অভিজাত ক্ৰীড়া টেনিচত লিংগ বৈষম্য

অভিজাত ক্ৰীড়া টেনিচত লিংগ বৈষম্য
  • 28 Aug, 2019

হা অক্টোবৰত চীনৰ শ্বেনযেন (Shenzhen) চহৰত অনুষ্ঠিত হ’ব ডব্লিউ টি এ (উইমেন টেনিচ এচোচিয়েচন) টেনিচ প্ৰতিযোগিতা, য’ত মহিলা বিজয়ীলৈ আগবঢ়োৱা হৈছে পুৰুষতকৈ অধিক পৰিমাণৰ ধনৰ পুৰস্কাৰ— ৪.৭৫ মিলিয়ন ডলাৰ৷ কেৱল ইমানেই নহয়, আন চাৰিটা গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতা ইউএচ অপেন, উইম্বলডন, ফ্ৰেঞ্চ আৰু অষ্ট্ৰেলিয়ান অপেনৰ পুৰস্কাৰৰ ধনকো চেৰ পেলাইছে ১৯৭৩ চনত বিলি জিন কিঙে স্থাপন কৰা উইমেন টেনিচ এচোচিয়েচনে৷

মহিলাৰ পেছাদাৰী টেনিচৰ প্ৰধান সংস্থা ডব্লিউ টি এ স্থাপিত হোৱাৰ সময়ত ইয়াত বিলি জিন কিঙকে ধৰি খেলুৱৈ আছিল মাথোঁ নগৰাকী, কিন্তু সম্প্ৰতি সেই সংখ্যা হৈছেগৈ ১০০খন দেশৰ আঢ়ৈ হাজাৰ খেলুৱৈ৷

পেছাদাৰী খেলুৱৈক এমেচাৰ খেলুৱৈৰ সৈতে প্ৰতিযোগিতাত ভাগ ল’বলৈ দিয়া টেনিচৰ মুকলি যুগৰ সূচনা হয় ১৯৬৮ চনত, কিন্তু পুৰুষ আৰু মহিলা খেলুৱৈক দিয়া পুৰস্কাৰৰ ধনৰ মাজত আছিল আকাশ-পাতাল ব্যৱধান৷ প্ৰথম উইম্বলডন মুকলি প্ৰতিযোগিতাত বিলি জিন কিং চেম্পিয়ন হৈ ৭৫০ পাউণ্ড লাভ কৰাৰ সময়ত পুৰুষৰ বিজয়ী ৰড লেভাৰক দিয়া হৈছিল দুহাজাৰ পাউণ্ড, মহিলাৰ শিতানত পুৰস্কাৰৰ ধন আছিল ৫৬৮০ পাউণ্ড, অথচ পুৰুষৰ বাবে ধার্য আছিল ১৪,৮০০ পাউণ্ড, আঢ়ৈ গুণ অধিক৷

আভিজাত্য, আধুনিকতা আৰু পশ্চিমীয়া জীৱন শৈলীৰ সৈতে আমি টেনিচ খেলক যিমানেই সাঙুৰি নলওঁ কিয়, এইবিধ খেলৰ মহিলা পেছাদাৰী খেলুৱৈসকল যে কুৰি শতিকাৰ অন্তিম ক্ষণলৈকে লিংগ বৈষম্যৰ বলি হ’ব লগা হৈছিল, তাক নুই কৰিব নোৱাৰি৷

