অসম আৰু অসমীয়া মানুহৰ অস্তিত্ব বিপদাপন্ন কৰি চৰকাৰে যি নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰিছে, জাতিপ্ৰেমী সকলো ব্যক্তি আৰু দল-সংগঠনে তাৰ প্ৰতিবাদ কৰিছে। ৮ মে’ ২০১৮ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হোৱা যুটীয়া সংসদীয় কমিটিৰ শুনানিত শতাধিক সংগঠনে নিজৰ বক্তব্য ৰাখিছে। বিবেকবান লোকসকলে বুজি উঠিছে যে এই বিধেয়ক যদি আইনত পৰিণত হয়, তেনেহ’লে অসমীয়া জাতি কেৱল ইতিহাসৰ পাততহে জীয়াই থাকিবগৈ। গুৱাহাটীৰ বাহিৰত থকাৰ বাবে মই কালি (৮ মে’) সেই শুনানিত উপস্থিত থাকিব নোৱাৰিলো যদিও মোৰ ভাষ্য এটা ভিডিঅ’ৰ ৰূপত ইতিমধ্যেই প্ৰকাশ কৰিছোঁ। মই স্পষ্টকৈ এই বিধেয়কখনৰ বিৰোধিতা কৰিছোঁ। মই ভাবোঁ যে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত থকা ধৰ্মনিৰপেক্ষতাৰ নীতিৰ ই দেখ দেখকৈ বিৰোধিতা কৰে আৰু সেয়েহে ভাৰতীয় আত্মাৰ ই বিৰোধী। বাংলাদেশী সমস্যাটোৱে অসমক বহু বছৰ ধৰি জুৰুলা কৰি আহিছে। আমি সৰুৰে পৰাই এই সমস্যাটোৰ ভয়াৱহতা দেখি আহিছোঁ, লগতে দেখি আহিছোঁ আন্দোলন আৰু প্ৰতিবাদ। এজন শিল্পী হিচাপে মই যদিও সংস্কৃতিৰ কোনো সীমা থাকিব পাৰে বুলি বিশ্বাস নকৰোঁ, তথাপি এটা কথা গভীৰভাৱে বিশ্বাস কৰোঁ যে নিজৰ ঘৰখন সদায়েই নিজৰ ঘৰ। নিজৰ ঘৰখনৰ, নিজৰ ভেটিটোৰ অস্তিত্বৰ ক্ষেত্ৰত প্ৰশ্ন উঠিলে কোনো অজুহাততে নিমাত হৈ বহি থকাটো যুক্তিসংগত নহয়। আমাৰ অসমৰ মানুহবোৰৰ সমস্যা সমাধান কৰিবলৈ এতিয়াও বহুত বাকী। অসমৰ বহুত লাখ মানুহে এতিয়াও মথাউৰিত বসবাস কৰি আছে। বহুত মানুহৰ ঘৰত বিজুলী সংযোগ নাই। বহুত ল’ৰা-ছোৱালীয়ে পঢ়িবলৈ পোৱা নাই। অসমীয়া ভাষা ভাল পোৱা, অসমীয়া গান ভাল পোৱা, অসমীয়া কিতাপ পঢ়া মানুহৰ সংখ্যা কমিবলৈ ধৰিছে। এইবোৰ জাতীয় প্ৰশ্ন। জাতীয় দায়িত্ব। এনে সময়ত ৰাজনীতি কৰিব নাপায়। ক্ষমতা তেতিয়াহে কামত আহে, যেতিয়া নিজৰ মানুহবোৰৰ তাৰ পৰা কিবা এটা লাভ হয়। এইখন চৰকাৰে জাতি-মাটিৰ কথা কৈছিল। পৰিৱৰ্তনৰ কথা কৈছিল। আমি সকলোৱে আশা কৰিছিলো। কিন্তু আশা কৰা ধৰণে কামবোৰ হোৱা নাই। তাৰ বিপৰীতে ধৰ্মৰ ভিত্তিত মানুহক বিভাজিত কৰাৰ অদ্ভুত প্ৰয়াস কিছুমানহে দেখিবলৈ পাইছোঁ। মই ৰাজনীতি বা ৰাজনৈতিক বিষয়সমূহৰ পৰা প্ৰায়ে আঁতৰত থাকোঁ। কিন্তু বিদেশীসকলক ধৰ্মৰ নামত স্বদেশী কৰি অসমীয়া জাতিক শেষ কৰাৰ এই বিষয়টো কেৱল মাত্ৰ ৰাজনৈতিক বিষয় নহয়। ইয়াৰ লগত আমাৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে। আমাৰ অস্তিত্বৰ কথা জড়িত হৈ আছে। ইয়াত সকলোৱে মাত মতা উচিত। কোন কি দলৰ সমৰ্থক— সেইবোৰ আমাক দৰকাৰ নাই। কেৱল অসম আৰু অসমীয়া মানুহৰ অস্তিত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত সৰু সৰু বৃত্তসমূহৰ পৰা আমি ওলাই আহিব লাগিব।
মই ৰাইজক আহ্বান জনাইছোঁ যে বিহুৰ বতৰত যিদৰে আপোনালোক মোৰ অনুষ্ঠান চাবলৈ ওলাই আহে, যিদৰে ‘মিছন চাইনা’ৰ সময়ত সকলো মানুহ আহি অসমীয়া চিনেমাৰ জগতত এটা নতুন ইতিহাস ৰচিলে,— তেনেদৰেই এইবাৰ জাতিটোৰ স্বাৰ্থত সকলো মানুহ এক হৈ ওলাই আহক। তাতকৈ হাজাৰ গুণ বেছিকৈ ওলাই আহক। আপোনালোকে ইমান বছৰে মোক যিধৰণে মৰম দিছে, সঁহাৰি দিছে, সহযোগিতা কৰি আহিছে,— সেইদৰে এইবাৰ অস্তিত্ব ৰক্ষাৰ যুঁজত এজন সামান্য স্বেচ্ছাসেৱী হিচাপে মই আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ।
শুনানিৰ কাৰবাৰটো পক্ষপাতমূলক হৈছে বুলি বহুজনে কৈছে। আজি আকৌ গম পাইছোঁ যে অসমীয়া ৰাইজৰ প্ৰতিবাদত সেও মানি যুটীয়া সংসদীয় কমিটিখন পুনৰ অসমলৈ আহিব বুলি কৈছে। এইটো এটা ইতিবাচক খবৰ। প্ৰতিখন জিলাতেই তেওঁলোকে ৰাইজৰ কথা শুনাটো দৰকাৰ। তেওঁলোক পাছৰবাৰ অহাৰ আগতেই আমি প্ৰবল জনমত গঠন কৰিব লাগে। সমগ্ৰ অসমতে থকা জুবিন গাৰ্গ ফেন ক্লাবৰ মোৰ কমৰেডসকলক মই আহ্বান জনাইছোঁ— তেওঁলোকে যাতে অকণো সময় নষ্ট নকৰাকৈ ঠায়ে ঠায়ে জনমত গঠন কৰে। চোছিয়েল মেডিয়াত আমাৰ নতুন প্ৰজন্ম খুবেই সক্ৰিয়। চোছিয়েল মেডিয়া ভালদৰে ব্যৱহাৰ কৰি এই বিলখনৰ বিৰুদ্ধে কেম্পেইন কৰিব লাগে। স্কুল-কলেজলৈ গৈ ল’ৰা-ছোৱালীবোৰক কথাবোৰ বুজাই দিব লাগে। ৰাইজক যুক্তিসহকাৰে বুজাই দিব লাগে। কেৱল আৱেগত নহয়, যুক্তিপূৰ্ণভাৱে বুজাই দিলে সকলো ৰাইজ একগোট হৈ ওলাই আহিব বুলি মোৰ বিশ্বাস। চলচ্চিত্ৰ সমাজ, অসমে ইতিমধ্যেই শুনানিত উপস্থিত হৈ এই বিলখনৰ বিৰোধিতা কৰিছে। মই নিজে যিমান পাৰি সিমান মানুহক একগোট কৰিবলৈ চেষ্টা কৰিম। বিশেষকৈ আমাৰ শিল্পীসমাজে যাতে সবলভাৱে এই আন্দোলনত নামি পৰে, তাৰ বাবে মই যুঁজিম।
জুবিন গাৰ্গৰ আবেদন: আইৰ মুখৰ মাত
সম্পাদনা কক্ষ
এই যুঁজখন যুঁজিবলৈ মই সাজু। প্ৰয়োজন হ’লে ৰাস্তালৈ যাবলৈকো সাজু। বিদেশী-বিদেশীয়েই— তাত কোনো বেলেগ অংক থাকিব নোৱাৰে। ১৯৭১ চনৰ পাছৰ কোনো বিদেশীৰ বোজা আমি নলওঁ,— তাত কোনো বেলেগ কথা থাকিব নোৱাৰে। হিন্দু-মুছলিম, উজনি অসম-নামনি অসম, ব্ৰহ্মপুত্ৰ উপত্যকা-বৰাক উপত্যকা— এইবোৰ হিচাপ পাছে-পৰে কৰিলেও হ’ব; এতিয়া কেৱল অসম আৰু অসমীয়াৰ কথা ভাবিব লাগে। চৰকাৰে কথাটো আকৌ এবাৰ ভাবি চাওক— আমাক জোঁকাই নল’ব। যিবোৰ মানুহে এইটো ইচ্যুৰ আঁৰ লৈ অসমত বাস কৰা অসমীয়া আৰু বঙালী লোকসকলৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ লাগি আছে, যিবোৰ মানুহে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে, তেওঁলোককো মই সকীয়াই দিছোঁ যে এইবোৰ ল’ৰা-ধেমালি কৰি তেওঁলোকে যাতে আমাক আৰু আমনি নকৰে। সহ্যৰো এটা সীমা থাকে। সেই সীমা পাৰ হ’লে অসমৰ স্বাৰ্থত, অসমীয়া মানুহৰ স্বাৰ্থত আমি যিকোনো পৰ্যায়লৈ যাবলৈ কুণ্ঠাবোধ নকৰিম— চিধা কথা। জয় আই অসম।
৯ মে’ ২০১৮
ছবি: জুবিন গাৰ্গৰ আনুষ্ঠানিক ফেচবুক পৃষ্ঠাৰ পৰা
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
