১/ পৰ্যৱেক্ষণ
অ সমীয়া সাহিত্য জগতত বৈচিত্ৰ্যহীনতাৰে ২০১২ বছৰটো শেষ হ’ল। কথাষাৰ আমাৰ নিজস্ব উন্নাসিক মন্তব্য মাথোন নহয়, উত্তৰ-পূবৰ পৰা প্ৰকাশিত আৰু উত্তৰ-পূব সম্পৰ্কত প্ৰকাশিত গ্ৰন্থৰ আলোচনা আৰু পৰিচয়ৰ বাবে ৰুচিৰা আৰ্টছ ফাউণ্ডেচনে প্ৰকাশ কৰা ‘গ্ৰন্থ পৰিচিতি ২০১১-১২’ নামৰ গ্ৰন্থখনৰ সম্পাদকদ্বয় সঞ্জীৱ সভাপণ্ডিত আৰু অনুজ গোস্বামীৰো (“…গ্ৰন্থ পৰিচিতিৰ বাবে গোট খোৱা শ শ কিতাপলৈ যথেষ্ট আশাৰে বাট চোৱা হৈছিল। কিন্তু বিষয়বস্তুৰ মাজত নতুনত্ব তথা বৈচিত্ৰ্যৰ প্ৰাচুৰ্য দেখা নগ’ল। সংখ্যা কম। চেতনা জগাই তুলিব পৰা বা অজস্ৰ নতুন চিন্তাৰ বুৰবুৰণি তুলিব পৰা লেখা কম।”)। শ শ কিতাপৰ পঠন আৰু আলোচনা গ্ৰন্থনাৰ অভিজ্ঞতাৰ ভেটিত তেখেতসকলে এই অনুভৱেই প্ৰাপ্ত কৰিছে। ‘বৰ ফিকা হৈ গৈছে’ অসমীয়া সাহিত্য! ‘অমুক কলেজৰ তুমি তমুক হাজৰিকা’ৰ নিচিনা ধৰণেই এতিয়া ন-কবিসকলৰ কবিতাৰ মোক্ষ-সীমা। কবিতাক বাদ দি বাকী ফিকশ্যন শ্ৰেণীৰ সাহিত্যও একে ঠাইতে ৰৈ আছে— পুখুৰীৰ পানীৰ দৰে স্থিৰ। আমাৰ দৃষ্টিত, মানুহৰ অন্তৰ্জগতলৈ এতিয়াৰ অসমীয়া ফিকশ্যনে ভুমুকি মৰা দূৰৰে কথা, বহিৰ্জগতখনেই ভালকৈ প্ৰতিভাত কৰিব পৰা নাই। বৃহৎ নদীদ্বীপ বুলি গৰ্ব কৰা মাজুলীক লৈ, তাৰ জীৱন-যাত্ৰা, উদাসীন সত্ৰৰ ভকতসকলৰ জীৱন-যাত্ৰা, পোৱা-নোপোৱাক লৈ এখন সু-বৃহৎ উপন্যাস আজিলৈ ৰচিত হ’ল নে?
নন-ফিকশ্যন বিভাগতো একেই। বৈচিত্ৰ্যহীন গতানুগতিক বিষয়ত অহেতুক বাগাড়ম্বৰ। আলোচনীৰ পাতত ‘অসমীয়া জাতীয় জীৱনত বাঁহগছ’ জাতীয় লেখা আৰু গ্ৰন্থাকাৰে ‘বাঁহী’-‘চেতনা’তে থমকি ৰোৱা সাহিত্যালোচনা। অন্য ভাষী সাহিত্যিকসকলে বিবিধ বিষয় বিচাৰি পোৱা সময়ত আমাৰ সাহিত্যিকসকল কূপ-মণ্ডুক হৈ ৰ’ল কিয়?
