গোলাঘাটত ৰফিকুল হোছেইনৰ পৰিচালনাৰে ‘ধেৎতেৰিকা— দ্য ফুটষ্টেপচ্ অফ কেৰেলুৱা’
- 04 Dec, 2019
আ ধুনিক অসমীয়া অপেছাদাৰী নাট্য আন্দোলনৰ বিকাশত গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত ‘গোলাঘাট এমেচাৰ থিয়েটাৰ চ’চাইটি’ ৰ এক স্বকীয় আসন আছে। সাংস্কৃতিক ঐতিহ্য আৰু নৱ্য চিন্তা-চেতনাৰে সমৃদ্ধ গোলাঘাটৰ সংস্কৃতিপ্ৰাণ ৰাইজৰ আশাশুধীয়া ত্যাগ আৰু শ্ৰমত গঢ় লৈ উঠা, শতবৰ্ষৰ আলোকেৰে উদ্ভাষিত এই অনুষ্ঠানটোৰ ছয় কুৰি পাঁচ বছৰীয়া জীৱনকালটোত চকু ফুৰালে অসমৰ নাট্য আন্দোলনৰ উত্তৰণত গোলাঘাটৰ অৰিহণা যে নিচেই কম নহয়, সেইটো স্পষ্ট হৈ পৰে। দৰাচলতে ‘গোলাঘাট এমেছাৰ থিয়েটাৰ চচাইটি’ নাট্যচৰ্চা আৰু প্ৰতিভা বিকাশৰ সমন্বিত কেন্দ্ৰ। এই নাট্য ভৱনৰ মজিয়াতে বহুজন কলাসাধকে নিৰলসভাৱে কলা-সংস্কৃতিৰ সাধনা কৰি অসমৰ সাংস্কৃতিক জগতখন চহকী কৰাত যথেষ্ট অৰিহণা যোগাইছে। ঊনবিংশ শতিকাৰ শেষৰ আৰু বিংশ শতিকাৰ প্ৰথম দশকত ইংৰাজৰ শাসন-শোষণত জৰ্জৰিত অসমীয়াই স্বাধীনতা আন্দোলনক তীব্ৰতৰ কৰি তোলাৰ সমান্তৰালভাৱে এচাম নিষ্ঠাৱান, জাতীয় প্ৰেমত উদ্বুদ্ধ বিশাল ব্যক্তিত্বৰ লোকে চলাইছিল অসমীয়াৰ প্ৰাচীন ঐতিহ্য, ভাষা-সংস্কৃতিৰ পুনৰুদ্ধাৰৰ আপ্ৰাণ প্ৰচেষ্টা। ফলত প্ৰাণ পাই উঠিছিল অসমীয়া সংস্কৃতিয়ে। বিভিন্ন নগৰ-চহৰত আৰম্ভ হৈছিল নাটক, সংগীত, নৃত্যকলাৰ অভিনৱ চৰ্চাৰ অনুষ্ঠান। সমসাময়িকভাৱে তেজপুৰত ‘বাণ ৰংগমঞ্চ’, গুৱাহাটীত ‘কুমাৰ ভাস্কৰ নাট্য মন্দিৰ’, শিৱসাগৰত ‘শিৱসাগৰ নাট্য মন্দিৰ’, বৰপেটাত ‘মিলন নাট্য মন্দিৰ’ আদি নাট্যচৰ্চাৰ অনুষ্ঠান সমূহ গঢ়ি উঠে। একেদৰে ১৮৯৫ চনত গোলাঘাটত জয়চন্দ্ৰ মৈত্ৰ, ঘনশ্যাম বৰুৱা, কৃষ্ণপ্ৰসাদ দুৱৰা আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জ্যেষ্ঠ ভাতৃ শ্ৰীনাথ বেজবৰুৱাৰ প্ৰচেষ্টাত জন্ম হয় ‘গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটি’ ৰ। তেতিয়াৰ পৰাই ক্ৰমাগতভাৱে নিয়মিত নাট্যচৰ্চাৰে এই নাট্যানুষ্ঠানটিয়ে অসমৰ নাট্য আন্দোলনত এক সবল ভূমিকা আগবঢ়াই আহিছে। এই অনুষ্ঠানটিৰ ক্ৰমবিকাশৰ পাতে পাতে সিঁচৰতি হৈ আছে গোলাঘাটৰ ঐতিহ্যমণ্ডিত সাংস্কৃতিক জীৱনগাথাৰ অনেক কাহিনী। সম্প্ৰতি ই কেৱল এক নাট্যানুষ্ঠান বা সাংস্কৃতিক কেন্দ্ৰই নহয়, ই হৈ পৰিছে বৃহত্তৰ গোলাঘাট জিলাৰ সামাজিক জীৱনৰ হৃদপিণ্ডস্বৰূপ। এই ঐতিহাসিক নাট্যানুষ্ঠানটিৰ গৌৰৱোজ্বল এশ পঁশিছ বৰ্ষ উদ্যাপনৰ শুভাৰম্ভ অনুষ্ঠানটি ‘বঁটা প্ৰদান’ আৰু চাৰিখন ভিন্নধৰ্মী নাটক মঞ্চায়নৰে যোৱা ২৫ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ অনুষ্ঠিত হয়।
নাট সমাৰোহৰ প্ৰথম নিশা (২৫ নৱেম্বৰ) অসমৰ নাট্যজগতৰ এগৰাকী অক্লান্ত সৈনিক, বিশিষ্ট নাট্যকৰ্মী, কবি-সাহিত্যিক ৰফিকুল হোছেইনৰ দক্ষ পৰিচালনাত ‘গোলাঘাট এমেছাৰ থিয়েটাৰ চ’টাইটি’ য়ে নিবেদন কৰে যশস্বী নাট্যকাৰ পংকজজ্যোতি ভূঞাৰ নাটক ‘ধেৎতেৰিকা— দ্য ফুটষ্টেপচ্ অফ কেৰেলুৱা’। গোলাঘাটৰ এচাম নবীন নাট্যশিল্পীৰ অপূৰ্ব অভিনয় তথা পোহৰ-শব্দ, ৰূপসজ্জা আৰু দৃশ্যসজ্জাৰ সুন্দৰ ব্যৱহাৰৰে পৰিচালক ৰফিকুল হোছেইনে উপহাৰ দিলে এখন সৰ্বাংগসুন্দৰ নাটক। আচলতে ৰফিকুল হোছেইনৰ নাট পৰিচালনাৰ এক সুকীয়া দিশ আছে। সাধাৰণ ঘটনাক অসাধাৰণ ব্যঞ্জনাৰে সমৃদ্ধ কৰাৰ যি কল্পনা শক্তি ৰফিকুল হোছেইনৰ আছে, তাক নুই কৰাৰ সাহস আমাৰ নাই। সঠিক ছন্দ আৰু সঠিক বুদ্ধিদীপ্ত চিন্তাধাৰাৰে নাটকৰ মাজত সুমুৱাই ৰাখি দৰ্শকৰ দৃষ্টিত এক মায়াজাল সৃষ্টিৰ যাদুকৰী কৌশল প্ৰয়োগেই হ’ল নাট পৰিচালক হিচাপে ৰফিকুল হোছেইনৰ কৃতিত্ব। ৰফিকুল হোছেইনৰ প্ৰতিখন নাটকেই এনে দাবী কৰিব পাৰে। নাটকৰ দ্বাৰা সৰ্বসাধাৰণ লোকক বহুতো অভেদ্য ৰহস্যৰ সন্ধান দিবলৈ, কিবা ক’বলৈ এই গৰাকী স্বভাৱজাত নাট্যকৰ্মীয়ে তেখেতৰ দ্বাৰা পৰিচালিত প্ৰতিখন নাটকতে নিজা চিন্তা আৰু কৌশলৰে চেষ্টা কৰাটো দেখা যায়। ‘ধেৎতেৰিকা— দ্য ফুটষ্টেপছ অফ কেৰেলুৱা’ নাটকেও আমাক তেনে এটা আমেজ আৰু বাৰ্তা দিবলৈ সক্ষম হৈছে বুলি একে আষাৰে ক’ব পাৰি।
দৰাচলতে মানুহৰ জীৱনত বিফলতা এক স্বাভাৱিক পৰিঘটনা। বিফলতাই জীৱনত অভিজ্ঞতাৰ সঞ্চাৰ কৰে আৰু সফলতাৰ দুৱাৰ মুকলি কৰে। বিফলতাই মানুহক শিক্ষা প্ৰদান কৰে, দুৰ্বলতাসমূহ প্ৰতিফলিত কৰে আৰু অধিক উৎসাহিত হোৱাত প্ৰেৰণা যোগায়। এই প্ৰেৰণা আৰু উৎসাহৰ ফলতেই সদায়েই বিফলতাৰ মুখ দেখি অহা ব্যক্তিজনেও এসময়ত লক্ষ্যপ্ৰাপ্তিত উপনীত হৈ সফল ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। এই সত্যকে অতি ব্যংগাত্মকভাৱে সাম্প্ৰতিক সময়ত সমাজত চলি থকা কিছুমান ঘটনা-পৰিঘটনাৰে তুলি ধৰি প্ৰতিষ্ঠিত নাট্যকাৰ পংকজজ্যোতি ভূঞাই নৱপ্ৰজন্মলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। নাটকখনত সাম্প্ৰতিক বিশ্বায়নৰ বাঘজালখনে মেৰিয়াই ধৰি কিদৰে সমাজৰ বিভিন্ন স্তৰৰ মানুহক প্ৰভাৱিত কৰিছে আৰু এক ৰঙীন পৃথিৱীত কেনেদৰে আজিৰ প্ৰজন্মৰ একাংশ ক্ৰমশঃ নিজৰ খোপনি হেৰুৱাই শিপাবিহীন ভাৱে অহৰহ কিছুমান সপোনৰ পৃথিৱীত চেঁকুৰি ফুৰিব ধৰিছে আৰু যাৰ ফলশ্ৰুতিত তেওঁলোকে জীৱনৰ বহু ক্ষেত্ৰত উজুটি খাই বাৰে বাৰে বিফলতাৰ মুখ দেখিবলৈ লৈছে, সেই দিশবোৰো সুন্দৰভাৱে উপস্থাপন কৰা হৈছে।
নাটকখনৰ অভিনয় সম্পন্ন হৈছে বাৰটা মূল চৰিত্ৰ আৰু দুটা দেহৰক্ষীৰ চৰিত্ৰ আৰু তিনিটি বিশেষ চৰিত্ৰৰ মাধ্যমৰে। গঠনগত দিশৰ পৰা নাটকখনত আটাইকেইগৰাকী অভিনেতাই নিজ নিজ দায়িত্ব সম্পৰ্কে সচেতন আৰু সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিছে বুলিব পাৰি। নাটকখনৰ মুখ্য চৰিত্ৰ আদিত্যৰ চৰিত্ৰত শিৰোমণি ভূঞাই সাৱলীল অভিনয় কৰিছে। আনহাতে অতি কম সময়ৰ বাবে সৰু আদিত্যৰ চৰিত্ৰটিত শিশু শিল্পী পাৰ্থিৱ পল্লৱ বৰাই ভৱিষ্যতে এগৰাকী প্ৰতিশ্ৰতিসম্পন্ন অভিনেতা হোৱাৰ ইংগিত বহন কৰিছে। একেদৰে বিজিত নামৰ এগৰাকী অন্ধ যুৱকৰ চৰিত্ৰ সুন্দৰ ৰূপত ফুটাই তোলাত বিবেক শইকীয়াই সফলতা দাবী কৰিব পাৰে। নাটখনৰ আদিত্যৰ দেউতাক সত্যকামৰ চৰিত্ৰত জয়ধ্বজ ফুকন, উগ্ৰপন্থী ইউচুফ হিলালিৰ চৰিত্ৰত আছিফ জাভদ আৰু চানাচুৰৱালাৰ চৰিত্ৰত বিজয় কৃষ্ণ বৰাৰ অভিনয় সফল হৈছে বুলিব পাৰি। হিৰু নাৰ্জাৰি নামৰ কচাইৰ চৰিত্ৰত পলাশ লইঙে নিজৰ একাগ্ৰতা আৰু অভিনয় দক্ষতা প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। মাষ্টৰৰ চৰিত্ৰত জুলফিক আহমেদ, সাংবাদিক পল্টুৰ চৰিত্ৰত ভাস্কৰ বৰা আৰু ছাট্ হাউচ দোকানীৰ চৰিত্ৰত অমৰজিৎ কটকীয়ে অভিনয়ৰ ভাৰসাম্য ৰক্ষা কৰিছে। নাটখনৰ নাৰী চৰিত্ৰকেইটিৰ ভিতৰত কেতেকীৰ চৰিত্ৰত জয়স্মিতা ডেকা, কস্তুৰিকাৰ চৰিত্ৰত মল্লিকা বৰুৱা আৰু সাংবাদিক গাৰ্গীৰ চৰিত্ৰত সম্প্ৰীতি কৌশিকে পৰিচালকৰ প্ৰতিটো নিৰ্দেশ মানি সুন্দৰ অভিনয়ৰে নিজৰ প্ৰতিভা প্ৰকাশ কৰাত সফল হৈছে বুলি ক’ব পাৰি। অন্যহাতে নাটখনত মুখাপিন্ধা দুগৰাকী দেহৰক্ষী চৰিত্ৰ আৰু সময়ে সময়ে তেওঁলোকৰ মুখত ফুটাই তোলা বিদ্ৰুপাত্মক হাঁহিয়ে বৰ্তমান সমাজত এচাম মুখাপিন্ধা লোকৰ স্থিতিক অতি কটাক্ষপূৰ্ণ ভাৱেৰে উপস্থাপন কৰিবলৈ সক্ষম হৈছে। চৰিত্ৰ দুটি ৰূপায়ণ কৰিছিল জুলফিক আহমেদ আৰু বিজয় কৃষ্ণ বৰাই। নাটখনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰিছে— প্ৰিপাঞ্চি বৰা, মৌচুমী শইকীয়া আৰু অভিব্যঞ্জনা বৰাই।
নাটকখনৰ ৰূপসজ্জাত ধ্ৰুৱ কটকী, প্ৰশান্ত কুমাৰ ডেকা আৰু যুতিকা শইকীয়া, কলা-নিদেৰ্শনা তথা মঞ্চসজ্জাত ৰুস্তম বৰা, আৱহ সংগীতত শংকৰ মহন্ত (মৰিগাঁও), স্মাৰক হিচাপে অৰূপ খাৰঘৰীয়া, নেপথ্য শিল্পী হিচাপে পৰাণ বৰা, চম্পক চাংমাই, শব্দত হেমাংগ নাথ আৰু পোহৰ-সজ্জাত ৰাতুল বৰা, হেমন্ত আৰু পাপুৱে পৰিচালকৰ নিৰ্দেশ নিখুঁতভাৱে পালন কৰি নাটখন সামগ্ৰিকভাৱে সফল হোৱাত অৰিহণা যোগালে।
❧ | আৰু পঢ়ক: গল্পকথা: পুৰণিগুদামত গল্প আৰু সংগীতৰ যুগলবন্দীৰে ব্যতিক্ৰমী অনুষ্ঠান
এক কথাত সুদক্ষ পৰিচালক ৰফিকুল হোছেইনে নিজস্ব পৰিচালকীয় দৃষ্টিকোণেৰে মঞ্চত নিটোল ৰূপত নাটকখন উপস্থাপন কৰিবলৈ যে সাধ্যানুযায়ী চেষ্টাৰ ত্ৰুটি কৰা নাই, সেইটো স্পষ্ট হৈ পৰিছে। আমাৰ বিশ্বাস, নাট্যশিল্পী ৰফিকুল হোছেইনৰ প্ৰচেষ্টাত অসমীয়া নাট্য আন্দোলনে এক স্বকীয় ৰূপ লৈ উজলি উঠিবলৈ সক্ষম হ’ব আৰু গোলাঘাটৰ ঐতিহ্যমণ্ডিত ‘গোলাঘাট এমেচাৰ থিয়েটাৰ চ’টাইটি’য়েও ভৱিষ্যতলৈ অধিক সফল আৰু শক্তিশালী নাটক প্ৰযোজনাৰে এই দিশত এক সবল খোজ দিবলৈ সক্ষম হ’ব।
ছবি: লেখকৰ সৌজন্যত
Follow Nilacharai on Facebook