মা নৱ সভ্যতাৰ আদি কালৰে পৰা নাৰীয়ে কৰা ত্যাগৰ বিষয় কাৰো অবিদিত নহয়। সমাজৰ প্ৰত্যেকজন মানুহেই স্বীকাৰ কৰিবলৈ বাধ্য যে নাৰীয়ে অনেক ধৰণৰ ত্যাগ কৰিও হাঁহি মুখেৰে থাকি ঘৰখনৰ কাৰণে, সমাজৰ কাৰণে কাম কৰি যায়। নাৰী মানেই যেন ত্যাগৰ প্ৰতীক। নাৰী আৰু ত্যাগ— এই দুটা শব্দৰ মাজত যেন ওতপ্ৰোত সম্বন্ধ আছে। নাৰী হৈ জন্ম লৈছেই যেতিয়া তেওঁলোকে ত্যাগ স্বীকাৰ কৰিবলৈ বাধ্য হ’বই লাগিব, ইয়াৰ কোনো বিকল্প নাই।
নাৰী বিধাতাৰ অনুপম সৃষ্টি। নাৰীয়ে সন্তান জন্ম দিয়ে, পালন কৰে আৰু সমাজ গঠনত সহায় কৰে। সেয়ে বিশ্ববিখ্যাত সম্ৰাট নেপোলিয়ন বোনাপাৰ্টে কৈছিল— “মোক এগৰাকী সু-মাতৃ দিয়া, মই এখন সুস্থ-সবল সমাজ দিম।” তথাপি আমাৰ পুৰুষপ্ৰধান সমাজ ব্যৱস্থাত আজিৰ তাৰিখতো নাৰীক কেৱল ভোগৰ সামগ্ৰী হিচাপেহে ব্যৱহাৰ কৰি অহা হৈছে। নাৰীৰ স্থান কেৱল পাকঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ বুলি আজিও এচাম পুৰুষে ভাবে। তেওঁলোকৰ ধাৰণা— নাৰীৰ যেন দায়িত্ব কেৱল সন্তান জন্ম দিয়া, পালন কৰা আৰু ঘৰ-সংসাৰ চলোৱাতে সীমাবদ্ধ।
যিসকলে নাৰীৰ প্ৰতি কৰা অন্যায়-অবিচাৰবোৰৰ প্ৰতিবাদ জনাই নাৰীক পাকঘৰৰ পৰা উলিয়াই আনি সমাজত খোজ কাঢ়িবলৈ শিকালে তেখেতসকলক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাকমুহূৰ্তত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। প্ৰকৃততে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হৈছে মহিলাসকলৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক দিশত অগ্ৰগতিক উদযাপন কৰা এক বিশেষ দিন। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আৰম্ভ হৈছিল ১৯০৮ চনত। ১৫ হাজাৰ মহিলাই আমেৰিকাৰ নিউ য়ৰ্ক চহৰত প্ৰতিবাদী আন্দোলন কৰিছিল। তেওঁলোকৰ দাবী আছিল— বেতন বঢ়াব লাগে, চাকৰিৰ প্ৰতিটো দিনৰ সময় কম কৰিব লাগে আৰু মতদানৰ সুবিধা দিব লাগে। আমেৰিকাৰ ছচিয়েলিষ্ট পাৰ্টিয়ে ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত নিউ য়ৰ্কত নাৰী দিৱস পালন কৰিছিল। ১৯১০ চনত হোৱা International Socialist Women Conference-অত জাৰ্মানীৰ ক্লাৰা জেটলিনে নাৰী দিৱসটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পালন কৰাৰ উদ্দেশ্যে প্ৰস্তাৱ আগবঢ়ায়।
সৰ্বপ্ৰথমে ১৯১১ চনত ডেনমাৰ্ক, ছুইজাৰলেণ্ড, জাৰ্মানীত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। ১৯১৭ চনত ছোভিয়েট ৰুচিয়াৰ যুদ্ধৰ সময়ত মহিলাসকলে ‘খাদ্য আৰু শান্তি’ (Bread and peace) নামৰ আন্দোলন কৰিছিল। মহিলাসকলৰ এই আন্দোলনে সেই সময়ৰ সম্ৰাট নিকোলাছক পদত্যাগ কৰিবলৈ বাধ্য কৰাইছিল আৰু তেতিয়াই মহিলাসকলে মতদানৰ অধিকাৰ লাভ কৰিছিল। সেই আন্দোলন আৰম্ভ কৰাৰ তাৰিখ আছিল জুলিয়ান কেলেণ্ডাৰ মতে ২৩ ফেব্ৰুৱাৰী আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতে ৮ মাৰ্চ। তেতিয়াৰ পৰা গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতেই নাৰী দিৱসটি প্ৰতি বছৰে ৮ মাৰ্চত পালন কৰা হয়।
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰাৰ ক্ষেত্ৰত বিশ্বৰ বিভিন্ন দেশত বিভিন্নতা দেখা যায়। কিছুমান ৰাষ্ট্ৰত এই বিশেষ দিনটো ৰাষ্ট্ৰীয় বন্ধ হিচাপে ঘোষণা কৰে, কিছুমান ৰাষ্ট্ৰত নাৰী দিৱসটি আন্দোলনৰ দিন হিচাপে ধৰা হয়। ইয়াৰ উপৰি বহুতো ৰাষ্ট্ৰই নাৰী দিৱস পালন কৰাৰ বিপৰীতে আন কিছুমান ৰাষ্ট্ৰত এই বিশেষ দিনটো গুৰুত্বহীন হৈ থাকে। আফগানিস্তান, নেপাল, ৰাছিয়া, য়ুগাণ্ডা, ইউক্ৰেইন, ভিয়েটনাম, মাডাগাস্কাৰ আছি দেশত ৮ মাৰ্চত চৰকাৰী বন্ধ ঘোষণা কৰা হয়। বুলগেৰিয়া, ৰোমানিয়া আদি দেশত আন্তৰ্জাতিক নাৰী দিৱসক আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱস হিচাপে পালন কৰে। এই বিশেষ দিনটোত পুৰুষসকলে নিজৰ মাতৃ, পত্নী, পুত্ৰী, প্ৰেমিকা, মহিলা বন্ধুসকলক ফুল আৰু উপহাৰ প্ৰদান কৰাৰ নিয়ম আছে।
আমাৰ ভাৰতত নাৰীসকলৰ উত্তৰণৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় নাৰী দিৱস সৰোজিনী নাইডুৰ জন্ম দিন ১৩ ফেব্ৰুৱাৰীত পালন কৰা হয়। সৰোজিনী নাইডু ভাৰতৰ উত্তৰ প্ৰদেশৰ প্ৰথম গৰাকী ৰাজ্যপাল আছিল। তেখেতক ‘নাইটিংগেল অৱ ইণ্ডিয়া’ বুলি কোৱা হয়। তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস প্ৰকৃতাৰ্থত তেতিয়াহে সফল হ’ব, যেতিয়া আমি কৰ্মস্থান, পথ, বিদ্যালয় আদি সকলো ঠাইতে এগৰাকী নাৰী সুৰক্ষিত বুলি দাবী কৰিব পাৰিম। যদিও সমগ্ৰ পৃথিৱীতে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়, তথাপি মহিলাসকলৰ সুৰক্ষা বৰ্তমান সময়তো প্ৰশ্ন হৈয়ে আছে। মহিলাসকলে নিজকে সুৰক্ষিত অনুভৱ কৰা এখন সমাজ গঢ়ি তুলিব পাৰিলেহে আমি এখন সু সমাজৰ বাসিন্দা বুলি দাবী কৰিব পাৰিম। লগতে ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি সকলো দিশতে নাৰীসকলে সমান অধিকাৰ লাভ কৰিব লাগিব। নাৰী হ’ল এক শক্তি, সমাজৰ ধাৰক আৰু বাহক। নাৰীয়েই হ’ল নৱ প্ৰজন্মৰ সৃষ্টিকৰ্তা। নাৰী সৌন্দৰ্যৰ উৎস। পণ্ডিত হেমচন্দ্ৰ বৰুৱাদেৱে কোৱাৰ দৰে— “নাৰী আছে বাবেই হয়তো সমাজ সুন্দৰ হৈ আছে।”
বেদত নাৰীক মাতৃ, স্ত্ৰী, অৰ্ধাঙ্গিনী, সহধৰ্মীনী, সুশীলা আখ্যা দিছে। বেদ-উপনিষদৰ যুগত গাৰ্গী, অত্ৰি, মৈত্ৰেয়ী আদি বিদূষী মহিলাই বিদগ্ধ ঋষি-মুনিসকলৰ লগত শাস্ত্ৰ অধ্যয়ন কৰি সমানে আগবাঢ়িব পাৰিছিল। মনু সংহিতাত উল্লেখ আছে— “য’ত নাৰীক সন্মান কৰা নহয়, নাৰীক পূজা কৰা নহয়, তাত দেৱতাসকলে বাস নকৰে।” তথাপি আজিৰ সময়ত নাৰীসকল বিভিন্ন গুণৰাশিৰে বিভূষিতা হৈয়ো নিজৰ স্বাধীনতাৰ বাবে ৰাজপথলৈ ওলাবলগীয়া হয় কিয়? নাৰীৰ প্ৰতি থকা অপ ধাৰণা দূৰ কৰিবলৈ যুগ যুগ ধৰি আন্দোলনৰ পথ ল’ব লগা হয় কিয়?
নাৰীৰ প্ৰগতি তথা নাৰীৰ প্ৰতি থকা সংৰক্ষণশীল মনোভাব দূৰ কৰাৰ উদ্দেশ্যে অসমতো নাৰী মুক্তি আন্দোলন গঢ় লৈ উঠিছিল। এই আন্দোলনৰ নেতৃত্ব দিছিল চন্দ্ৰপ্ৰভা শইকীয়ানী, কিৰণ আগৰৱালা, চন্দ্ৰবালা পটংগীয়া, পুষ্পলতা দাস আদি মহীয়সী নাৰীসকলে। এখন ৰক্ষণশীল আৰু কু-সংস্কাৰে আৱৰি ধৰা সমাজত যুঁজ দি নাৰীৰ স্বাধীনতাৰ হকে, নাৰীৰ শিক্ষাৰ হকে সেইসকল নাৰী গৰজি উঠিছিল। তাৰ ফলস্বৰূপে জন্ম হৈছিল ‘অসম মহিলা সমিতি’— নাৰীৰ স্বাধীনতাৰ বাবে মাত মতা এটা অনুষ্ঠান। এই অনুষ্ঠানৰ জৰিয়তেই সমাজৰ পিছ পৰি থকা মহিলাসকলক উলিয়াই আনি স্বাৱলম্বী কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল। এই সমিতিয়ে বাল্যবিবাহ, বহু বিবাহ বন্ধ কৰিবলৈ প্ৰচেষ্টা চলাইছিল। নাৰীৰ ওপৰত চলা নিৰ্যাতন বন্ধ কৰিবলৈ তেখেতসকল উঠি-পৰি লাগিছিল।
বৰ্তমানৰ চৰকাৰবিলাকেও মহিলা সবলকৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। নাৰীয়ে আজি ৰাজনীতি, সমাজনীতি, অৰ্থনীতি সকলোতে আগুৱাই যাব পাৰিছে। তথাপি যেন নাৰী আৰু পুৰুষ বুলি আজিৰ তাৰিখতো আমাৰ সমাজত কিছু ভেদাভেদ আৰু বাধ্যবাধ্যকতা চলিয়েই আছে।
নাৰী দিৱসৰ পৱিত্ৰ ক্ষণত আমি অনুধাৱন কৰিব পাৰোঁ যে নাৰীয়ে আন্দোলন কৰি নিজৰ আদায় কৰিব পাৰে, উন্নতিৰ দিশত আগবাঢ়িব পাৰে, নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। নাৰী জাতি সুৰক্ষিতভাবে আগুৱাবলৈ হ’লে গীতাত উল্লেখ কৰা ধৰণে প্ৰতিগৰাকী নাৰীয়ে সত্য, ধৰ্ম, প্ৰেম, সজ আচৰণ, শান্তি, সহিষ্ণুতা, আধ্যাত্মিকতা আদি গুণৰাশিৰ অধিকাৰিণী হৈ নিজক সজাই তুলিব লাগিব। নিজৰ ব্যক্তিত্ব, মাত-কথা, আচাৰ-ব্যৱহাৰ, চাল-চলন আৰু নিজৰ সংস্কৃতি বৰ্তাই মাৰ্জিত সাজ-পোছাক পৰিধান কৰি আগবাঢ়িলে কোনো আসুৰিক শক্তিয়ে প্ৰভাৱ পেলাব নোৱাৰিব। সমাজৰ বিশৃংখলা হ্ৰাস হ’ব। সেই সংস্কাৰেৰে নিজৰ সন্তানসকলক আগবঢ়াই নিব পাৰিলে নাৰী দিৱস বিশেষভাৱে সাৰ্থক হ’ব।
✽ | আৰু পঢ়ক:
- নাৰীৰ সুৰক্ষিত জীৱন কেতিয়া?
- নাৰীৰ বিষয়ে কিছুমান সাহসী মন্তব্য
- মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত নাৰী চৰিত্ৰ
- বাণীকান্ত কাকতিৰ ‘নাৰী হৃদয়’ত নাৰীৰ মনস্তত্ত্ব
- কোচ-ৰাজবংশী লোকগীতত নাৰী-প্ৰসংগ