অনুভৱ: সীতানাথ লহকৰৰ ‘এই মাটিতে’

বসন্তৰ আগমনত
ফুলবোৰ যে চৌদিশে ফুলিছে…
জোপোহা গছজোপাৰ আঁৰ লৈ কুলিয়েও গীত গাই আছে…
[গীত: উদাং নি মেলা]

(Here is the fiesta of the Spring,
Flowers are blooming everywhere…
Cuckoos are singing on the trees)

মুক্তিৰ পাছত হলত চলি থকা অৱস্থাত ব্যস্ততা হেতুকে চলচ্চিত্ৰখন চোৱা নহ’ল। তাৰ পাছত গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিশেষ দৰ্শনী হ’ব বুলি গম পাই চাম বুলি ঠিৰাং কৰিলো যদিও চোৱা নহ’ল। সুযোগ পুনৰ হাতলৈ নাহিব বুলি আশা বাদ দিয়াৰ পাছত হঠাতে সুযোগ আহিল; চাবলৈ পালো নলবাৰী নাট্যমন্দিৰত তিনিদিন ধৰি চলা বিশেষ দৰ্শনীত।

ডঃ সীতানাথ লহকৰৰ দ্বাৰা ৰচিত নাটক ‘তমসা’ৰ চলচ্চিত্ৰায়নেই হ’ল ‘এই মাটিতে’। কাহিনী, চিত্ৰনাট্য, সংগীতৰ কথা আৰু পৰিচালনা সীতানাথ লহকৰৰ। ছবিখনৰ প্ৰধান চৰিত্ৰসমূহত অভিনয় কৰিছে ৰূপম চেতিয়া, মনীষা গোস্বামী, খৌৰৌমদাও নাৰ্জাৰী, চেতনা দাস, সীতানাথ লহকৰ আদিয়ে। সংগীত পৰিচালনা বিভূৰঞ্জন চৌধুৰীৰ।

অতি সাম্প্ৰতিকৰ বিজ্ঞানৰ জয়জয়কাৰৰ সময়তো কম-বেছি পৰিমাণে প্ৰচলিত ডাইনী বিশ্বাস তথা ডাইনী হত্যাকাণ্ডৰ দৰে ঘৃণনীয় কাম আমাৰ সমাজতে প্ৰচলিত। এই অন্ধবিশ্বাসবোৰৰৰ লগত সাহসেৰে যুঁজ দিবলৈ সমাজখনক জনোৱা আহ্বান এই চলচ্চিত্ৰখনৰ মাজেৰে প্ৰেৰিত হৈছে। এই ক্ষেত্ৰত লেখক তথা পৰিচালক সফল।

নাটক এখনকে চলচ্চিত্ৰৰ ৰূপ দিয়া বাবেই হয়তো চলচ্চিত্ৰখনত নাট্যধৰ্মীতাৰ প্ৰভাৱ বেছি। আৰম্ভণিতে পৰিচালকে যথেষ্ট সময় ৰাহি কৰি কাহিনীটোক গঢ় দি এক সুষম গতিৰে লৈ গৈছিল যদিও শেষৰ ছোৱাত এই গতি ব্যাহত হ’ল। জোৰা দিয়া দৃশ্য, অযথা বাতৰি পৰিৱেশন আৰু কথা-বাৰ্তাৰ দৃশ্যসমূহে ক্লাইমেক্সটো পণ্ড কৰিলে। শেষ ভালেই সকলো ভাল। দৰ্শকক এক যেন তেন পৰিসমাপ্তি দিয়াতে চলচ্চিত্ৰখন সীমিত হৈ ৰ’ল। ছিৰিয়াছ তথা এক সুন্দৰ চলচ্চিত্ৰ হোৱাৰ সম্ভাৱনীয়তা থকা চলচ্চিত্ৰখনো শেষলৈ মেদবহুল হৈ পৰিল।

 

সংগীতৰ ক্ষেত্ৰত ‘উদাং নি মেলা’ আৰু ‘যুঁজত জয়ী জীৱন’— এই গীত দুটি মনপৰশা তথা চলচ্চিত্ৰখনৰ কাহিনীৰ পৰিৱেশৰ লগত খাপখোৱা; আনহাতে ‘বন্ধ দুৱাৰ’ গীতটোৰ সংযোজন অযথা যেন বোধ হ’ল। এই গীতটিৰ পৰিৱেশন তথা দৃশ্যায়ন মূল বিষয়বস্তুৰ পৰা ফালৰি কাটি গ’ল তথা চিত্ৰায়নৰ ক্ষেত্ৰত চলচ্চিত্ৰখনক যেন নৱম দশকলৈ পিছুৱাই লৈ গ’ল।

চলচ্চিত্ৰখনত ব্যৱহৃত ভাষাৰ ক্ষেত্ৰতো আমাৰ খোকোজা ৰৈ গ’ল। মান্য অসমীয়া ভাষা ব্যৱহাৰৰ সলনি যদি কাহিনীৰ প্ৰেক্ষাপটৰ থলুৱা ভাষা ব্যৱহাৰ কৰা হ’লহেঁতেন, তেতিয়াহে বাস্তৱ ৰূপ সুন্দৰভাৱে ফুটি উঠিলহেঁতেন। অসমীয়া ভাষা কওঁতে বড়ো জনগোষ্ঠীৰ মানুহে যিদৰে উচ্চাৰণ কৰে, মান্য ভাষা কোৱাতকৈ সেইদৰেই ব্যৱহৃত হোৱাটো বেছি গুৰুত্বপূৰ্ণ আছিল— বিশ্বাসযোগ্যতা আৰু গ্ৰহণযোগ্যতাৰ ফালৰ পৰা।

পৰিচালকৰ পৰা পুনৰ সমাজৰ বাস্তৱ সমস্যাৰ সমাধানৰ বাৰ্তাযুক্ত চলচ্চিত্ৰ পোৱাৰ আশা ৰাখিলো।

লেখকৰ ঠিকনা: গৱেষক ছাত্ৰ, ইনষ্ট্ৰুমেণ্টেইচন আৰু ইনফৰমেটিকচ্ গৱেষণাগাৰ, ইলেকট্ৰনিক্স আৰু কমিউনিকেশ্যন টেকন’লজী বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী-৭৮১০১৪

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of