যুগে যুগে মহামাৰী

যুগে যুগে মহামাৰী
  • 30 Mar, 2020

মা নৱ জাতি এই মুহূৰ্তত গৃহবন্দী। বিশ্বৰ মানুহ এতিয়া আতংকিত-সন্ত্ৰসিত। চীন দেশৰ য়ুহান চহৰত অংকুৰিত হৈ পোখা মেলা ভয়াৱহ কৰ’না ভাইৰাছ (কভিড-১৯: Covid-19)-এ কম দিনৰ ভিতৰতে চানি ধৰিছে বিশ্বৰ প্ৰায় সকলোবোৰ দেশ। লাখ লাখ মানুহ আক্ৰান্ত হৈছে। কেইবাহাজাৰ মানুহৰ মৃত্যু হৈছে। এই কৰ’না মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ অহৰহ বিভিন্ন প্ৰচেষ্টা চলোৱা হৈছে। এই পৰ্যন্ত ইয়াৰ সঠিক চিকিৎসা নিৰ্ণয় হোৱা নাই। সেয়ে সকলো দেশতে ইয়াৰ পৰিত্ৰাণৰ একমাত্ৰ উপায় হিচাপে কাৰ্যপন্থা লোৱা হৈছে গৃহবন্দী ব্যৱস্থা— ‘লক্‌ডাউন’ ঘোষণাৰে, যাতে এই মাৰাত্মক ভাইৰাছৰ প্ৰভাৱ আৰু সংক্ৰমণৰ পৰা মানুহ বাচি থাকিব পাৰে। বৰ্তমান এই অৱস্থাক এক ফলপ্ৰসূ ব্যৱস্থা বুলি সৰ্বত্ৰ চৰ্চিত হৈছে আৰু বিশ্বৰ সকলো দেশে এই ব্যৱস্থা হাতত লৈছে। হয়তো অতি সোনকালে ইয়াৰ সঠিক চিকিৎসাৰ ঔষধ আৱিষ্কাৰ হ’ব, প্ৰতিষেধক চিটা ওলাব আৰু ৰোগীয়ে উপযুক্ত চিকিৎসাৰে আৰোগ্য লাভ কৰিব। কিন্তু সেই পৰ্যন্ত এই ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰি থকাৰ একমাত্ৰ উপায়েই হৈছে গৃহবন্দী হৈ থকাটো। বিষয়টো সকলো স্তৰৰ লোকে বুজি পোৱাটো নিতান্তই বাঞ্ছনীয়।

ইতিহাসৰ পাতত পোৱা গৈছে, অতীতৰে পৰা এটা নিৰ্দিষ্ট সময়সীমাৰ অন্তৰে অন্তৰে পৃথিৱীক ভয়াৱহ মহামাৰীয়ে জোঁকাৰি গৈছে। অজ্ঞাত কোনো ভয়ংকৰ ভাইৰাছৰ সংক্ৰমণত প্ৰায় প্ৰতি শতিকাতে মানৱ জাতি বিপুল ক্ষতিৰ সন্মুখীন হৈছে। দৰাচলতে এতিয়াৰ ক’ৰনা ভাইৰাছৰ দৰেই ভয়ানক সংক্ৰামক ৰোগত কোটি কোটি মানুহৰ মৃত্যু হোৱাৰ ঘটনা বিশ্বৰ ইতিহাসত যথেষ্ট দীঘলীয়া। ইতিহাসে সদৰি কৰা মতে ৪৩০ খৃষ্টাব্দত পেলোপনেছিয়ান যুদ্ধৰ সময়ত গ্ৰীছ দেশৰ ৰাজধানীকে ধৰি লিবিয়া, ইথিউপিয়া, মিচৰ আদিত টাইফয়েদ জ্বৰৰ লেখীয়া এক অচিন ৰোগত উক্ত অঞ্চলসমূহৰ মুঠ জনসংখ্যাৰ প্ৰায় দুই তৃতীয়াংশ লোকৰ মৃত্যু ঘটিছিল। ৫৪১ খৃষ্টাব্দত সমগ্ৰ মিচৰকে ধৰি কেবাখনো দেশত বিয়পি পৰিছিল জাষ্টিনিয়ান প্লেগ ৰোগ। এই প্লেগ ৰোগৰ মূল বাহক আছিল এন্দুৰ। একাদশ শতাব্দীত ইউৰোপত প্ৰাণঘাটি ৰোগ হিচাপে দেখা দিছিল কুষ্ঠ ৰোগে।

আধুনিক বিশ্বৰ ইতিহাসত ১৩৪৬ চনৰ পৰা ১৩৫৩ চনৰ ভিতৰত মধ্য ইউৰোপ আৰু এছিয়া মহাদেশত প্লেগ ৰোগত প্ৰায় দুশ মিলিয়ন মানুহৰ মৃত্যু ঘটিছিল। পৃথিৱীক কঁপাই তোলা এই মহামাৰীক ইতিহাসত ‘ব্লেক ডেথ’ বা ‘ক’লা মৃত্যু’ বুলি গণ্য কৰা হৈছিল আৰু সেই সময়ৰ পৃথিৱীৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ ৰ মৃত্যু হৈছিল। গ্ৰন্থী প্ৰদাহজনিত এই প্লেগ মহামাৰী ‘ইবোলা’ নামৰ এক মাৰাত্মক ভাইৰাছৰ আক্ৰমণৰ ফলত হৈছিল আৰু ইয়াৰ প্ৰধান বাহক আছিল এন্দুৰ। ১৫১৯ চনত মেক্সিকোত ‘সৰু আই’ (স্মল পক্স) ৰোগত মৃত্যু ঘটিছিল আশী লাখ মানুহৰ। ১৬৩৩ চনত গ্ৰেট ব্ৰিটেইন, নেদাৰলেণ্ড আদিত স্মল পক্সৰ বাবে কোটিৰো অধিক মানুহৰ মৃত্যু হৈছিল।

১৬৬৫ চনত পুনৰ একেধৰণৰ প্লেগ মহামাৰীৰ উদ্ভৱ হৈছিল আৰু তেতিয়া এই ৰোগত ইংলেণ্ডৰ মুঠ জনসংখ্যাৰ বিশ শতাংশ লোকৰ মৃত্যু ঘটিছিল। সেই সময়ত এই ৰোগৰ বাহক কুকুৰ আৰু মেকুৰি বুলি ভবা হৈছিল। ১৮১৭ চনত ৰাছিয়াত দেখা দিছিল কলেৰা মহামাৰীয়ে। এই মহামাৰীত ৰাছিয়াতে প্ৰায় দহ লক্ষাধিক মানুহৰ মৃত্যু হৈছিল। ৰাছিয়াৰ পাছতে স্পেইন, আফ্ৰিকা, ইণ্ডোনেছিয়া, চীন, জাপান, ইটালি, জাৰ্মান আদি দেশলৈকো এই মহামাৰী বিয়পি পৰিছিল য’ত নেকি প্ৰায় ডেৰ লাখ মানুহ মৃত্যুমুখত পৰিছিল। সমীক্ষা মতে সেই সময়ত সমগ্ৰ বিশ্বত এই মহামাৰীত বাইছ-তেইছ লাখ লোকৰ প্ৰাণহানি হৈছিল। ১৭৯৩ চনত আমেৰিকাৰ ফিলাডেলফিয়াত জণ্ডিছ ৰোগে (ইয়েল’ ফিভাৰ) মহামাৰীৰ ৰূপ ধাৰণ কৰে আৰু নগৰখনৰ দহ ভাগৰ এভাগ অৰ্থাৎ প্ৰায় ৪৫ হাজাৰ লোকৰ মৃত্যু হয়।

১৮৮৫ চনত তৃতীয়বাৰৰ বাবে প্লেগ মহামাৰীৰ আৱিৰ্ভাৱ ঘটিছিল চীন দেশত। ক্ৰমান্বয়ে এই মহামাৰী ভাৰতবৰ্ষলৈকে সম্প্ৰসাৰিত হৈছিল। প্ৰায় এক কোটিতকৈও অধিক মানুহৰ এই মহামাৰীত মৃত্যু হৈছিল। ভাৰতক এই মহামাৰীয়ে কোঙা কৰি পেলাইছিল। ১৮৮৯ চনত চাইবেৰীয়া, কাজাখাস্তান, মস্কো, ফিনলেণ্ড আৰু পোলেণ্ডত এক প্ৰকাৰৰ ফ্লু মহামাৰীত প্ৰায় চাৰে তিনি লাখ মানুহৰ মৃত্যু ঘটিছিল। ১৯১৬ চনত আমেৰিকাৰ নিউ য়ৰ্কত পলিঅ’ ৰোগত ন হাজাৰৰো অধিক মানুহ আক্ৰান্ত হৈছিল আৰু সেই ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল। আক্ৰান্ত হোৱা ন হাজাৰ লোকৰ ভিতৰত ছয় হাজাৰ লোকেই মৃত্যুবৰণ কৰিছিল। নিউ য়ৰ্ক চহৰত আৰম্ভ হোৱা এই পলিঅ’ ৰোগ সমগ্ৰ বিশ্বলৈ সম্প্ৰসাৰিত হৈছিল যদিও মৃত্যুৰ সংখ্যাৰ প্ৰকৃত তথ্য পোৱা নাযায়। ১৯৫০ চনত পলিঅ’ৰ ভেকচিন আৱিষ্কাৰ হোৱাৰ পাছত এই ৰোগ নিয়ন্ত্ৰিত হয়। ১৯১৮ চনত প্ৰথম বিশ্বযুদ্ধৰ সমাপ্তি হোৱাৰ পাছতেই চীন দেশত উৎপত্তি হৈছিল স্পেনিছ ফ্লুৰ। চীনা শ্ৰমিকসকলৰ মাধ্যমেদি এই মহামাৰী কানাডা হৈ সমগ্ৰ ইউৰোপকে চানি ধৰিছিল। চীনত আৰম্ভ হৈছিল যদিও স্পেইন দেশৰ মাদ্ৰিদত এই বেমাৰে মহামাৰীৰ ৰূপ লৈছিল বাবে ইয়াক স্পেনিছ ফ্লু আখ্যা দিয়া হৈছিল। সমগ্ৰ বিশ্বত এই স্পেনিছ ফ্লুত প্ৰায় পাঁচ কোটি মানুহৰ মৃত্যু ঘটিছিল। এই মহামাৰীত একমাত্ৰ স্পেইনতে আক্ৰান্তৰ সংখ্যা আছিল ৫০ কোটি। ১৯৫৭ চনত পোন প্ৰথম চীন দেশৰ হংকঙত এছিয়ান ফ্লু আৰম্ভ হয় আৰু ছমাহমানৰ ভিতৰতে এই ৰোগ যুক্তৰাষ্ট্ৰ পৰ্যন্ত বিয়পি পৰি ১৯৫৮ চনত মহামাৰীৰ আকাৰ লাভ কৰে। এই এছিয়ান ফ্লুত সমগ্ৰ বিশ্বৰ প্ৰায় এঘাৰ লাখ লোক মৃত্যু মুখত পৰিছিল। যুক্তৰাষ্ট্ৰতে মৃত্যুৰ সংখ্যা আছিল এক লাখ ষোল্ল হাজাৰ।

১৯৭০ চনত ভাৰতত মহামাৰী আকাৰে দেখা দিয়ে বসন্ত ৰোগে। খুব কম সময়ৰ ভিতৰতে এই ৰোগত লক্ষাধিক লোক আক্ৰান্ত হয় আৰু কেইবাহাজাৰ লোকৰ মৃত্যু ঘটে। ১৯৭৫ চনত জাতিসংঘৰ সহায়ত ভাৰতবৰ্ষক বসন্তমুক্ত ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব পৰা হয়। পৰৱৰ্তী ১৯৮৪ চনত এইচ আই ভি ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটে। সেই বছৰেই এই ৰোগত আমেৰিকাত মৃত্যু ঘটে চাৰে পাঁচ হাজাৰ লোকৰ। বৰ্তমানলৈকে এই ৰোগত সমগ্ৰ বিশ্বত ৩৫ নিযুত মানুহ আক্ৰান্ত হৈছে। ২০০৩ চনত ‘চাৰ্চ’ (SARS: Severe Acute Respiratory Syndrome) ৰোগ আৰু ২০০৯ চনত ছোৱাইন ফ্লু (H1N1)ত সমগ্ৰ বিশ্বত পাঁচ লাখৰো অধিক লোকৰ মৃত্যু ঘটে। একেদৰে ২০১৪ চনত আফ্ৰিকাত দেখা দিয়ে ইব’লা জ্বৰে।

পুনৰ ২০২০ চনত সমগ্ৰ বিশ্ব কপাঁই আৰম্ভ হৈছে ভয়ংকৰ ভাইৰাছ কৰ’না (Covid-19)। বিশ্বত বাজিছে বিপদ ঘণ্টা। নিৰাময়ৰ বাবে চলোৱা হৈছে প্ৰাণপণ প্ৰচেষ্টা। চিকিৎসা বিজ্ঞান ব্যস্ত হৈ পৰিছে এই ভাইৰাছক প্ৰতিহত কৰিব পৰা ঔষধ বা প্ৰতিষেধক আৱিষ্কাৰৰ গৱেষণাত। দ্ৰুতগতিত বিয়পি পৰা এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ পৰা বাচি থকাৰ একমাত্ৰ উপায় হৈছে সামাজিক দূৰত্ব বজাই ৰাখি নিজকে গৃহবন্দী কৰি নিৰাপদ দূৰত্বত অৱস্থান কৰাটো।

❧ | আৰু পঢ়ক: ‘সৰ্বাত্মক বন্ধ’ (Lockdown)ত নাগৰিকৰ পালনীয়

পৰিশেষত এটাই সকলোলৈকে আহ্বান— অভিজ্ঞ চিকিৎসক, বিশেষজ্ঞসকলে আগবঢ়োৱা কৰ’না সংক্ৰমণ ৰোধৰ পৰামৰ্শসমূহ পালন কৰি আমি প্ৰত্যেকে নিজে সচেতন হৈ নিজৰ লগতে সকলোৰে ভালৰ বাবে এই ভাইৰাছ নোহোৱা হোৱালৈকে, আহক, সকলো নিজৰ ঘৰত থাকোঁ। আমাৰ অকণমান অসচেতনাই সমগ্ৰ সমাজখনলৈকে ভয়াৱহ বিপদ কঢ়িয়াই আনিব পাৰে।

যুগে যুগে মহামাৰী | হিমাংশু ৰণ্‌জন ভূঞা

Follow Nilacharai on Facebook