বাঁহ অসমৰ সাহ হৈ থাকিবনে?

বাঁহ অসমৰ সাহ হৈ থাকিবনে?
  • 20 May, 2024

“বা ৰীৰে ঢাপৰে জাতি বাঁহ এজুপি
সিয়ো মোৰ সোদৰৰ ভাই,
জীয়াই থাকোঁ মানে কৰোঁ কাঠী-কামী
মাৰিলে লগতে যায়।”

বাঁহে সমৃদ্ধ কৰিছে অসমৰ জনজীৱন। বাঁহ আমাৰ সমাজ আৰু সংস্কৃতিৰ এক অপৰিহাৰ্য লগৰী। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই শিখৰ চোৱাৰ সময়তো বাঁহ আৰু জনজীৱনৰ এৰাব নোৱৰা সম্পৰ্ক। বাঁহ অবিহনে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসগৃহবোৰ নিৰ্মাণ অসম্ভৱ। গ্ৰাম্যাঞ্চলৰ এখন ঘৰৰ চাৰিসীমাৰ বান্ধনী স্বৰূপ চকোৱা, জেওৰা, পদূলিৰ জপনা, নঙলাৰ পৰা আৰম্ভ কৰি ঘৰৰ খুঁটা, মূধৰ মাৰলি, চ’তি, বগলী বাঁহ, কামী, ৰুৱা, টঙাল, গাধৈ, খবুৱা, বেৰ, দুৱাৰ, ঘূৰঘূৰি, জাপ (ওলোমাই লগোৱা খিৰিকী), ঢাপলিকা ইত্যাদি নিৰ্মাণৰ বাবে ঘাইকৈ নিৰ্ভৰ কৰা হয় বাঁহৰ ওপৰত। ঘৰ সজা কাম সম্পূৰ্ণ হ’লেই বাঁহৰ প্ৰয়োজনৰ কিন্তু অন্ত নপৰে। ঘৰুৱা কামত তথা দৈনন্দিন জীৱনৰ লাগতিয়াল বহু সা-সঁজুলি বাঁহেৰে সজা হয়।

অসমীয়া জাতিৰ বাপতি-সাহোন ৰঙালী বিহুৰ সময়ত বজোৱা কেইবাবিধ বাদ্যযন্ত্ৰ বাঁহেৰে সজা হয়। ৰঙালী বিহুৰ হুঁচৰি, বিহুগীত আদিতো বাঁহক লৈয়ে বিভিন্ন গীত প্ৰদৰ্শন কৰা দেখা যায়। বিহুৰ অপৰিহাৰ্য— গগনা, টকা, ঢোল বজোৱা মাৰি ইত্যাদি বাঁহেৰেই সজা হয়।

“টকাৰ মাতে শুনি ৰ’বকে নোৱাৰোঁ
এৰি যাওঁ পেটৰে ভাত।”

একেদৰে—

“আগলি বাঁহৰে লাহৰী গগনা
বহি তাঁতৰ পাতত বাওঁ,
আহে কি নাহে ঐ মোৰেনো লাহৰী
চিৰি পাতি মঙলখন চাওঁ।”

অসমীয়া জাতিৰ মাছ হ’ল খাদ্যৰ অভিন্ন উপকৰণ। সেইবাবেই অসমীয়া মানুহে মাছ মাৰিবলৈ লগা সঁজুলিসমূহ— জাকৈ, খালৈ, পল, বৰশী, চেপা আদি বাঁহেৰে সুন্দৰভাৱে তৈয়াৰ কৰি লৈছিল। এসময়ত অসমীয়া শিপিনীৰ আদৰৰ আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক তাঁতশালখন আৰু ইয়াৰ সঁজুলিসমূহো বাঁহেৰে সজা হৈছিল।

বাঁহগছৰ উৎপত্তি সম্পৰ্কে কেইবাটাও সুন্দৰ কাহিনী আমাৰ ধৰ্মগ্ৰন্থ বা লোককথাত পোৱা যায়। তেনে এক কাহিনী অনুসৰি, এদিন ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ পৰামৰ্শ মতে মালাগিৰিয়ে নদীপাৰলৈ গৈ এটা বাঁহ পুলি পালে আৰু তেওঁ সেই পুলিটো আনি বাঁহখেতি আৰম্ভ কৰিলে। এইদৰেই বাঁহৰ উৎপত্তি হ’ল আৰু সময়ত বিভিন্ন বাঁহৰ সৃষ্টি হোৱাত উপযুক্ত বাঁহ কাটি আনি ধুই-মেলি পৰিষ্কাৰ কৰি পূজাৰ বাবে প্ৰস্তুত কৰে।

এসময়ত প্ৰতি অসমীয়াই জন্মগতভাৱে সুন্দৰ বাঁহৰ কাম জানিছিল। ঘৰ-বাৰী সজা, নঙলা দিয়া, জেওৰা দিয়া ইত্যাদি কামবোৰ বাঁহেৰ কৰাৰ উপৰি ঢাৰি, মূঢ়া, জাঁপি, বিচনী, টুকুৰি, ডলা, চালনী ইত্যাদি ঘৰৰ প্ৰায় প্ৰতিটো সামগ্ৰীয়েই অসমীয়া মানুহে নিপুণভাৱে বাঁহেৰে তৈয়াৰ কৰিছিল। সেয়ে অসমীয়া মানুহৰ বাৰীত বাঁহগছ থাকিবই। এই বাঁহগছ বাৰীৰ কোন দিশত থাকিব লাগিব তাৰ নিৰ্দেশ ডাকৰ বচনত সুন্দৰভাৱে পোৱা যায়—

“পূবে হাঁহ, পশ্চিমে বাঁহ
উত্তৰে গুৱা, দক্ষিণে ধুবা।”

একেদৰে—

“যাৰ নাই বাঁহ তাৰ নাই সাহ।”

এই অসমীয়াৰ সাহ বাঁহে শেহতীয়াকৈ বাতৰিৰ শিৰোনাম অধিকাৰ কৰিছে। কাৰণ, বাঁহ ফুলিছে আৰু এই বাঁহত উৎপত্তি হোৱা ‘বেম্ব’ ছিড বাগ’ নামৰ পোকবিধৰ সন্ত্ৰাস বিদ্যালয়ৰ পৰা ঘৰলৈকে বিয়পি পৰিছে। ফলস্বৰূপে বিদ্যালয়ৰ পাঠদান পৰ্যন্ত বন্ধ কৰিব লগা হৈছে। নগাঁও জিলাৰ কলিয়াবৰত পূৰ্বে নোহোৱা-নোপোজা এনে ঘটনাৰ অধ্যয়ন কৰিবলৈ ছিলঙৰ পৰা বিজ্ঞানীৰ দল উপস্থিত হৈছেহি। কলিয়াবৰত উপস্থিত হৈ কৃষি বিজ্ঞানীৰ দলটোৱে পোক আৰু কোটোহা বাঁহৰ নমুনা সংগ্ৰহ কৰি ইতিমধ্যে ছিলঙলৈ প্ৰেৰণ কৰিছে। কলিয়াবৰৰ এখন বিদ্যালয়ত বেম্ব’ ছিড নামৰ পোকৰ সন্ত্ৰাসৰ পাছতেই শেহতীয়াকৈ কলিয়াবৰৰ দলগাঁও, আখিৰঙা আদি গাঁৱত বিজ্ঞানীৰ দল উপস্থিত হৈছে।

প্ৰথম অৱস্থাত এই পোকৰ বিচৰণ ধৰা পৰিছিল দলগাঁও মজলীয়া বিদ্যালয়ত। তাৰ পাছতেই এই পোক গৈ বিচৰণ কৰে দলগাঁৱৰ কেইবাঘৰত। আতংক তথা সন্ত্ৰাসৰ সৃষ্টি হৈছিল গাঁওকেইখনত। সমান্তৰালকৈ তৎপৰ হৈ উঠিল কৃষি বিভাগ। বিভাগৰ ফালৰ পৰা স্কুল আৰু গাঁৱত ঔষধযুক্ত স্প্ৰে কৰিছে। বিতৰণ কৰিছে ঔষধ। তাৎপৰ্যপূৰ্ণ যে বিদ্যালয়খনৰ চৌপাশত বাঁহ ফুলাৰ বাবেই বিদ্যালয়খনত অচিনাক্ত পোকৰ সংক্ৰমণ হৈছিল। ইয়াৰ উপৰি কাষৰীয়া অঞ্চলতো বাঁহ ফুলাৰ লগে লগে বেম্বো ছিড পোক দেখিবলৈ পোৱা গৈছে। এই পোকৰ বিচৰণ দূৰ কৰিবলৈ এতিয়া যৎপৰোনাস্তি চেষ্টা চলাইছে কৃষি বিভাগে। অৱশ্যে এই পোকৰ বাবে বিশেষ ভয় কৰিবলগা নাই বুলি দলটোৱে মত প্ৰকাশ কৰিছে। বিজ্ঞানীৰ দলটোৰ মুৰব্বী কৃষি বিজ্ঞানী ড° অৰূপ কুমাৰ শৰ্মাই কয় যে প্ৰতি চল্লিশ-পঞ্চাশ বছৰৰ মূৰে মূৰে বাঁহ ফুলে আৰু তেতিয়াই এই পোকৰ জন্ম হয়। যিহেতু আগতে গাঁৱলীয়া অঞ্চলত বাসগৃহ পাতলীয়া আছিল, যথেষ্ট বাঁহনিৰ লগতে হাবিয়নী অঞ্চল আছিল, সেয়ে এই পোকবোৰ বিচৰণ কৰিবলৈ যথেষ্ট ঠাই আছিল। আজি পৰিৱেশ সলনি হৈছে, হাবি ভাঙি মানুহে ঘৰ সাজিছে, স্কুল পাতিছে; গতিকে পোকবোৰে বিচৰণ কৰিবলৈ বাঁহনিৰ গাতে লাগি থকা ঘৰলৈ ঢাপলি মেলিছে। ইয়াত কোনো অস্বাভাৱিকতা নাই।

এই সময়ছোৱাতে অসমৰ জনজীৱনৰ লগত বাঁহৰ সম্বন্ধৰ বিষয়েও আলোচনা হৈছে। অসমৰ বাঁহে যিধৰণে এক ব্যৱসায়িক মৰ্যাদা লাভ কৰিব লাগিছিল, সেই মৰ্যাদা নাপালে। যি আছিল, সিয়ো জাগীৰোডৰ কাগজ কল বন্ধ হোৱাৰ লগে লগে নোহোৱা হ’ল বুলিব পাৰি। বাঁহৰ পৰা প্ৰস্তুত কৰা ঘৰুৱা আচবাব, সৌন্দৰ্যবৰ্ধক সামগ্ৰীসমূহে ইপ্সিত বাণিজ্যিক সমাদৰ এতিয়াও লাভ কৰা নাই।

শেহতীয়াকৈ অসমৰ বাঁহৰ পৰা ইথান’ল প্ৰস্তুত কৰাৰ বিষয়টো বৰকৈ চৰ্চিত হৈছিল যদিও এতিয়া কি পৰ্যায়ত আছে জনা নাযায়। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহতে নুমলীগড় ৰিফাইনেৰীলৈ বাঁহৰ পৰা ইথান’ল প্ৰস্তুত কৰা যন্ত্ৰ অনাৰ খবৰ ৰাজ্যৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। লক্ষ্য আছিল সেই বছৰৰে আগষ্ট মাহৰ পৰা চীনৰ পৰা আমদানি কৰা যন্ত্ৰৰে বছৰি প্ৰায় ৪৯ হাজাৰ মেট্ৰিক টন ইথান’ল প্ৰস্তুত কৰা। পোন্ধৰশ কোটি টকা ব্যয়ৰে নুমলীগড়ত বাঁহৰ পৰা ইথান’ল প্ৰস্তুত প্ৰকল্পৰ কাম চলি থকাৰ কথা ২০২০ চনৰ জুলাই মাহৰ ১০ তাৰিখে অসম চৰকাৰৰ জনসংযোগ বিভাগে এক প্ৰেছ বাৰ্তা (৪৭৩নং)যোগে ঘোষণা কৰিছিল। ৰাজ্যৰ ডিমা হাছাও জিলাত ড’নাৰ মন্ত্ৰ্যালয়ৰ তৎপৰতাত ৭৫ বিঘা ভূমিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বেম্ব’ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক স্থাপনৰ ঘোষণাও এই প্ৰেছ বাৰ্তাতে আছিল। এই পাৰ্কখনে ৰাজ্যৰ বাঁহ খেতিয়কক উদগনি যোগাব বুলি তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশা প্ৰকাশ কৰিছিল।

পেট্ৰোলিয়াম দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে শিৱসাগৰৰ এক অনুষ্ঠানত ইথান’ল প্ৰস্তুত কৰাৰ বাবে চৰকাৰে বাঁহৰ ব্যৱহাৰ কৰিব বুলি ঘোষণা কৰিছিল। মন্ত্ৰী তেলীয়ে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে তেলত ২৫ শতাংশ পৰ্যন্ত ইথান’ল মিশ্ৰিত কৰাৰ এক দীৰ্ঘম্যাদী পৰিকল্পনা লৈছে। এই পৰিকল্পনা বাস্তৱত ৰূপায়ণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমত ৭টা ইথান’ল প্ৰকল্প স্থাপন কৰিব। ইয়াৰে প্ৰথমটো প্ৰকল্প নুমলীগড় শোধনাগাৰত ২০২৩ বৰ্ষৰ মাৰ্চ অথবা এপ্ৰিল মাহত সম্পূৰ্ণ হৈ উঠিব। স্থাপন কৰিব লগা ৭টা প্ৰকল্পৰ সৰ্ববৃহৎ প্ৰকল্পটো মঙলদৈত স্থাপন কৰা হ’ব। এই প্ৰকল্পৰ বাবে প্ৰয়োজনীয় কাৰিকৰী কৌশল ফিনলেণ্ডৰ পৰা আহৰণ কৰা হৈছে বুলি মন্ত্ৰী তেলীয়ে প্ৰকাশ কৰিছিল। ৰাজ্যখনত দুটাকৈ কাগজ কল বন্ধ হৈ যোৱাৰ পাছত বহুতো বাঁহ খেতিয়ক আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ বিপৰীতে ৰাজ্যত প্ৰতিষ্ঠা হ’বলগীয়া ইথান’ল প্ৰকল্পই এই লোকচান হ্ৰাস কৰাৰ লগতে বাঁহ খেতিক উৎসাহিত কৰিব বুলি ভবা হৈছিল। পেট্ৰলিয়াম দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ২০২২ চনৰ ১৯ নৱেম্বৰত অনুষ্ঠিত শিৱসাগৰৰ অসম এনাৰ্জী ইনষ্টিটিউটৰ দ্বিতীয় সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ইথান’ল সম্পৰ্কীয় এই বিশেষ ঘোষণা কৰিছিল। মন্ত্ৰীগৰাকীৰ এই ঘোষণা বাস্তৱত ৰূপায়িত হ’বলৈ কিমান দিন লাগিব, সেই বিষয়ে নতুন একো জনা হোৱা নাই।

অসমত এনে ধৰণৰ বাঁহ খেতিয়কক উৎসাহিত কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন আঁচনি ঘোষণা কৰা দেখা যায়। কিন্তু সেই আঁচনিবোৰ সফল হোৱা দূৰৰে কথা, কামৰ নমুনা বিচাৰিলেও দেখা নাযায়। তেনে এক বাঁহ খেতিৰ আঁচনি ৰূপায়ণৰ নাম-গোন্ধই নাই। জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ শেহতীয়া সংযোজন বাগচেৰ বনাঞ্চলত কংগ্ৰেছ আমোলৰ বিতৰ্কিত বন মন্ত্ৰীগৰাকীৰ উদ্যোগত চল্লিশ লাখ টকাৰ বাঁহ ৰোপণ আঁচনিৰ এক পৰিকল্পনাৰ কথা শুনা গৈছিল যদিও এতিয়া বাগচেৰৰ পাহাৰত সেই আঁচনিৰ বাঁহপাত এখিলাও বিচাৰি পোৱা নাযায়।

চল্লিশ-পঞ্চাশ বছৰৰ মূৰে মূৰে বাঁহ ফুলে আৰু বাঁহ বুলিয়েই বাঁহ গছজোপা মৰে। আনহাতে, বাঁহ ফুলে অত্যধিক খৰাঙৰো বতৰা দিয়ে বুলি জনশ্ৰুতি প্ৰচলিত আছে। শেহতীয়াকৈ অসমত বৰষুণৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে। ঘাঁহজাতীয় উদ্ভিদবোৰ অতি খৰাং সহিষ্ণু। কিন্তু খৰাঙৰ পৰিমাণ অধিক হ’লে বাঁহৰ ফুলে জাননী দিয়ে। কিন্তু বৰ্তমান সময়ত বাঁহ ফুলিলে নিগনি, এন্দুৰ, ডালশলিয়াৰ সংখ্যা বাঢ়িব আৰু এইবোৰৰ উৎপাতত দুৰ্ভিক্ষ হ’ব বা মহামাৰী হ’ব— সি অমূলক। খেতিপথাৰত অত্যধিক কীটনাশক বা আন উপায়বোৰৰ বাবে এন্দুৰ-নিগনিৰো সংখ্যা পূৰ্বতকৈ অস্বাভাৱিক ৰূপত কমি আহিছে। গতিকে বাঁহ ফুলাৰ পাছত সৰি পৰা বীজ খাই এন্দুৰ-নিগনিৰ বংশবৃদ্ধি হৈ আমাৰ ভঁৰালৰ ধান-চাউল খাই অনিষ্ট কৰিব বুলি আশংকা কৰিবলৈ বিনামূলীয়া চাউল খাই খেতি কৰিবলৈ পাহৰা অসমীয়াৰ ধানৰ ভঁৰাল আছে কেইটা?

সা-সঁজুলি

অসমৰ বাঁহৰ বাণিজ্যিক মূল্য নিৰূপণৰ বাবে থকা দুটা কাগজ কল ইতিমধ্যে অসমৰ পৰা হেৰাই গৈছে। কিন্তু বাঁহৰ পৰা কাগজৰ মণ্ড প্ৰস্তুত কৰিব পৰা বহু ক্ষুদ্ৰ উদ্যোগ অসমত গঢ়ি তুলিব পৰা যায়। এই বিষয়ে চৰকাৰে দৃষ্টি দিলেই কৰিব পাৰে। তাৰ জৰিয়তে এনে ক্ষুদ্ৰ উদ্যোগীয়ে কাগজৰ মণ্ড ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰিব পৰাৰ অনেক সম্ভাৱনা আছে,— যেনেদৰে অসমৰ ক্ষুদ্ৰ পৰ্যায়ৰ ৰবৰ খেতিয়ক দেশৰ টায়াৰ উৎপাদন কৰা উদ্যোগৰ লগত জড়িত হৈ লাভাৱান্বিত হৈছে। তদুপৰি ঘৰুৱা আচবাব তৈয়াৰ কৰা উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো ৰাজ্যৰ অপৰিকল্পিত উদ্যোগ নীতিৰ বাবে এনে উদ্যোগে ঠন ধৰি উঠিব পৰা নাই।

বাঁহৰ প্ৰসংগত অসম বিজ্ঞান সমিতিৰ কলিয়াবৰ শাখাৰ সভাপতি অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন শৰ্মাই কৈছে— ক্ৰমান্বয়ে আপুৰুগীয়া উদ্ভিদলৈ ৰূপান্তৰিত হোৱা বাঁহ জাতীয় ভালেমান উদ্ভিদ সংৰক্ষণৰ লক্ষ্য অসম বিজ্ঞান সমিতি আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তি পৰিষদৰ আছে। নৱ-প্ৰজন্মক এই বিশেষ উদ্ভিদবিধৰ প্ৰয়োজন আৰু উপকাৰিতাৰ বিষয়ে সচেতন কৰিবলৈ বিদ্যালয়-মহাবিদ্যালয়তে বাঁহৰ খেতিৰ লগতে বৃত্তিমূলক শিক্ষাৰ চিন্তাও ইতিমধ্যে বিদ্যালয়সমূহৰ মাজলৈ লৈ গৈছে দুয়োটা সংগঠনে। অসমত প্ৰায় ডেৰকুৰিমান বাঁহৰ প্ৰজাতি আছে, কিন্তু ইয়াৰ বাণিজ্যিক মূল্যায়ন কৰিব নোৱৰাটো অসমৰ অৰ্থনীতিৰ বাবেই অতি পৰিতাপৰ বিষয়। বাঁহৰ পৰা ইথান’ল উৎপাদন হওক, লগতে কাগজৰ মণ্ড, ঘৰুৱা আচবাব— এই সকলোবোৰ সামৰি এক কৃষিভিত্তিক উদ্যোগৰূপে গঢ় দিয়াৰ প্ৰচুৰ বাণিজ্যিক সম্ভাৱনা থকা এই বাঁহে চৰকাৰৰ গুৰুত্ব লাভ কৰাটো উচিত আছিল। তাৰ বিপৰীতে আন ঠাইত মাটিৰ উৰ্বৰতা হ্ৰাস কৰাৰ লগতে সেউজ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰা বুলি খেতি কৰিবলৈ বাদ দিয়া পাম খেতি কৰিবলৈ বহিৰাগত প্ৰতিষ্ঠানক বৰপীৰা পাৰি দিয়া অসম চৰকাৰৰ সদিচ্ছা বাঁহে লাভ কৰিলে অসমৰ অৰ্থনৈতিক আৰু প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য বৰ্তি থকাত সহায়ক হ’ব বুলি আশা কৰিব পাৰি।

❧ | আৰু পঢ়ক:

বাঁহ অসমৰ সাহ হৈ থাকিবনে? | ৰূপজ্যোতি গোস্বামী

Follow Nilacharai on Facebook