চন্দ্রকুমাৰ আগৰৱালাৰ কবিতাত আধ্যাত্মবোধ

চন্দ্রকুমাৰ আগৰৱালাৰ কবিতাত আধ্যাত্মবোধ
  • 02 Sep, 2018

ক্ষ্মীনাথ বেজবৰুৱাদেৱে ‘প্রতিমা’ গ্রন্থত চকু ফুৰাই কৈছিল, ‘প্রতিমাখনি সৰু কিন্তু, সোণৰ।’ সেই প্রতিমাৰ খনিকৰেই অসমীয়া সাহিত্য জগতলৈ আনিলে এক নতুন ধাৰা— ৰোমাণ্টিক ধাৰা। ‘জোনাকী’ (১৮৮৯)ৰ প্রথম সংখ্যাতেই প্রকাশ হয় তেওঁৰ ৰোমাণ্টিক ধাৰাৰ ‘বনকুঁৱৰী’ পদ্য। সেই পদ্যটি পঢ়ি উঠি লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি আন বহুকেইজন গণ্য-মান্যই এক বিশেষ আনন্দ লভিছিল; তাৰ ভিতৰত ৰায়বাহাদুৰ জগন্নাথ বৰুৱা, বি এ অন্যতম আছিল।

‘মৰম ভিখাৰী, বিচাৰিছোঁ দেৱী
প্রাণৰ অমিয়া মাধুৰী।’

কবিৰ নান্দনিক কবিতাবোৰৰ মাজে মাজে কোনো অংশত লুকাই আছে আন এক ভাব— এক আধ্যাত্মিক চেতনা। চন্দ্রকুমাৰে এনেকৈ তাক প্রকাশ কৰিছে—
‘অন্তৰৰ চকু মেলা মোৰ বন্ধু
দিব্য দৃষ্টিৰে ফুৰাঁ’ (বীণ ব’ৰাগী ৮)

কবিৰ সুখ-দুখৰ ৰেখবিলাক মাৰ গ’ল, তেওঁৰ সকলো মনোৰথো লীণ হ’ল হৃদয়ত; কল্পনাত অসীম জগতৰ আকাশী পথত উচ্চ-নীচ আদি বিপৰীত ভাববোৰে জুমুৰি দি ধৰাত চন্দ্রকুমাৰৰ হৃদয়খনি ব্যথিত হৈছে। তেওঁৰ সন্তাপী হিয়াত প্রতিধ্বনি হৈছে, বাজিছে প্রাণৰ বীণা।
‘কাকেই বা ক’ম, কোনে পতিয়াব?
শুনিবা প্রাণৰ বীণ!
তোমাতে আশ্রয় মাগিছোঁ হে দেৱী
ব’ৰাগী দুখীয়া দীন।’ ((বীণ ব’ৰাগী ১)

‘বীণ-ব’ৰাগী’ত চন্দ্রকুমাৰ আগৰৱালাই সমাজৰ দুৰ্বল, দুখীয়াৰ প্রতি সহানুভূতি ভালকৈ প্রকাশ কৰিছে। নিঃকিন মানুহৰ ওপৰত হোৱা অত্যাচাৰে তেওঁক যেন ব্যগ্র কৰি তুলিছে। ‘মানুহে মানুহে পৰতকৈ পৰ, এফৰি মৰমো নাই।’ আনহাতে, তেওঁৰ ‘তেজীমলা’ কেৱল মালিতা নহয়, তাত যেন প্রতিফলিত হৈছে অসূয়া আৰু মানৱ প্রেমৰ এক গাথা। ধৰ্মত হোৱা গ্লানিক কবিয়ে সহ্য কৰিব পৰা নাই, তেওঁৰ অন্তৰখনে ধৰ্মৰ নামত হোৱা অধৰ্মক গৰিহণা দিছে—
‘ধৰ্মৰ নামত অধৰ্মৰ বেহা
দেখিলে বিৰাগ হয়,
ধনৰ লোভত সত্র পাতি
কপটী গুৰুৰ জয়।’

তথাপিও চন্দ্রকুমাৰ আশাবাদী হৈ ৰৈছে, তেওঁৰ চেতনাই সমাজলৈ শান্তি ঘূৰি অহাৰে কামনা কৰে। কিন্তু কবিয়ে দ্বিপন্থাৰ কোনো এটা দিশকে সমৰ্থন কৰা নাই; তেওঁ নিৰপেক্ষ হৈ ৰৈছে নিজে আশা কৰা নবীন পৃথিৱীত।
‘মান অপমান ঢৌৱাই যাওক
পৃথিৱীৰ পৰা গুচি
নতুন সৃষ্টিৰ অৰুণ কিৰণে
কৰোক সকলোকে শুচি।
দুখ লাজ ভয় নাথাকিব আৰু
নতুন জগৎ সিটো
হেৰোৱা বীণৰ আনন্দৰ সুৰ
বাজিব দিনৰে দিনটো।’

চন্দ্রকুমাৰৰ আধ্যাত্মিক চেতনা কোনো ধাৰ্মিক বিধি-বিধানৰ পৰা ওপজা নহয়। তেওঁৰ আধ্যাত্মিক জগতখন হৃদয়ৰ নিভৃত কোণতেই স্থিত, অন্তৰ বাসনা তথা মলিয়ন মনক দলিয়াই পেলাই থৈ সকলোকে তেওঁ সেই পথত অগ্রসৰ হ’বলৈ আহ্বান জনাইছে। ‘আনন্দ–তীৰ্থ’ কবিতাত তাৰ এক আভাস পোৱা যায়—
‘হিয়াৰ মাজেই অনন্তৰ পথ
যাত্রী আমি আগবাঢ়োঁ
আনন্দৰ-তীৰ্থ সৱাতো উত্তম
উলাহত খোজকাঢ়োঁ।’

আকৌ উল্লেখ পোৱা যায়—
‘অনন্ত কালৰ অনন্ত সোঁতৰ
আনন্দ লোকৰ নাথ।
আহাঁ কোন যাবা দিগন্তৰ শেষ
আহাঁ শুধ আশা লৈ,’

কৰ্মোৎসাহী চন্দ্রকুমাৰে কৰ্ম সংস্কৃতিক তেওঁৰ ৰচনাত বাৰুকৈয়ে প্রশংসা কৰিছে; কৰ্মৰাশিক তেওঁ কোনো স্থানত ইষ্টদেৱ কৰ্মদেৱলৈ নিবেদন কৰিছে যদিও তেওঁৰ দৰ্শনত মানুহৰ হকে নিস্বাৰ্থ কামটোহে প্রকৃত কৰ্ম, এই ক্ষেত্রত ‘মানৱ বন্দনা’ শীৰ্ষক পদ্যটি উল্লেখনীয়—
‘কৰা কৰা পূজা— পাদ্য-অৰ্ঘ্য লই
জয় জয় মানৱ দেৱ!’

চন্দ্রকুমাৰ আগৰৱালাৰ আন এক বিশিষ্ট ৰচনা হ’ল ‘নচিকেতাৰ উপাখ্যান’। কথোপনিষদক সংক্ষেপ্তে ভাৱানুবাদ কৰি পদ্যত সজাই লিখা এইভাগি ৰচনা তেওঁৰ বিশিষ্ট অৱদান। ইয়াৰ উপৰিও চন্দ্রকুমাৰে নিজৰ আন কিছুমান কবিতাত সংস্কৃত শ্লোক আদিও উল্লেখ কৰিছে। তাৰ ভিতৰত ‘জোনাকী’ কবিতাত গীতাৰ ‘নহি জ্ঞানেন সদৃশং পবিত্রমিহ বিদ্যতে’ উল্লেখযোগ্য। যদিহে আগৰৱালাদেৱৰ ৰোমাণ্টিক তথা প্রকৃতিবাদী ধাৰাত শ্যেলী বা ৱৰ্ডছৱৰ্থৰ প্রভাৱ আছে বুলি ধৰা হয়, তেন্তে তেওঁৰ সৰ্বাত্মাবাদৰ অন্যতম প্রেৰণা নিঃসন্দেহে সংস্কৃত কাব্য আছিল বুলিলে চাগে ভুল কোৱা নহ’ব। আনহাতে, ‘বীণ বৰাগী’ৰ বিভিন্ন স্থানত অদ্বৈত বেদান্তৰ আভাসো পোৱা যায়। ‘সাধনা’ পদ্যটিত তেওঁ অশ্বমেধৰ আধ্যাত্মিক ভাবো দাঙি ধৰিছে—
‘বাসনা— ইন্দ্রিয় অশ্ব
মেধত উছৰ্গ পৰি
শান্তিৰে বুৰাব জগজন।‘

❧ | আৰু পঢ়ক: যতীন্দ্ৰনাথ দুৱৰাৰ একুকি কথা-কবিতা

চন্দ্রকুমাৰ আগৰৱালাৰ কাব্যিক প্রতিভা অনন্য। ৰোমাণ্টিক ধাৰাৰ লগতেই প্রকৃতাৰ্থত তেওঁৰ কবিতাত উদাৰতা, মানৱীয়তাবোধ, আধ্যাত্মিকতা, আশাবাদ সকলো সমাহিত হৈ এক অনন্য ভাব প্রকাশ কৰিছে; সেই ভাবক তেওঁ ‘সত্যেৰে পোহৰময় মানৱ হৃদয়’ বুলিও অভিহিত কৰিছে। কবিয়ে নিঃকিন ধৰিত্রীলৈ আভ্যন্তৰীণ দৃষ্টি নিক্ষেপ কৰি আমাৰ ভাবকো যেন জাগৃত কৰিছে—
‘সুন্দৰৰো সুন্দৰ ই দুদিনীয়া দেশ
যতনৰ আনন্দৰ শুৱনি আৱেশ
জ্ঞানময় প্রেমময় প্রাণৰ ঈশ্বৰ,
সত্য তুমি শিৱ তুমি অসীম সুন্দৰ।’

তথ্য-সূত্ৰ:
১. চন্দ্রকুমাৰৰ কবিতা সমগ্র, সম্পাদনা: ড° নগেন শইকীয়া, বনলতা, ১৯৯৮

চন্দ্রকুমাৰ আগৰৱালাৰ কবিতাত আধ্যাত্মবোধ | অথৰ্ৱণ গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক