নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

‘নাই নহ’ব। কোনোপধ্যেই নহ’ব।’— নয়নে নেতিবাচক অৰ্থৰে মূৰটো বাঁওফালৰ পৰা সোঁফাললৈ এনেকৈ জোকাৰিবলৈ ধৰিলে যেন বলধ গৰু এটাই চুটত কামুৰি থকা ডাঁহ খেদিবলৈহে মূৰটো জোকাৰিছে। নয়নে ভাল পায় কাৰণে নীতিয়ে আজি বাৰীত নিজে নিজে গজা জিলমিল শাক আৰু বিলাহীৰে ভাঙোন মাছৰ আঞ্জা এখন ৰান্ধিছিল। নয়নে দাইলেৰেহে ভাত সানি খাই আছিল, মাছৰ আঞ্জাখনত হাত দিয়াই নাছিল। নীতিয়ে কথাটো উলিওৱাৰ পাছত সি আধা খোৱাকৈয়ে, সৰহখিনি ভাত কাঁহীতে এৰি ভাতৰ পাতৰ পৰা উঠি আহিল।

‘কি হ’ল, উঠি গ’লা যে? ভাতকেইটাইনো কি জগৰ লগালে?’ কৈ একো লাভ নাই বুলিও নীতিয়ে নোকাৱাকৈ থাকিব নোৱাৰিলে। কিন্তু নয়নে তাইৰ কথাৰ উত্তৰ দিয়াটোতো দূৰৰ কথা, তাইলৈ কেৰাহিকৈয়ো নাচালে।

নয়নে আধা খোৱাকৈ এৰি থৈ যোৱা ভাত-আঞ্জাখিনিলৈ চাই চাই নীতিয়ে ভাবিলে, তাই বাৰু এইকণ সময়ত কথাটো উলিয়াই ভুল কৰিলে নেকি? কিন্তু এইকণ সময়তে কথাটো নুলিয়াই কেতিয়া উলিয়াব? কথাটো উলিয়াবলৈ এইকণ সময়েতো উপযুক্ত সময়। অৱশ্যে আৰু অকণমান সময় আছে, ৰাতি বিছনাত পৰাৰ পাছত টোপনি অহাৰ আগৰ সময়কণ। কিন্তু সেই সময়কণত নীতিয়ে এনেকুৱা গুৰুতৰ আলোচনা কৰিবলৈ মন নকৰে। দিনটো বিভিন্ন কামত গৰুখাতন দিয়াৰ পাছত সেইকণ সময় তাই একান্ত নিজাকৈ কটাব খোজে। সেই সময়কণত তাই মন আৰু দেহক জীপাল কৰিব পৰা কথাহে পাতিব খোজে।

নীতিৰ মনটোৱে হঠাতে হাহাকাৰ কৰি উঠিল। মনটো অনুতাপত দগ্ধ হ’ল। ছেঃ! মানুহটোৱে আজি গোটেই দিনটো আধাপেটীয়াকৈ কটাব লাগিব। নয়নে অফিছলৈ টিফিন নিনিয়ে। মন গ’লে, ভোক লাগিলে অফিছৰ কেণ্টিনৰ পৰাই কিবা এটা অনাই খায়। তথাপি নীতিয়ে তৎপৰতাৰে নয়নৰ কাৰণে টিফিন এটা প্ৰস্তুত কৰিলে।

আনদিনা অফিছলৈ যোৱাৰ আগেয়ে নয়নক টাই, ৰুমাল, ব্ৰিফকেছ আদি সদায় নীতিয়েই যোগাৰ কৰি দিব লাগে। আজি পিছে এইবোৰ বস্তু সি নিজেই যোগাৰ কৰি ল’লে। আনদিনা অফিছলৈ যোৱাৰ আগেয়ে নয়নে সদায় নীতিক নলগালেও মাক-দেউতাকক মাত এষাৰ লগাই যায়। আজি পিছে সি সেই কামটোও নকৰিলে। খৰ খোজেৰে বেডৰূমৰ পৰা ওলাই ড্ৰয়িঙৰূমৰ মাজ পাওঁতে নয়নৰ পিছে পিছে প্ৰায় দৌৰি যোৱাদি গৈ নীতিয়ে যেতিয়া টিফিন বক্সটো তালৈ আগবঢ়াই দিলে, সি নীতিলৈ পোন্দোৱাকৈ চাই সুধিলে,— ‘কি দিছা এয়া?’
‘টিফিন। লান্স আৱাৰত খাই ল’বা।’
‘মোক স্কুলীয়া ল’ৰা-ছোৱালী বুলি ভাবিছা নেকি? টমি আছে নহয়, তাকে দিয়াগৈ।’

নীতিক আৰু কথা ক’বলৈ সুবিধা নিদি নয়ন পুনৰ খৰ খোজেৰে আগফালে পৰ্ছত থকা গাড়ীখনৰ ওচৰলৈ আগবাঢ়ি গ’ল। নীতি শিল পৰা কপৌৰ দৰে ঠাইতে থৰ লাগি ৰ’ল। তাইৰ মনটো ক্ষোভ আৰু অভিমানেৰে ভৰি পৰিল। গোটেই কথাটোত তাইৰ গাত অকণো দোষ নাই। এনে স্থলত নয়নে বাৰু অনাহকতে তাইক কিয় খং কৰিছে? উৰহৰ খং ভগা ঢাৰিত জাৰিছে।

ঘৰৰ পৰা ওলাই অফিছ পোৱালৈকে নয়নৰ খঙৰ মাত্ৰাটো একেই থাকিল। নিজৰ কোঠাটোত সোমাই ৰিভলভিং চেয়াৰখনত গাটো এৰি দি, চিগাৰেট এটা জ্বলাই খৰ খৰকৈ দুটামান টান মৰাৰ পাছতহে তাৰ মগজটো অলপ ঠাণ্ডা হ’ল। সি বে’লটো বজাই পিয়নটোক মাতিলে আৰু ক’লে, ‘আজি মই বেলেগ কাম নকৰোঁ। কেৱল পেণ্ডিং হৈ থকা ফাইল কেইটামানহে চাম। গতিকে মোৰ ৰূমলৈ কাকো আহিবলৈ নিদিবি।’

পিয়নটো ওলাই যোৱাৰ পাছত নয়নে বহি থকাতে চকীখন এপাক ঘূৰাই খিৰিকী এখনৰপিনে মুখ কৰি ল’লে। অফিছটোৰ দুমহলাত থকা তাৰ এই ৰুমটোৰ এই খিৰিকীখনেদি কাষৰ অসম আৰ্হিৰ ঘৰটোৰ মূধচটো দৃষ্টিগোচৰ হৈ থাকে। ঘৰটোৰ মামৰে ধৰা টিনখিনিত দুটা মিস্ত্ৰীয়ে সেউজীয়া ৰং এটা মাৰি আছিল। মিস্ত্ৰী দুটাৰ ওপৰত দৃষ্টি ৰাখি চিগাৰেটটোত দীঘলীয়া টান মাৰি মাৰি নয়নে ভাবিলে, সি বাৰু জোখতকৈ বেছি কঠোৰ হ’ল নেকি? কিন্তু পাছ মুহূৰ্ততে হাঁহে পাখি কঁটলাৰ দৰে সি মনটো জোকাৰি দিলে। নাই নাই, সি কঠোৰেই হ’ব লাগিব। অৰূপা সিহঁতৰ একমাত্ৰ, অতি মৰমৰ, বুকুৰ এফাল যেন ভনীয়েকজনী যেতিয়া সিহঁতৰ ওচৰত ইমান কঠোৰ হ’ব পাৰিলে, সি বা সিহঁত তাইৰ ওচৰত কঠোৰ হ’ব নোৱাৰিব কিয়? আৰু সিহঁতেওতো অৰূপাক সেই কেতিয়াই, তাই সমৰৰ লগত পলাই যোৱাৰ পাছতে মৰিল বুলি চৰু-হাৰি পুৰিছিল। এতিয়া আকৌ মৰা মানুহজনী কেনেকৈ জীৱ? সি বা সিহঁতেনো কেনেকৈ জীয়াব? অৰূপা পলাই যোৱা ঘটনাটোৰ লগত সিহঁতৰ মান-অভিমান, সন্মান, সংস্কাৰ সকলো জড়িত হৈ আছে আৰু আগলৈও জড়িত হৈ থাকিব, যেনেকৈ দ ক্ষতচিহ্ন এটা মানুহৰ গালত আমৰণ লাগি থাকে।

অতি কম সময়ৰ ভিতৰতে নয়নৰ মেজত থকা এছট্ৰে’টো চিগাৰেটৰ টুকুৰাৰে ভৰি পৰিল। সি সাধাৰণতে ইমান চিগাৰেট নাখায়। দিনটোত তিনিটা বা চাৰিটাহে খায়। অৱশ্যে অৰূপা সমৰৰ লগত পলাই গ’ল বুলি জনাৰ দিনাখনো সি এনেকৈ চিগাৰেট খাইছিল, ইটোৰ পাছত সিটোকৈ।

অৰূপা তিনিটা ককায়েকৰ একমাত্ৰ ভনীয়েক। নয়নৰ সৰু ভায়েকতকৈয়ো অৰূপা সাত বছৰৰ সৰু। আচলতে কিবা দুৰ্ঘটনাবশতঃহে, মাক-দেউতাকৰ কিবা ভুল বুজাবুজিতহে অৰূপা সিহঁতৰ মাজলৈ আহিছিল। কিমান যে মৰম নকৰিছিল সিহঁতে তাইক। মাক-দেউতাকৰ লগতে সিহঁত তিনিটাইও তাইক অতি আদৰত ডাঙৰ-দীঘল কৰিছিল। সিহঁতৰ কাৰণে তাই হৈ পৰিছিল মূৰত থ’লে ওকণিয়ে খোৱা, মাটিত থ’লে পৰুৱাই খোৱা। অৰূপা কলেজ পোৱাৰ পাছতো সিহঁতৰ মানত তাই তেনেই সৰু হৈয়েই আছিল। কলেজলৈ বুলি ওলাই গৈ তাই যে সমৰ নামৰ ল’ৰা এটাৰ লগত চিনেমা চায়গৈ, পাৰ্কত বহি ডেৰ-দুঘণ্টা সময় পাৰ কৰি দিয়ে, ব্ৰহ্মপুত্ৰৰ পাৰলৈ ফুৰিবলৈ যায়, – এনেকুৱা কথাবোৰ নয়নহঁতে প্ৰথমতে বিশ্বাসেই কৰিব পৰা নাছিল। ধনীৰ ঘৰৰ মৰ-গাধ ল’ৰা এটাক যেন-তেন প্ৰকাৰে মেট্ৰিকৰ ডেওনা পাৰ কৰাবলৈ টিউশ্যন মাষ্টৰে অংক আৰু ইংৰাজী বুজোৱাৰ দৰে নয়নহঁতেও প্ৰেম আৰু জীৱন সম্পৰ্কে অৰূপাক অনেক কথা বুজাইছিল। কিন্তু একো কামত অহা নাছিল। এদিন কলেজৰ পৰা বাহিৰে বাহিৰে তাই সমৰহঁতৰ বৰঘৰ শুৱনি কৰিছিলগৈ। যি হ’ল হ’ল, ঘৰখনৰ একমাত্ৰ ছোৱালীজনীকনো কেনেকৈ দলিয়াই পেলাব, আজিকালি এনেকুৱা ঘটনা ঘটিয়েই থাকে, অৰূপাতো অজাতিলৈ যোৱা নাই,— এনেকুৱা কথা কিছুমানৰ দ্বাৰা প্ৰভাৱিত আৰু অনুপ্ৰাণিত হৈ মাক-দেউতাক, ভায়েক দুটা, ভাই-বোৱাৰী দুজনী আৰু আনকি নীতিয়েও সমৰহঁতৰ লগত সম্বন্ধ এটা স্থাপন কৰিবলৈ মন মেলিছিল যদিও নয়নৰ ‘সূচ্যগ্ৰ মেদিনী নিদিওঁ’ মনোভাবৰ কথা গম পাই সকলো মনে মনে আছিল।

ইয়াৰ পাছত নয়নহঁতৰ নিচিনা পৰিয়াল এটাত সাধাৰণতে যি হয়, সেয়াই হৈছিল। নয়নৰ দেউতাকৰ হঠাতে ষ্ট্ৰ’ক হৈ দেহৰ এফাল পেৰালাইজড্ হৈছিল, মাকৰ ব্লাড ছুগাৰ আৰু কঁকালৰ বিষটো বাঢ়ি গৈছিল। শান্ত-শিষ্ট স্বভাৱৰ নয়ন খিংখিঙীয়া হৈ পৰিছিল, সি হকে-বিহকে নীতিক গালি পাৰিবলৈ লৈছিল, ছোৱালী তিনিজনীৰ গাত হাত উঠাইছিল, যি দুটা কাম আগতে সি কাহানিও কৰা নাছিল। নয়নহঁতৰ ষ্টেণ্ডাৰ্ডৰ লগত নিমিলা মানুহ কিছুমানৰ ওচৰত সিহঁত অধোবদনে থাকিব লগা হৈছিল, মানুহবোৰৰ বক্ৰোক্তি সহ্য কৰি থাকিব লগা হৈছিল। নয়নৰ ভায়েক দুটা নিজৰ নিজৰ পৰিয়াল লৈ বাহিৰত, এটা দিল্লীত, আনটো বেংগালুৰুত থাকে। গতিকে সিহঁতৰ প্ৰতিক্ৰিয়া ভালদৰে জানিব পৰা নগৈছিল। কিছুমান পৰিস্থিতিৰ পৰা সিহঁত সাৰি আছিল।

একেখন নগৰতে সমৰহঁতৰ ঘৰ। এতেকে নয়নহঁতে আৰ-তাৰ মুখৰ পৰা অৰূপাৰ ডাঁৰৰ বাতৰি ডাঁৰে পাই আছিল। ঘোচখোৰ বাপেকৰ একমাত্ৰ পুত্ৰ, কাম-বন নোহোৱা, মদপী, চৰিত্ৰহীন সমৰে দুমাহমান পাছত যৌতুকৰ ধন-সম্পত্তি বিচাৰি অৰূপাৰ গাত হাত তোলা, ঘৰত কুটা এগছ ইফালৰ পৰা সিফাল কৰি নোপোৱা অৰূপাৰ হতুৱাই চাকৰনীৰ দৰে কাম কৰোৱা, অৰূপাৰ ছোৱালী এজনী জন্ম হোৱা, ছোৱালী জন্ম দিয়া কাৰণে শাহুৱেকে অৰূপাক নগুৰনাগতি কৰা আৰু অৱশেষত সমৰ আৰু শাহুৱেকৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি অৰূপা ঘৰলৈ গুচি আহিব খোজা খবৰটো। একেবাৰে শেহৰ খবৰটো অৱশ্যে অৰূপাৰ অন্তৰংগ বান্ধৱী এজনীৰ জৰিয়তেহে প্ৰথমতে নীতিৰ কাণত পৰিছিল আৰু তাৰ পাছত আজি ৰাতিপুৱা নীতিৰ জৰিয়তে নয়নৰ কাণত।