২/ উপলব্ধি
মানুহৰ আসুৰিক প্ৰবৃত্তি আৰু তাৰ নিকৰুণ ফলশ্ৰুতিৰে ২০১২ বছৰটো শেষ হ’ল। ক’ব খুজিছোঁ দিল্লীৰ গণ ধৰ্ষণ আৰু ধৰ্ষণৰ বলি ছোৱালীজনীৰ নিদাৰুণ মৃত্যুৰ কথা। ফেচবুকৰ পৰা (আনকি গুৱাহাটীৰ প্ৰতিবাদথলীতো প্ৰতিবাদকাৰীৰ হাতৰ লেপটপত ফেচবুক!) বলিউদলৈ এতিয়া প্ৰতিবাদৰ জোঁৱাৰ। এয়া শাম কাটিব, মানুহে পাহৰিব, আকৌ এটা কৰুণ ঘটনা ঘটিব (ভগৱানে নকৰক)! যিদৰে গুৱাহাটীৰ জি এছ ৰোডৰ শ্লীলতাহানিৰ ঘটনাতো দেশজুৰি প্ৰতিবাদৰ জোঁৱাৰ উঠিছিল— মানুহে পাহৰিছিল— দিল্লীৰ ঘটনা ঘটিছিল!
এনে ধৰণৰ অমানৱীয় ঘটনাৰ মুখ্য পাত্ৰী নাৰীক লৈ অলেখ পানী ঘোলা হ’ব, হৈছে। নাৰীৰ চলন-ফুৰণ, পোছাক-পৰিচ্ছদ লৈ পক্ষে-বিপক্ষে অনেক আলোচনা হৈছে, হ’ব। আবেগ আৰু ইগ’ বাদ দি নাৰীসকলে কেইটামান কথা মানি লোৱাটো আৰু সেইমতে আচৰণ কৰাটো নাৰীৰ বাবেই মঙ্গলজনক— ১. মানুহ প্ৰাথমিকভাৱে বন্য। সভ্যতা আৰু সমাজে তৈয়াৰ কৰা চামনিবোৰৰ তলত মানুহৰ বন্যতা শুইহে থাকে, সুযোগ পালেই ই জাঁপ মাৰি উঠে। ২. প্ৰাকৃতিকভাৱেই পুৰুষ নাৰীতকৈ বলশালী (দলবান্ধি থাকিলেতো কথাই নাই)। ৩. প্ৰাকৃতিভাৱেই পুৰুষেহে নাৰীক বলাৎকাৰ-ধৰ্ষণ কৰিব পাৰে। এই ধৰণৰ কথা-কাণ্ডখিনি উপলব্ধি কৰি তেনে ধৰণৰ পৰিস্থিতিৰ পৰা দূৰত অৱস্থান কৰিলে, আমাৰ বোধেৰে, নাৰীৰ মৰ্যাদা হ্ৰাস নাপায়।
এতিয়া বলিউদৰ অভিনেত্ৰীসকলো (অভিনেতাসকলো) প্ৰতিবাদৰ দৌৰত। কিন্তু নাৰীক চৰম অমৰ্যাদাৰে উপস্থাপন কৰা বলিউদৰ চিনেমাৰ বিষয়ে এখেতসকলৰ ক’বলগীয়া নাই। বৰং সেইধৰণে উপস্থাপিত হ’বলৈ পাই যেন ধন্যহে। ‘চেক্স’ এতিয়া পৃথিৱীজুৰি অতি বেছি চাহিদা থকা এক পণ্য, যাৰ সু-বিপণনৰ দায়িত্ব বলিউদেও সুচাৰু ৰূপে পালন কৰিছে। আমাৰ ধাৰণা,— বলিউদৰ চিনেমা, টেলিভিচনৰ কিছু বিজ্ঞাপনেও চেক্স সম্পৰ্কত বিকৃত ৰুচিৰ জন্ম আৰু প্ৰতিপালন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আমাৰ ধাৰণা কিয়,— এই সম্পৰ্কত আচলতে সমাজবিজ্ঞানীৰ গৱেষণালব্ধ তথ্য আৰু বিশ্লেষণেই প্ৰকাশ পাব লাগিছিল।
বিষয়-বৈচিত্ৰ্যহীনতাত ভোগা আমাৰ সাহিত্যিক আৰু সমাজবিজ্ঞানীসকলৰ এইবিলাক বিষয়ত একো কৰণীয়ই নাই নেকি?
ছবি: কংকণা ভূঞা (১৩ বছৰ)