সঁচাকৈ শ্বাকিৰাই গাইছেনে ভূপেন হাজৰিকাৰ গীত?

সঁচাকৈ শ্বাকিৰাই গাইছেনে ভূপেন হাজৰিকাৰ গীত?
  • 01 Jul, 2018

অবিশ্বাস্য! চাকিৰাই গাইছে ভূপেনদাৰ গান। কি সুন্দৰ তেওঁৰ হিন্দী আৰু বাংলা উচ্চাৰণ!
OMG #Shakira sings Bhupen Hazarika’s “O Ganga” in her style I am really shocked…

নে ধৰণৰ কেপশ্যনেৰে এটা অডিঅ’/ভিডিঅ’ ক্লিপ বা ইউটিউবৰ লিংক চছিয়েল মেডিয়া, বিশেষকৈ ৱাটছএপ আৰু ফেচবুকত ঘূৰিব লাগিছে। পোৱাৰ লগে লগে আগ-পাছ নুগুণি অনেকেই সেয়া পুনৰ্বিতৰণ (share) কৰিছে। পিছে এই গোটেই কাণ্ডটোৱেই ভুৱা। এই ভুৱা প্ৰচাৰটো আৰম্ভ হৈছিল যোৱা বছৰেই (২০১৭) আৰু ইয়াৰ ভেদ ভঙাও গৈছিল তেতিয়াই। মাজতে কিছুদিন লুকাই থকাৰ পাছত বিশ্বকাপ ফুটবল খেল চলাৰ লগে লগে শ্বাকিৰাই আফ্ৰিকা বিশ্বকাপ ফুটবলত গোৱা গানৰ জেৰ এটা টানি এই ভুৱা প্ৰচাৰ আকৌ চছিয়েল মেডিয়াৰ বুকুত কোনোবা দুৰ্বৃত্তই এৰি দিলে আৰু ক্ৰমে ক্ৰমে বেছি হাৰত ই উৰি ফুৰিবলৈ ধৰিলে।

আচল কথাটো কি? সম্পৰ্কিত গীতটি গাইছে পশ্চিম বংগৰ, সংগীত জগতত পঞ্চাশ বছৰ পূৰ্ণ কৰা শিল্পী পূৰৱী মুখোপাধ্যায়ে। প’ল ৰবচন (Paul Robeson)ৰ ‘অ’ল মেন ৰিভাৰ’ (Ol’ Man River) গীত আৰু তাৰ আলমত ড° ভূপেন হাজৰিকাই ৰচনা কৰা ‘বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে’ গীতৰ হিন্দী আৰু বাংলা ৰূপান্তৰৰ অংশ বিশেষ লগ লগাই শ্ৰীমতী মুখোপাধ্যায়ে এটা গীত (cover song) গাইছিল। সেই গীতটিকে কলম্বিয়ান গায়িকা শ্বাকিৰাই গোৱা বুলি অপপ্ৰচাৰ কৰা হৈছে। আমোদজনক কথাটো হ’ল, শ্বাকিৰাৰ গীত শুনা মানুহে সেই কণ্ঠ বা উচ্চাৰণ শ্বাকিৰাৰ যে নহয়, সেয়া সহজেই ধৰিব পাৰে; গতিকে পুনৰ্বিতৰণ কৰা লোকসকলৰ যে শ্বাকিৰাৰ গীতৰ সৈতে কোনো ধৰণৰ পৰিচয় নাই, সেয়া ধাৰণা কৰিব পাৰি।

এটা সাক্ষাৎকাৰত পূৰৱী মুখোপাধ্যায়ে জনোৱা মতে, সংশ্লিষ্ট গীতটি তেখেত প্ৰথম ৰেকৰ্ড কৰিছিল ১৯৯৯ চনত ‘আমৰা কৰব জয়’ নামৰ এটা এলবামৰ বাবে। পাছত ২০০৩ চনত সেই গীতটি ‘অগ্ৰগতিৰ পথে’ নামৰ এটা এলবামৰ বাবে পুনৰ ৰেকৰ্ড কৰে।

পূৰৱী মুখোপাধ্যায়

পূৰৱী মুখোপাধ্যায়

একেটা সাক্ষাৎকাৰতে শ্ৰীমতী মুখোপাধ্যায়ে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগত একেলগে মঞ্চত গীত পৰিৱেশনৰ কথা সোঁৱৰণ কৰে। তেখেতে কয়, “ভূপেন হাজৰিকাৰ সৈতে মোৰ এক দীঘলীয়া সময়ৰ সম্পৰ্ক আছিল। তেখেতৰ সৈতে মই মঞ্চত গীত গাইছিলো।… এই গীতটো প্ৰথমবাৰ ৰেকৰ্ড কৰাৰ সময়ত ভূপেন দা জীৱিত আছিল। ভূপেন দাই সাধাৰণতে গোৱা স্কেলতকৈ মই গোৱা গীতৰ স্কেলটো উচ্চ। তেখেতে প্ৰায়ে ‘বি-ফ্লেট’, ‘এ’ বা ‘চি নেচাৰেল’ স্কেলত গাইছিল, মই গাইছোঁ ‘চি’ত।…”

যোৱা বছৰ শ্বাকিৰাই গোৱা বুলি বৰ্ণনা থকা এই গীতৰ বহুকেইটা ইউটিউব লিংক ইউটিউবে ডাউন কৰিছিল। পাছে মানুহ নিজে সচেতন হৈ এই ধৰণৰ অপপ্ৰচাৰ বুজি নোপোৱালৈকে এনে ধৰণৰ কাণ্ড চলিয়েই থাকিব।

সঁচাকৈ শ্বাকিৰাই গাইছেনে ভূপেন হাজৰিকাৰ গীত? | সম্পাদনা কক্ষ

Follow Nilacharai on Facebook