অফিছ ছুটীৰ পাছত নয়ন আজি ঘৰলৈ নগ’ল। নীতিৰ লগত মুখামুখি হ’ব লাগে বুলিয়েই আৰু মুখামুখি হ’লে তাই অৰূপাৰ প্ৰত্যাগমনৰ কথাটো উলিয়াব বুলিয়েই গোটেই পিছবেলাটো সি পুৰণি বন্ধু-বান্ধৱকেইটামানৰ ঘৰত ফুৰি কটালে।

ইপিনে নীতিয়ে সিদ্ধান্ত লৈ থৈছিল, তাইৰ ইচ্ছা নোযোৱা সময়খিনিতে কথাটো পুনৰ উলিয়াব, নয়নৰ মন গলাবলৈ, তাৰ পৰা সদুত্তৰ পাবলৈ পুনৰ চেষ্টা এটা চলাব।

ৰাতি ভাত খোৱাৰ সময়তহে নয়ন ঘৰলৈ উভতিল। আনদিনা ভাত খাই উঠি সি দহ মিনিটমান আগফালৰ বননিখনত পায়চাৰি কৰে, পোন্ধৰ মিনিটমান বাৰাণ্ডাতে বহি চিগাৰেট এটা খায়, আধা ঘণ্টামান বিছনাত অৰ্ধশয়ন অৱস্থাতে থাকি কিতাপ পঢ়ে। তাৰ পাছতহে সি টোপনিৰ কোলাত সোমায়। আজি পিছে সি ভাত খাই উঠি চিধাই বেডৰূমত সোমাল। নয়নহঁতৰ চোতাল যেন প্ৰকাণ্ড বিছনাখনৰ এটা ফাল বেৰত লগ লগাই থোৱা। ৰাতিপুৱা সোনকালে উঠিব লাগে কাৰণে নীতি সদায় মুখৰফালে শোৱে। নয়নহঁতৰ লগতে শোৱা সিহঁতৰ সৰুজনী ছোৱালী জুমি মাজত আৰু নয়ন বেৰৰ কাষত।

নীতিয়ে পাকঘৰ সামৰি-সুতৰি, শাহুৱেক-শহুৰেকক ঔষধ-পাতি, বেডপেন, চৰিয়া আদি যতনাই দি যেতিয়া বেডৰূমত সোমাল, তেতিয়া নয়নে বেৰৰফালে মুখ কৰি শুই আছিল। নীতিয়ে গম পাইছিল, নয়নৰ টোপনি অহা নাই। বিছনাখনৰ কাষতে ড্ৰেছিং আইনাখন। তাত গোটেই বিছনাখন প্ৰতিবিম্বিত হৈ থাকে। গতিকে ড্ৰেছিং আইনাখনৰ সমুখত ৰৈ সদায় সনা ক্ৰীমটো মুখত সানি সানিয়েই নীতিয়ে নয়নক সুধিলে, ‘কথাটো তুমি কি চিন্তা কৰিলা?’

‘চিন্তা কৰিবলৈ আৰু কিটো আছে? তাই যেনেকৈয়ে গৈছিল তেনেকৈয়ে মৰকগৈ। তাইক এইখন ঘৰত সোমাবলৈ মই কেতিয়াও নিদিওঁ।’ বেৰৰপিনে মুখ কৰি থকাৰ পৰা নয়নে এইবাৰ ওপৰপিনে মুখ কৰিলে। নীতিয়ে বুজিলে, নয়নৰ খংটো এতিয়াও চুলিৰ আগতে আছে। খংটো নমাবলৈ তাইৰ মৰমৰ হাঁকুটি লগোৱাৰ বাহিৰে আৰু গত্যন্তৰ নাই। নীতিয়ে বিছনাখনত উঠি টোপনিত লালকাল দি থকা জুমিক দাঙি সমুখৰপিনে আনিলে আৰু নিজে মাজত সোমালগৈ। নয়নৰ চুলিৰ জংঘলখিনিৰ মাজেৰে আঙুলিৰ জবকা চলাই চলাই তাই ক’লে, ‘অৰূপা গুচি অহা কথাটোত মাহঁত সকলোৰে সমৰ্থন আছে। এতিয়া যদি তুমি কথাটোত না কৰা, সকলোৱে মোকহে দুষিব। বোলে…।’
‘বোলে নয়নে ঘৈণীয়েকৰ কথা শুনিছে। সি এক নম্বৰৰ তিৰোতাসেৰুৱা।’
‘অঁতো, মানুহে তেনেকৈয়ে ভাবিব।’
‘ভাবক যেনেকৈয়ে ভাবে। তাত মোৰ কি আহে-যায়?’
‘তেনেহ’লে তুমিও মোৰ গাত বিনা দোষত চেকা পৰাটো বাঞ্ছা কৰা?’

নীতিৰ খোঁচটোৱে এইবাৰ অলপ কাম দিলে, আচল চিকিৎসা চলাৰ আগতে পেইনকিলাৰে কাম দিয়াৰ দৰে। নয়নে মনে মনে থাকি ভাবিলে, নাই তাৰ লগত যোৱা দহটা বছৰে ছাঁৰ দৰে লাগি থকা এই মানুহজনীৰ গাত বিনা দোষত চেকা লগাটো সি কেতিয়াও কামনা নকৰে। নীতিয়ে তাৰ কাৰণে, ছোৱালী তিনিজনীৰ কাৰণে, শাহুৱেক-শহুৰেকৰ কাৰণে কম কৰিছেনে! ঘৰখন চম্ভালিবৰ কাৰণেই তাই চৰকাৰী স্কুলৰ চাকৰিটো এৰি দিছিল। নিজৰ অনিচ্ছা সত্ত্বেও কেৱল শাহুৱেক আৰু তাৰ ইচ্ছাতে এটা পুত্ৰ সন্তানৰ আশাত মাথোঁ দুবছৰীয়া অন্তৰত এজনী এজনীকৈ তিনিজনী ছোৱালীৰ জন্ম দিছিল।

‘কি হ’ল, একো নক’লা যে?’ নীতিয়ে নয়নৰ চুলিকোছাত খামুচি ধৰি মৃদুভাৱে জোকাৰি দিলে। নাই, নয়নে এইবাৰ উত্তৰ নিদিলে। কিন্তু তাৰ মৌনতায়েই যেন নীতিক বহু কথা কৈ দিলে। নয়নৰ চুলিৰ আগত থকা খংটো যে তাই নমাব পাৰিছে, নিজে বিচৰা ধৰণৰ উত্তৰ এটাই যে তাই নয়নৰ পৰা পাব, সেই কথা নীতিয়ে ভালদৰে বুজি পালে। এতিয়া মাথোঁ প্ৰয়োজন মৰমৰ হাঁকুটিডালত জোৰ দিয়াৰ।

পাছদিনা ৰাতিপুৱা ভাতৰ পাতত নীতিয়ে কথাটো উলিওৱাৰ আগতেই নয়নেই উপযাচি ক’লে, ‘মই এটা সিদ্ধান্ত ল’লো।’
‘কি সিদ্ধান্ত?’ নয়নৰ কাঁহীত বেঙেনা ভাজি এচকল দিবলৈ অহা নীতিয়ে আগ্ৰহেৰে সুধিলে।
‘অৰূপা আমাৰ ঘৰত মাত্ৰ তিনি মাহ থাকিব পাৰিব।’ নীতিয়ে কাঁহীত দিয়া গৰম বেঙেনা ভাজিচকলৰ পৰা এটুকুৰা ভাঙি নয়নে মুখত ভৰালে।
‘তাৰ পাছত তাই ক’ত থাকিব?’ বেঙেনা ভাজি লৰোৱা পিতলৰ খন্তিচলা হাতত লৈ থাকিয়েই নীতি নয়নৰ কাষৰ চকী এখনত বহি পৰিল।
‘আমাৰ বাৰহলীয়াত থকা ভাৰাঘৰটোত থাকিব। আৰু তাইৰ উপাৰ্জনৰ পথ তাই নিজেই উলিয়াই ল’ব লাগিব।’
‘কিয়?’
‘তাই কৰা অপকৰ্মটোৰ কাৰণে তাইৰ এয়া শাস্তি।’

নয়নৰ ভাত খাই হৈছিল। সি চকীখন আনদিনাতকৈ অলপ জোৰেৰে পিছলৈ ঠেলি বেছিনটোৰ ওচৰলৈ উঠি গ’ল। অৰূপাৰ উপৰি আৰু তিনি-চাৰিজনী ছোৱালী থাকিবৰ জোখাৰে যে এই ঘৰটোত ঠাই ওলাব, প্ৰয়োজন হলে অৰূপাই যে এইখন ঘৰতে থাকিয়েই উপাৰ্জনৰ পথ এটা উলিয়াই ল’ব পাৰিব, সৰু ছোৱালী এজনীৰ সৈতে অৰূপাৰ দৰে গাভৰু ছোৱালী এজনী আজিকালি দিনত অকলশৰে থকাটো যে অনুচিত,— এনে কথা কিছুমান নীতিয়ে মনতেহে পাগুলিলে, মুখ ফুটাই নয়নক ক’বলৈ তাইৰ সাহস নহ’ল। নয়নৰ হৃদয়খন অলপ হ’লেও গলিছে, সি তিনি মাহ সময় দিছে, এয়াই যথেষ্ট। তিনি মাহ সময় একেবাৰে কম সময় নহয়। এই তিনি মাহৰ ভিতৰতে অৰূপা আৰু তাইৰ ছোৱালীজনীৰ মৰমৰ উত্তাপে নয়নৰ হৃদয়খন নিশ্চয় গলাব পাৰিব।

নয়ন অফিছলৈ ওলাই যোৱাৰ পাছতে নীতিয়ে বান্ধৱীজনীৰ জৰিয়তে তাইলৈ সেউজ সংকেত পঠালে। নীতিয়ে ভাবিছিল, অৰূপা দুদিনমান পাছত আহিব। কিন্তু অৰূপা সেইদিনাই, নয়ন অফিছৰ পৰা আৰু ৰুমি-চুমি স্কুলৰ পৰা আহি পোৱাৰ আগেয়েই ৰিক্সা এখনৰ পৰা পদূলিমুখত নামিলহি। লগত জীয়েক ছবি আৰু এটা সৰু ছুটকেছ। আগফালৰ ঘাঁহনিডৰা পাৰ নোহোৱালৈকে অৰূপাই নিজকে চম্ভালি ৰাখিব পাৰিছিল। কিন্তু ড্ৰয়িং ৰুমটোত ভৰি থোৱাৰ পাছতে তাই বৌৱেকৰ বুকুত সোমাই হুকহুকাই কান্দি উঠিল। নীতিৰো চকুৰ পানী ওলাল। মাক পিছে নাতিনীয়েকক লৈহে ব্যস্ত হৈ পৰিল। ছবিৰ দেহৰ এনেকুৱা এটা অংশ নাথাকিল য’ত তেওঁৰ চুমাৰ পৰশ নপৰাকৈ থাকিল। এই গোটেই কাণ্ড-কাৰখানাবোৰ জুমিয়ে চকুত চোৰাং চিকাৰীৰ টৰ্চৰ পোহৰ পৰা পহুৰ দৰে থৰ লাগি চাই থাকিল।

আধা ঘণ্টামানৰ পাছত মুখ-হাত ধুই, চাহ একাপ খাই অৰূপা যেতিয়া অলপ শান্ত হ’ল, নীতিয়ে তাইক সুধিলে, ‘ক’ৰ্টৰ কামবোৰ নকৰাকৈ তুমি যে এনেকৈ গুচি আহিলা, সমৰে যদি তোমাক নিবলৈ আহে?’
‘নাহে।’
‘কিয়?’
‘তাৰ বেলেগে এজনী ছোৱালীৰ লগত সম্পৰ্ক হৈছে। মই এনেকৈ গুচি অহাৰ কাৰণে সি ভালহে পাইছে।’
‘কি?’ নীতিৰ মাতটো যথেষ্ট ডাঙৰকৈ ওলাল। অৰূপাই পিছে একো উত্তৰ নিদি পিৰিচখনত বাকী ৰোৱা ভুজিয়াখিনি চামুচখনেৰে লৰাই থাকিল। নীতিয়ে পুনৰ সুধিলে, ‘তুমি এনেকুৱা এটা ল’ৰাৰ কাৰণেই পাগল হৈছিলা? আমাৰ মৰম-চেনেহক ভৰিৰে মোহাৰি পেলাইছিলা?’

অৰূপা এইবাৰো মনে মনে থাকিল। তাইৰ দুচকুৰ পৰা পুনৰ চকুপানী বৈ আহিল।

অৰূপাৰ নিজৰ কোঠাটোকে নীতিয়ে ৰহিলা বাইৰ হতুৱাই সৰাই-মচাই ঠিক কৰি দিলে। অৰূপা কোঠাটোত যি সোমাল, তাৰ পৰা ওলাবলৈ আৰু মন নকৰিলে। কানসমনীয়া জুমিৰ লগ পাই ছবি অৱশ্যে যথেষ্টখিনি সহজ হ’ব পাৰিছিল। ৰুমি আৰু চুমি স্কুলৰ পৰা অহাৰ পাছততো এইখন যে তাইৰ এখন সম্পূৰ্ণ অচিনাকি ঘৰ, সেই কথা তাই একেবাৰে পাহৰি পেলালে।

নয়নে অফিছৰ পৰা ঘূৰি আহি আগফালৰ ঘাঁহনিখনত নিজৰ ছোৱালী তিনিজনীৰ সৈতে খেলি থকা ছবিক দেখি বিশেষ একো গুৰুত্ব নিদিলে। সিহঁতকেইজনীৰ লগৰে কোনোবা বুলি ভাবি ল’লে। কিন্তু বেডৰূমত সোমাই গাৰ কোটটো নীতিৰ হাতত তুলি দিয়াৰ পাছতে তাই যেতিয়া ক’লে, ‘অৰূপা আহিল’, নয়নৰ আৰু বুজিবলৈ বাকী নাথাকিল আগফালে ৰুমিহঁতৰ লগত খেলি থকা ছোৱালীজনী যে অৰূপাৰে, তাৰ একমাত্ৰ ভাগিনীয়েক। জোতা-মোজা নোখোলাকৈয়ে সি আগফাল পালেগৈ। ছবিক আঁতৰৰ পৰাই সি অলপ সময় চাই থাকিল। তাৰ পাছত তাইক ওচৰলৈ মাতি কোলাত তুলি ল’লে। ছবিয়ে প্ৰথমে অচিনাকি মানুহ এজনৰ কোলাত উঠিবলৈ সংকোচ কৰিছিল। কিন্তু নয়নৰ ডাঙৰ ছোৱালী ৰুমিয়ে যেতিয়া অভিভাৱকত্ব খটুৱাই ‘এয়া তোমাৰ মামা, ডাঙৰ মামা’ বুলি ক’লে, তাইৰ সংকোচ আঁতৰি গ’ল।

অৰূপা তেতিয়াও নিজৰ কোঠাতে সোমায়েই আছিল। নয়নে হাত-মুখ ধুই, চাহ একাপ খাই অৰূপাৰ কোঠাটোৰ দুৱাৰমুখত উপস্থিত হ’লগৈ। আঁতৰাওঁ-নাতৰাওঁকৈ পৰ্দাখন আঁতৰালে। অৰূপাই ভৰি দুটা বিছনাখনত উঠাই, আঁঠু দুটাত মূৰ গুঁজি বহি আছে। সম্পূৰ্ণ চাৰি বছৰৰ মূৰত নিজৰ ভনীয়েকৰ লগত নয়নৰ মুখামুখি। তাৰ বুকুখনৰ কোনোবা এটা অংশ মোচৰ খাই উঠিল। সি ধীৰে ধীৰে কোঠাটোলৈ সোমাই গ’ল আৰু অৰূপা বহি থকা বিছনাখনৰ কাষতে থকা চকীখনত বহি পৰিল। অৰূপা নিজৰ ভাবত ইমানেই মগ্ন আছিল যে নয়ন চকীখনত বহাৰ পাছতহে তাইৰ অনুভৱ হ’ল, কোঠাটোত কোনোবা এজন সোমাইছে। তাই মূৰটো সামান্যভাৱে দাঙিলে আৰু কাষতে নয়নক দেখি প্ৰথমতে প্ৰায় চক খোৱাৰ নিচিনা কৰিলে। তাৰ পাছত বিছনাখনৰ পৰা একে জাপেই নামিল, মজিয়াখনতে বহি, ককায়েকৰ আঁঠু দুটাৰ মাজত মূৰটো সুমুৱাই তাই হুকহুককৈ কান্দিবলৈ ধৰিলে। নয়নৰ দুচকু সেমেকি আহিল। সি মুখেৰে একো নামাতি মাথোঁ ভনীয়েকৰ চুলিখিনিৰ মাজেৰে আলফুলকৈ হাতটো বুলাই থাকিল।

জুমি আৰু ছবিৰ বয়স প্ৰায় সমান। কেইঘণ্টামানৰ ভিতৰতে সিহঁত দুজনীৰ বন্ধুত্ব ইমানেই গাঢ় হৈ পৰিল যে ৰাতি শুবৰ সময়ত এজনীয়ে আনজনীৰ লগ নেৰা হ’ল। ছবিক নীতিহঁতৰ লগতে শুৱাই লোৱাটো একো ডাঙৰ কথা নহয়, কিন্তু তেতিয়া অৰূপা অকলে শুব লাগিব। প্ৰথম দিনাই অৰূপাক অকলে শুৱাবলৈ নীতিৰ ভাল নালাগিল। গতিকে তাই জুমিকে অৰূপাহঁতৰ লগত শুবলৈ পঠাই দিলে। ভনীয়েকৰ প্ৰতি নয়নৰ মনোভাব কেনেকুৱা হৈছে জানিবলৈ নীতিৰ খুবেই মন গ’ল। গতিকে বিছনাত পৰাৰ পাছতে তাই ক’লে, ‘অৰূপাজনী বৰ খীণাল।’
‘একো ডাঙৰ কথা হোৱা নাই। এনেকুৱা পৰিস্থিতিত পৰিলে হিড়িম্বা ৰাক্ষসীৰ নিচিনাবোৰ খীণাব।’ নয়নে অনুকম্পাহীন মাতেৰে উত্তৰ দিলে।
‘তাইক শাহুৱেকহঁতে ভালকৈ খাবলৈও দিয়া নাছিল নেকি!’
‘তুমি কেনেকৈ জানিলা?’
‘অথনি ভাত দিওঁতে তাই যেনেকৈ খাবলৈ নোপোৱাৰ দৰে খাইছিল, আগতেতো তাই তেনেকৈ কেতিয়াও খোৱা নাছিল।’

নয়নৰ মনত পৰিল, আগতে অৰূপাক কেনেকৈ খাতিৰ কৰি ভাত খুৱাব লগা হৈছিল। স্কুল-কলেজৰ পৰীক্ষালৈ যোৱাৰ কেইদিনতো তাই একোৱেই খাই যোৱা নাছিল। নয়নে সদায় টিফিন লৈ গৈ লেজাৰত তাইক খাবলৈ দিছিলগৈ। নয়নৰ বুকুৱেদি দীৰ্ঘ হুমুনিয়াহ এটা ওলাই আহিল। সি ক’লে, ‘তাই যি খাবলৈ মন কৰে, যিমান খাবলৈ মন কৰে খাবলৈ দিবা।’

‘অৰূপাৰ নখৰ সুতবোৰ এৰাই গৈছে। হাতৰ তলুৱাতো চুলিৰ দৰে কলা কলা আঁচ পৰিছে।’ নীতিয়ে বুজাই নক’লেও নয়নে বুজি পালে, ভনীয়েকৰ নখৰ সুতবোৰ কিয় এৰাইছে, হাতৰ তলুৱাত ক’লা ক’লা আঁচ কিয় পৰিছে। তাৰ মনটো বেয়া লাগি গ’ল। ঘৰত থাকোঁতে অৰূপাই বাচন-বৰ্তন ধোৱাটোতো বাদেই, নিজৰ কাপোৰ-কানিখিনিও ধুই লোৱা নাছিল। এদিন ৰহিলা বাই নহাৰ কাৰণে তাই বাচন ধুব লগা হৈছিল। বাচনখিনিত তেলচিকটি আৰু ভীমবাৰৰ গোন্ধটো লাগিয়েই আছিল। আন এদিন ৰহিলা বাই নহা কাৰণে তাই নয়নৰ পেণ্ট-ছাৰ্ট এযোৰ ধুব লগা হৈছিল। পিছে কাপোৰযোৰত ছাৰ্ফ ছাৰ্ফ গোন্ধটো লাগিয়েই আছিল, ছাৰ্টৰ কলাৰৰ ভাঁজটোত মলিৰ লাইনটো স্পষ্ট হৈয়েই আছিল।

‘তাইক একো কামত নলগাবা। দৰকাৰ হ’লে ৰহিলা বাইৰ লগতে আৰু এজনী ছোৱালী ৰাখি ল’বা।’
‘অৰূপাই তাইৰ বাহু, পিঠি আৰু কঁকালত পৰা কলা, দীঘল চিন কিছুমান মোক দেখুৱাইছিল।’ নীতিয়ে আওপকীয়াকৈ কোৱা এইষাৰ কথাৰ অৰ্থ নয়নে ঠিকেই বুজিলে। তাৰ এইবাৰ খঙো উঠিল। সমৰৰ ইমান সাহ? সিহঁতে কেতিয়াও ধমকি এটাও দি নোপোৱা, কেতিয়াবা কৃত্ৰিমভাৱে ধমকি এটা দিলেও ভেঁ-ভেঁকৈ মুখখন মেলা, ডাঙৰ হোৱাৰ পাছতো ডাক্তৰে বেজী দিবলৈ আহিলে পলাই ফুৰা সিহঁতৰ একমাত্ৰ ভনীয়েকজনীক মাৰি সি গাত দাগ বহুৱাই দিছে। সময়ত তাক উপযুক্ত শাস্তি দিয়া হ’ব।

