ই ণ্টাৰনেটৰ জগতখনত অসমীয়া চেণ্টিমেণ্টযুক্ত কাম-কাজখিনিয়ে খোপনি পোতাৰ প্ৰাথমিক পৰ্যায়টো ক্ৰমে অতিক্ৰম কৰিব ধৰিছে যেন অনুভূত হৈছে। কিন্তু এই কথাও সত্য যে অনেক অসমীয়া নেটিজেন এই নীৰৱ বিপ্লৱ সম্পৰ্কে এতিয়াও অজ্ঞ হৈ আছে। অৱশ্যে এই কথাও সত্য যে সেই পৰিমাণ ক্ৰমশঃ কমিব লাগিছে।
ইণ্টাৰনেটত অসমীয়াক সমৃদ্ধ কৰাৰ মানসেৰে কিছু পৰিশ্ৰমী আৰু প্ৰতিভাশালী লোক নিৰৱচ্ছিন্নভাৱে নিয়োজিত হৈ আছে। কেইবাটাও অসমীয়া ৱেবচাইট, কেইবাখনো ই-আলোচনী এই সময়ত সক্ৰিয় হৈ আছে। অসমীয়া ৱিকিপেডিয়াত প্ৰৱন্ধৰ সংখ্যাই হাজাৰৰ সীমা অতিক্ৰম কৰিছে। স্থানান্তৰত বিভিন্ন ধৰণৰ অসমীয়া ডাটাবেছ তৈয়াৰ হৈছে।
ওপৰত কৈ অহা খোপনি পোতাৰ প্ৰাথমিক পৰ্যায় অতিক্ৰমৰ পিছত এতিয়া বোধহয় কৰ্তব্য— মান উন্নীতকৰণৰ। এনেকুৱা কিছু প্ৰকল্প (মূলতঃ ব্যক্তিগত পৰ্যায়ৰ) দেখা পোৱা গৈছে, য’ত মাত-কথা-জাতিৰ প্ৰতি গভীৰ ভালপোৱা-শ্ৰদ্ধা প্ৰকাশ পাইছে; কিন্তু দায়ৱদ্ধতাৰ ক্ষেত্ৰত কিছু আপোচ আৰু উদাসীনতা দৃশ্যমান হৈছে।
ছপা মাধ্যমেই হওক বা ইণ্টাৰনেট মাধ্যমেই হওক, কিবা এটা লেখা ৰাজহুৱা কৰাৰ লগে লগেই সেই লেখাৰ পাঠকৰ ওচৰত লেখক দায়ৱদ্ধ হ’বই লাগিব,— হোৱা উচিত। ‘আমি যি লিখিম, তাকে তুমি পঢ়িবই লাগিব’ ধৰণৰ মানসিকতাই পাঠকক দূৰলৈহে পঠাব।
লেখক মূলতঃ পাঠকৰ ওচৰত দায়ৱদ্ধ,— এই কথাটো ‘নীলা চৰাই’-এ গভীৰভাৱে বিশ্বাস কৰে। সেয়েহে পাঠকক ভাল লেখাৰ মুখামুখি কৰাই যাবলৈ আমি নিৰন্তৰ প্ৰয়াস কৰি যাম। দেশান্তৰী অসমীয়াসকল, যিসকল অসমীয়া ছপা আখৰৰ সাহিত্যৰ পৰা প্ৰায় বঞ্চিত, সেই সকলেও যাতে সাম্প্ৰতিকৰ অসমীয়া সমাজ-সাহিত্যৰ গতি-প্ৰকৃতিৰ ভূ পায় তাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব।
আলোচনী এখন আচলতে এক যৌথ কাৰবাৰ। লেখক, সম্পাদনা গোট আৰু পাঠকৰ সমূহীয়া উদ্যমৰ ফলশ্ৰুতিতহে এখন মানসম্পন্ন আলোচনী প্ৰকাশ হৈ থকাটো সম্ভৱ। ‘নীলা চৰাই’ক মানসম্পন্ন আলোচনী কৰি ৰখাৰ স্বাৰ্থত আপোনালোক সকলোৰে নিৰ্মোহ সমালোচনা আৰু সহযোগিতা আমি কামনা কৰি যাম।
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।