাই ৰাস্তাৰ ইফালে-সিফালে চাই চাই সত্য গৈ থাকিল। ভালেমান দূৰ ঘূৰাৰ পাছত এনেকৈ দেউতাকক বিচাৰি পোৱাটো বৃথা বুলি বুজিব পাৰি সি পাণদোকান এখনৰ মুখতে ৰৈ চিগাৰেট এটা জ্বলাই ল’লে৷ স্কুটাৰখনৰ পিলিয়নাৰটোতে বহি লৈ সি ভাবিলে, ইমান সময়ে দেউতাক ক’লৈ যাব পাৰে? দেউতাক যাব পৰা সিহঁতৰতো গুৱাহাটীত কোনো মিতিৰ-কুটুম নাই! সত্যৰ বন্ধু-বান্ধৱকেইটাৰ ঘৰো দেউতাকে চিনি নাপায়, তালৈ যাবলৈ৷ গুৱাহাটীত গাড়ী-মটৰৰ সংখ্যা আজিকালি পৰুৱাৰ দৰে বাঢ়িছে। ক’ৰবাত দুৰ্ঘটনাই হ’ল নেকি? মহানগৰীত আজিকালি মানৱ অংগৰ ব্যৱসায়ীও কম নহয়। দেউতাকক গাঁৱলীয়া, হোজা যেন পাই কিবা বুদ্ধি কৰি সেইবোৰেই লৈ গ’ল নেকি? চিন্তাবোৰ মনলৈ অহাৰ লগে লগে সত্য অস্থিৰ হৈ উঠিল। তাৰ লগত থাকিবলৈ আহি দেউতাকৰ কিবা এটা হ’ব লাগিলে মাকহঁতে তাকহে দূষিব। মামণিক পাই দেউতাকক অৱহেলা কৰা বুলিও ভাবিব পাৰে। কি কৰিব একো ভাবি উলিয়াব নোৱাৰি সত্যই পুনৰ ঘৰমুৱাকৈ স্কুটাৰখন চলাই দিলে।
—‘কি হ’ল? কিবা খবৰ পালানে?’ আগফালে স্কুটাৰ ৰখোৱাৰ শব্দ শুনি বাহিৰলৈ ওলাই আহি মামণিয়ে ব্যগ্ৰভাৱে সত্যক সুধিলে।
—‘নাই, একো খবৰ নাপালো।’ সত্যই চমুৱাই উত্তৰ দিলে৷
—‘কি কৰিবা এতিয়া ?’
—‘ৰ’বাচোন চিন্তা কৰি চাওঁ।’
—‘চিন্তা কৰিবলৈ কিটো আছে? তুমি সোনকালে কিবা এটা কৰা।’
—‘উস! তুমি ইমান অধৈর্য হৈছা কিয়? সাত বাজিছেহে! ৰাতি দহ বজালৈকে চিটীবাছ চলে। দেউতা ঘূৰি আহিবলৈ এতিয়াও বহুত সময় বাকী আছে।’
—‘দেউতা গুৱাহাটীলৈ এইবাৰ প্ৰথম আহিছে। ৰাতি বাট-পথ বিচাৰি উলিয়াব নোৱাৰিবও পাৰে৷ তুমি নহ’লে থানাতে খবৰ এটা দিয়াগৈ। চাহাবক ক’লে চিপাহীকেইটামান দিব পাৰে বিচাৰিবলৈ।’
—‘ৰ’বাচোন, আৰু অলপ সময় বাট চাওঁ। আৰু তুমি এনেকৈ গুৱাহাটীত মানুহ বিচাৰি পোৱাটো সহজ কথা পাইছা নেকি?’
সত্য আৰু মামণিয়ে ড্রয়িং ৰূমটোতে বহি গভীৰ উৎকণ্ঠাৰে সময়বোৰ পাৰ কৰি থাকিল৷ সত্যৰ পেটে পেটে দেউতাকলৈ অলপ খঙো উঠিল। সম্পূৰ্ণ চাৰি ৰাতিৰ মূৰত মামণিৰ লগত সি অন্তৰংগভাৱে নিশাটো কটাব বুলি ভাবিছিল, কিন্তু দেউতাকে সকলো পণ্ড কৰি দিলে। ক’লৈ গ’লগৈ বাৰু দেউতাক?
দুয়ো গুণা-গঁথা কৰি থাকোঁতেই থানাৰ পৰা চিপাহী এটা আহি সত্যক ক’লেহি— ‘ছাৰ, পল্টন বজাৰ থানাৰ পৰা ফোন এটা আহিছে। আপোনাক এতিয়াই তালৈ মাতি পঠিয়াইছে।’
—‘কিয় মাতিছে কিবা কৈছে নেকি?’
—‘নাই কোৱা৷ আপুনি গ’লেহে ক’ব বোলে।’
সত্যই কাপোৰ-কানি পিন্ধিয়েই আছিল। স্কুটাৰখন লৈ সি ঘৰৰ পৰা ওলাই আহিল৷ ৰাজপথত উঠাৰ লগে লগে সি স্কুটাৰৰ এক্সেলেটৰ দবাই দিলে৷ দেউতাকৰ চিন্তাৰে তাৰ মনটো এনেয়েই ভৰি আছিল, এতিয়া আকৌ ভূতৰ ওপৰত দানহ ওলোৱাদি এই কথাটোৱে তাৰ মনটো নতুন চিন্তা কিছুমানেৰে ভৰাই দিলেহি। তাৰ ডিউটী নথকা সময়ত এনেকৈ অকলশৰীয়াকৈ তাক কিয় থানালৈ মতিছে? তাৰ দিনটো আজি সঁচাকৈয়ে বেয়া।
ৰাজপথত গাড়ী-মটৰৰ ভিৰ কমি যোৱাত সত্যই স্কুটাৰখন তীব্র গতিৰে চলাই নিছিল৷ গতিকে সি বিছ মিনিটমানৰ ভিতৰতে থানাখন পালেগৈ। সেই সময়ত ডিউটীত আছিল তাৰ লগৰ দেৰগাঁৱত একেলগে প্রশিক্ষণ লোৱা মলয় দত্ত। দত্তই আগবঢ়াই দিয়া চকীখনত বহাৰ পাছত সি ব্যগ্রভাৱে কʼলে— ‘কওক এতিয়া, কিয় মাতিছিল?’
—‘আজি সন্ধ্যা পল্টন বজাৰত চোৰ এটা ধৰা পৰিল। অলপ আগতে জেৰা কৰোঁতে সি ক’লে, সি বোলে আপোনাৰ চিনাকি।’ মলয় দত্তই সত্যলৈ চিগাৰেটৰ পেকেটটো আগবঢ়াই দি ক’লে।
—‘মোৰ চিনাকি?’ সত্য আচৰিত হ’ল। মনৰ টেনশ্যনটো কমাবলৈ সি দ্ৰুততাৰে পেকেটৰ পৰা চিগাৰেট এটা জ্বলাই হুঁপিবলৈ ধৰিলে ৷
—‘হয়, আপোনাৰ চিনাকি বুলি কৈছে। আপোনাৰ হেনো নিকট আত্মীয়। সেই কাৰণেই জে’ললৈ চালান দিয়াৰ আগতে আপোনাক মাতি পঠিয়ালো৷ চোৰটো যদি সঁচাকৈয়ে আপোনাৰ নিকট আত্মীয় হয়, তেনেহ’লে জেললৈ নপঠিয়াওঁ আৰু!’
মলয় দত্তৰ কথাত সত্য চিন্তাত পৰিল৷ চোৰটো কোন হ’ব পাৰে? এই পেছা গ্ৰহণ কৰা সিহঁতৰতো কোনো আত্মীয় নাই! চিগাৰেটটোত খৰতকীয়া হোঁপাকেইটামান মাৰি সত্যই ক’লে— ‘বলকচোন বাৰু চোৰটোক চাই আহোঁ।’
মলয় দত্তই ওচৰতে থকা লকআপ ৰূমটোলৈ সত্যক লৈ গ’ল। ৰূমটোত কম পাৱাৰৰ বাল্ব এটা জ্বলি আছিল। চোৰটো অন্ধকাৰ চুক এটাত বহি আছিল, কুঁচিমুচি। চোৰটোৰ হাতত অৱশ্যে হেণ্ডকাফ লগোৱা হোৱা নাছিল।
—‘ঐ, এইফালে আহ।’ মলয় দত্তই লকআপ ৰূমৰ দুৱাৰখন নোখোলাকৈয়ে চোৰটোক দুৱাৰমুখলৈ মাতিলে। দত্তৰ নিৰ্দেশত চোৰটো এখুজি-দুখুজিকৈ চুকটোৰ পৰা উঠি আহিল৷ চোৰটো ওচৰ পোৱাৰ লগে লগে সত্যৰ চকু একেবাৰে কপালত উঠিলগৈ। হে ভগৱান! এয়া দেখোন তাৰ দেউতাক! বাহিৰত ৰৈ থকা সত্যক চিনি পাই দেউতাকে হঠাতে কাও-বাও কৰি ক’লে— ‘মোক ইয়াৰ পৰা সোনকালে উলিয়াই নে অ’ সত্য। ইয়াত বৰ কষ্ট পাইছোঁ।’
চোৰটোৰ কথা শুনি মলয় দত্তই সত্যক লগে লগে সুধিলে— ‘তেনেহ’লে চোৰটো সঁচাকৈয়ে আপোনাৰ চিনাকি?’
সত্যৰ ফাঁকি দিবলৈ কোনো উপায় নাছিল। কিন্তু চোৰটোক সি নিজৰ দেউতাক বুলি চিনাকি দিবলৈ লাজ পোৱাত ক’লে— ‘হয়, চোৰজন’ মোৰ চিনাকি। জে’ললৈ চালান নিদিয়াকৈ ইয়াতে কিবা এটা কৰি এৰি দিয়ক।’
সেই সময়ত থানাত অ’ চি জন নাছিল। কিবা এটা কেছৰ তদন্তত বাহিৰলৈ গৈছিল। তেওঁ ঘূৰি আহিলেহে’চোৰজনʼক মুকলি কৰি দিব পৰা যাব বুলি কোৱাত সত্যই থানাখনতে চিগাৰেট হুঁপি হুঁপি অ’চিজন ঘূৰি অহালৈ বাট চাই থাকিল৷ তাৰ খঙো উঠিছিল, লাজো লাগিছিল। ভাগ্যে দেউতাকে তাক নিজৰ পুত্ৰ বুলি পৰিচয়টো নিদিলে। নহ’লে সি মলয় দত্তহঁতৰ আগত কেনেকৈ মুখ উলিয়ালেহেঁতেন? তথাপি মলয় দত্তই এতিয়াও তাক কি বুলি ভাবিছে চাগৈ?
বহি থাকি থাকি আমনি লগাত সত্য ৰাস্তালৈ ওলাই আহিল৷ থানাখনৰ মুখতে এটা পিলাৰ আছিল৷ সেইটোতে ভৰি এটা উঠাই ৰাস্তাৰ মানুহ-দুনুহৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি সি ৰৈ থাকিল৷ সি ভাবিলে, দেউতাকে বাৰু এই বয়সত এইটো কাম কিয় কৰিলে? দেউতাকেতো এইটো বিদ্যা কেতিয়াবাই এৰি দিছিল! নে সি গম নোপোৱাকৈ বিদ্যাটো চলায়েই আছিল?
এৰা, সত্যৰ দেউতাক এসময়ত গভাইত চোৰ আছিল। চুৰি কৰি পোৱা ধনেৰেই তেওঁ পৰিয়ালটো পোহ-পাল দিছিল। আনকি সত্যৰ মাককো তেওঁ চুৰি কৰিহে অৰ্থাৎ পলুৱাই আনিছিল। প্রথমে অসৎ সংগত পৰিহে দেউতাকে এই কাম কৰিছিল যদিও পাছলৈ চৌর্য বৃত্তিকে গ্ৰহণ কৰি পেলাইছিল। ’চুৰি কৰা উত্তম বিদ্যা, ধৰা পৰিলে শিলৰ খুন্দা’— এই আপ্তবাক্যফাকি দেউতাকে আখৰে আখৰে পালন কৰিছিল। খুব কম দিনৰ ভিতৰতে তেওঁ এজন পাকৈত চোৰত পৰিণত হ’ব পাৰিছিল। কাচিৎ কেতিয়াবাহে তেওঁ ধৰা পৰিছিল।
এবাৰ তেওঁ জে’লত থকা অৱস্থাত কয়দীবোৰে শংকৰদেৱৰ তিথিত ভাওনা এখন কৰিছিল। সেইবাৰ ৰাতি জে’লৰ ভিতৰত ভাওনা চাই থাকোঁতে তেওঁ স্বয়ং জেইলাৰৰে জেপ লুৰুকি পেলাইছিল৷ এনেকুৱা অনেক কাহিনী আছে, যিবোৰ মানুহৰ আগত কৈ দেউতাকে খুবেই গর্ব অনুভৱ কৰিছিল।
সত্যৰ দেউতাকে চৌর্য বৃত্তিৰে জীৱন নিৰ্বাহ কৰিলেও তেওঁৰ হৃদয়খন আছিল মানৱতাৰে পৰিপূৰ্ণ। চুৰি কৰি পোৱা ধনেৰে তেওঁ ওচৰ-চুবুৰীয়া দুখীয়া মানুহবোৰকো সহায় কৰিছিল । নিজে নাখায়ো আনক খুৱাইছিল। সত্যহঁতৰ চুবুৰিৰ বীৰেন নামৰ ল’ৰাটোৰ মেট্ৰিক পৰীক্ষাৰ সময়ত যোৱা-থোৱা হৈছিল। কিন্তু সত্যৰ দেউতাকে নিজৰ ধন ভাঙি ডাক্তৰ আনি তাক সুস্থ কৰি তুলিছিল।
শৈশৱ কালছোৱাত বৰকৈ উপলব্ধি কৰা নাছিল যদিও ডাঙৰ হৈ অহাৰ লগে লগে সত্য হীনমন্যতাত ভূগিবলৈ লৈছিল৷ কিয়নো সমনীয়াবোৰে তাক চোৰৰ পুতেক বুলি ইতিকিং কৰিছিল৷ হাইস্কুলত নাম লগাবলৈ যোৱা বছৰ স্বয়ং মাষ্টৰ এজনেই যেতিয়া তাক ‘চোৰৰ পুতেক চোৰ নহৈ পণ্ডিত হ’বলৈ আহিছ’ বুলি ঠাট্টা কৰিছিল, সি প্রতিজ্ঞা কৰিছিল— ডাঙৰ হৈ চোৰ জাতিটোক ধ্বংস কৰিবলৈ সি পুলিচৰ চাকৰি কৰিব। চোৰ জাতিটোক এসেকা দি সি আচলতে পৰোক্ষভাৱে দেউতাকৰ ওপৰত প্ৰতিশোধ ল’ব খুজিছিল৷ সি চাকৰিত সোমোৱাৰ পাছত দেউতাকে অৱশ্যে চৌর্য বৃত্তিটো এৰি দিছিল। কিন্তু দেউতাকে আজি আকৌ ইতিহাসৰ পুনৰাবৃত্তি কিয় কৰিলে?
দুঘণ্টামানৰ মূৰত অ’চিজন ঘূৰি অহাত’ফৰ্মেলিটী’খিনি শেষ কৰি সত্যই দেউতাকক থানাৰ পৰা উলিয়াই আনিলে। দেউতাকে বৰকৈ ভোক লাগিছে বুলি কোৱাত সি ওচৰৰে ৰেস্তোৰাঁ এখনলৈ দেউতাকক লৈ গ’ল আৰু কিবা-কিবি খোৱা বস্তুৰ অৰ্ডাৰ দিলে। খাই থকাৰ মাজতে সত্যই দেউতাকক সুধিলে— ‘আপুনি বাৰু এই বয়সত এইটো কাম কিয় কৰিলে?’
দেউতাকে গোগ্রাসে খোৱা বস্তুবোৰ উদৰস্থ কৰি আছিল। খোৱাৰ পৰা মূৰ নদঙাকৈয়ে তেওঁ উত্তৰ দিলে— ‘আগত পূজা আহি থকা নাই জানো? ভাবিলো, মাৰলৈ সোণৰ নেকলেছ এডালকে লৈ যাওঁ। এইবুলি গহনাৰ দোকান এখনত সোমাই দৰ-দাম কৰাৰ চলেৰে নেকলেছ এডাল সৰকাব খুজিছিলো৷ পিছে ইয়াৰ মানুহবোৰ বৰ চালাক। একেবাৰে হাতে-লোটে ধৰি থানাত চমজাই দিলে। দুই-এঠাপৰ দিলেও।’
—‘আপুনি মোক কোৱাহেঁতেনেই হয়। ময়েই নেকলেছ এডাল কিনি দিলোঁহেঁতেন। মিছামিছিকৈ নিজৰ লগতে মোৰ সন্মানটোও কিয় লাঘৱ কৰিলেগৈ?’
সত্যৰ কথাত দেউতাকে এইবাৰ দীৰ্ঘ হুমুনিয়াহ এটা কাঢ়ি ক’লে— ‘কি কৰিবি বোপাই! এইটো যে মোৰ স্বভাৱ!’
❧ | পূৰ্বৰ খণ্ডসমূহ পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড