কিবা এটা হৈছে

প্ৰকাশ: ২২ ডিচেম্বৰ, ২০১৭ | অন্তিম সম্পাদনা: ২২ ডিচেম্বৰ, ২০১৭

—চাহ খাব?
—নাই, নাই, নাই…

একেলগে ছটামান ‘নাই’ একে উশাহতে উচ্চাৰণ কৰাৰ পাছত তনু শইকীয়া খন্তেক তলমূৰ কৰি ৰ’ল। যেন অসীম ক্লান্তি আৰু অৱসাদে জোৰ কৰি তেওঁৰ মূৰটো তললৈ হেঁচা মাৰি ধৰি আছে। তেওঁৰ মুখখন দেখিলে এনেকুৱা লাগে যেন কৰুণতাত গোটেই মানুহটো ক্রমশঃ গলিবলৈ আৰম্ভ কৰিছে। তনু শইকীয়াই পুনৰ মূৰ তুলি চালে হৃদয়া গোস্বামীলৈ। সম্মুখত ছেক্ৰেটেৰীয়েট টেবুল, স্তুপীকৃত ফাইল, পেনষ্টেণ্ড, একাষত এটা টেলিফোন। মেদবহুল শৰীৰ, হৰলিক্সৰ বটলটোৰ দৰে গোস্বামীৰ ডিঙিৰ চিন-চাব নোহোৱা হৈ গৈছে, মূৰৰ ওপৰ অংশৰ চুলি নাই, ওপৰত ঘূৰি থকা ফেনখনে গতিময় কৰা বতাহৰ স্পৰ্শত কাণৰ কাষৰ চুলিকেইডাল মঞ্চত বিহু নাচি থকা ছোৱালীজনীৰ দৰে দ্রুতগতিত অথচ এক ছন্দোময় লয়ত কাণৰ ওপৰত নাচি আছে। বয়সত বোধহয় তেওঁ তনু শইকীয়াতকৈ ডাঙৰেই হ’ব, কিন্তু দেখিলে সেই কথা অনুমান কৰিব পৰা নেযায়। দাৰিদ্ৰ্য, চিন্তা, ঘাত-প্রতিঘাতত তনু শইকীয়া যেনেদৰে আক্রান্ত, বোধহয় হৃদয়া গোস্বামীক সেইবোৰ যন্ত্রণাই স্পর্শ কৰিব পৰা নাই। বোধহয় সেই কাৰণেই বয়সেও হৃদয়া গোস্বামীক তনু শইকীয়াৰ দৰে আঁচুৰিব পৰা নাই। এই মানুহজনেই কেইমুহূর্তমানৰ আগতে তনু শইকীয়াক একাপ চাহৰ অফাৰ দিছিল। তনু শইকীয়াই জানে, এই চাহ কাপৰ লগত জড়িত হৈ থকা নাই গোস্বামীৰ আন্তৰিকতা। কেৱল এক আনুষ্ঠানিকতা পালন। বোধহয় তনু শইকীয়াৰ উপস্থিতিত তেওঁ কিছু বিৰক্তও হৈছে আৰু এই বিৰক্তিবোধৰ পৰা উপশম পাবৰ বাবে তেওঁক এটা নিচাৰ প্রয়োজন হৈছে।

—মই দুঃখিত শইকীয়া, আপোনাক এই ক্ষেত্ৰত মই কোনো সহায় কৰিব নোৱাৰিম। আই এম টোটেলি হেল্পলেছ।

তনু শইকীয়াই ক’ব বিচাৰিছিল— “ছাৰ, আপোনাৰ ক্ষেত্ৰত এইটো কেনেকৈ সম্ভৱ হ’ল? নিয়ম মতে আপুনিতো মোতকৈ আগতেই চাকৰিৰ পৰা অৱসৰ পাব লাগিছিল। ক’তা আপুনিতো এতিয়ালৈকে ৰিটায়াৰ কৰা নাই। প্রতি বছৰেই আপোনাৰ কিবা এটা অজুহাতত এক্সটেনশ্বন হৈ আছে। আপোনাতকৈ মোৰহে চাকৰি কৰি থকাটো বেছি প্রয়োজন। দুটাকৈ ল’ৰা কলেজত পঢ়ি আছে, ডাঙৰটো ল’ৰাই এম এ পাছ কৰিও চাকৰি পোৱা নাই, এতিয়া ভেন্সাৰ স্কুল এখনতে মাহিলী দুশ টকাত খাটি আছে, দুজনীকৈ ছোৱালী বিয়া দিবলৈ আছে। আপোনাৰতো তেনে কোনো প্ৰব্লেম নাই। দুয়োটা ল’ৰা-ছোৱালী আছে আমেৰিকাত আৰু চাকৰি কালত আপুনি যিখিনি সম্পত্তি ঘটি থৈছে, ল’ৰা-ছোৱালী দুটাই বহি বহি খাই থাকিলেও শেষ কৰিব নোবাৰিব।” কিন্তু তনু শইকীয়াই এইবোৰ কথা ক’ব নোৱাৰিলে। মাত্ৰ কৰুণ দৃষ্টিৰে হৃদয়া গোস্বামীলৈ চালে। এই কৰুণতাৰ ভাষা হৃদয়া গোস্বামীয়ে পঢ়িব নেজানে। ৰিক্ত হৃদয়ৰ অভ্যন্তৰলৈ সোমোৱাৰ ক্ষমতা অন্ততঃ হৃদয়া গোস্বামীৰ নাই বুলি তনু শইকীয়াৰ বিশ্বাস। বহি থকা চকীখনৰ পৰা লাহে লাহে উঠে তনু শইকীয়া। হৃদয়া গোস্বামীলৈ চাই নমস্কাৰ কৰাৰ ভংগীত হাত দুখন বুকুৰ ওপৰলৈ উঠায়, তাৰ পাছত লাহে লাহে কোঠাটোৰ পৰা ওলাই আহে। কোঠাটোৰ পৰা ওলায়েই তেওঁ অনুভৱ কৰিলে কপালত বিন্দু বিন্দু ঘামৰ উপস্থিতি। আঃ ইমান সময়ে যেন এটা অন্ধকাৰ গুহাৰ ভিতৰতহে সোমাই আছিল। বতাহ নাই, এচাকি পোহৰ নাই!

তনু শইকীয়া তেওঁৰ বাবে নির্দিষ্ট চিৰপৰিচিত চকীখনত বহিবলৈ গৈ গাটোত এটা পোৰণি অনুভৱ কৰিলে। আঃ আৰু কেইটামান দিনৰ পাছতেই তেওঁ এই চকীখনত বহাৰ ক্ষমতা হেৰুৱাই পেলাব। আবকাৰী বিভাগৰ পৰিদৰ্শক হৈ অসমৰ কিমান ঠাইৰ কিমান অফিচত তেওঁ এনেকুৱা চকীত বহিল! তেওঁৰ সন্মুখতেই বহুতে তেওঁক কয়— আবকাৰী পৰিদৰ্শকৰ হেনো প্ৰতিখন টাউনতে একোটা একোটা ঘৰ থাকে। তেওঁৰ হাঁহি উঠি যায়। প্ৰতিখন টাউনতে দূৰৈৰ কথা, দেউতাকে সাজি থৈ যোৱা ঘৰটোও আনকি তেওঁ মেৰামতি কৰাব পৰা নাই এই পর্যন্ত। অৱশ্যে তেওঁৰ লগৰ কেইবাজনৰো এনেকুৱা সচ্ছল অৱস্থাৰ কথা তেওঁ জানে। হৃদয়া গোস্বামীৰে প্ৰতিখনতে নহ’লেও প্রায়বোৰ চহৰতে অজস্র সম্পত্তি আছে। স্থানীয় এম এল এ-জনৰ জৰিয়তে কেইবাজনো মন্ত্রীৰ লগত তেওঁৰ সম্পর্ক নিবিড়। সেই সূত্রেই পৰিদৰ্শকৰ পৰা বহুতকে পিছ পেলাই অধীক্ষক হৈছে, চাকৰিৰ পৰা কেতিয়াবাই অৱসৰ পাব লাগিছিল যদিও এক্সটেনশ্বন পাই আছে। তনু শইকীয়াৰ ঈৰ্ষা নোপজে তাৰ বাবে। কোনোবাই পাৰিছে, তেওঁ পৰা নাই। আচলতে তেওঁ নোৱাৰে। নিজকে বহু তললৈ তেওঁ নমাই নিব নোৱাৰে। অন্ততঃ বিভাগটোত তেওঁৰ এটা ইমেজ আছে সৎ কর্মচাৰী হিচাপে, কাগজে-পত্ৰই নেথাকিব পাৰে। তথাপিও প্ৰথমবাৰৰ বাবে এটা অন্যায় প্ৰস্তাৱ তেওঁ দিছিল ঘৰখনৰ বাবেই, অলপ আগতে হৃদয়া গোস্বামীৰ ওচৰত— পাৰে যদি আৰু এটামান বছৰ তেওঁক যদি এক্সটেনশ্বন দিয়ে। আঃ কি সহজভাৱে প্ৰত্যাখ্যান কৰিলে তেওঁৰ প্ৰথম অনুৰোধ হৃদয়া গোস্বামীয়ে!

তেওঁৰ আজি কাম কৰিবলৈ ইচ্ছা নগ’ল। কাকো নজনোৱাকৈ অফিচৰ পৰা ওলাই আহে তনু শইকীয়া আৰু ফুটপাথেদি নিচাগ্রস্ত মানুহৰ দৰে খোজ কাঢ়ে। ৰাস্তাত ব্যস্ত পথচাৰী, গাড়ীৰ হৰ্ণৰ শব্দ, ৰিক্সাৰ থন্‌থন্‌ শব্দ, চাইকেলৰ টিলিঙাৰ শব্দ, বিভিন্ন মেজাজৰ এই শব্দ ফালি বিক্ষিপ্ত হৈছে ৰাস্তাৰ কাষৰ হোটেলখনৰ পৰা হিন্দী গানৰ কৰ্ণপটহ বিদীর্ণকাৰী গর্জন। ঘড়ীৰ ছেকেণ্ডৰ কাঁটাৰ দৰেই যেন দৌৰিছে সকলো, ৰ’বলৈ কাৰো এক মুহূর্ত সময় নাই। যেন এক মুহূর্ত ৰৈ গ’লেই সাংঘাতিক কিবা এটা হৈ যাব। পাণ দোকান এখনৰ সন্মুখত থিয় হৈ ল’ৰাকেইটামানে চিগাৰেট হুপি আছে। ল’ৰাকেইটাৰ বয়স তেওঁৰ কলেজত পঢ়ি থকা ল’ৰা দুটাৰ সমানেই হ’ব চাগৈ। ৰাস্তাইদি খোজকাঢ়ি যোৱা ছোৱালী কেইজনীমানক উদ্দেশ্য কৰি ল’ৰাকেইটাই উচ্চস্বৰত অশ্লীল মন্তব্য কৰিলে। তনু শইকীয়াৰ মুখখন তিতা তিতা লাগিল। ফুটপাথত থিয় হৈ ব্যস্ত-সমস্ত পথটোলৈ চালে তেওঁ। আঃ এই মানুহবোৰলৈ চাই ধৰিব পাৰিনে, এইখন দেশতেই প্রতিদিনেই সংঘটিত হৈছে নৃশংস হত্যা, মূল্যবৃদ্ধিত বিপর্যন্ত হৈছে সাধাৰণ মানুহ, ৰাজনৈতিক মুনাফাৰ বাবেই ঘটোৱা হৈছে সাম্প্রদায়িক সংঘর্ষ? আৰু এই যে ডেকাল’ৰাকেইটাই ৰাস্তাৰ কাষত একো একোখন মটৰ বাইক ৰখাই পাণ দোকানৰ সম্মুখত থিয় হৈ চিগাৰেট হুপি হুপি ৰাস্তাইদি খোজ কাঢ়ি যোৱা ছোৱালীৰ উদ্দেশ্যে অশ্লীল মন্তব্য দিছে, ইহঁতে এই জীৱন কটাবৰ বাবে টকা পাইছে ক’ৰ পৰা? তনু শইকীয়াই অনুভৱ কৰিলে, তেওঁৰ পিঠিয়েদি ঘাম বগাই কঁকাল পাইছেগৈ। তেওঁ অস্থিৰ হৈ পৰিল। এই মানুহবোৰৰ মাজত তেওঁৰ দৰে মানুহৰ কিবা মূল্য আছেনে? যিটো মানুহে প্ৰতিখন চহৰত দূৰৈৰ কথা, দেউতাকে সাজি থৈ যোৱা ঘৰটোকে মেৰামতি কৰাব নোৱাৰে! কিবা এটা হৈছে। কিবা এটা হৈছে মানুহবোৰৰ। নহলে প্ৰতিজন মানুহেই ইমান আত্মকেন্দ্রীক হ’ব নোৱাৰে।

নিচাগ্রস্থ মানুহৰ দৰে ঢলং-পলংকৈ খোজকাঢ়ি তনু শইকীয়া ঘৰ সোমায়। বাৰাণ্ডাৰ চকীখনত বহি তেওঁ চকু দুটা মুদি দিয়ে। কিছু ক্লান্তি, কিছু ক্ষোভ, কিছু হতাশাত। ইমানদিনে তেওঁ একো অনুভৱ কৰা নাছিল, কিন্তু আজি এই শেষ বয়সত তেওঁ অস্থিৰ হৈ পৰিছে। অসমর্থ বুলি নিজৰ ওপৰতে বাৰু ধিক্কাৰ উপজিছে নেকি তেওঁৰ? আবেলিলৈকে তেওঁ তেনেদৰেই বহি থাকিল। পৰিবাৰে আহি দুবাৰমান তেওঁক পেঘেনিয়াই পেঘেনিয়াই অফিচৰ পৰা সোনকালে ঘূৰি অহাৰ কাৰণ সুধিছিল, গা বেয়া লাগিছে নেকি বুলি কপালত হাত দি চাইছিল, তেওঁ কিন্তু এটা শব্দও উচ্চাৰণ নকৰিলে। কিয় জানো আজি হঠাতে তেওঁ ঘৰৰ মানুহখিনিৰ মুখলৈ চাবলৈ ভয় কৰা হ’ল। বাৰে বাৰে তেওঁৰ মনলৈ আহিছে এনে এটা ভাব যেন তেওঁ এজন অসমর্থ পিতৃ আৰু ঘৰখনৰ প্ৰতিজনেই তেওঁলৈ চাইছে অৱজ্ঞাৰ দৃষ্টিৰে। কিমান সময় তেনেদৰে বহি আছিল তেওঁ ক’ব নোৱাৰে। হঠাতে তেওঁ দেখিলে ডাঙৰ ল’ৰাটো উত্তেজিত হৈ ঘৰৰ ভিতৰলৈ সোমাই গৈছে। ভিতৰত মাকক উত্তেজিত হৈ যেন কিবা কৈছে! কি হ’ল? হঠাৎ ইহঁতৰ হ’ল কি? ডাঙৰজনী ছোৱালী মিলি দৌৰি আহিছে বাৰাণ্ডলৈ।

—দেউতা, দেউতা…

তনু শইকীয়া বহি থকা চকীখনৰ পৰা জাঁপ মাৰি উঠে। তেওঁ দেখিলে এক অসহায়বোধ আৰু ভয়ত মিলিৰ মুখখন বিবৰ্ণ হৈ পৰিছে।

—দেউতা, নিলিক কোনোবাই ধৰি লৈ গৈছে।

মিলিৰ কথাৰ অৰ্থ যেন তনু শইকীয়াই বুজিব পৰা নাই। তেওঁ একেথৰে কিছুপৰ মিলিৰ মুখলৈ চাই থাকিল।

—অলপ আগতে নিলিৰ লগৰ ছোৱালী এজনীয়ে দাদাক খবৰটো দিছে। স্কুলৰ পৰা আহি থাকোঁতে হেনো ৰাস্তাতে কেইটামান ডেকা ল’ৰাই টানি-আঁজুৰি গাড়ীত উঠাই লৈ গ’ল।
—হাঁ!

প্রথমবাৰৰ বাবে তনু শইকীয়াৰ মুখৰ পৰা মাত ওলাল। তেওঁৰ এনেকুৱা লাগিল যেন কিবা এটা অদৃশ্য শক্তিয়ে তেওঁৰ সন্মুখতে মিলিক উলংগ কৰি পেলালে আৰু অবাক বিস্ময়ত তেওঁ প্ৰত্যক্ষ কৰিলে সেই বীভৎস দৃশ্য। স্কুলৰ পৰা আহি থকা ছোৱালী এজনীক ৰাস্তাৰ পৰাই কেইটামান ডেকা ল’ৰাই টানি-আঁজুৰি লৈ গ’ল! ৰাস্তাত কি অন্য কোনো নাছিল? কোনেও বাধা দিবলৈ আগবাঢ়ি নাহিল? কি হৈছে? কি হৈছে এইবোৰ? তনু শইকীয়া তিতৰলৈ সোমাই যায়। বাৰাণ্ডাৰ পৰা ভিতৰলৈ যাওঁতে তেওঁৰ বতাহত ওপঙি যোৱা যেন লাগিল, মহাকাশযানৰ ভিতৰত মানুহবোৰ যেনেদৰে এঠাইৰ পৰা আন এঠাইলৈ ওপঙি ওপঙি যায়। ইতিমধ্যে তেওঁৰ পৰিবাৰে কান্দিবলৈ আৰম্ভ কৰি দিছে, প্ৰথমে উচুপি উচুপি, তাৰ পাছত চিঞৰি চিঞৰি। মিলিয়েও বিছনাখনত বাগৰি উচুপি উচুপি কান্দিছে। তনু শইকীয়াৰ ভৰি দুটা কঁপিবলৈ ধৰিলে যেন থিয় হৈ থকাৰ শক্তিকণো ক্রমশঃ তেওঁ হেৰুৱাই পেলাইছে। কথাটো বাৰু সঁচানে? তেওঁ যেন এতিয়াও বিশ্বাস কৰিব পৰা নাই। ডাঙৰ ল’ৰাটো ইতিমধ্যে ওলাই গৈছে উদভ্ৰান্ত হৈ। নিচাগ্রস্ত মানুহৰ দৰে পুনৰ তনু শইকীয়া ওলাই আহে ভিতৰৰ পৰা বাৰাণ্ডলৈ আৰু স্বপ্নাচ্ছন্ন মানুহৰ দৰে ৰাস্তাইদি খোজ কাঢ়ি যায়। এটা সময়ত তেওঁ নিজকে আৱিষ্কাৰ কৰে থানাখনৰ সম্মুখত। তেওঁ লাহে লাহে থানাখনৰ ভিতৰলৈ সোমাই গ’ল। অ’চিজন নাই, ছেকেণ্ড অফিচাৰজনে ৰাস্তাৰ কাষৰ পাণ দোকান এখনৰ সম্মুখত থিয় হৈ চিগাৰেট হুপি আছে। তনু শইকীয়াই থানাখনৰ বাৰান্দাত পায়চাৰী কৰিলে কিছু সময়, তাৰ পাছত তেওঁ পাণ দোকানখনৰ ফালে আগবাঢ়ি গ’ল। সন্ধ্যা লাগি আহিছে। ষ্ট্ৰীট লাইটবোৰ জ্বলা নাই, কিন্তু ৰাস্তাৰ কাষৰ দোকানৰ ভিতৰৰ বৰ্ণময় পোহৰত মানুহৰ ঠেলা-হেঁচা। অদূৰত বাটা কোম্পানীৰ দোকানখনৰ নামফলকখন এবাৰ ৰঙা হৈছে, এবাৰ নীলা হৈছে। পাণদোকানখনৰ কাষতে বোধহয় এটা ক্লাবঘৰ আছে। তাৰ পৰা ভাহি আহিছে ইলেকট্রিক গীটাৰৰ শব্দ, তাৰ মাজে মাজে উচ্চস্বৰত এজনী ছোৱালীৰ বেসুৰা মাত। ক্ৰমাৎ বাঢ়িবলৈ ধৰিলে যেন তনু শইকীয়াৰ ভিতৰৰ উষ্ণতা। তেওঁৰ এনেকুৱা লাগিল যেন দৌৰ মাৰি গৈ ক্লাবৰ ভিতৰত সোমাই থকা ল’ৰাকেইটাৰ টেঁটুকেইটা চেপি ধৰিব। বোধহয় এই ভাবটোৰ প্ৰতিক্রিয়া স্বৰূপেই তেওঁ দৌৰ মাৰি যোৱাদি গৈ পাণ দোকানখনৰ সন্মুখত থিয় হৈ চিগাৰেট হুপি থকা ছেকেণ্ড অফিচাৰজনৰ ওচৰ পালেগৈ।

—মই এখন এনট্ৰি দিবলৈ আহিছোঁ। তনু শইকীয়াৰ কঁপা কঁপা মাত। ছেকেণ্ড অফিচাৰজনৰ কপালৰ ৰেখা সংকুচিত হৈ পৰিল। বোধহয় তেওঁ বিৰক্ত হৈছে।
—কি হৈছে?
—থানালৈকে যাওঁ নেকি?

ছেকেণ্ড অফিচাৰজনে এক মুহূর্ত ঘোপাকৈ চালে, তাৰ পাছত চিগাৰেটৰ টুকুৰাটো দূৰলৈ দলিয়াই দি ফোঁ-ফোঁৱাই থানাখনৰ ভিতৰলৈ সোমাই গ’ল। চকীখনত বহি কাষৰ টেবুলখনৰ পৰা কাগজ এখন টান মাৰি আনিলে আৰু কাগজখন তনু শইকীয়ালৈ ঠেলা মাৰি দি ক’লে— ইয়াতে লিখি যাওঁক।
—মানে মোৰ সৰু ছোৱালীজনীক আজি স্কুলৰ পৰা আহি থাকোঁতেকেইটামান ল’ৰাই বলপূর্বক ধৰি লৈ গ’ল।
—হাঁ! কিডনেপ! ক’ৰ ল’ৰা?
—ক’ৰ ল’ৰা মানে…
—ছোৱালীজনীৰ নাম কি?
—ঘৰত আমি নিলি বুলিয়েই মাতোঁ।
—নহয়, নহয়, স্কুলত নাম কি?
—স্কুলত তাইৰ নাম… স্কুলত তাইৰ নাম…। তনু শইকীয়াই খুব চেষ্টা কৰে মনত পেলাবলৈ। কি নাম আছিল তাইৰ?
—হেৰি, আপুনি ছোৱালীজনীৰ বাপেক হয়তো?

হঠাৎ যেন দ্রুতগতিত বাঢ়ি গ’ল তনু শইকীয়াৰ শৰীৰৰ উষ্ণতা। খঙত তেওঁ তল ওঁঠখন জোৰেৰে কামুৰি ধৰিলে। তেওঁ এনেদৰে পুলিচ অফিচাৰজনলৈ চালে যে পুলিচ অফিচাৰজন তলমূৰ কৰিবলৈ বাধ্য হ’ল। কাগজখনত খচ্‌খচ্‌কৈ কথাখিনি লেখি কাগজখন পুলিচ অফিচাৰজনলৈ ঠেলা মাৰি দি তনু শইকীয়া ওলাই আহে থানখনৰ পৰা। ইতিমধ্যে ষ্ট্রীট লাইটবোৰ জ্বলি উঠিছে। সন্ধ্যাৰ আলোকউজ্জ্বল চহৰ ব্যস্ত এতিয়াও। দ্রুত গতিত পাৰ হৈ গৈছে বিভিন্ন অবয়ৱৰ গাড়ী, হেড লাইটৰ পোহৰত কেতিয়াবা তনু শইকীয়াৰ চকু চাট মাৰি ধৰিছে। থন্‌ থন্‌ শব্দ কৰি পাৰ হৈ গৈছে ৰিক্সা, ফুটপাথত গৃহাভিমুখী নৰ-নাৰীৰ ব্যস্ত খোজ। কাৰো মুখত কোনো উদ্বিগ্নতা নাই। এই যে বাতৰি কাকত মেলিলেই সৰসৰকৈ সৰি পৰে হত্যাৰ খবৰ, এইবোৰে বোধহয় কাৰো হৃদয়ত প্রতিক্রিয়া কৰিব নোৱাৰে। বাতৰিৰ প্ৰথম পৃষ্ঠাৰ মুণ্ডহীন মৃতদেহৰ ফটোখন চায়ো আজিকালি মানুহে সহজভাৱেই কামুৰি থাকিব পাৰে ভাতৰ থালৰ পৰা তুলি লোৱা মাংসৰ টুকুৰা। আঃ কি ভয়ংকৰ অৱক্ষয় ঘটিছে মূল্যবোধৰ! হঠাৎ তনু শইকীয়াই খুন্দা মাৰি দিয়ে ফুটপাথৰ ওপৰত থিয় হৈ থকা ডেকা ল’ৰা এটাক। কিংকৰ্তব্যবিমূঢ় হৈ তনু শইকীয়াই ল’ৰাটোক সাবটি ধৰে।
—বেয়া নেপাবা, বেয়া নেপাবা। মই মানে…।

আৰু পঢ়ক:  প্ৰাতঃভ্ৰমণ

ল’ৰাটোৱে তনু শইকীয়ালৈ ঘোপাকৈ চালে, তাৰপিছত ঠেলা মাৰি দিয়াদি তেওঁৰ হাত দুখন গাৰ পৰা এৰুৱাই দিলে। তনু শ‍ইকীয়াৰ টিঙিচকৈ খংটো উঠি গ’ল।

—তুমি কি ভাবিছাহে? মই কি তোমাক জানি-শুনি খুন্দা মাৰিছোঁ? তোমালোকৰ দৰে ডেকা ল’ৰাবোৰৰ বাবেই মোৰ আজি কি অৱস্থা হৈছে জানা?

তনু শইকীয়া ৰৈ গ’ল। আঃ কি হৈছে? কি হৈছে তেওঁৰ? তেওঁ দেখিলে এইখিনি সময়ৰ ভিতৰতে তেওঁৰ চাৰিওফৰলে মানুহে জুম বান্ধিবলৈ ধৰিছে। তেওঁ লাহে লাহে আঁতৰি আহে। আঁতৰি আহোঁতে তেওঁৰ কাণত পৰে এটা শব্দ— পাগল। তেওঁৰ খোজৰ গতি দ্রুত হৈ পৰে। মন্ত্ৰমুগ্ধৰ দৰে কেতিয়া আহি ঘৰ পালে, তেওঁ ক’ব নোৱাৰে। ঘৰৰ ভিতৰলৈ সোমাবলৈ ধৰিও তেওঁ ৰৈ গ’ল। ভিতৰত মৰিশালীৰ নিস্তব্ধতা। শব্দ নাই, পোহৰ নাই। তেওঁৰ ভয় লাগিল। ভিতৰলৈ সোমাবলৈ তেওঁৰ ভয় লাগিল। বাৰাণ্ডাৰ চকীখনত বহি দিয়াৰ লগে লগে তেওঁৰ চকু দুটা নিজে নিজে জাপ খাই আহিল। এই নিজান অৱসৰত তেওঁৰ বুকুৰ ধপধপনি যেন নিজেই শুনা পালে। নিশা যিমানে গভীৰ হৈ আহিছে, তেওঁ সিমানে অস্থিৰ হৈ পৰিছে। মাজে মাজে তেওঁৰ তিনিওটা ল’ৰা উত্তেজিত হৈ এটা এটাকৈ ঘৰ সোমায়, আকৌ এটা এটাকৈ ওলাই যায় উত্তেজিত হৈ। তেওঁ চাই আছে সকলো। গোটেই নিশাটো তেওঁ তেনেদৰেই কটাই দিলে। পুৱতি নিশা তেওঁ এটা আচৰিত সপোন দেখিলে। ৰাস্তাইদি তেওঁ খোজকাঢ়ি গৈ আছে। তেওঁৰ চৌপাশে ব্যস্ত ৰাজপথ; দ্রুতগতিত পাৰ হৈ যোৱা গাড়ী, গৃহাভিমুখী নৰ-নাৰী— এই সকলো অতিক্ৰমি তেওঁ গৈ আছে। হঠাৎ তেওঁৰ শৰীৰটো ক্ৰমশঃ ওখ হৈ যাবলৈ ধৰিলে। ৰাস্তাৰ কাষৰ বিজ্ঞাপনৰ ডাঙৰ ডাঙৰ হর্ডিং, সুউচ্চ অট্টালিকা— এই সকলো অতিক্ৰমি তেওঁ ওখ হৈ গৈ থাকিল আৰু এটা সময়ত ৰাস্তাইদি খোজকাঢ়ি যোৱা মানুহখিনিক সৰু সৰু কীট-পতংগৰ দৰে লাগিল। লাহে লাহে সৰু সৰু কীট-পতংগৰ দৰে মানুহবোৰে তেওঁৰ দীঘল ভৰি দুটাত কামুৰিবলৈ আৰম্ভ কৰিলে। দুটামানে গছত বগোৱাদি দীঘল ভৰি দুটাইদি উঠিবলৈ চেষ্টা কৰিলে। তেওঁ ভৰি দুটা জোকাৰি দিলে। পকা আম সৰাদি থলথলকৈ সৰি পৰিল মানুহবোৰ। তেওঁৰ হাঁহি উঠি গ’ল। হঠাৎ তেওঁ দেখিলে ৰাস্তাৰ কাষৰ নৰ্দমাত এটা সদ্যজাত কেঁচুৱাই কান্দি আছে। হয়তো কোনোবা অবিবাহিতা নাৰীয়ে নিজকে কলংকমুক্ত কৰিবৰ বাবে, সমাজৰ কঠোৰ অন্যায় নীতি-নিয়মত নিজকে অপৰাধী নসজাবৰ বাবেই সদ্যজাত কেঁচুৱাটো নর্দমাত পেলাই থৈ গৈছে। তনু শইকীয়াৰ দুখ লাগিল। শিশুটোৰ প্ৰতি পৰিপূৰ্ণ মমতাত তেওঁৰ অন্তৰৰ গভীৰ অলিন্দ ফুলি উঠিল। তেওঁ কেঁচুৱাটোক তুলি ধৰিবৰ বাবে কুঁজা হ’বৰ চেষ্টা কৰিলে। আঃ কি হৈছে! কি হৈছে! তেওঁ ইমান ওখ হ’ল যে কেঁচুৱাটোক তুলি ধৰিবৰ বাবে তেওঁ কুঁজা হ’ব পৰা নাই। তেওঁ শৰীৰৰ সৰ্বশক্তিৰে চেষ্টা কৰিলে, কিন্তু কেঁচুৱাটোক নর্দমাৰ পৰা তুলি আনিব নোৱাৰিলে। প্ৰচণ্ড ক্ষোভ আৰু খঙত অৱশেষত তেওঁ চিঞৰি দিলে। আৰু লগে লগে তেওঁ সাৰ পাই গ’ল। আঃ, তেওঁ অনুভৱ কৰিলে, গোটেই গাটো ঘামত তিতি গৈছে।

পোহৰ হোৱাৰ পাছতো তেওঁ বাৰান্দাৰ চকীখনতে বহি থাকিল। এৰাতিৰ ভিতৰতে ঘৰখনৰ অৱস্থাই সলনি হৈ গ’ল। মিলিয়ে চাহ একাপ টেবুলখনৰ ওপৰত থৈ গৈছিল, তেওঁ খোৱা নাই। বোধহয় ইতিমধ্যে চেঁচা হৈ গৈছে। ঘৰৰ সন্মুখৰ ৰাস্তাটোৱেদি গুৱাল এটাই দুটা প্ৰকাণ্ড ড্রাম চাইকেল এখনত দুফালে ওলোমাই ঠেলি ঠেলি লৈ গৈছে। অলপ আঁতৰত থকা পানীৰ টেপটোৰ পৰা বিক্ষিপ্ত হৈছে বিভিন্ন মেজাজৰ কোলাহল। এবাল্টি পানীৰ কাৰণে এই টেপটোৰ ওচৰত সদায় এখন কাজিয়াৰ সৃষ্টি হয়। তনু শইকীয়াই দেখিলে হকাৰটো আহি গেটখনৰ ওচৰত থিয় হৈছেহি। অন্যদিনা বাতৰি কাগজখনৰ কাৰণে তেওঁ গেটৰ সন্মুখত থিয় হৈ থাকে। আজি কিন্তু হকাৰটো দেখিও তেওঁৰ উঠিবলৈ ইচ্ছা নগ’ল। হকাৰটোৱে বাৰাণ্ডাত বাতৰিখন দলিয়াই থৈ গুচি গ’ল। অভ্যাসবশতঃ তেওঁ বাতৰি কাগজখন মেলি ললে। প্রথম পৃষ্ঠাত চকু ফুৰাই তেওঁ এঠাইত ৰৈ গ’ল। ষ্টাফ ৰিপ’ৰ্টাৰৰ বাতৰিঃ কালি মহানগৰীৰ স্কুল এখনৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত ছাত্রী এগৰাকীক কেইজনমান অচিনাক্ত যুৱকে বলপূর্বক ধৰি লৈ যায়। ছাত্ৰীগৰাকীৰ এই পর্যন্ত কোনো সন্ধান নাই। বাতৰিটো তনু শইকীয়াই কেইবাবাৰো পঢ়িলে। বাতৰিটোত নিলিৰ নামটো দিয়া নাই। বোধহয় তাইৰ ভৱিষ্যতৰ কথা চিন্তা কৰি। তনু শইকীয়াৰ মুখেদি ফোঁচকৈ শব্দ এটা ওলাই আহিল। হু! ইয়াৰ পাছতো আৰু নিলিৰ কিবা ভবিষ্যত থাকিব পাৰেনে?

আঠমান বজাত পুলিচৰ জীপ এখন আহি তনু শইকীয়াৰ ঘৰৰ সন্মুখত ৰ’ল। জীপখন ৰোৱাৰ লগে লগে মিলি আৰু মাকৰ সৈতে ল’ৰা তিনিটাও হুৰমুৰকৈ ওলাই আহিল। তনু শইকীয়াই পুলিচ অফিচাৰজনক চিনি পালে। কালি তেওঁ থানাত লগ পোৱা ছেকেণ্ড অফিচাৰজান। বাৰাণ্ডাত থিয় হৈয়েই তেওঁ ক’লে— ব্ৰহ্মপুত্ৰৰ পাৰত ছোৱালী এজনীক পোৱা গৈছে সংকটজনক অবস্থাত। বোধহয় গোটেই ৰাতি তাইক বহুতে ৰেপ কৰিছে। এতিয়া হস্পিতালত আছে। আপোনালোকৰ কোনোবা এজন মোৰ লগত ওলাওক। চিনাক্ত কৰিবলৈ।

খুব সহজভাৱেই কথাখিনি কৈ পুলিচ অফিচাৰজন গেটৰ সন্মুখত ষ্টার্ট দি থোৱা জীপত উঠিলগৈ। কথাখিনি শুনাৰ লগে লগে তেওঁৰ ভৰি দুটা কঁপিবলৈ ধৰিলে। তেওঁ দেখিলে— দুৱাৰত ধৰি থিয় হৈ থকা তেওঁৰ পৰিবাৰ অচেতন হৈ পৰি গৈছে। লগে লগে মিলিয়ে চিঞৰ-বাখৰ লগাইছে। তিনিওটী ল’ৰাই “মিলি, মাক চাবি” বুলি চিঞৰি দৌৰি গৈ জীপত উঠিছেগৈ। পৃথিৱীৰ সমস্ত অন্ধকাৰ যেন আহি তেওঁলোকৰ বাৰান্দাত থুপ খাইছেহি। অন্ধ মানুহৰ দৰে খেপিয়াই খেপিয়াই তেওঁ মিলি আৰু পৰিবাৰক সাবটি ধৰিলেগৈ।

পৰিবাৰৰ জ্ঞান ঘূৰি অহাৰ পাছত তেৱোঁ হস্পিতাললৈ ওলাই গ’ল। ইতিমধ্যে ব্যস্ত হৈ পৰিছে মহানগৰীৰ পথ। তেওঁ আজি যিদৰে এটা সমস্যাত আক্রান্ত হৈছে, সেইদৰেই বোধহয় সকলোৱেই একো একোটা সমস্যাত আক্রান্ত, যাৰ বাবে কাৰো কাৰোফালে চাবৰ অৱকাশ নাই। চিটিবাছখন মেডিকেলত ৰখোৱাৰ লগে লগে তেওঁ বাছখনৰ পৰা জাঁপ মাৰি নমাদি নামিল আৰু দৌৰি যোৱাদি হস্পিটালৰ ভিতৰ সোমাল। অলপ সময় উদভ্ৰান্ত হৈ বাৰান্দাত অহা-যোৱা কৰিলে আৰু এটা সময়ত তেওঁ দেখিলে জেনেৰেল ৱাৰ্ডৰ বেড এখনৰ কাষত থিয় হৈ আছে তেওঁৰ ল’ৰা দুটা। সিহঁতৰ মুখত খং, ক্ষোভ, বিষণ্ণতাৰ চাপ। তেওঁ দৌৰ মাৰি গ’ল আৰু বিছনাখনৰ ওচৰত থৰ হৈ ৰ’ল। চাব নোৱাৰি নিলিৰ মুখ। অজ্ঞান হৈ পৰি আছে তাই। কামুৰি কামুৰি বিকৃত কৰি পেলোৱা হৈছে গাল দুখন। ডিঙিৰ পৰা ভৰিলৈকে কাপোৰেৰে আবৃত। তলৰ অংশত বিয়পি পৰিছে তেজৰ দাগ এটা, নিৰ্গত হৈছে কেঁচা তেজৰ এটা অকটা-অকটা গোন্ধ। বোধহয় ব্লিডিং হৈয়েই আছে। তনু শইকীয়াৰ গালেদি চকুপানী বাগৰি আহে। এটা সৰু ল’ৰাৰ দৰে তেওঁৰ চিঞৰি চিঞৰি কান্দি দিবৰ মন গ’ল। মাজুটো ল’ৰা আগবাঢ়ি আহি তেওঁৰ কাষত থিয় হ’ল।

—দাদাই আপোনাক বিচাৰিয়েই ঘৰলৈ গৈছে। টকা অলপ যোগাৰ কৰিব লাগিব। বোধহয় তেজো দিব লগা হ’ব পাৰে।

তনু শইকীয়াৰ কাণত আৰু একো নোসোমাল। তেওঁ পুনৰ দৌৰি যোৱাদি হস্পিতালৰ পৰা ওলাই গ’ল আৰু পোনে পোনে অফিচ পালেগৈ। এই মুহূৰ্তত হৃদয়া গোস্বামীৰ বাহিৰে তেওঁক সহায় কৰিব পৰা দ্বিতীয় এজন ব্যক্তিৰ কথা তেওঁৰ মনত নপৰিল। মাহৰ শেষত ইচ্ছা থাকিলেও তেওঁক কোনেও সহায় কৰিব নোৱাৰে। অফিচত সোমোৱাৰ লগে লগে কেইবাজনো সহকৰ্মী আহি তেওঁক বেঢ়ি ধৰি দুখ প্ৰকাশ কৰিলে। নিৰাপত্তাহীনতাৰ ওপৰত গভীৰ মন্তব্য দিলে। তনু শইকীয়াই মাত্ৰ এটা কৰুণ হাঁহি মাৰিলে। তেওঁ লাহে লাহে হৃদয়া গোস্বামীৰ কোঠালৈ সোমাই গ’ল।

—আহক শইকীয়া, আহক। মই ঘটনাটো কালিয়েই গম পাইছোঁ। আঃ কি যে হৈছে দেশখনত! আপুনি অফিচলৈ কিয় আহিল? নহা হ’লেও হ’লহেঁতেন।
—মোক অলপ টকাৰ দৰকাৰ।

হৃদয়া গোস্বামীৰ মুখখন বেঁকা হৈ গ’ল। প্ৰেম, মমতা, মানৱিকতা বোধহয় যান্ত্রিকতাত পৰিণত হৈছে। অর্থ এইবোৰতকৈয়ো ঊৰ্ধ্বত। তেওঁ জানে, অফিচত আজি তেওঁক যিসকলে সমবেদনা জ্ঞাপন কৰিছে, তাত আন্তৰিকতা থাকিব পাৰে, কিন্তু এই ঘটনাৰ বিৰুদ্ধে সোচ্ছাৰ হ’বলৈ তেওঁলোকে অন্তৰত তাগিদা অনুভৱ কৰা নাই। তেওঁক জনোৱা সমবেদনাও যান্ত্রিকতাৰে এক ৰূপান্তৰ। তনু শইকীয়াই ভগা ভগা মাতেৰে ক’লে— এই মাহৰ দৰমহাৰ পৰাই কাটি ৰাখিব! এতিয়া যেনে তেনে কিবা এটা কৰক।

হৃদয়া গোস্বামীয়ে থেৰো-গেৰো কৰি পকেটত হাত ভৰালে। মনিবেগটো উলিয়াই ভিতৰখন যেন জুমি চালে। তাৰপাছত বিশখন এশটকীয়া নোট তনু শইকীয়াৰ ফালে আগবঢ়াই দি ক’লে— মোৰ হাতত যি আছিল, সকলো দি দিছোঁ। আচলতে এয়া মোৰ নহয়, অন্যৰ টকা। দৰমহাৰ পৰাই কাটি ৰাখিম। বেয়া নেপাব।

তনু শইকীয়াই একো নক’লে। খৰ খোজেৰে অফিচৰ পৰা ওলাই তেওঁ চিটিবাছত উঠিল। বাছৰ ভিতৰত প্ৰচণ্ড ভিৰ, থিয় হ’বলৈকে ঠাই নাই। তনু শইকীয়াই যেনে তেনে উঠি লোহা এডালত ধৰি থিয় হ’ল। বাছখন চলিবলৈ ধৰাৰ লগে লগে তেওঁ মন কৰিলে কাষত থিয় হৈ থকা ডেকা ল’ৰা দুটাই তেওঁৰ চোলাটোৰ ওপৰ জেপটোলৈ বৰকৈ চাইছে। জেপটোত তেওঁ ভৰাই থৈছে এইমাত্র হৃদয়া গোস্বামীয়ে দিয়া টকা দুহেজাৰ। তেওঁ ল’ৰা দুটালৈ চালে। বয়স বোধহয় তেওঁৰ কলেজত পঢ়ি থকা ল’ৰা দুটাৰ সমানেই হ’ব। পিছফালে একোছা দীঘল চুলি, ছোৱালীৰ দৰে। চকুৰ চাৱনি ৰুক্ষ। মুখৰ পৰা নিৰ্গত হৈছে মদৰ ভেকেটা-ভোকেট গোন্ধ। তনু শইকীয়াই মুখ ঘূৰাই দিলে। হঠাৎ বাছখনে ব্রেক মাৰি দিয়াত তনু শইকীয়া ল’ৰা এটাৰ গাতে লুটি খাই পৰিল। লগে লগে ল’ৰাটোৱে গৰ্জি উঠিল— ঐ বুঢ়া, বেমাৰী নেকি বে?
—এইটোনো কি ডাঙৰ কথা হ’ল? ব্রেক মাৰি দিয়া বাবেহে…।
—আৰে ই বুঢ়াই মাৰ লগত তৰ্ক কৰে! চালা…।

লগে লগে ল’ৰা দুটাই তনু শইকীয়াক গতিয়াই গতিয়াই বাছখনৰ দুৱাৰৰ ফালে লৈ গ’ল। হুলস্থূলৰ সৃষ্টি হোৱাত ড্রাইভাৰেও বাছখন ৰখাই দিলে। সেই মুহূর্ততে ল’ৰা এটাই বাছখনৰ পৰা নামি তনু শইকীয়াক বাছখনৰ পৰা নমাই অনাৰ চেষ্টা কৰিলে আৰু আনটো ল’ৰাই তেওঁৰ পকেটত হাত ভৰালে। তনু শইকীয়া চিঞৰি উঠিল— আপোনালোকে দেখিছেনে এই ল’ৰা দুটাৰ অসভ্যালি? আচলতে ইহঁত দুটাৰ মোৰ জেপত থকা এই টকাকেইটাৰ ওপৰত চকু। মই বৰ বিপদত পৰিছোঁ। অলপ সহায় কৰক।

বাছৰ ভিতৰত মানুহে ঠাহ খাই আছে, থিয় হ’বলৈকে ঠাই নাই। অথচ এই ঘটনাটোবে এই মানুহখিনিৰ অন্তৰত ক্রিয়া কৰিব পৰা নাই। সম্পূৰ্ণ যান্ত্রিকতাৰে, নিৰাসক্তভাৱে মানুহখিনিয়ে প্রত্যক্ষ কৰিছে দৃশ্যটো। বাহিৰত ৰৈ থকা ল’ৰাটোৱে তনু শইকীয়াৰ হাতখনত ধৰি টানিছে। তাৰ মুখত অশ্লীল শব্দবোৰ আখৈ ফুটাদি ফুটিছে। তনু শইকীয়াই লোহা এডালত সর্বশক্তিৰে খামুচি ধৰি চিঞৰি আছে। তেওঁক সহায় কৰিবলৈ কোনো আগবাঢ়ি অহা নাই। হঠাৎ ভিৰৰ মাজৰ পৰা কোনোবা এজনে চিঞৰি দিলে— এই ড্রাইভাৰ, গাড়ী ইমান সময় কিয় ৰখাই থৈছা? আমাৰ কাম নাই নেকি? হেৰি, আপোনালোক কেইজন গাড়ীৰ পৰা নামি দিয়ক, ৰাস্তাত কাজিয়া কৰক। আপোনালোকৰ কাম নেথাকিব পাৰে, আমাৰ আছে নহয়।

লোহাডালত দেহৰ সৰ্বশক্তিৰে খামুচি ধৰি থকা তনু শইকীয়াৰ হাতৰ মুঠিটো শিথিল হৈ গ’ল। আঃ কি শুনিছে তেওঁ! কি সহজভাৱে মানুহজনে দি দিব পাৰিছে এনে নির্মম মন্তব্য! সেই সময়তে বাহিৰত থিয় হৈ থকা ল’ৰাটোৱে তেওঁক আকৌ টান মাৰি দিলে। লগে লগে কৰ্ফাল খাই বাছখনৰ ভিতৰৰ পৰা ৰাস্তাত লুটি খাই পৰিল তনু শইকীয়া।


img

অভিনন্দন
‘মৰিয়াহোলা’ উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই ২০১৭ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছে। ‘নীলা চৰাই’ পৰিয়ালৰ তৰফৰ পৰা তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ।
—নীলা চৰাই পৰিয়াল

.

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “কিবা এটা হৈছে”

  1. দুলাল চন্দ্ৰ বৰুৱা। Avatar
    দুলাল চন্দ্ৰ বৰুৱা।

    কিবা এটা হৈছেযে খাতাং।নহ’লেনো আগৰ আন্তৰিকতা,মানৱীয়তা আজি দুৰ্লভ হৈ পৰেনে?এতিয়া মানৱীয় প্ৰমূল্যবোধে অগ্ৰাধিকাৰ নাপায়।অগ্ৰাধিকাৰ পায় স্বাৰ্থজৰিত কাম,কথায়ে।প্ৰাঞ্জল ভাষা,সৰল গদ্যৰে নিৰ্মিত ‘কিবা এটা হৈছে’ গল্পটোৰে সু-সংহতভাৱে সেই কথাৰ সুন্দৰ অংকন কৰিছে জয়ন্ত মাধৱ বৰা চাৰে।গল্পটো বহুত দিনৰ আগতেই পঢ়িছিলোঁ যদিওঁ ‘নীলা চৰাই’ত পাই আকৌ পঢ়িলোঁ।গল্পটোৰ বক্তব্য আজিৰ তাৰিখতো প্ৰাসংগিক।’মৰিয়াহোলা’উপন্যাসৰ বাবে ‘সাহিত্য অকাডেমি বটাঁ লাভ কৰা জয়ন্ত মাধৱ বৰা চাৰলৈ অভিনন্দন।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts