ত থ্য বা জ্ঞান সংৰক্ষণৰ বাবে পৰম্পৰাগত আহিলাতকৈ যে ডিজিটেল মাধ্যম বেছি উপযোগী, সেয়া ইতিমধ্যে সকলোৱেই বুজি উঠিছে। পৰম্পৰাগত ছপা গ্ৰন্থ এখনতকৈ যে এটা ৱেবচাইত তথ্য সন্ধানৰ বাবে বেছি সুবিধাজনক আৰু উপযোগী মাধ্যম সেয়া ব্যৱহাৰ কৰোঁতাসকলে অনুভৱ কৰিছে। সেয়েহে ছপা গ্ৰন্থৰ সমান্তৰালকৈ ইণ্টাৰনেটত সেই গ্ৰন্থ উপলব্ধ কৰোৱাৰ এটা অভ্যাস পশ্চিমীয়া দেশত গঢ়ি উঠিছে। সুখৰ কথা, আমাৰ অসমীয়াসকলৰ মাজতো এই সচেতনতাই লাহে লাহে সবল ৰূপত খোপনি ল’ব ধৰিছে। বহুকেইটা অসমীয়া ভাষাৰে প্ৰকাশিত ৱেবচাইত আৰু আলোচনীয়ে অসমীয়া সমল ইণ্টাৰনেটৰ জগতত বৃদ্ধি কৰি যাব লাগিছে। হয়তো কিছু বছৰৰ ভিতৰতে মনলৈ অহা যিকোনো অসমীয়া শব্দ বা বাক্যাংশৰে চাৰ্চ ইঞ্জিনত সন্ধান কৰিলে খাটাংকৈ সেই শব্দ বা বাক্যাংশ সম্পৰ্কিত তথ্যৰ সন্ধান ইণ্টাৰনেটত অনায়াসে পাব পৰা যাব।
আমাৰ এটা ব্যক্তিগত লেখাত আমি কৈছিলো, অসমৰ অৰঙে দৰঙে থকা ছপাশালবোৰত বহু সংৰক্ষণযোগ্য লেখাৰ নিতৌ বিন্যাস (compose) ঘটিব লাগিছে। এই লেখাসমূহ যদি ইণ্টাৰনেটত উপলব্ধ কৰাব পৰা গ’লহেঁতেন, তেনেহ’লে এটা লেখৰ কাম হ’লহেঁতেন। কিন্তু সমস্যাটো হ’ল, ছপাশালবোৰত ছপাৰ সুবিধা আৰু নান্দনিকতাৰ বাবে মূলতঃ ৰামধেনু নামৰ আহিলা আৰু গীতাঞ্জলি নামৰ ফণ্ট ব্যৱহাৰ কৰি আখৰ বিন্যাসৰ কাম কৰা হয়। এই আহিলা আৰু ফণ্ট ইউনিক’ড চিষ্টেম সমৰ্থিত নোহোৱা বাবে সেই ধৰণে বিন্যাস হোৱা লেখা পোনপটীয়াকৈ ইণ্টাৰনেটত ব্যৱহাৰ কৰিব নোৱাৰি, অথবা সহজ কথাত, ৰামধেনু আৰু সেই আহিলাৰ নিজস্ব ফণ্ট ব্যৱহাৰ কৰি বিন্যাস কৰা লেখাৰ ইণ্টাৰনেটত কোনো মূল্য নাই। এই দৃষ্টিকোণৰ পৰা আমাৰ পূৰ্বোক্ত লেখাত আমি আশা প্ৰকাশ কৰিছিলো যে এটা ইউনিক’ডলৈ পৰিৱৰ্তক আহিলাই আমাক যথেষ্ট লেখা ইণ্টাৰনেট উপযোগী কৰাত সহায় কৰিব আৰু এই বিষয়ত সক্ষমসকলে চিন্তা-চৰ্চা কৰা উচিত।
আমাৰ ভাল লগাৰে বিষয়, সেই আশা পূৰণ হ’ব ধৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক নৱনাথ চহৰীয়াই ড° উৎপল শৰ্মাৰ তত্ত্বাৱধানত এক আহিলাৰ বিকাশ কৰি ৰাইজৰ ব্যৱহাৰৰ বাবে বিনামূলীয়াকৈ উলিয়াই দিছে। ‘গীতাঞ্জলি (ৰামধেনু) ছাপৰ পৰা ইউনিক’ডলৈ ৰূপান্তৰক’ (‘গীতাঞ্জলি’হে হ’ব লাগে) নামকৰণ কৰা আহিলাটিৰ একেবাৰে প্ৰাথমিক সংস্কৰণটোৱেও (১. ০) যথেষ্ট সফলতাৰে কাৰ্য সম্পাদন কৰিছে। ‘নীলা চৰাই’ৰ এই সংখ্যাৰ একাধিক লেখা আমি এই আহিলাৰ জৰিয়তে পৰিৱৰ্তন কৰি ব্যৱহাৰ কৰিছোঁ। বিকাশ কৰোঁতা নৱনাথ চহৰীয়াই ব্যক্তিগতভাৱে খুব কম তথ্যৰ আধাৰত আহিলাটি বিকাশ কৰা হৈছে বুলি জনাইছে যদিও আমি ব্যৱহাৰ কৰি যথেষ্ট আশাব্যঞ্জক ফল লাভ কৰিছোঁ। যিহেতু এই আহিলাৰ উত্তৰ-উন্নতিৰ বাবে চেষ্টা অব্যাহত থাকিব, ইয়াৰ দোষ-ত্ৰুটিসমূহ আঁতৰোৱাৰ পিছত এক অতি শক্তিশালী আহিলা আমি পাম বুলি আশাবাদী। এই ক্ষেত্ৰত অসমীয়া ৰাইজে আহিলাটি ব্যৱহাৰ কৰি দোষ-গুণসমূহ নিয়মীয়াকৈ নৱনাথ চহৰীয়া বা তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাষা সংসাধক প্ৰয়োগশালাক জনোৱাৰ উদ্যম ল’লে আহিলাটি দ্ৰুতভাৱে অধিক ব্যৱহাৰোপযোগী আৰু নিখুঁত হৈ পৰিব। ইয়াৰ বাবে অসমীয়া ৰাইজক আমি ব্যক্তিগতভাৱে আৰু ‘নীলা চৰাই’ৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আহক, এইদৰেও অসমীয়া ভাষা-সাহিত্যৰ উন্নয়নত কিঞ্চিৎ অৰিহণা আগবঢ়াওঁ! মনলৈ অহা আৰু এটা কথাও এইখিনিতে উনুকিয়াব বিচাৰিছোঁ,— ইউনিক’ডৰ পৰা গীতাঞ্জলিলৈ পৰিৱৰ্তনৰ সুবিধা এটাও আহিলাটিত সংযোগ কৰিব পাৰি নেকি? আমাৰ ভাব হয়, এনে ধৰণৰ সুবিধা এটাৰো হয়তো প্ৰয়োজন উপলব্ধি কৰা যাব।
অসমীয়া ভাষা-সাহিত্যৰ ডিজিটাইজেশ্যন আৰু সংৰক্ষণৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী ভূমিকা ল’ব পৰা আহিলা বিকাশ কৰি ৰাইজলৈ আগবঢ়োৱা বাবে নৱনাথ চহৰীয়া, তত্ত্বাৱধায়ক ড° উৎপল শৰ্মা আৰু তেজপুৰ বিশ্ববিদ্যালয় তথা ভাষা সংসাধক প্ৰয়োগশালালৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।