নাগালেণ্ড। তেল-গেছ আহৰণ: শর্মা-ৰিয়ৰ যৌথ সিদ্ধান্তৰ বিৰোধিতা আৰু আদৰণি

নাগালেণ্ড। তেল-গেছ আহৰণ: শর্মা-ৰিয়ৰ যৌথ সিদ্ধান্তৰ বিৰোধিতা আৰু আদৰণি
  • 08 May, 2023

না গালেণ্ডৰ দশকজোৰা ৰাজনৈতিক বিবাদৰ এক সন্মানজনক সমাধান সূত্ৰত উপনীত নোহোৱা পৰ্যন্ত সেই ৰাজ্যৰ ভূখণ্ডৰ পৰা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ সংগ্ৰহ কৰিবলৈ দিয়া নহ’ব বুলি নাগা বিদ্ৰোহী সংগঠন এন এচ চি এন (ইচাক-মুইভা)-এ ৩ মে’ত সকীয়াই দিয়ে৷ ইয়াৰ পূর্বে অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী দুজনে যোৱা ২২ এপ্ৰিলত ৰাজ্য দুখনৰ বিবদমান সীমান্ত এলেকাত তেল-গেছ সংগ্ৰহৰ বাবে নীতিগতভাৱে একমত হয় আৰু ১ মে’ত অইল ইণ্ডিয়া লিমিটেডৰ এজন উচ্চপদস্থ বিষয়াই নাগালেণ্ডৰ ৩,০০০ বর্গ কিলোমিটাৰ এলেকাত খনন কাৰ্য চলাবলৈ আগ্ৰহী বুলিও গুৱাহাটীত প্ৰকাশ কৰে৷

উল্লেখযোগ্য যে নাগালেণ্ডৰ ভূগর্ভত ৬০০ নিযুত টনৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ মজুত আছে বুলি ইতিমধ্যে ঠাৱৰ কৰা হৈছে যদিও উগ্ৰপন্থীৰ প্ৰতিবন্ধকতা আৰু নাগা গোটসমূহৰ বিৰোধিতাৰ বাবে তেল-গেছ খনন কাৰ্য ১৯৯০ চনৰে পৰা স্তব্ধ হৈ আছে৷ অইল ইণ্ডিয়া লিমিটেড অসমৰ উপৰিও অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ত্ৰিপুৰাত সফলতাৰে এই দুই ইন্ধন সংগ্ৰহৰ অভিযান চলোৱাৰ পাছত নাগালেণ্ডৰ প্ৰতিও আগ্ৰহী হৈ উঠে৷

বিৰোধিতাৰ কাৰণ, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বক্তব্য:

নাগা বিদ্ৰোহী সংগঠন এন এচ চি এন (আই-এম)-এ দুই দশকৰো পূর্বেই নাগা সমস্যাৰ ৰাজনৈতিক সমাধান অবিহনে সেই ৰাজ্যৰ কোনো খনিজ সম্পদৰ উদ্ঘাটন বা খনন কাৰ্যৰে তেনে সম্পদ সংগ্ৰহ কৰিবলৈ দিয়া নহ’ব বুলি এক ষ্টেণ্ডিং অর্ডাৰ জাৰি কৰিছিল আৰু সেই নির্দেশ আজিও বাহাল আছে বুলি সংগঠনটোৱে এক বিবৃতিযোগে দোহাৰে৷ সেয়ে এন এচ চি এনে কয় যে খনিজ প্ৰাকৃতিক সম্পদৰ সংগ্ৰহৰ জৰিয়তে ৰাজ্যখনৰ অর্থনৈতিক বিকাশ সম্ভৱপৰ হ’ব বুলি যুক্তি আগবঢ়ালে সেয়া দৰাচলতে নাগাৰ ভূ-সম্পদৰ ওপৰত ৰাজ্যবাসীৰ অধিকাৰ খর্ব কৰাৰ সমতুল্য হ’ব বুলিহে এন এচ চি এনে বিবেচনা কৰে৷

কেৱল বিদ্ৰোহী সংগঠন এন এচ চি এনেই নহয়, সাতটা নাগা গোট একত্ৰিত হৈ গঠন কৰা নাগা নেচনেল পলিটিকেল গ্ৰুপেও নিফু ৰিয় আৰু হিমন্ত বিশ্ব শর্মাই বিবদমান সীমান্ত এলেকাত তেল-গেছৰ খনন কাৰ্যত সন্মতি প্ৰদানৰ বিৰোধিতা কৰিছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী এচ চি জামিৰেও এনেদৰে বিৰোধিতা সাব্যস্ত কৰা নাগা গোটসমূহৰ প্ৰতি তেওঁৰ সমর্থন ব্যক্ত কৰি কয় নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে বিবদমান এলেকাক খনন কাৰ্যৰ এলেকা কৰি তুলিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে একমত হোৱাৰ পূর্বে কিছু ধৈৰ্যশীল হ’ব লাগিছিল৷ নাগা বিবাদৰ ৰাজনৈতিক সমাধানৰ সৈতে যে তেল-গেছ খননৰ প্ৰশ্ন জড়িত হৈ আছে, সেই কথা প্ৰাক্তন মুখ্যমন্ত্ৰীজনে স্বীকাৰ কৰে৷

নিফু ৰিয়

নিফু ৰিয় | সৌজন্য: Twitter/Neiphiu_Rio

সংবাদ পত্ৰৰ সমীক্ষা:

নাগালেণ্ড-অসমৰ বিবদমান এলেকাত খনন কৰা তেল-গেছৰ ৰয়েল্টি বিতৰণত বেমেজালি ঘটিব বুলি জমিৰে সন্দেহ প্ৰকাশ কৰে৷ অৱশ্যে নাগালেণ্ডৰ এখন আগশাৰীৰ দৈনিক মৰুং এক্সপ্ৰেছে কয় যে হিমন্ত বিশ্ব-নিফু ৰিয়ৰ যৌথ সিদ্ধান্তৰ বিৰোধিতাৰ লগতে ইয়াৰ প্ৰতি নাগালেণ্ডৰ বিভিন্ন মহলে আদৰণিও জনাইছে৷ কাকতখনে চলোৱা এক সমীক্ষা অনুসৰি জুলাই মাহত ৪৭ শতাংশ লোকে খনন কাৰ্য পুনৰ আৰম্ভ কৰাৰ বিৰোধিতা কৰিছিল, ৫০ শতাংশই পুনৰ আৰম্ভ কৰিব লাগে বুলি কৈছিল আৰু ৭ শতাংশই মন্তব্য কৰাৰ পৰা বিৰত আছিল৷ উক্ত সমীক্ষাতে তেল আৰু গেছৰ খনন তথা আহৰণৰ সপক্ষে দেখুওৱা কেতবোৰ যুক্তি আছিল এনেকুৱা:

  • কর্মসংস্থাপনৰ লগতে অসম-ত্ৰিপুৰাৰ দৰে উন্নয়নৰ বাট মুকলি হ’ব।
  • বিবদমান এলেকাৰ পৰা অসমে তেল আহৰণ কৰি থকাৰ ফলত নাগালেণ্ডে ৰাজহ হেৰুৱাব লগীয়া হৈছে।
  • দৰিদ্ৰ জনসাধাৰণে দৈনিক উপার্জন লাভ কৰিব।
  • এখন দৰিদ্ৰ ৰাজ্য নাগালেণ্ডক তেল, গেছ দুয়োটাই লাগে।
  • যুৱ সমাজে চাকৰি-বাকৰি লাভ কৰিব৷

আনহাতে বিৰোধিতা কৰাসকলৰ যুক্তি আছিল:

  • একমাত্ৰ ধনী শ্ৰেণীহে উপকৃত হ’ব।
  • নাগালেণ্ডত মাটিৰ মালিকীস্বত্ব গাইগুটীয়া ব্যক্তিবিশেষ, কোনো বংশ বা পৰিয়াল বা এখন গাঁৱৰ ওপৰত ন্যস্ত, কিন্তু তেল-গেছৰ পুনৰ উৎপাদন বা খননে এই তিনিটা পক্ষৰ বাহিৰে আনকহে লাভবান কৰিব।
  • সেইদৰে চাকৰি সৃষ্টি হলেও খিলঞ্জীয়া লোকে তেনে চাকৰি নকৰিব, বহিৰাগত শ্ৰমিক-কর্মচাৰীৰ আগমন হ’ব।
  • প্ৰদূষণ বৃদ্ধি পাব। পৰিৱেশ বিনষ্ট হ’লেও সমাজ নিষ্ক্ৰিয় হৈ ৰ’ব, কাৰণ মাটিৰ মালিকৰ মনোভাব চিৰকালেই এনেকুৱা— ‘আমাৰ মাটি, আমাৰ পানী, আমাৰ কথা৷’
  • খাৰুৱা তেল উভৈনদী হ’লে লোভ আৰু বিভেদ বাঢ়িব।
  • সংবিধানৰ দফা ৩৭১-ক ৰাজনীতিবিদ আৰু সাধাৰণ জনতাই যথার্থ ৰূপত উপলব্ধি নকৰালৈকে সেই ধাৰাৰ এক শিথিল ব্যাখ্যাই গোজ পুতি ৰ’ব, ফলস্বৰূপে নিজৰ ভূমি আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত নাগা সমাজৰ মালিকীস্বত্ব আৰু নিয়ন্ত্ৰণ সাব্যস্ত নহ’ব।
  • তেল উদ্ঘাটন প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰাৰ সপক্ষে অত্যুৎসাহী সংস্থাসমূহে নাগাক বঞ্চিত কৰাৰহে পোষকতা কৰিছে বুলি উপলব্ধি কৰিব নোৱৰাটো দুর্ভাগ্যজনক।
  • তেল আৰু গেছ আহৰণ প্ৰক্ৰিয়া কর্পৰেট খণ্ড আৰু মুষ্টিমেয় ৰাজনৈতিক নেতাৰ বাবেহে লাভজনক হ’ব।
  • পৰিৱেশ-পাৰিপার্শ্বিকতাৰ ভয়াবহ অৱনতি ঘটিব।
  • ভাৰতে আজি সন্ধান কৰিছে সেউজ হাইড্ৰজেন, বায়’ ফুৱেল ব্লেণ্ডিং আৰু বিকল্প উৎসৰ পৰা লাভ কৰিব পৰা বায়’ ফুৱেলৰ৷ সেয়ে এতিয়া খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ উদ্ঘাটন-উৎপাদনৰ প্ৰক্ৰিয়া পৰিত্যাগ কৰাৰ সময়৷
  • নাগালেণ্ডত কাগজ কল আৰু চেনি কল দুয়োটাই বন্ধ হ’ল, কাৰণ ই এখন দুর্নীতিপৰায়ণ ৰাজ্য। এতিয়া তেল-গেছৰ উৎপাদন পুনৰ আৰম্ভ হ’লে ই কেৱল দুর্নীতিতহে ইন্ধন যোগাব৷

❧ | আৰু পঢ়ক:

ফিচাৰড্ ইমেজ: প্ৰতিনিধিত্বমূলক ছবি

নাগালেণ্ড। তেল-গেছ আহৰণ: শর্মা-ৰিয়ৰ যৌথ সিদ্ধান্তৰ বিৰোধিতা আৰু আদৰণি | ধ্ৰুৱ শইকীয়া
Follow Nilacharai on Instagsram