অ প্ৰমাদী কবিৰ ৰামায়ণ পুনৰুদ্ধাৰ কৰিবলৈ স্বয়ং মাধৱ কন্দলীয়েই হেনো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক স্বপ্নাদেশ দিছিল। সেই অনুযায়ী শংকৰদেৱে নিজে উত্তৰাকাণ্ড আৰু মাধৱদেৱৰ হতুৱাই আদিকাণ্ড বিৰচন কৰায়। মহামাণিক্যৰ শাসন কালত মাধৱ কন্দলীয়ে আদি তথা উত্তৰাকাণ্ড ৰচনা কৰিছিল নে নাই, তাক লৈ অনেক বিতৰ্ক আছে। কিন্তু শংকৰদেৱে মাধৱ কন্দলীক যে নিঃসন্দেহেই হৰিকথা প্ৰচাৰক বুলি মানি লৈ ৰামায়ণৰ ভাঙণি কৰিছিল, তাত তিলমাত্ৰ সন্দেহ নাই। সমকালীন চন্দ্ৰভাৰতী, অনন্ত কন্দলী প্ৰণীত ৰামায়ণৰ গুৰুত্ব থকা সত্বেলীও পৰৱৰ্তী চৰিতকাৰসৱে মাধৱ কন্দলীৰ স্বপ্নাদেশ আখ্যানৰ দোহাই দি পূৰ্বৱৰ্তী ৰামায়ণকহে যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হয়। অৱশ্যে চন্দ্ৰভাৰতীক শংকৰদেৱেহে ভাগৱত আদি ৰচনাৰ প্ৰেৰণা দিছিল, সেই কথাও উল্লেখনীয়। যি কি নহওক, ষোড়শ শতাব্দীত অসম প্ৰদেশত শংকৰদেৱে ভক্তিবাদী কাব্য ৰচনা কৰাৰ দৰেই উত্তৰ ভাৰতত গোস্বামী তুলসীদাসেও ভক্তি সাহিত্য বিৰচন কৰে। তেওঁৰ সৰ্বশ্ৰেষ্ট ৰচনাই হৈছে ৰামচৰিত মানস। এই দুয়োজনা মহাকবিৰ সীতা তথা সীতাৰ পাতাল প্ৰৱেশ খণ্ডক লৈয়ে এই লেখাটো প্ৰস্তত কৰা হৈছে।
শ্ৰীমন্ত শংকৰদেৱে ভাগৱত ভাঙণি কৰোঁতে যিদৰে ভৌগোলিক অৱস্থান তথা সামাজিক ব্যৱস্থাক কেন্দ্ৰ কৰি আৰ্যকেন্দ্ৰিক পৰিস্থিতিবোৰক কামৰূপৰ পৰিস্থিতিৰ সৈতে অদল-বদল কৰিছিল, ৰামায়ণতো সেই একেই দিশ পৰিলক্ষিত হয়। তেৰাৰ কাব্যিক তথা ছন্দময় সমূহ কাব্য কেৱল অনুবাদ হিচাপেই নাথাকি এক স্বকীয় মৰ্যাদা প্ৰাপ্ত কৰে। Transcreated ভাগৱতেই হওক বা ৰামায়ণেই, তাত নিশ্চয় তেৰাৰ চৌপাশৰ পৰিৱেশ-পৰিস্থিতিবোৰেই প্ৰেৰণাদায়ক আছিল। উত্তৰ কাণ্ড ৰামায়ণত শংকৰদেৱে সীতাৰ প্ৰতি সহানু্ভূতিশীল হৈ ৰৈছে, যিটো বাল্মীকি ৰামায়ণ বা কৃতিবাসৰ ৰাম পাঁচালীতো দুৰ্লভ। এই ক্ষেত্ৰত সামাজিক উৎকৰ্ষকাৰী শংকৰৰ নাৰীৰ প্ৰতি দৃষ্টিভংগী চাব লাগিব, এই শংকৰদেৱেই কৈৱৰ্ত নাৰী ৰাধিকাক সমাজত উচ্চস্থান দিছিল। ৰামানন্দ দ্বিজৰ বৰ্ণনাৰ মতে এই শংকৰদেৱে জয়ন্তা দলৈৰ ভাৰ্যাকো উদাৰ মনোভাবেৰে শৰণ প্ৰদান কৰিছিল। সেই নাৰীয়েও মহাপুৰুষক কৈছিল—
‘বাপু তুমি শুনিয়োক নিস্তাৰ কৰিলা মোক
জানিলো তাৰিবা সৰ্বজন।’ (ৰামানন্দ দ্বিজ, শ্ৰীগুৰুচৰিত)
এইখন চৰিত পুথিত সামজিক স্তৰত জয়ন্তা দলৈৰ ভাৰ্যা আৰু কুষ্ঠৰোগী হৰিৰামকেই প্ৰথম শৰণীয়া ভকত ৰূপে দেখুওৱা হৈছে। এতেকে দেখা যায় যে শংকৰদেৱে নাৰীৰ অধিকাৰৰ প্ৰতি গুৰুত্ব দিছিল। তেৰাই নিজেও গোপীৰূপী নাৰীক সন্মান কৰি বৰ্ণন কৰিছিল—
‘উদ্ধৱে বন্দিলা গোপীৰ ধূলি।
আৱে মূঢ়জনে নিন্দে কি বুলি॥’ (পাষণ্ড মৰ্দন, কীৰ্তন-ঘোষা)
শংকৰদেৱে নিজৰ পৰম আৰাধ্য ৰামকো মায়াবদ্ধ কৰি লিখিলে—
‘ভয়ে লাজে জানকীক চাহিবে নোৱাৰি।
থাকিলা সংকোচেভাৱে ৰাঘৱ মুৰাৰী॥’
মহাসতী সীতাকো তেৰাই প্ৰতিবাদী কৰি বৰ্ণন কৰিলে—
‘মহা শোকে কোপে আতি কমলামান কায়।
জাজ্জ্বল্য সমান অগনিৰ শিখা প্ৰায়॥
অন্তৰ্গতে ৰামৰ মিলিল মহা ভয়।
দেখি সমজ্যাৰ ভৈল মহা বিস্ময়॥’
দ্বিতীয়বাৰৰ কাৰণে অগ্নি পৰীক্ষা বিচৰাত হয়তো নাৰীৰূপী দেৱীয়ে মানি ল’ব পৰা নাই, তাত তেওঁৰ কোনো বিফলতাৰ প্ৰশ্নও নাহে, কিন্তু নিজ অধিকাৰ বা সন্মান বা ৰামৰেই পূৰ্বৰ বচন ৰক্ষণৰ বাবে তেওঁ প্ৰতিবাদী হৈ উঠি কৈছে— ‘তথাপি নভৈল শান্ত ৰাঘৱৰ চিত্ত॥’ চৈধ্য বৰ্ষ বনবাস, তাৰ ওপৰত ৰাৱণৰ অত্যাচাৰ-অপমানত জৰ্জড়িত জানকীয়ে একেশ্বৰী নাৰী হৈয়ে ৰামৰ কথাত অগ্নি প্ৰৱেশ কৰি নিজৰ প্ৰমাণ প্ৰথমবাৰৰ বাবে দিছিল। ৰামৰ সন্তানক গৰ্ভত ধাৰণ কৰা দেৱীক বৰ্জন কৰা বা বনত নিৰ্বাস কৰি অত অপমানৰ ভাগী হোৱাৰ বাৱে হয়তো এনেকেও শংকৰদেৱে লিখিলে— ‘ৰাক্ষসতো ধিক ইতো তোমাৰ কুমটি।’
সীতাই চিৎকাৰ কৰিছে—
‘বোলাইবো তোমাৰ আৰু ঘৰৰ ঘৰণী।
তেবে মোত পৰে নাই নাৰী নিলাজিনী॥’
দুখুনি সীতা গোসাঁনীয়ে স্বামীক গালি-শপনি দিলেও তেওঁৰ অন্তৰৰ ভক্তি যে কোনো কালে নষ্ট নহয়, সেই কথাও পোৱা যায়— ‘চৰণৰ ধূলি মলচিয়া চুলি’। সীতাই প্ৰতিবাদ কৰিলে, নিজৰ ভাগ্যকো ধিক্কাৰ দিলে; কিন্তু আনে দিয়া বুজনিত শান্ত নহ’ল তেওঁ। নিজৰ সন্তানক আনৰ হাতত গতাই অৱশেষত বসুমতীৰ গভীৰ গৰ্ভত বিলীন হৈ পৰিল। অয়োধ্যাত ক্ৰমশঃ শোকাচ্ছন্ন পৰিৱেশে দেখা দিলে। লৱ-কুশই ৰামক ধৰি কন্দা-কটা কৰিলে; ভৰত, শত্ৰুঘ্ন, কৌশল্যা আদি শোকতে মুৰ্চ্ছিত হয়। দেৱতা, ঋষিতো বাদেই, বান্দৰ-ভালুকেও সীতাৰ তিৰোধানত বেজাৰ কৰিলে। এনেকৈয়ে, শংকৰদেৱে ভণিলে সীতাৰ পাতাল প্ৰৱেশ।
ষোল্ল শতাব্দীতেই কবি তুলসীদাসেও অৱধি ভাষাত ৰামায়ণ ৰচনা কৰে, যাৰ নাম— ৰামচৰিত মানস। এইখন ৰামায়ণত ৰামক অৱতাৰ বুলি কোৱাৰ উপৰিও ৰামকেই পূৰ্ণব্ৰহ্ম পৰমেশ্বৰ বুলিও কোৱা হৈছে। ৰামৰ ভক্তিকে মূল বিষয়বস্তু হিচাপে লৈ লিখা এই ৰামায়ণৰ মাধুৰ্যপূৰ্ণ কাব্যিক উপস্থাপন অতিকৈ মনমোহা। তুলসীদাসে অৱশ্যে গুৰু-শিষ্য পৰম্পৰা অনুযায়ী প্ৰাপ্ত প্ৰাচীন কথিত ভক্তিবাদী ৰামকথাৰ আধাৰতে ইয়াক ৰচনা কৰিছিল বুলি উল্লেখ কৰিছে। ৰামচৰিত মানসত সীতাৰ পাতাল প্ৰৱেশৰ আখ্যানৰ উল্লেখ নাই। লংকাকাণ্ডত সমূহ যুদ্ধ নিগ্ৰহৰ পৰিসমাপ্তিত সীতা-ৰাম, লক্ষ্মণ আদি সকলো অযোধ্যালৈ উভতি আহিছে আৰু ৰামৰ ভক্তি-যশেই উত্তৰাকাণ্ডত প্ৰকাশ পাইছে। বাল্মীকিৰ বহুকথাক তুলসীদাসে স্বীকাৰ নকৰি নতুনভাৱেই ৰামায়ণৰ ৰচনা কৰিছিল; উল্লেখনীয় যে সীতাৰ স্বয়ংবৰ, শৱৰীৰ ভক্তি আদি অনেক আখ্যান তুলসীদাসৰ ৰামায়ণতহে পোৱা যায়, যি বাল্মীকিৰ ৰাময়ণত নাই। যি কি নহওক, তুলসীদাসে সীতাৰ বিননিক ভালকৈয়ে বৰ্ণন কৰিছে সুন্দৰকাণ্ডত। ৰাৱণৰ দ্বাৰা অপহৃত সীতাক পদে পদে ৰাৱণে ভয় দেখুৱাইছে, প্ৰাণনাশৰ ভাবুকিও দিছে। কিন্তু, সীতা নিৰ্ভয়, স্বামী ৰামৰ চৰণ-পল্লৱত মন নিমজ্জিত দেৱীয়ে ৰাৱণক ধিক্কাৰ দিছে। সুন্দৰকাণ্ড ৰামায়ণত সীতাই নিজৰ ভাগ্যক ধিয়াই বিলাপ কৰাৰ বৰ্ণনেই সৰ্বাধিক, কোনোবাখিনিত তেওঁ নিজৰ মৃত্যুৰ বাবেও প্ৰাৰ্থনা কৰিছে। অৱশ্যে ৰাৱণৰ ভয়তকৈ ৰামৰ বিৰহৰ বাবেহে সীতাৰ তেনে অৱস্থা হোৱাৰ বৰ্ণন পোৱা যায়। সীতাক ৰাৱণৰ অন্ত হোৱাৰ সান্ত্বনা দিয়া বা ৰামবাণৰ কথা স্মৰণ কৰোৱা ৰাসক্ষীকেইজনীকহে বিৰহিনী সীতাতকৈ তুলসীদাসে পৌঢ়া বুলি দেখুৱাইছে। যি কি নহওক, ৰাৱণ বধৰ অন্তত সীতাৰ পৰীক্ষাৰ বাবে ৰামে আহ্বান কৰাত কবিয়ে সেই ভাগ্যক ধিক্কাৰ আৰু বিলাপৰ পুনৰ বৰ্ণন কৰিছে; সীতাদেৱীয়ে ৰামক স্মৰণ কৰি নিৰ্ভয়ে অগ্নিত প্ৰৱেশ কৰিছে, ছায়াসীতা অগ্নিত লীণ হৈ পৰিল আৰু ভগৱতী সীতাক অগ্নিদেৱে সাম্যমূৰ্তি লৈ ৰামক প্ৰদান কৰিছে (পুৰাণবিলাকত এই ছায়াসীতাৰ কথা পোৱা যায়, য’ত মূল সীতাক ৰাৱণে হৰণ কৰি নিয়া নাছিল। প্ৰকৃত সীতা নিজৰ শক্তিৰে অগ্নিত সমাহিত হৈছিল আৰু তেওঁৰ ছায়াটিহে ৰাৱণে নিছিল, ৰামে অগ্নি প্ৰৱেশ কৰোৱাত এতেকে মূল সীতাৰ পুনৰাৱিৰ্ভাৱ হয়। এতেকে পুৰাণৰ এই আখ্যানৰ আধাৰতেই তুলসীদাসে তেনেকৈ বৰ্ণন কৰাটো স্পষ্ট হয়)। ভক্ত-কবিজনাই ৰামায়ণৰ প্ৰতি খণ্ডতেই সীতা আৰু ৰামক সমানেই সন্মান দি স্তুতি পাঠ কৰাৰ লগতেই যথাস্থানত নাৰীৰ প্ৰতিও সন্মানজনক মন্তব্যই দিছে, কিন্তু তেওঁৰ ৰচনাত নাৰীৰ কোমলতা তথা সমকালীন সমাজৰ আধাৰত গৃহস্থীনীৰ মাহাত্ম্য ফুটি উঠাহে প্ৰতিফলিত হয়। এইখিনিতেই কবিজনাৰ নাৰীৰ অধিকাৰৰ দিশৰ কথা উল্লেখ নকৰিলে হয়তো লেখাটোত আধৰুৱা হৈ ৰ’ব; কবি তুলসীদাসে সীতাৰ লগতেই শৱৰী নামৰ নিহকুলীয়া নাৰীৰ সমাধিকাৰৰ উল্লেখনীয় দৃষ্টান্ত লিখি থৈ গৈছে। শৱৰী তথাকথিত নিচ জাতি বা নাৰী হোৱা সত্বেথৈও ভকতিৰ বলত ভগৱানৰ সাক্ষাৎ পাই নৱধা ভকতিৰ উপদেশ পাইছে। শৱৰীৰ আধা খোৱা ফলকো ভগৱান ৰামে তৃপ্তিৰে আহাৰ কৰিছিল।
শ্ৰীমন্ত শংকৰদেৱ আৰু গোস্বামী তুলসীদাসৰ কাব্যৰ তুলনামূলক অধ্যয়ন কৰিবলৈ গ’লে এইটোও মনত ৰাখিব লাগিব যে উত্তৰ ভাৰত আৰু উত্তৰ-পূব ভাৰতৰ সমাজ ব্যৱস্থাৰ বহু অন্তৰ আছে। উত্তৰৰ পুৰুষতান্ত্ৰিক আৰ্য সমাজ ব্যৱস্থাৰ বিপৰীতে উত্তৰ-পূবৰ সমাজত মাতৃকেন্দ্ৰিক ব্যৱস্থাও প্ৰাচীন কালত আছিল; সেই ভিত্তিত পঞ্চদশ-ষোড়শ খীষ্টাব্দৰ অসমৰ সমাজ ব্যৱস্থাতো নাৰীৰ ক্ৰিয়াশীল দৃষ্টান্ত নিশ্চয়েই আছিল। মহাপুৰুষজন নিশ্চয়েই জনজাতি সমাজখনৰ উপাদানৰ বিষয়ে জ্ঞাত আছিল, যাৰ ফলত তেৰাই হয়তো নাৰীক নিজ অধিকাৰৰ বাবে সক্ৰিয় হোৱাৰ দিশক গুৰুত্ব দিছিল। আনহাতে, সৰ্বভাৰতীয় ভক্তিবাদী নাৰী চৰিত্ৰৰ পৰ্যবেক্ষণৰ পৰাই হয়তো তুলসীদাসে শৱৰী, অহল্যা আদি ভক্তৰ চৰিত্ৰত বেছি গুৰুত্ব দিছিল। যি কি নহওক, দুয়োজন মহান সন্তয়েই নিজ নিজ কাব্যৰ জৰিয়তে কেৱল সাহিত্যৰ দিশতেই নহয়, আধ্যাত্মিক দিশতো এক যুগান্তকাৰী অৱদান আগবঢ়াই থৈ গৈছে।
প্ৰসংগ পুথি:
১. উত্তৰাকাণ্ড ৰামায়ণ
২. কীৰ্তন ঘোষা
৩. গুৰু চৰিত, ৰমানন্দ দ্বিজ
৪. ৰামচৰিত মানস