‘তাইৰ গাত যদি কিবা বিষ-কোপ, বেমাৰ-আজাৰ আছে, কাইলৈকে ডাক্তৰৰ ওচৰলৈ লৈ যাবা।’
‘ইয়ালৈ আহোঁতে ছবিয়ে যিটোহে ছুৱেটাৰ পিন্ধি আহিছিল, মই লগে লগে খোলাই জুমিৰ এটাকে পিন্ধাই দিছিলো।’ নীতিৰ কথাত নয়ন এইবাৰ মনে মনে থাকিব নোৱাৰিলে। তাৰ মনৰ ক্ষোভখিনি মুখেৰে ওলাই আহিল, ‘সিহঁত ইমান নীচনে?’ নয়নৰ একমাত্ৰ ভনীয়েকৰ ছোৱালীজনীয়ে ভালকৈ ছুৱেটাৰ এটা পিন্ধিবলৈ পোৱা নাই, অথচ সি নিজৰ ছোৱালীকেইজনীক কি দিয়া নাই। দুটা আলমাৰি সিহঁতৰ কাপোৰেৰেই খুন্দ খাই আছে। এযোৰ পুৰণি নহওঁতেই আন এযোৰ দোকানৰ পৰা পায়হি।

‘ছবিক ইহঁতকেইজনীৰ কাপোৰ পিন্ধিবলৈ নিদিবা। কাইলৈকে তাইক নতুন কাপোৰ কেইযোৰমান আনি দিবা।’

অৰূপা ঘূৰি অহাৰ পাছত এটা সপ্তাহ পাৰ হৈ গ’ল। এই সপ্তাহটো ঘৰখনত তাই কইনাৰ দৰে কটালে। এই ঘৰখনত তাই যে বিছটা বছৰ কটাই গৈছিল, এই ঘৰখনৰ প্ৰতিটো আচবাব, মানুহ, ৰীতি-নীতি, আনকি প্ৰতিটো ধূলিকণাৰ লগতে তাইৰ যে এটা অংগাংগী সম্পৰ্ক আছিল, ঘৰখনৰ মূল আকৰ্ষণ যে তায়েই আছিল,— এই কথাবোৰ অৰূপাই পাহৰি থকাৰ দৰে থাকিল। কিন্তু তাৰ পাছৰে পৰা তাই ক্ৰমশঃ সকলোবোৰ কথাতে সহজ হৈ পৰিল। আনকি সেই সপ্তাহটোত মাত-বোল কৰাটোতো দূৰৰে কথা, চকুলৈও চাবলৈ সাহ নকৰা নয়নৰ লগতো। তাই ককায়েকক ক’ব পৰা হ’ল, অফিছলৈ কোনটো পেণ্টৰ লগত কোনটো ছাৰ্ট পিন্ধি গ’লে ভাল দেখাব, তাই ভাল পোৱা চানাবিধ কোনখন বেকাৰিত পোৱা যায় ইত্যাদি কথাবোৰ।

নয়নহঁতৰ ঘৰখন নগৰৰ মাজমজিয়াত যদিও সিহঁতৰ চৌহদটো প্ৰায় দুবিঘা মাটিৰ। নয়নৰ দেউতাকে চিৰস্তাদাৰ হৈ অৱসৰ লৈছিল। তেওঁ মাখিৰ মূৰৰ ঘিঁউ কাঢ়ি খোৱা ধৰণৰ মানুহ নাছিল যদিও কোনোবাই নিমন্ত্ৰণ জনালে তাক ৰক্ষা নকৰাকৈয়ো থকা নাছিল। সেই সুবাদতে তেওঁ নগৰৰ সোঁমাজত বহুতৰ ঈৰ্ষাৰ কাৰণ হ’ব পৰা ঘৰ-মাটি কৰিব পাৰিছিল। নয়নহঁতৰ ঘৰৰ সমুখত এখন ডাঙৰ ফুলনি, বাঁওফাল-সোঁফালে একোখন শাকনি। অৰূপাই কৰা দুষ্কৰ্মটো নয়নহঁতৰ কাৰণে এজাক ধুমুহাৰ দৰে হৈ পৰিছিল। সেই ধুমুহাজাকে গোটেই ঘৰখনকে ছেদেলি-ভেদেলি কৰি পেলাইছিল। নয়নহঁতৰ শাকনি আৰু ফুলনিখনত শাক আৰু ফুলৰ সলনি একাঁঠু একাঁঠু ঘাঁহ হৈছিল। কিন্তু অৰূপা অহাৰ কেইদিনমান পাছতে ফুলনিখনত ফুল ফুলিছিল, শাকনিত শাক গজিছিল। ড্ৰয়িঙৰূমৰ ফুলদানিত প্লাষ্টিকৰ ফুলৰ সলনি জীৱন্ত ফুলে মিচিকিয়াই হাঁহিছিল, পাকঘৰৰ খৰাহিত বজাৰৰ লেৰেলা পাচলিৰ সলনি সজীৱ পাচলিয়ে গুঞ্জন তুলিছিল।

নয়নে মাহৰ মূৰত দৰমহাৰ টকাকেইটা নীতিৰ হাতত তুলি দিয়েই সংসাৰৰ দায়িত্বৰ পৰা হাত সাৰে। ঘৰখনৰ প্ৰায় সমস্ত কামলৈ চকু দিবলগা হোৱাত ছোৱালী তিনিজনীক নীতিয়ে যিমান চোৱা-মেলা কৰিব লাগে, সিমান কৰিব নোৱাৰে। ৰুমিয়ে নিজৰ কামখিনি মোটামুটিকৈ নিজেই কৰি ল’ব পৰা হৈছে যদিও চুমি আৰু জুমিৰ প্ৰতিটো কামেই তাই কৰি দিব লাগে। সিহঁত দুজনীৰ চুলি দীঘল হৈ যায়, চুলিত ওকণি হয়, দৃষ্টিকটুভাৱে মূৰ খজুৱাই থাকে। সিহঁত দুজনীৰ নখ দীঘল হৈ যায়, নখত ক’লা ক’লা মলি হয়, সিহঁত দুজনীয়ে দৃষ্টিকটুভাৱে নখবোৰ কামুৰি থাকে। কিন্তু অৰূপা অহাৰ পাছৰে পৰা সিহঁত দুজনীৰ নখ-চুলি চাফা হৈ থাকিবলৈ ল’লে। | ৰুমিহঁতে জুতি-বুধি নহ’লে ভাত খাব নোখোজে। কিন্তু জুতি-বুধি লগাই বিধে বিধে ৰান্ধি খুৱাবলৈ নীতিৰ সময় ক’ত? ফলস্বৰপে নয়নহঁতৰ নিচিনা সচ্ছল পৰিয়াল এটাৰ ল’ৰা-ছোৱালী ৰুমিহঁত যিমান শকত-আৱত হ’ব লাগে, সিমান নহয়। সিহঁতৰ গাত মঙহৰ সঁচেই নাই বুলিব পাৰি। কিন্তু অৰূপা অহাৰ পাছৰে পৰা ৰুমিহঁতৰ জাংপাং মুকলি হ’বলৈ ধৰিলে। সিহঁতে পেহীয়েকক আবদাৰ কৰে মেগি সিজাই দিবলৈ, অমলেট ভাজি দিবলৈ, ভাতৰ লগত খাবলৈ গোল গোলকৈ আলু কাটি দিবলৈ, মাছৰ টুকুৰাকেইটা মচমচীয়াকৈ ভাজি দিবলৈ। আৰু অৰূপাই বিনা প্ৰতিবাদেৰে, মনৰ আনন্দৰে ৰুমিহঁতৰ এই আবদাৰবোৰ পূৰণ কৰি দিয়ে। আনকি ৰুমিহঁতৰ পঢ়া-শুনা চাই দিয়াৰ দায়িত্বও আপোনা-আপুনি অৰূপাৰ হাতলৈকে যায়গৈ।

নীতিও ঘৰখনৰ একমাত্ৰ, অতি মৰমৰ, আলসুৱা ছোৱালী আছিল। তাই এই ঘৰখনত যিবোৰ কাম কৰিবলগীয়া হৈছে, সেইবোৰ কাম কৰি জীৱনৰ সোণালী সময়বোৰ পাৰ কৰিব লাগিব বুলি তাই, সিহঁতৰ ঘৰখনৰ মানুহখিনিয়ে কাহানিও ভবা নাছিল। কিন্তু এইখন ঘৰৰ এই কামবোৰ কৰিবলৈ নীতিক কোনেও জোৰ-জবৰদস্তি কৰা নাই। কামবোৰ তাই নিজে নিজে কৰে। কামবোৰ তাই দায়িত্ব আৰু কৰ্তব্য বুলি ভাবি লৈ কৰিছে। তথাপি শহুৰেক-শাহুযৱেকৰ পেচাব-পায়খানা, কফৰ চৰিয়াটো পেলাবলৈ যাওঁতে তাইৰ মনটো কেতিয়াবা শোকে খুন্দা মাৰি ধৰে, অভিমানত উথলি উঠে। কথাটো বুজি পায়েই হ’বলা এদিন অৰূপাই নীতিক ক’লে, ‘বৌ, আজিৰ পৰা মা-দেউতাক আলপৈচান ধৰাৰ দায়িত্ব মোৰ।’

‘তুমিয়েই যদি সকলোবোৰ কৰা, মোলৈনো বাকী থাকিল কি?’ নীতিয়ে পৰোক্ষভাৱে প্ৰতিবাদ কৰিলে যদিও অৰূপাই নুশুনিলে। তাই হাঁহি হাঁহি ক’লে, ‘পাকঘৰ আৰু দাদাৰ দায়িত্ব তোমাৰ ওপৰত এৰিলো’।

যোৱা পাঁচ বছৰমানৰ পৰা নীতিয়ে জিৰণি বোলা বস্তুটো কি প্ৰায় পাহৰিয়েই পেলাইছিল। ‘নোৱৰা হোৱা’ দিনকেইটাতো তাই কিবা নহয় কিবা এটা হাতৰ কাম লগাই লৈছিল। অৰূপাৰ কৃপাত নীতিৰ যেতিয়া জিৰণি বোলা বস্তুটোৰ লগত পুনৰ পৰিচয় ঘটিল, তাই অনুভৱ কৰিলে— জীৱনটোক উপলব্ধি কৰিবলৈ, দেহ-মনক সজীৱ কৰি ৰাখিবলৈ, নতুন কাম এটাত উদ্যমেৰে লাগিবলৈ মানুহক সঁচাকৈয়ে জিৰণিৰ প্ৰয়োজন।

ইতিমধ্যে নীতিয়ে অৰূপা ঘৰলৈ গুচি অহা খবৰটো নয়নৰ ভায়েক অয়ন আৰু চয়নলৈও পঠাইছিল। সিহঁত দুয়োটা সপৰিয়ালে আহিব বুলি কৈছিল। কিন্তু একেলগে ছুটী মিলাব পৰা নাছিল বাবে অহা নাছিল। অৰূপা অহাৰ দুমাহৰ পাছত সিহঁত দুটা সপৰিয়ালে এসপ্তাহ এসপ্তাহ থকাকৈ আহিল। এই দুমাহতে অৰূপাৰ দেহ-মন যথেষ্টখিনি সজীৱ হৈছিল। গতিকে সিহঁত দুটাৰ অৰূপাৰ ভগ্নপ্ৰায় অৱস্থা দেখাৰ দুৰ্ভাগ্য নহ’ল।

অয়ন আৰু চয়নে অৰূপা আৰু ছবিলৈ কেইবাসাজো কাপোৰ লৈ আহিছিল। অৰূপালৈ অনা কাপোৰকেইসাজ তাইলৈ হ’ল যদিও ছবিলৈ অনা কাপোৰকেইসাজৰ দুসাজমানহে তাইলৈ আটিলে। ছবিৰ গালৈ ডাঙৰ হোৱা কাপোৰ কেইসাজ ৰহিলা বাইৰ নাতিনীয়েককেইজনীলৈ পঠাই দিলে।

চাৰি বছৰৰ মূৰত নয়নহঁতৰ ঘৰখনত উৎসৱমুখৰ পৰিৱেশ এটাৰ সৃষ্টি হ’ল। নয়ন আৰু মাক-দেউতাকৰ বাহিৰে ঘৰৰ আটাইখিনিয়ে অৰূপা আৰু ছবিক লৈ অগ্নিগড়, ক’লপাৰ্ক, মহাভৈৰৱ, হলেশ্বৰ আদিত ফুৰিবলৈ গ’ল। চক বজাৰত বজাৰ-সমাৰ কৰিলে, কলিয়াভোমোৰা দলঙৰ ওচৰৰ ‘এলড’ৰাডো’ত লান্স কৰিলে। অয়ন আৰু চয়নৰ উৎসাহতে নীতিহঁতে বহুদিনৰ মূৰত হলত চিনেমা এখন চালেগৈ। যাবলৈ ওলোৱাৰ আগদিনা নীতিৰ মুখৰ পৰা অয়ন আৰু চয়নে অৰূপা এইখন ঘৰত মাত্ৰ তিনি মাহহে থাকিব পাৰিব বুলি গম পাই জাঙুৰ খাই উঠিল। অয়নে ক’লে, ‘দাদা, তই এইটো কি সিদ্ধান্ত লৈছ? এয়া হ’বই নোৱাৰে।’ নয়নে লগে লগে ক’লে, ‘অৰূপালৈ যদি তোৰ ইমান মৰম, তেনেহ’লে তয়েই নি তাইক ৰাখগৈ।’

অয়নে সেইপিনেই তাপ মাৰিলে যদিও তাৰ সলনি ঘৈণীয়েক বিদিশাই ক’লে, ‘আমিনো অৰূপাক কেনেকৈ নিওঁ দাদা? আমি ভাৰাঘৰতহে থাকোঁ। তাতে মোৰ মাও আজিকালি আমাৰ লগতে থাকে।’

চয়নৰ ঘৈণীয়েক পূবালি অতি চালাক তিৰোতা। চয়নে কিবা ক’বলৈ পোৱাৰ আগতেই তাই মাত লগালে, ‘অৰূপাক আমিয়েই লৈ যাব পাৰিলোহেঁতেন। কিন্তু আমাৰ ফ্লেটটো কিমান সৰু জানেইতো। পাৰবাহটোও কিজানি অলপ ডাঙৰহে হ’ব। তাতে বিকিৰ অহা মাহৰ পৰা পৰীক্ষা আৰম্ভ হ’ব। অৰূপাই আমাৰ তাত গৈ অসুবিধাহে পাবগৈ।’

নয়নৰ পেটে পেটে খুব হাঁহি উঠিল। ইহঁত দুজনীয়ে তাক বাৰু বুৰ্বক বুলি ভাবিছে নেকি? ‘তেনেহ’লে এই বিষয়ে আৰু কথা নবঢ়োৱাই ভাল।’ চিলাইৰ দুমুৰি গাঁঠিটোৰ দৰে নয়নে প্ৰসংগটোৰ মোখনি মাৰি থ’লে।

অয়ন আৰু চয়নহঁত যোৱাৰ দুসপ্তাহমান পাছতে দুটা আচৰিত কাণ্ড ঘটিল। নয়নৰ দেউতাকে লাখুটিত ভৰ দি দি অলপ অলপকৈ খোজকাঢ়িব পৰা হ’ল, মাকৰ ডায়’নিল টেবলেট আৰু যোগৰাজ পোগলু নোখোৱাকৈয়ে ছুগাৰ আৰু কঁকালৰ বিষটো নিয়ন্ত্ৰণলৈ আহিল। দুয়োটা কথাতে নয়নহঁতৰ লগতে সিহঁতৰ ঘৰুৱা ডাক্তৰ সঞ্জীৱ অধিকাৰীও আচৰিত হ’ল। তেওঁ নয়নৰ মাক-দেউতাক দুয়োকে ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি, ভাবি-চিন্তি ক’লে, ‘এয়া কেৱল ঔষধৰ জোৰতে সম্ভৱ হোৱা নাই। এয়া সম্ভৱ হৈছে অৰূপাৰ যত্নৰ কাৰণে। অৰূপাৰ সান্নিধ্যই এখেতসকলৰ মনলৈ অনা প্ৰশান্তিৰ কাৰণে।’ ডাক্তৰ অধিকাৰীৰ কথাত নীতিতো পতিয়ন গ’লেই, নয়নেও একো প্ৰতিবাদ নকৰিলে। হ’বও পাৰে। মানসিক শক্তিৰ প্ৰাবল্যত কৰ্কট ৰোগীও সুস্থ হৈ উঠে।

চাওঁতে চাওঁতে অৰূপা অহা দুমাহ বিশ দিন হ’ল। অৰূপা এইখন ঘৰৰ পৰা বাৰহলীয়াৰ ভাৰাঘৰলৈ যোৱাৰ দিন যিমানেই চমু চাপি আহিল, নীতিৰ মনটোও সিমানেই অস্থিৰ হৈ পৰিল। অয়ন-চয়নহঁত যোৱাৰ পাছত নয়নে এই বিষয়ে আৰু একো কথা উলিওৱা নাই যদিও সি কোন মুহূৰ্তত কথাটো উলিয়াব একো ঠিক নাই।

দুমাহ পঁচিশ দিনৰ দিনা নয়নে কথাটো সঁচাকৈয়ে উলিয়ালে। ৰাতি বিছনাত পৰাৰ পাছত সি নীতিক সুধিলে, ‘তুমি অৰূপাক কথাটো কৈছানে?’

নীতিৰ বুকুখন ধমহকৈ মাৰিলে। বেড চুইচটো অফ কৰিবলৈ যোৱা তাইৰ হাতখন ৰৈ গ’ল।
‘কোনটো কথা?’
‘তাই আমাৰ বাৰহলীয়াৰ ঘৰটোলৈ যোৱাৰ কথাটো।’
‘নাই কোৱা।’
‘কিয়?’
‘তুমি মোক দুছেও কৰি কাটিলেও, নচঁচা শূলত দিলেও মই সেইটো কথা তাইক ক’ব নোৱাৰোঁ। তুমিয়েই ক’বা।’

জুমি আজিকালি প্ৰায়েই অৰূপা আৰু ছবিৰ লগত শোৱে। তাই আজিও সিহঁতৰ লগতে শুইছিল। জুমিৰ ভাগৰ ঠাইখিনিত নীতি পোন হৈ বহি ল’লে। তাইৰ উশাহ-নিশাহবোৰ দ্ৰুত হৈ আহিল।

‘মই এটা কথা ভাবিছোঁ।’ নয়ন নীতিৰ অলপ কাষ চাপি গ’ল। তাইৰপিনে মুখ কৰি সোঁহাতখন তাইৰ কোলাত থলে।
‘কি কথা?’ নীতিও নয়নৰ অলপ কাষ চাপি গ’ল।
‘অৰূপা তালৈ যাব নালাগে। তাই ইয়াতে থাকক।’
‘তুমি সঁচাকৈ কৈছানে?’

নয়নে এটা কথা কেতিয়াও দুবাৰ নকয় বুলি জানিও তাইৰ কোলাত থোৱা নয়নৰ হাতখনত দুহাতেৰে হেঁচা মাৰি ধৰি নীতি প্ৰায় চিঞৰি উঠিল, ‘মই জানো নহয়, অৰূপাৰ প্ৰতি তোমাৰ অন্তৰত কিমান মৰম!’ নয়নৰ পিনলৈ অলপ হালি নীতিয়ে তাৰ কপালত এটা চুমা আঁকি দিলে। ‘আচল কথাটো কি জানা?’ নীতিৰ চুমাটোৰ প্ৰতি অকণো আগ্ৰহ নেদেখুৱাই নয়নে ক’লে।
‘কি?’ নীতি পুনৰ পোন হৈ বহিল।
‘অৰূপালৈ মৰম উপজি নহয়, দুটামান বেলেগ কথা চিন্তা কৰিহে তাইক এইখন ঘৰত ৰাখি থব খুজিছোঁ।’
“তুমি কি ক’ব খুজিছা, মই বুজা নাই। বুজাই কোৱাচোন।’

নীতিৰ কোলাত থোৱা হাতখনেৰে তাইৰ কঁকালত মেৰিয়াই ধৰি নয়নে ক’লে, ‘অৰূপা ইয়ালৈ অহাৰ পাছত তোমাৰ ডাঙৰ সহায় হৈছে, ৰুমিহঁতৰ গত এটা লাগিছে, ঘৰখন চিজিল হৈ আছে, মা-দেউতা সুস্থ হৈ উঠিছে আৰু আগলৈও এইবোৰ হৈ থাকিব। গতিকে অৰূপাক বেলেগ এখন ঘৰলৈ পঠাই দিলে আমাৰেই জানো বিস্তৰ ক্ষতি নহ’ব?’

সাঁজৰ তৰাৰ দৰে ওঁঠত ৰহস্যময় হাঁহি এটা ফুটাই নীতিয়ে ক’লে, ‘মোক ইমান বুদ্ধ বুলি ভাবিছা? সেই কাৰণেইতো অৰূপা এইখন ঘৰতে থকাটোত মই জোৰ দি আছোঁ। মাথোঁ তুমি বেয়া পোৱা বুলিহে কথাটো খোলোচাকৈ কোৱা নাছিলো।’
‘তুমি দেখিছোঁ মোতকৈও একাঠী চৰা।’

এইবাৰ নয়নে নীতিৰ ওঁঠত এটা চুমা আঁকি দিলে। এটা সন্তুষ্টিৰ হাঁহি মাৰি নীতি ক্ৰমশঃ নয়নৰ কাষ চাপি গ’ল।

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

নীলা শিয়ালৰ শিং
  • গল্প
    • সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা

নীলা শিয়ালৰ শিং

তৰগ ৰস ৰস ইন্দু
  • গল্প
    • জয়শ্ৰী গোস্বামী মহন্ত

তৰগ ৰস ৰস ইন্দু

নিৰ্ভাৰ

নিৰ্ভাৰ