ব ৰ্তমান সময়ত নাৰীক পুৰুষৰ সৈতে সাংবিধানিকভাবে সম অধিকাৰ দিয়া হৈছে যদিও নাৰীৰ প্ৰতি থকা শাসনকাৰী মনোবৃত্তি পুৰুষ সমাজৰ পৰা আঁতৰ হোৱা নাই। নাৰীসকল এতিয়া কেৱল শিক্ষা–দীক্ষাতে নহয়, বিভিন্ন বিভাগৰ চাকৰি, ক্ৰীড়া, কলা, সাহিত্য-সাংস্কৃতিক দিশত আৰু ৰাজনৈতিক ক্ষেত্ৰতো যথেষ্ট আগবাঢ়ি গৈছে। কিন্ত নাৰী সুৰক্ষিত বা মুক্ত বুলি বিবেচনা কৰিব নোৱাৰোঁ; আজিও নাৰী মুক্তভাৱে চলা-ফুৰা কৰাটো এটা সপোন হৈয়ে আছে। এচাম পুৰুষৰ হাতত নাৰী ধৰ্ষিতা, নিৰ্যাতিতা, লাঞ্চিতা আৰু অৱহেলিতা হৈয়ে আছে। এচাম পুৰুষৰ আধিপত্যশীল মনোবৃত্তিয়ে এতিয়াও নাৰীক ভোগৰ সামগ্ৰী কৰি ৰাখিব বিচাৰে। প্ৰতিটো ধৰ্ষণেই হৈছে পুৰুষতান্ত্ৰিক মানসিকতালব্ধ আধিপত্য আৰু নাৰীক পৰাধীন কৰি ৰাখিব খোজাৰ একপ্ৰকাৰ নিৰ্দয় অভিব্যক্তি।
বিশ্বৰ বিভিন্ন দেশে ‘নাৰী সবলীকৰণ’ৰ বাবে তথা নাৰীৰ সন্মান বঢ়াবলৈ ভিন ভিন ব্যৱস্থা গ্ৰহণ কৰিছে। দেশৰ বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ আমাৰ সমাজত নাৰী সবলীকৰণ আৰু লিংগ সমতা অৰ্জন কৰা অতি প্ৰয়োজন। লিংগ সমতা আৰু নাৰী সবলীকৰণ নোহোৱাকৈ বহনক্ষম উন্নয়ন অসম্ভৱ। বহনক্ষম উন্নয়নে পৰিৱেশ সংৰক্ষণ আৰু সামাজিক তথা অৰ্থনৈতিক উন্নয়নো গ্ৰহণ কৰে। লিংগ সমতা আৰু সবলীকৰণ নাথাকিলে দেশত ন্যায় বিচাৰ হ’ব নোৱাৰে আৰু সামাজিক পৰিৱৰ্তনো নঘটে। কিন্ত এতিয়াও পুৰুষতান্ত্ৰিক ধ্যান-ধাৰণাই নাৰীক হেয় প্ৰতিপন্ন কৰি নাৰীক কেৱল ভোগ্য বস্তু হিচাপে গণ্য কৰি ৰাখিব বিচৰাটোৱে নাৰীৰ সম-অধিকাৰ, সম-মৰ্যাদাক অন্তঃসাৰশূন্য কৰি প্ৰত্যাহ্বানৰো সৃষ্টি কৰিছে। নাৰী-পুৰুষৰ সম অধিকাৰ থকা বুলি কোৱা হৈছে যদিও সমাজত নাৰীৰ প্ৰতি থকা মনোভাৱ এতিয়াও সংকীৰ্ণ হৈয়ে আছে। বৰ্তমান সময়ত বৰ্ধিত অপৰাধ প্ৰৱণতাৰ মূল কাৰণটোৱে হৈছে সমাজত চলি অহা নাৰীৰ প্ৰতি সামন্তীয় দৃষ্টিভংগী।
নাৰীৰ মৰ্যাদা উন্নত হ’বলৈ হ’লে পুৰুষৰ দৃষ্টিভংগী সলনি হ’ব লাগিব। দেখা যায় যে প্ৰাচীন কালৰে পৰা নাৰী-পুৰুষৰ মাজত বৈষম্য আৰু অসমতা পৰিয়ালকেন্দ্ৰীকভাৱে চলি আহিছে। লিংগ বৈষম্য আৰু অসমতাৰ বাবে নাৰীৰ ওপৰত শাৰীৰিক, মানসিক আৰু আবেগিকভাৱে দমন কৰি অহা হৈছে। যাৰ ফলশ্ৰুতিত নাৰীৰ বিৰুদ্ধে অপৰাধো বৃদ্ধি পাইছে। নিৰ্যাতিতাৰ স্বীকাৰোক্তি, পৰিয়ালৰ ন্যায়াধিকাৰ আৰু প্ৰতিবাদী কন্ঠইও এনে অপৰাধ নিবাৰণ আৰু নাৰীৰ জীৱন সুৰক্ষিত কৰিব পৰা নাই। প্ৰতিটো ধৰ্ষণ, হত্যাকাণ্ডৰ পাছত এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ ৰাজ্য জুৰি, দেশ জুৰি কৰা প্ৰৱল প্ৰতিবাদকো আওকাণ কৰি নাৰীৰ ওপৰত অত্যাচাৰ এচাম পুৰুষে কৰি গৈয়ে আছে। নাৰী নিৰ্যাতন অকল নাৰীৰ ওপৰত কৰা অত্যাচাৰ নহয়, ই মানৱীয় মূল্যবোধৰ ওপৰত কৰা অত্যাচাৰো। এনেবোৰ ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ চৰকাৰে ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰিছিল যদিও তাৰ কাম ক্ষীপ্ৰতাৰে আগবঢ়া নাই। নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধ নিয়ন্ত্ৰণত চৰকাৰ বিফল হৈছে বুলিয়েই ক’ব লাগিব। বৰ্তমান সময়ত ধৰ্ষণ, দলবদ্ধ ধৰ্ষণ, ধৰ্ষণৰ পাছত হত্যা এতিয়া তেনেই স্বাভাৱিক কথা হৈ পৰিছে।