টেনিচৰ মুকলি যুগৰ আৰম্ভণিতে, অর্থাৎ ১৯৬৮ চনত, পেছাদাৰী টেনিচ খেলুৱৈৰ বাবে আছিল দুটা সংস্থা, ইয়াৰে এটা ৱর্ল্ড চেম্পিয়নশ্বিপ টেনিচ (ডব্লিউ চি টি) কেৱল পুৰুষৰ বাবে, সেয়ে চাৰিগৰাকী মহিলা এন জোনচ, ৰজি কেচেলচ, ফ্ৰাংকো দাৰ আৰু বিলি জিন কিং আনটো সংস্থা নেচনেল টেনিচ লীগত অন্তর্ভুক্ত হৈছিল৷ ইয়াৰে বিলি জিনক দিয়া হৈছিল বছৰি ৪০,০০০ পাউণ্ড, জোনচক ২৫,০০০ আৰু আন দুগৰাকীয়ে লাভ কৰিছিল ২০,০০০ পাউণ্ডকৈ৷ এই চাৰিওগৰাকী মহিলা পেছাদাৰী টেনিচ খেলুৱৈয়ে উইম্বলডন আৰু ইউএচ অপেনৰ দৰে প্ৰতিযোগিতাত অংশ লৈছিল যদিও ১৯৬৮ অৰু ১৯৬৯ চনত তেওঁলোকক ৱিগমেন কাপত খেলিবলৈ দিয়া নহ’ল আৰু কেচেলচৰ লগতে বিলি জিন কিঙকো ৰেংকিঙৰ বাবে বিবেচনা কৰা নহল৷

১৯৭০ চনৰ সময়লৈকে পুৰুষ-মহিলা টেনিচ খেলুৱৈৰ মাননিৰ ব্যৱধান ইমানেই বাঢ়িছিল যে মহিলাতকৈ পুৰুষৰ উপার্জন বাৰ গুণ অধিক হৈ পৰিছিল৷ অথচ ১৯৬৯ চনলৈকে পুৰুষ খেলুৱৈক মহিলাতকৈ পাঁচ গুণ অধিক ধনহে দিয়া হৈছিল৷

১৯৭০ চনত মার্গাৰেট কর্টে গ্ৰেণ্ড শ্লেমত বিজয়ী হৈ আর্জিছিল মাত্ৰ ১৫ হাজাৰ পাউণ্ড আৰু পুৰুষ খেলুৱৈসকলক দিয়া পুৰস্কাৰৰ ধনৰ পৰিমাণ হৈছিলগৈ এক নিযুত পাউণ্ড৷ ১৯৭০ চনৰ ইউ এচ অপেনৰ আগে আগে পেচিফিক চাউথৱেষ্ট চেম্পিয়নশ্বিপে পুৰুষৰ বাবে মহিলাৰ পুৰস্কাৰৰ ধনৰ বাৰ গুণ অধিক কৰিবলৈ সিদ্ধান্ত লয় আৰু মহিলা খেলুৱৈ কেউগৰাকী এই প্ৰতিযোগিতাৰ পৰা আঁতৰি থাকে৷

মহিলাৰ টেনিচ চার্কিট গঢ়ি তুলিবলৈ বিলি জিন কিঙকে ধৰি যি নগৰাকী খেলুৱৈ সক্ৰিয় হৈ উঠিছিল, তেওঁলোকে প্ৰথমে ভার্জিনিয়া শ্লিমচ চার্কিটৰ জন্ম দিয়ে আৰু এই চার্কিটে পৰৱর্তী সময়ত আই এল টি এফৰ মহিলা গ্ৰাঁ প্ৰি চার্কিটৰ সৈতে একত্ৰিত হৈ গঠন কৰে ডব্লিউ টি এ টুৰ৷ ডব্লিউ টি এ টুৰৰ অধীনত আমেৰিকাত ১৯খন প্ৰতিযোগিতা হ’বলৈ লয় আৰু পুৰস্কাৰৰ সর্বমুঠ ধনৰ পৰিমাণ হয়গৈ ৩০৯,১০০ মার্কিন ডলাৰ৷

পুৰুষ আৰু মহিলা পেছাদাৰী টেনিচ খেলুৱৈৰ আর্থিক পুৰস্কাৰৰ বৈষম্য দূৰ কৰিবলৈ বিলি জিন কিং আৰু তেওঁৰ ৮ গৰাকী সতীর্থই যোৱা শতিকাৰ সপ্তম দশকত আৰম্ভ কৰা অভিযানে ২০১৯ চনত এক গুৰুত্বপূর্ণ সাফল্য দাবী কৰিব পাৰিছে যদিও টেনিচ খেলৰ প্ৰাংগনত লিংগ বৈষম্যৰ ইতিহাস সভ্য সমাজৰ বাবে এক উপহাস৷ অহা অক্টোবৰত আৰম্ভ হ’ব লগা এইবাৰৰ ডব্লিউ টি এ মহিলা টেনিচৰ পুৰস্কাৰৰ ধন এ টি পি ফাইনেলৰ পুৰুষ খেলুৱৈতকৈ অধিক, লগতে আন চাৰিখন গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাৰ পুৰস্কাৰৰ ধনকো চেৰ পেলাইছে৷ যোৱা পঁয়ত্ৰিছ বছৰৰ কালছোৱাত চাৰিখন গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাই অনিচ্ছাকৃতভাৱে হ’লেও পুৰুষ আৰু মহিলা বিজয়ীক প্ৰদান কৰা পুৰস্কাৰ ধনৰ বৈষম্য দূৰ কৰিবলগীয়া হৈছে৷ বিলি জিন কিঙৰ প্ৰচেষ্টাৰে ১৯৭৩ চনত পোনপ্ৰথমে ইউএচ অপেনত সমহাৰৰ পুৰস্কাৰ ধন প্ৰদান কৰা হৈছিল আৰু তাৰ পাছত একেবাৰে শেষত ২০০৭ চনত উইম্বলডনে ইয়াত সন্মতি দিয়ে৷ অষ্ট্ৰেলিয়ান অপেনে ২০০১ চনৰ পৰা সমহাৰৰ পুৰস্কাৰ ধন দিবলৈ লয় যদিও মাজতে দুটা বছৰ, ১৯৮৭ আৰু ১৯৮৮ত মহিলা খেলুৱৈয়ে পুৰুষ সতীর্থককৈ অধিক ধন লাভ কৰিছিল, অৱশ্যে পাছত সমহাৰৰ পুৰস্কাৰ ধন পুনৰ প্ৰৱর্তন কৰা হয়৷

অহা ৩ নৱেম্বৰত ডব্লিউ টি এৰ চুড়ান্ত বিজয়ীয়ে কেৱল আন পুৰষ টেনিচ খেলুৱৈতকৈ অধিক ধন লাভ কৰিব এনে নহয়, আন আন খেলৰ একক বা দলীয় বিজয়ীকো চেৰ পেলাব৷ এই বছৰৰ বিশ্ব ক্ৰিকেট চেম্পিয়ন ইংলেণ্ডে লাভ কৰিছিল ৪ নিযুত ডলাৰ, যি ধন ফিফা বিশ্ব কাপৰ বিজয়ী আমেৰিকাৰ মহিলা ফুটবল দলৰ পুৰস্কাৰ ধনৰ সমান৷ গল্ফ খেলুৱৈ টইগাৰ উডচে অগষ্টা মাষ্টার্চ গল্ফ টুর্ণামেণ্টত লাভ কৰা পুৰস্কাৰ ধনৰ পৰিমাণ ২.০৭ নিযুত ডলাৰ৷

❧ | আৰু পঢ়ক: সব্যসাচী-সাধনাৰে জগত জিনক হিমাই

বিশ্বৰ কেউখন আগশাৰীৰ টেনিচ প্ৰতিযোগিতাই ইতিমধ্যে সমহাৰৰ পুৰস্কাৰ ধনৰ দাবী মানি লৈছে যদিও টেনিচৰ পৰা মহিলাৰ উপার্জন আজিও পুৰুষতকৈ কম৷ ২০১৮ চনত বিশ্বৰ শীর্ষ ৰেংকিঙৰ ২০০জন পুৰুষ খেলুৱৈৰ ৭০ শতাংশৰ আয় মহিলাতকৈ বেছি আছিল৷ ইয়াৰ সমর্থনত যুক্তি দেখুওৱা হয় যে পুৰুষে পাঁচটাকৈ চেট খেলে, অথচ মহিলাৰ বাবে তিনিটা৷ কিন্তু এই কথাও আংশিক সত্য, কাৰণ গ্ৰেণ্ড শ্লেমৰ বাহিৰে সকলো প্ৰতিযোগিতাতে পুৰুষ-মহিলা উভয়ৰে বাবে তিনিটা চেটৰ ব্যৱস্থা ৰখা হয়৷

ছবি প্ৰতিনিধিত্বমূলক।
অভিজাত ক্ৰীড়া টেনিচত লিংগ বৈষম্য | ধ্ৰুৱ শইকীয়া

Follow Nilacharai on Facebook