এমুঠি অণুগল্প

এমুঠি অণুগল্প
  • 07 Jul, 2020

অপাংক্তেয়

গধূলি হৈ আহিছে। আজি ৰমাকান্তৰ পুত্ৰ-বোৱাৰীৰ বিবাহ-বাৰ্ষিকী। আয়োজন চলিছে দুপৰৰে পৰা। কঁপনি উঠা হাত দুখনেৰে লাখুটিডালত ভৰ দি আহি ৰমাকান্ত বাৰাণ্ডাৰ চকীখনত বহিল। গধূলিৰ এই সময়কণত আগতে সদায়েই সুকন্যাই আথেবেথে আগবঢ়াই দিয়া চাহকাপলৈ ৰমাকান্তৰ মনত পৰিবলৈ ধৰিলে।

লাহে লাহে গেটৰ সন্মুখত বিলাসী গাড়ীৰ ভিৰ বাঢ়ি আহিল। ভাহি আহিবলৈ ধৰিলে মানুহৰ হাঁহি–মাতসমূহ। বাৰাণ্ডাৰ একোণৰ ঈষৎ অন্ধকাৰত ৰমাকান্ত বহি ৰ’ল অপাংক্তেয় হৈ।

তিনিআলি

গধূলি হোৱাৰ লগে লগে তিনিআলিটোৰ দোকানবোৰৰ লাইট জ্বলি উঠিল। এখন দুখনকৈ বাইক দোকানৰ সন্মুখত গোট খাবলৈ ধৰিলে। ভাহি আহিব ধৰিলে চিগাৰেটৰ ধোঁৱা আৰু গোন্ধ। উফৰি আহিব ধৰিলে অনেক শব্দ আৰু উচ্চাৰণ!

তিনিআলিটো পাৰ হৈ যাবলগীয়া ছোৱালীকেইজনীয়ে পুনৰ এবাৰ নিজৰ নিজৰ সাজপাৰবোৰ ঠিক-ঠাক কৰি ল’লে।

জুই

নেৰানেপেৰা বৰষুণজাকে শ্ৰমিকসকলক ত্ৰাহি মধুসূদন দেখুৱাবলৈ ধৰিলে। এমাহৰো অধিক সময় পাৰ হৈ গ’ল, ৰাস্তা বনোৱাৰ কাম আগবঢ়াব পৰা নাই। অতদিনে কাম বিচাৰি ঘূৰি ফুৰা ৰামুৰ আশাবিলাক ক্ৰমশঃ জুইলৈ ৰূপান্তৰিত হ’বলৈ ধৰিলে। জুইকুৰাৰ লেলিহান শিখা আৰু স্মৃতি-ভঁৰালৰ খালী পেটকেইটাৰ চিঞৰে ৰামুৰ চকু-মুখ আৱৰি ধৰিলে।

আইচক্ৰীম

দুমহীয়া বিল্ডিঙৰ চাদৰ ওপৰত বহি আইচক্ৰীম খাই থকা অভিহঁতক দেখি ৰাণু মাকৰ ওচৰলৈ দৌৰি আহিল। তাইকো আইচক্ৰীম এটা লাগে। তাই মাকক কুটুৰিবলৈ ধৰিলে। অৱশেষত উপায় নাপাই মাকে ৰাণুৰ গালত এটা পূৰ্ণহতীয়া চৰ সোধালে।

চিঞৰি চিঞৰি কান্দি বাহিৰলৈ ওলাই যোৱা ৰাণুক উৰুখা পঁজাৰ ভগা বেৰৰ জলঙাৰে মাকে বিৱৰ্ণ চকুৰে চাই ৰ’ল।

গোন্ধ

লাহে লাহে মানুহগৰাকী শুকাই-খীনাই যাবলৈ ধৰিলে। ইমানদিনে হাঁহি-মাতি মাত-বোল কৰি থকা মানুহবিলাকৰ আচৰণবোৰো অচিনা হৈ আহিল। মানুহগৰাকীৰ চকুহালে ক্ৰমশঃ হালধীয়া বৰণ ল’লে আৰু সেই বৰণ সৰ্বশৰীৰত বিয়পি গ’ল।

অৱশেষত মানুহৰ ঘৰবিলাক সন্মুখত একোটাকৈ তাবিজ ওলমি ৰোৱা দেখিবলৈ পোৱা গ’ল। কেইদিনমানৰ পাছত কাৰোৰে আহ-যাহ নথকা গলিটোৰ শেষৰ ঘৰটোৰ পৰা অহা এক উৎকট গোন্ধ চৌদিশে বিয়পি পৰিল।

❧ | আৰু পঢ়ক: গল্প ‘বৃত্ত’

হাঁহি

চহৰত থকা জীয়েকলৈ বুলি মাকে খোৱাবস্তুৰ টোপোলাটো বাপেকৰ হাতত তুলি দিলে। ৰাতিপুৱাই গা-পা ধুই সাজু হোৱা বাপেকে ভৰিত জোতাযোৰ সুমুৱাবলৈ লওঁতেই জীয়েকৰ ফোন আহিল,— ‘ইয়ালৈ অলপ চাফ-চিকুণ হৈ আহিবচোন…’। সন্মুখত ৰৈ থকা মানুহজনীক দেখি মানুহজনৰ ওঁঠৰ ফাঁকেৰে হাঁহি এটি নিগৰি আহিল। কিন্তু খন্তেক আগৰ উজ্জ্বল মুখখনহে যেন কিবা ধূসৰ হৈ পৰিল।

এমুঠি অণুগল্প | প্ৰণামিকা গগৈ

Follow Nilacharai on Facebook