দেশবাসীৰ লগতে বিশ্বকো জোকাৰি যোৱা ২০১২ চনৰ ১৬ ডিচেম্বৰৰ নিশা সংঘটিত হোৱা দিল্লীৰ ‘নিৰ্ভয়া কাণ্ড’ৰ পাছত চৰকাৰে পূৰ্বৰ অপৰাধ বিৰোধী আইন সংশোধন কৰি নতুন শক্তিশালী আইন প্ৰণয়ন কৰিছিল, য’ত নাৰীৰ বিৰুদ্ধে কৰা যৌন অত্যাচাৰক এক গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হৈছিল। তেনে অপৰাধীক অতি ক্ষীপ্ৰতাৰে আইনী ব্যৱস্থাৰে কঠোৰতম শাস্তি বিহাৰ যি সিদ্ধান্ত লোৱা হৈছিল, সেই সিদ্ধান্তত প্ৰতিগৰাকী নাৰীৰ লগতে জনসাধাৰণে সান্ত্বনা লভিছিল। কিন্ত ৭ বছৰৰ দীৰ্ঘ সময়ৰ দেশবাশীৰ প্ৰতীক্ষাৰ অন্তত নিৰ্ভয়াই ন্যায় পায় ২০২০ চনৰ ২০ মাৰ্চত। এনে বহুতো নিৰ্ভয়াই ন্যায়ৰ অপেক্ষাত ৰৈ আছে এতিয়াও। শেহতীয়াকৈ দেশ কঁপোৱা নিৰ্ভয়া কাণ্ডৰে পুনৰাবৃত্তি ঘটা উত্তৰ প্ৰদেশ হাথৰসৰ মনীষা বাল্মিকীৰ ঘটনাই সমগ্ৰ দেশৰ চেতনাক পুনৰ আঘাত হনাত শোকাচ্ছন্ন প্ৰতিবাদী কণ্ঠ ৰাজপথত ওলাই আহিছিল। কিছুদিন পূৰ্বেও উত্তৰ প্ৰদেশৰে বদায়ুত ৫০ বছৰীয়া অংগনবাড়ী কৰ্মীক ধৰ্ষণ কৰি হত্যা কৰা বাতৰিত দেখিবলৈ পাইছোঁ। আমাৰ ৰাজ্যখনতো এটাৰ পাছত আন এটা ধৰ্ষণ সংঘটিত হৈ আছে। অৰ্ণমাই বৰাৰ ধৰ্ষণ-হত্যাকাণ্ড, গৰ্ভৱতী মহিলাৰ ধৰ্ষণ, ওদালগুৰিৰ শিক্ষয়িত্ৰী ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ড, চিকিঁৎসাল্যত মাতৃৰ খবৰ লৈ ওভতা দুই যুৱতীক ধৰ্ষণ আৰু এনে বহুত উদাহৰণ আছে। দুৰ্ভাগ্যজনক কথা এয়ে যে কণমানি শিশুও ধৰ্ষিতা হোৱাৰ পৰা সাৰি যোৱা নাই। এনেবোৰ জঘন্য কাণ্ডৰ বাবে আজি মহিলাসকল দিনৰ ভাগতো ওলাই আহিবলৈ ভয় কৰিবলগীয়া হৈছে৷
❧ | আৰু পঢ়ক: বৈদিক যুগ আৰু ভাৰতীয় নাৰী
আমাৰ ৰাজ্যখনকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ক্ৰমবৰ্ধমান নাৰী নিৰ্যাতনৰ ভয়াবহ ছবিয়ে নাৰীৰ জীৱন পদে পদে শংকাময় কৰিছে। ইয়াৰ মূলতে হৈছে অপৰাধীয়ে দৃষ্টান্তমূলক শাস্তি নোপোৱাটো। আমাৰ ন্যায় ব্যৱস্থাৰ প্ৰক্ৰিয়া যথেষ্ট দীঘলীয়া হোৱাৰ ফলত দোষীয়ে লাই পায় আৰু ইটোৰ পিছত সিটো ধৰ্ষণ, ধৰ্ষণৰ পাছত কৰা হত্যা সংঘটিত কৰিবলৈ এচাম পুৰুষে কোনো কুণ্ঠাবোধ নকৰে। নাৰী সুৰক্ষাৰ দিশত দুখজনক কথা এয়ে যে ৰাইজৰ উত্তাল প্ৰতিবাদৰ পাছতহে জনপ্ৰতিনিধি আৰু আৰক্ষী-প্ৰশাসনৰো গা লৰে। প্ৰশ্ন হয়, নাৰীয়ে ধৰ্ষণ, নিৰ্যাতন, লাঞ্ছনা আদিৰ পৰা মুক্তি লভি স্বাধীন, সুৰক্ষিত জীৱন-যাপন কেতিয়া কৰিব পাৰিব?