P ractical Criticism (১৯২৯) নামৰ গ্ৰন্থৰ প্ৰণেতা, ইংৰাজ সাহিত্য সমালোচক আই এ ৰিচাৰ্ডছে (I A Richards, ১৮৯৩-১৯৭৯) সাহিত্যৰ এক বস্তুনিষ্ঠ বিন্যাস পদ্ধতিৰ সূচনা কৰে আৰু সিয়ে পৰৱৰ্তী কালত তেওঁৰ উক্ত গ্ৰন্থখনৰ নামানুসাৰে প্ৰায়োগিক সমীক্ষা বুলি খ্যাত হয়। এনে পদ্ধতিত পাঠত ব্যৱহৃত শব্দৰ তাৎপৰ্যৰ উপৰিও পাঠৰ চিত্ৰকথা, ৰূপক, প্ৰতীকাদিৰ বিশ্লেষণ অন্তৰ্ভুক্ত কৰা হয়। সাহিত্যৰ বৈজ্ঞানিক বিচাৰ-বিশ্লেষণ আৰু প্ৰায়োগিক সমীক্ষা সমধৰ্মী। ২০০০ চনৰ ২৩ ডিচেম্বৰ তাৰিখে গুৱাহাটীত অনুষ্ঠিত ভাষাচাৰ্য সন্মান প্ৰদান সভাত ভাষাচাৰ্য ড° গোলোকচন্দ্ৰ গোস্বামীয়ে সাহিত্যিক সমাজলৈ জনোৱা গোহাৰিটো হ’ল: “অসমীয়া সুধী সমাজে ভাষাৰ বৈজ্ঞানিক বিচাৰ-বিশ্লেষণ পদ্ধতি অৰ্থাৎ ভাষাতত্ত্ব আৰু ভাষা বিজ্ঞানকো স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰক।” ভাষাৰ দৰেই প্ৰকৃষ্ট সাহিত্য সৃষ্টিৰ কাৰণেই আৱশ্যক হয় সাহিত্যৰ বৈজ্ঞানিক বিচাৰ-বিশ্লেষণৰ।
বৈজ্ঞানিক পদ্ধতিৰ সমালোচনাৰ মাপ-কাঠীত উত্তীৰ্ণ হোৱা সাহিত্য অকল সাহিত্যই নহয়, সেয়া বৈজ্ঞানিক সাহিত্যও। সেয়া হয় জুইত পুৰি নিকা কৰা সোণ। কবিৰ কবিতাত গছ-গছনিয়ে, জান-জুৰিয়ে মানুহৰ দৰেই হাঁহে, নাচে, কান্দে, গীত গায়। এয়া সম্পূৰ্ণ বৈজ্ঞানিক সাহিত্য। কিন্তু যি সাহিত্যত শব্দ-বিভ্ৰাটৰ পৰা আৰম্ভ কৰি ঘটনা প্ৰৱাহৰ অনুক্ৰমৰ বিপৰ্যয় ঘটে, পাৰিপাৰ্শ্বিকতাৰ লগত বিজুতি ঘটে, সেই সাহিত্য সাধাৰণ বিচাৰত উপাদেয় হ’লেও, বৈজ্ঞানিক সাহিত্য নহয়। সাহিত্য-সমালোচক ড° মহেন্দ্ৰ বৰাই ড° লীলা গগৈৰ ‘অসমৰ সংস্কৃতি’ৰ আগকথাত লিখিছে: “সকলোবোৰ তথ্য-পাতিকেই বৈজ্ঞানিক বিচাৰ-বিশ্লেষণৰ কষটি শিলত নিৰিখি লৈহে পাতত তোলা হৈছে।” ড° বৰাৰ কথাফাকিয়ে সাহিত্যৰ বৈজ্ঞানিক বিচাৰ-বিশ্লেষণৰ গুৰুত্ব আৰু আৱশ্যকতাকে সাব্যস্ত কৰিছে।
বিশিষ্ট অনুবাদক আৰু সাহিত্য-সমালোচক ড° প্ৰফুল্ল কটকীয়ে তেখেতৰ ‘সাহিত্য বিচাৰ’ (২য় প্ৰকাশ, ১৯৮৭, পৃ ১২)ত কৈছিল: “আজিৰ যুগত সাহিত্য সমালোচনা বৈজ্ঞানিক পদ্ধতিৰে হ’ব লাগে বুলি কোৱাটো এটা ঢং হৈয়ে পৰিছে।” কিন্তু এতিয়াও অসমীয়া সাহিত্যৰ নিয়মিত বৈজ্ঞানিক বিচাৰ-বিশ্লেষণ হোৱা আমাৰ চকুত পৰা নাই। অৱশ্যে উল্লেক্ষনীয় যে ড° কটকীয়েই শেহতীয়াকৈ ‘প্ৰায়োগিক সমীক্ষা’ শীৰ্ষক গ্ৰন্থ এখন ৰচনা কৰিছে। পুথিখনত ভোলানাথ দাসৰ ‘মেঘ’ কবিতাটিৰ পৰা আৰম্ভ কৰি ত্ৰিশ গৰাকী অসমীয়া কবিৰ কবিতাৰ প্ৰায়োগিক সমীক্ষা আগবঢ়োৱা হৈছে। মন কৰিবলগীয়া যে কবিতাতকৈ গল্প-উপন্যাস, প্ৰবন্ধকে আদি কৰি সকলো গদ্য সাহিত্যৰ প্ৰায়োগিক বা বৈজ্ঞানিক বিচাৰ-বিশ্লেষণৰ অধিক প্ৰয়োজন। কিয়নো কবি হীৰেন ভট্টাচাৰ্যদেৱে “আজিৰ কবিসকলে পৰিকল্পনা কৰি কবিতা নৰচে” বুলি কোৱাৰ দৰে বহুতেই খেদ কৰিলেও, কবি কল্পনাৰ পৰা হাতসাৰিব নোৱাৰে। ইয়াত মাত্ৰ কেইটিমান নিদৰ্শনেৰে বৈজ্ঞানিক বিশ্লেষণৰ প্ৰকৃতি আৰু উদ্দেশ্য দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।
বিশেষকৈ ঘটনা-পৰিৱেশৰ নিখুঁত সমাৱেশৰ অভাৱতে গল্প-উপন্যাসত বিভ্ৰাটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তেখেতৰ ‘মৃত্যুঞ্জয়’ৰ প্ৰস্তাৱনাত এফাকি অতি সঁচা কথা লিখিছে: “দেখা, লিপ্ত হোৱা আৰু অনুভৱ কৰাৰ সুবিধা প্ৰত্যেক কালে কেৱল নিজৰ মানুহকহে দিয়ে।” এয়া বিজ্ঞানসন্মত কাহিনী ৰচনাৰ মূল উপাদান। নেদেখাকৈ, লিপ্ত নোহোৱাকৈ বা অনুভৱ নকৰাকৈ ৰচা ৰচনা কেতিয়াও বৈজ্ঞানিক হ’ব নোৱাৰে। ড° ভট্টাচাৰ্যই ‘মৃত্যুঞ্জয়’ৰ কাহিনী দেখিছিল আৰু তাতে লিপ্তও হৈছিল। সেয়ে ‘মৃত্যুঞ্জয়’ এখন বিজ্ঞান-সন্মত কালজয়ী উপন্যাস। ‘মৃত্যুঞ্জয়’ৰ প্ৰথম পৰিচ্ছেদতে “আঁঠুমূৰীয়া চুৰীয়া, হাতখৰা বগা খন্দৰৰ কামিজ, ভৰিত এযোৰ আনিবৰে পৰা পালিচ নকৰা দগধা কাবুলী জোতা”ৰে আৰম্ভ কৰাৰ লগে লগে কাহিনীৰ কাল, পাত্ৰ, স্থান পাঠকৰ চকুৰ আগত প্ৰকট হয়। কিন্তু ড° ভট্টাচাৰ্যৰে অন্য এখন উপন্যাস ‘আই’ (এল বি এছ, ১৯৮৩)ত যোৰহাট, বালিগাঁও, দিখৌ, কাকজানত “দক্ষিণৰ পৰা বৈ অহা ব্ৰহ্মপুত্ৰৰ প্ৰবল বতাহ” (৭৯ নং পৃ) পাঠকৰ কাৰণে অচিনাকি অচিনাকি হৈ পৰে। সেয়া বৈজ্ঞানিক বিশ্লেষণে স্বীকাৰ কৰিব নোৱাৰে।
বৈজ্ঞানিক সাহিত্যৰ অন্য এক বৈশিষ্ট্য হ’ল প্ৰবন্ধ বা গৱেষণা পত্ৰত ব্যৱহৃত প্ৰসংগ পুথি বা প্ৰবন্ধৰ উল্লেখ। প্ৰসংগ পুথিৰ উল্লেখ নথকাটো সাহিত্যৰ এক বিশেষ ত্ৰুটি। সেয়া কেতিয়াবা অনিচ্ছাকৃত আৰু কেতিয়াবা ইচ্ছাকৃত হ’ব পাৰে। অসমীয়া লোক সংস্কৃতি আৰু বুৰঞ্জীৰ একনিষ্ঠ গৱেষক ড° লীলা গগৈৰ ‘অসমৰ সংস্কৃতি’ও এই ত্ৰুটিৰ পৰা মুক্ত বুলিব নোৱাৰি। ড° গগৈৰ গ্ৰন্থখনত ডিম্বেশ্বৰ নেওগৰ ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ৰ উল্লেখ নোহোৱাটো বহুতৰ কাৰণে এক বিস্ময়ৰে কথা।
সাধাৰণ একোটা শব্দৰ অপপ্ৰয়োগে সাহিত্যত সংকটৰ সৃষ্টি কৰিব পাৰে। এনে শব্দ বিভ্ৰাটৰ ক্ষেত্ৰত এখন বাতৰি কাকতত অতি সাধাৰণ দুটা শব্দ— ‘তেওঁ’ আৰু ‘তেখেত’ৰ ব্যৱহাৰক লৈ হোৱা আলোচনাৰ কথা মনত পৰে। প্ৰসংগক্ৰমে ওপৰত উল্লেখ কৰা ‘সাহিত্য বিচাৰ’ৰ প্ৰথম পৃষ্ঠাতে ৮৩টা শব্দৰ মাত্ৰ ৫টা বাক্যত নিৰ্দিষ্ট কেইজনমান সাহিত্যসেৱীক বুজাবলৈ ‘এইসকল’ তিনিবাৰ আৰু ‘তেখেতসকল’ আৰু ‘এখেতসকল’ দুবাৰ দুবাৰকৈ ব্যৱহাৰ কৰা হৈছে। এয়া ব্যাকৰণ সিদ্ধ হওক-নহওক, বিজ্ঞান সন্মত যে নহয়, তাত সন্দেহ নাই। কিয়নো একে সময়তে একেকিজন লোক ইয়াতো (এইসকল, এখেতসকল) আৰু তাতো (তেখেতসকল) থাকিব নোৱাৰে। তেনেকৈয়ে আমি আচৰিত হৈছিলো অমূল্য ফুকনে আমাৰ সকলোৰে শ্ৰদ্ধাভাজন পদ্মধৰ চলিহা, অম্বিকাগিৰী ৰায়চৌধুৰী আৰু বেণুধৰ শৰ্মাক বুজাবলৈ ‘বুঢ়া’ শব্দটো প্ৰয়োগ কৰাত (‘প্ৰধান মন্ত্ৰীৰ সান্নিধ্যত’, পূৰ্বাচল, ২১ জানুৱাৰী ২০০১)।
যি কোনো ভাষাৰ সাহিত্যতে অন্য ভাষাৰ শব্দ প্ৰয়োগো পৰীক্ষণীয়। এয়া স্বীকাৰ্য যে বৰ্তমান আমাৰ কথোপকথনত বিশেষকৈ ইংৰাজী শব্দৰ বহুল প্ৰয়োগ হ’ব ধৰিছে। সেয়ে গল্প-উপন্যাস আদিৰ কথোপকথনত বাস্তৱ বাস্তৱ লগা পৰিস্থিতি বা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে ইংৰাজী শব্দৰ ব্যৱহাৰ আমাৰ বহু খ্যাতিমান সাহিত্যিকৰ ৰচনাতো পোৱা হয়। ড° দীপক কুমাৰ বৰকাকতীৰ ‘উপত্যকাৰ পৰা উপত্যকালৈ’ৰ বনশ্ৰীয়ে কোৱা কথাখিনি— “কিয়? ব্লেক আউট মানে এভৃথিং ছুড বি ব্লেক। এভৃথিং ছুড বি ষ্টিল, ষ্টেণ্ড ষ্টিল। ইভিন নেছাৰছ্ কল।” (প্ৰান্তিক, ১৬-৩১ জানুৱাৰী, ২০০১ পৃঃ ৫১) হয়তো আমাৰ গ্ৰহণীয় যদিও এক শ্ৰেণী পাঠকে বনশ্ৰীয়ে কি ক’লে বুজিকে নেপালে। কিন্তু কোনো ঘটনা, পৰিস্থিতিৰ বিৱৰণ, আলোচনা ইত্যাদিত ইংৰাজী শব্দৰ প্ৰয়োগ কৰাটো বৰ্জনীয়, বিশেষকৈ যেতিয়া তেনে শব্দৰ অসমীয়া প্ৰতিশব্দৰ অভাৱ নহয়। কিছুমান ক্ষেত্ৰত, বিশেষকৈ অত্যাধুনিক বৈজ্ঞানিক শব্দৰ প্ৰতিশব্দৰ অভাৱত ইংৰাজী শব্দৰ ব্যৱহাৰ অনিবাৰ্য হৈ পৰে। কোনো কোনো নতুন শব্দৰ একাধিক অসমীয়া প্ৰতিশব্দৰো ব্যৱহাৰ হোৱা পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে ২০০০ চনৰ জুন-জুলাই সংখ্যা ‘বিজ্ঞান জেউতি’ত sustainable development শব্দটোৰ প্ৰতিশব্দ ‘বৰ্তনশীল’ (পৃ ৮), ‘বহনক্ষম’ (পৃ ১২), ‘পৰিৱেশ বাহিত’ (পৃ ১৩, ২৬) আৰু ‘স্থিতিযোগ্য উন্নয়ন’ (পৃ ১৭) বুলি প্ৰকাশ হৈছে। সেয়ে হ’লেও বিজ্ঞান লেখকসকলৰ এনে প্ৰচেষ্টা আদৰণীয়। আমাৰ পথ-প্ৰদৰ্শক হোৱা উচিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চন্দ্ৰপ্ৰসাদ শইকীয়াৰ কথাকেইযাৰ— “অসমীয়া শব্দৰ শক্তি অপৰিমেয়। সেইবোৰ শব্দৰ দ্বাৰা পৃথিৱীৰ সকলো মহৎ চিন্তা ঘটনাৰ আৱিষ্কাৰৰ কথা আৰু কাহিনী পৰ্যাপ্তভাবে প্ৰকাশ কৰিব পাৰি। শব্দৰ শক্তিৰে অসমীয়া ভাষা চিৰশক্তিশালী।” (‘আশা-প্ৰতিশ্ৰুতিৰ কাহিনী’, গৰীয়সী, ফ্ৰেব্ৰুৱাৰী ২০০১) আনহাতে বহু গল্প-উপন্যাস লেখক, আনকি ভাষা-বিজ্ঞানৰ কৰ্ণধাৰসকলো এই বিষয়ত সচেতন নহয়। উদাহৰণ স্বৰূপে ইয়াত উদ্ধৃত বাক্যকিটা মন কৰিবলগীয়া: “এটা পাৰিবাৰিক ইউনিটৰ পৰা একাধিক ইউনিটৰ সৃষ্টি হয়। প্ৰতিটো ইউনিটৰ জীৱনধাৰা, আয়-ইনকাম ভিন ভিন হয়।… হিন্দু আনদিভাইদেদ ফেমিলিৰ কনছেণ্ট (কনছেপ্ট) এতিয়া এটি আওপুৰণি ধাৰণা।” (বাক্যকেইটা ফেব্ৰুৱাৰী, ২০০০ সংখ্যা ‘গৰীয়সী’ত প্ৰকাশ হোৱা ড° দয়ানন্দ পাঠকৰ ‘যোগেশ দাসৰ গল্প’ শীৰ্ষক প্ৰবন্ধৰ পৰা লোৱা, হৈছে পৃ ৪৮)। বাক্যকেইটাত ব্যৱহৃত ইংৰাজী শব্দকেইটাৰ প্ৰতিশব্দ, যথা— ইউনিটৰ সলনি গোট, ইন্কামৰ সলনি আয়, আনদিভাইদেদ্ ফেমিলিৰ সলনি অবিভক্ত, যৌথ বা একান্নবৰ্তী পৰিয়াল আৰু কনছেপ্টৰ সলনি ধাৰণা ব্যৱহাৰে কৰা হ’লেহে আমাৰ সাধাৰণ পাঠকৰ কাৰণে বেছি বোধগম্য হ’লহেঁতেন। (অৱশ্যে তেনে কৰোঁতে লেখকে আয়-ইনকামৰ সলনি আয়-আয় বুলি লিখিবলগীয়া হ’লহেঁতেন!)
১৯১৭ খ্ৰীষ্টাব্দত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনতে পদ্মনাথ গোহাঞিবৰুৱাদেৱে সাহিত্যিকসকলক সোঁৱৰাই দিছিল— “ব্যাকৰণতহে ভাষাৰ বিশেষত্ব ৰয়” । এতিয়া সেই অধিৱেশনৰ শতবৰ্ষৰ পাছতো সাধাৰণ বিচাৰত উৎকৃষ্ট বুলি স্বীকৃত বহু অসমীয়া ৰচনাতো ব্যাকৰণ বিভ্ৰাট ঘটা বিৰল নহয়। শুদ্ধ ব্যাকৰণৰ লগতে আৱশ্যক হয় প্ৰাঞ্জল ভাষাৰ। অৱশ্যে আৱশ্যক নহয় অবোধ্য শব্দ সম্ভাৰৰ। অনাৱশ্যক বাহুল্যৰ।
প্ৰায়োগিক বিচাৰৰ অভাৱেই অসমীয়া সাহিত্যৰ বিকাশৰ অন্তৰায় বুলি বহুজন সাহিত্য সমালোচকে মত পোষণ কৰে। অৰিন্দম চৌধুৰীয়ে কোৱা— “অসমৰ বহুতো প্ৰখ্যাত লেখকৰ সাহিত্য সম্পৰ্কীয় আলোচনা অ-পাঠ্য আৰু নতুনত্ব বিহীন: দৈৰ্ঘ্য আছে কিন্তু ওজন নাই, ব্যাপ্তি আছে কিন্তু গভীৰতা নাই” (‘মালিক আৰু বুদ্ধিজীৱীৰ মৃত্যু’, আমাৰ অসম, ২৫ জানুৱাৰী ২০০০) কথাফাকি সকলোৰে বিচাৰ্য। তাৰে আনুষঙ্গিক দোষ এটা হ’ল: স্বীকৃতি লাভ কৰা লেখকসকলৰ সাহিত্যৰ আলোচনা হ’লেও সমালোচনাৰ অভাৱ। সেয়ে প্ৰতিষ্ঠিত সাহিত্যিকসকলৰ উন্নয়ন এটা স্তৰত স্তব্ধ হৈ পৰে, পৰৱৰ্তী কালত হয়তো ‘সাহিত্য’ৰ সংখ্যাৰ বৃদ্ধি হয় কিন্তু মান উন্নীত নহয়। তাৰেই প্ৰতিকাৰ হ’ল: সময়ত সাহিত্যৰ বৈজ্ঞানিক বিশ্লেষণ। স্মৰ্তব্য যে বহু প্ৰকৃষ্ট সাহিত্যতো সামান্য খুটি-নাটি ৰৈ যোৱাটো আচৰিত নহয়। সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাদেৱে তেখেতৰ ‘আষাঢ়স্য’ নামৰ প্ৰবন্ধত (যজ্ঞেশ্বৰ শৰ্মাৰ প্ৰবন্ধ চয়ন, ১৯৯৮) আঙুলিয়াই দিছে— “শকুন্তলাৰ হাতৰ আঙুঠি হেৰোৱাটো দুৰ্ভাগ্যবাহক ঘটনা। গুড়ি চালনীৰে চলা পিঠাগুড়িৰ মাজতো মাজে মাজে খৰচী থাকি যোৱাৰ দৰে কালিদাসৰ অপূৰ্ব নাটকৰ অকণমানি দোষ যেন লাগে।”
অৱশ্যে সাহিত্যৰ বৈজ্ঞানিক সমালোচকসকলৰ কাৰণে কুমাৰিলা ভট্টপাদৰ উপদেশ এটি পৰিগ্ৰহণীয়: “যিকোনো গ্ৰন্থ পঢ়োঁতে দোষধৰা ভাৱ লৈ পঢ়িব নেলাগে, কিয়নো মনটো দোষ দৃষ্টি পৰায়ণ হৈ থাকিলে, দোষ নাথাকিলেও চকুত দোষহে ধৰা পৰে।” আমাৰ শ্ৰদ্ধেয় সাহিত্য-সমালোচক ত্ৰৈলোক্যনাথ গোস্বামীদেৱে এই বিষয়ে তেখেতৰ ‘সমুদ্ৰ মন্থন’ত (১৯৬৮, পৃ ৭৩) দিয়া সতৰ্কবাণীও প্ৰণিধানযোগ্য: “বৈজ্ঞানিক পদ্ধতিৰ নামত সমালোচকৰ দৃষ্টিভঙ্গি অকল বস্তুগত হ’লে সমালোচনা হয় একদিশদৰ্শী।” অৱশ্যে এই সতৰ্ক বাণীতো গোস্বামীদেৱে বৈজ্ঞানিক বিচাৰ-বিশ্লেষণৰ প্ৰয়োজন অস্বীকাৰ কৰা নাই।
- সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত সন্মুখীন হোৱা ভাষাগত সমস্যাৱলী: হিতেশ ডেকাৰ ‘আজিৰ মানুহ’ উপন্যাস আৰু ইয়াৰ অনূদিত ৰূপ ‘Wings of Desire’-অৰ উল্লিখনসহ
- আত্মাৰাম শৰ্মা: প্ৰথম অসমীয়া আধুনিক গদ্য লেখক
- পানীন্দ্ৰনাথ গগৈ: এজন ভাষাপ্ৰেমী সাহিত্যিক
- অসমীয়া সাহিত্যলৈ চাহ জনজাতি সমাজৰ বৰঙনি
- নীলমণি ফুকনৰ চিঠিৰ পূৰ্ণপাঠ: ‘অন্য এক কলঙ্কিত অধ্যায়’ৰ বিষয়ে