ভৱিষ্যৎ
কপালৰ ৰেখা কোঁচ খুৱাই কেঁকাই থকা মাকৰ মুখখনলৈ অসহায়ভাৱে মৃদুলে এবাৰ চাই মটৰ চাইকেলত উঠিলেহি। চাকৰিটোৱেই তাৰ সম্বল এতিয়া। দেউতাক বাৰাণ্ডাৰ চকীখনত নিৰ্বিকাৰ হৈ বহি আছে। ঘৰৰ মানুহকেইটাক পানী এটুপি দিবলৈও মানুহ নথকা বাবেই পৰিয়ালৰ সকলোৰে বুজনিত সি আজি তিনি বছৰৰ আগতেই ববিতাক বিয়া কৰাই আনিছিল।
ছোৱালীজনীৰ ভৱিষ্যতৰ কথা ভাবিয়েই ববিতা এতিয়া বছৰৰ সৰহ দিন মাকৰ ঘৰত থাকে।
লাখুটি
নন্দ পেহাই ভৰিটো লেকেচিয়াই লেকেচিয়াই খীৰতী গাইজনীক চিঞৰিছে— আহ ক’লী আহ, আ… হ, ক’লী আহ, আ… হ। চকুত ছানি পৰা পেহাৰ লাখুটিডাল পথাৰৰ গাঁত এটাত সোমোৱাত হামখুৰি খাই পৰিব খোজোঁটে কোনোবাই পিছফালৰ পৰা থাপ মাৰি ধৰা যেন পালে। পেহাৰ মনে মনে অলপ ভয়ো লাগিল। কাণিমুনি সময়, তাতে পথাৰৰ মাজৰ জয়াল পৰিৱেশ। তথাপি মৰসাহ গোটাই পেহাই খঙেৰে সুধিলে— হেই কোন! কোনে ধৰিলি মোক? বাপেৰক চিনি পোৱা নাই!
— দেউতা, মই ৰতন। তোৰ ভৰিখনত কি হ’ল? চকুৰে আজিকালি কম দেখ নেকি? ইহঁতবোৰ ঘৰত আছেনে?
ৰাতিপুৱা গা ধুই আহি আইনাখন ওচৰত সেন্দূৰৰ টেমাটো লৈ দৰক লাগি ৰৈ থকা বোৱাৰীয়েকলৈ মনত পৰিল পেহাৰ। সি ঘূৰি আহিছে, ঘূৰি আহিছে!
— ব’ল দেউতা, ঘৰলৈ যাওঁ। দুমাহতে এৰি থৈ যোৱা কলীয়ে ৰতনৰ গাত গা ঘঁহাই আগবাঢ়ি গ’ল।
নন্দপেহাৰ এতিয়া মৰিবলৈ ভয় নাই।
আঙুঠি
মুখত এটা পুৰণা গীতৰ কলি গুণগুণাই কৃষ্ণ ককাইদেউ হালখন লৈ ওলাই গ’ল। ঔজোপাৰ তলত দুচাহমান বাওঁতেই ককাইদেউৰ জিলিকি থকা কিবা এটা বস্তুত চকু পৰিল। হালখন পথাৰৰ মাজতে ৰখাই তেওঁ ঔজোপাৰ তল পালেগৈ। ৰ’দৰ কোমল পোহৰ পৰি চিকমিকাই থকা বস্তুটোনো কি হ’ব পাৰে? জিলিকি থকা ঠাইডোখৰ হাতত থকা নেলীয়া কটাৰীখনেৰে খন্দাৰ লগে লগে মাটিৰে সৈতে উঠি অহা বস্তুটোনো কি কৃষ্ণ ককাইদেৱে থিৰাং কৰিব নোৱাৰিলে। কিন্তু সোণৰ যে কিবা এপদ অলংকাৰ, সেইটো হ’লে ধৰিব পাৰিলে। ওচৰৰে খালটোৰ পানীখিনিত তেওঁ বস্তুটো ধুবলৈ নিলে। এটা সুন্দৰ মিনা কৰোৱা আঙুঠি। তেওঁৰ চকু দুটা ডাঙৰ হৈ গ’ল।
জীৱনৰ সৰ্বস্ব সঁপি দিম বুলি আঙুঠি পিন্ধোৱাৰ দিনা ৰাতি কথা দিয়া কাঞ্চনে এমাহৰ পাছতে এই ঔজোপাক কিয় শেষ আশ্ৰয় কৰিলে, কৃষ্ণ ককাইদেউৰ বাবে আজি দহ বছৰে সাঁথৰ।
গাঁঠি
অমলে লাওৰ হেঁদালিখন বান্ধিবলৈ বুলি ৰছী এডাল বিচাৰি ভিতৰলৈ সোমাই গ’ল। আওপুৰণি মলিন কাপোৰৰ টুকুৰা এটা পাই কাম চলি যাব বুলি পুনৰ হেঁদালিখনৰ ওচৰ পালেহি। ৰছীটুকুৰা হাতত লৈ বান্ধো বুলি লওঁতেই দেখিলে— ৰছীডাল ভালেমান গাঁঠিৰ সমষ্টি। এটা এটাকৈ অমলে গাঁঠিবোৰ খুলি গ’ল। শেষৰ গাঁঠিটো খুলিবলৈ লৈ সি থমকি ৰ’ল।
গাঁঠিটো খুলিলে ৰছীডাল বিচ্ছিন্ন হ’ব। তাৰ ঘৈণীয়েক মালতীলৈ মনত পৰিল। য’ৰ কাম ত’তে পেলাই সি মালতীৰ ওচৰলৈ যাবলৈ উদ্বাউল হৈ উঠিল।
এৰা, এতিয়াও এটা গাঁঠি বাকী আছে!
ধৈৰ্য
— হেৰৌ, ভুকুতে কলটো নপকে নহয়! অলপ ধৈৰ্য ধৰ। চিঞৰি চিঞৰি বনলতা পাকঘৰৰ পৰা ওলাই আহিল। টিভিৰ সন্মুখত উদাস হৈ বহি আছে বাপেক-পুতেক। টিভিয়ে কি কৈছে সিহঁতৰ যেন কাণসাৰ নাই!
— তহঁত ইমান অধৈৰ্য হ’লে নচলিব অ’! বেমাৰ এটা হ’বলৈ সহজ, কিন্তু ভাল হওঁতে লাগিবই দেচোন কিছুদিন! — কিমান ধৈৰ্য ধৰিম মা! কিমান? যেতিয়াৰ পৰা ধৈৰ্য ধৰিছোঁ, এতিয়ালৈ তাই কোনোবা এঘৰৰ বোৱাৰী হ’ব লাগিছিল! কণা গোঁসায়ে মাৰিও নিনিয়া হ’ল। কিমান দিম ধৈৰ্যৰ পৰীক্ষা? কিমান ল’বা গোসাঁই তুমি, কিমান ল’বা? হুকহুকাই কান্দি বহি পৰিল সি চকীখনত।
কাষৰ কোঠাটোত বস্তু-বাহানি দলিওৱাৰ শব্দ। কোনো উঠি নগ’ল। সেইটো সিহঁত তিনিওৰে বাবে সচৰাচৰ ঘটনা এটা।
এৰা-ধৰা
দেউতাক অবিহনেই ৰ’দালিয়ে ল’ৰাটো পাঁচ বছৰীয়া কৰিলে। বলটোৰ পাছত দৌৰি ফুৰা ল’ৰাটোলে চাই তাই এফালৰ পৰা কথাবোৰ ভাবি গ’ল। পৰনাৰীৰ লগত সম্পৰ্ক ৰাখি নিজৰ পত্নী, সন্তানলৈ পিঠি দিয়া, সাধাৰণ অজুহাততে ৰ’দালিৰ পিঠিত কঁকালৰ বেল্ট উঠোৱা নিৰ্দয় জয়ন্তৰ কথাবোৰে পুনৰ তাইক জোকাৰি গ’ল।
— তোৰ এই মদগৰ্বী স্বভাৱটোৰ বাবেই চাগে গিৰিয়েৰৰ লগত খাব নোৱাৰিলি! মাইকী মানহক অলপ এৰা-ধৰা লাগে বুজিছ? এতিয়াই দেখিলো নহয়, তোক ইমান মাতিছোঁ, মোক তই এষাৰ মাত দিয়া নাই! খুৰীয়েকে একে উশাহতে কথাখিনি কৈ পেলালে।
ৰ’দালিয়ে এন্ধাৰ দেখিলে। বহি থকা চকীখনতে তাই খামোচ মাৰি ধৰি থাকিল।
❧। আৰু পঢ়ক: এমুঠি অণুগল্প
সপোন
— দেউতা, ৰাস্তাটোৰ কথা খুৰাহঁতক ক’ব। আজি নহয় কাইলৈ আমি এখন গাড়ী ল’ম, তেতিয়া সোমাবনে গাড়ীখন এইটো ৰাস্তাৰে? — মা মা, ডিউটিলৈ যাওঁতে বাটতে কেইবাটাও কইলাৰ মূৰ্গী পালো। লৈ আনিলো কিনি। ছোৱালীজনীয়ে কণী খাব, দুই-এটকা তয়ো পাবি। — অ’ মা, বাবুলৰ ঘৰত চেউঁৰী ছাগলী দুজনী ৰাখি থৈ আহিছোঁ, কাইলৈ আনিমগৈ
সপোন! নিজক প্ৰতিষ্ঠা কৰাৰ সপোনৰ পিছত দৌৰি ফুৰে ল’ৰাটো সদায়। পিছে, সিদিনা সি নিজেই এটা সপোন হৈ আহিল সকলোৰে বাবে। হাজাৰ শুভাকাংক্ষীৰ মাজত ইমান নিটাল মাৰি শুই আছিল সি! চোতালত শুৱাই দিয়াৰ পাছতো আৰু সাৰ নাপালে।