সাহিত্যিক, অধ্যাপক আৰু সাংসদ হেম বৰুৱা

সাহিত্যিক, অধ্যাপক আৰু সাংসদ হেম বৰুৱা
  • 21 May, 2023

গৰাকী প্ৰতিভাশালী সাহিত্যিক তথা বিশিষ্ট সাংসদ আৰু শিক্ষাবিদ হেম বৰুৱাৰ জন্ম হৈছিল ১৯১৫ চনৰ এপ্ৰিল মাহৰ ২২ তাৰিখে। ‘মমতাৰ চিঠি’, ‘আইতা’, ‘জাৰৰ দিনৰ সপোন’ আদি কবিতা ৰচনা কৰি এগৰাকী জনপ্ৰিয় কবি আৰু সাহিত্যিকৰূপে স্বকীয় পৰিচয় দিবলৈ সক্ষম হোৱা হেম বৰুৱাই ‘সাগৰ দেখিছা’, ‘ৰঙা কৰবীৰ ফুল’, ‘সানমিহলি’, ‘ইজৰাইল’, ‘মেকং নৈ দেখিলো’ আদি ভ্ৰমণ কাহিনী লিখিও নিজ সাহিত্য-কৃতি প্ৰমাণ কৰিছে। এগৰাকী সফল সাংসদ, সাহিত্যিক আৰু অধ্যাপক হেম বৰুৱাদেৱৰ জীৱন আৰু কৃতি সম্পৰ্কে এই লেখাটিত আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে।

তেজপুৰৰ ওচৰৰ গমিৰিঘাটত জন্মলাভ কৰা হেম বৰুৱাৰ পিতৃৰ নাম আছিল বিনন্দীৰাম শৰ্মা বৰুৱা। তেখেতৰ মাতৃৰ নাম আছিল পদ্মলোচনী দেৱী। সেই সময়ৰ ভাপ জাহাজত অহা সামগ্ৰীসমূহৰ তদাৰকীৰ দায়িত্বত নিয়োজিত হৈ থকা বিনন্দীৰাম শৰ্মা বৰুৱাৰ আঠোটি সন্তানৰ জ্যেষ্ঠ পুত্ৰ হেম বৰুৱাক তেওঁৰ পিতৃৰ কৰ্মৰাজি আৰু আদৰ্শই সৰুকালতেই প্ৰভাৱিত কৰিছিল। পিতৃ বিনন্দীৰাম শৰ্মা বৰুৱাই ভাপ জাহাজত কাম কৰিবলগীয়া হোৱা বাবে জাহাজৰ সৈতে জড়িত শ্বেতকায় লোকসকল তথা গমিৰিঘাটৰ সমীপৱৰ্তী চাহ বাগিচাসমূহত কাম কৰা বনুৱাসকল, পশুপালক নেপালী লোকসকল তথা মিৰি জনগোষ্ঠীয় লোকসকলৰ জীৱন শৈলীৰ লগত হেম বৰুৱাৰ শৈশৱতেই পৰিচয় হৈছিল। শৈশৱত লগ পোৱা বিভিন্ন শ্ৰেণীৰ অন্তৰ্গত লোকসকলে তেখেতক অভিজ্ঞতাৰে পূৰঠ কৰি তুলিছিল।

লাহে লাহে হেম বৰুৱা ডাঙৰ হৈ আহিল। গমিৰিঘাটত পঢ়াশুনাৰ উপযুক্ত সুবিধা নথকা হেতুকে তেওঁক পিতৃ বিনন্দীৰাম শৰ্মা বৰুৱাই যোৰহাটত থকা মামাকৰ ঘৰলৈ পঠিয়াই দিলে। বৰুৱাক যোৰহাট পাঠশালাত নামভৰ্তি কৰাই দিয়া হ’ল। যোৰহাট পাঠশালাৰ পাছত তেওঁ ক্ৰমে যোৰহাট এম ই আৰু মিছন হাইস্কুলত শিক্ষাগ্ৰহণ কৰিলে।

সৰুকালৰ পৰাই পঢ়াশুনাত ব্যুৎপত্তিৰ পৰিচয় দিয়া হেম বৰুৱা আছিল বেছ সপ্ৰতিভ আৰু তজবজীয়া। পঢ়াশুনাৰ দৰেই বাল্যকালত তেওঁ দুষ্টালিও কৰিবলৈ ল’লে। তেওঁৰ এনে কাৰ্যত অসন্তুষ্ট হৈ মোমায়েকে তেওঁক গমিৰিঘাটত থকা পিতৃগৃহলৈ পঠিয়াই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। এনে সময়তেই তেওঁৰ পিতৃ যোৰহাটলৈ আহি মোমায়েকৰ সিদ্ধান্তৰ কথা জানিব পাৰিলে। নিশা শোৱাপাটিত দুখ কৰি পুতেকৰ পৰা যে নিজ আশা পূৰ্ণ হোৱাৰ সম্ভাৱনা নাই সেই কথা পুত্ৰৰ আগত দুখেৰে ব্যক্ত কৰিলে। পিতৃৰ মনোবেদনাই হেম বৰুৱাক জোকাৰি গ’ল। সেই নিশাৰ পৰাই হেম বৰুৱাই নিজকে সলনি কৰাৰ পণ ললে আৰু পৰৱৰ্তী কালত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা তেওঁ সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ’ল। পাছত তেওঁ কটন কলেজৰ পৰা ইংৰাজী বিষয়ত অনাৰ্চ লৈ স্নাতক পৰ্যায় সফলতাৰে সমাপ্ত কৰি কলিকতাত এম এ পঢ়িবলৈ ধৰিলে।

ছাত্ৰাৱস্থাৰ পৰাই প্ৰচুৰ অধ্যয়নমুখী হেম বৰুৱাই তেখেতৰ তাকৰীয়া সঞ্চয়ৰ পৰাই ধন ৰাহি কৰি বহু মূল্যবান গ্ৰন্থ ক্ৰয় কৰিলে। কলিকতাত থকাৰ সময়তেই তেখেতৰ জ্ঞান আৰু ধাৰণাৰ পৰিসৰ বৃদ্ধি পালে। হেম বৰুৱা কলিকতাত থকা সময়তেই ইংৰাজ শাসনৰ বেলি মাৰ যোৱাৰ উপক্ৰম হ’ল। দেশ আৰু বিশ্বৰ খবৰ ৰখা হেম বৰুৱাইও এই কথাৰ ঠিকেই উমান পালে। কাৰ্লমাক্স, লেনিন তথা ভাৰতীয় জাতীয়বাদী শিবিৰ সম্পৰ্কে ভু ৰখা হেম বৰুৱাই আনুষ্ঠানিক শিক্ষাৰ লগতে সেই সময়ৰ ৰাজনৈতিক আৰু সাময়িক পৰিস্থিতি অধ্যয়ন কৰাত মনোনিবেশ কৰিলে।

কলিকতাত অধ্যয়ন শেষ কৰি হেম বৰুৱাই যোৰহাটত অৱস্থিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰবক্তা পদত যোগদান কৰে। সেই সময়তেই মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা বাবে তদানীন্তন ইংৰাজ চৰকাৰে তেখেতক কৰায়ত্ব কৰিলে। যোৰহাট জেলত তেওঁৰ বন্দীত্ব দশা আৰম্ভ হ’ল। যোৰহাট জেলতেই তেওঁ বিশিষ্ট নেতাসকল, যেনে গোপীনাথ বৰদলৈ, ফখৰুদ্দিন আলি আহমেদ, অমিয় কুমাৰ দাস, কামাখ্যা প্ৰসাদ ত্ৰিপাঠী আদিক লগ পাই বৃটিছৰ বিপক্ষে চলা আন্দোলনৰ গতিগোত্ৰ জানিবলৈ সক্ষম হ’ল।

একেদৰে সতীৰ্থসকলৰ পৰা আহৰণ কৰা বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰি হেম বৰুৱাই বিভিন্ন তথ্য আৰু জ্ঞানৰ সম্ভেদ পালে। জ্ঞানপিপাসু সতীৰ্থসকলৰ সৈতে থকাৰ সময়ত গঢ়ি উঠা এনে এটা পৰিৱেশে হেম বৰুৱাকো কিবা এটি যোগাত্মক কাম কৰিবলৈ অনুপ্ৰেৰণা যোগালে আৰু তাৰেই পৰিণতিত কাৰাবন্দী হৈ থকাৰ সময়তেই তেওঁ কবি গণেশ গগৈৰ ‘পাপৰি’ নামৰ কবিতা পুথিখন ইংৰাজীলৈ অনুবাদ কৰিলে।

জেলৰ পৰা মুক্তি লাভ কৰাৰ পাছত গোপীনাথ বৰদলৈৰ আহ্বানক সঁহাৰি জনাই হেম বৰুৱাই ১৯৪৪ চনত গুৱাহাটীৰ ভোলানাথ বৰুৱা (চমুকৈ বি বৰুৱা) মহাবিদ্যালয়ত অধ্যাপনা কৰে। ১৯৪৫ চনত তেখেতে এই শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে।

ইংৰাজ বিদ্বেষী হেম বৰুৱা লাহে লাহে সমাজবাদৰ ফালে আকৃষ্ট হৈ পৰিল। ১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ঠিক আগেয়ে অৰ্থাৎ ১৯৪৫-৪৬ চনত সমাজবাদী নেতা আচাৰ্য নৰেন্দ্ৰ দেৱ আৰু জয়প্ৰকাশ নাৰায়ণৰ পদাংক অনুসৰণ কৰি অসমত গঠন হোৱা চ’চিয়েলিষ্ট পাৰ্টিৰ সৈতে তেখেত ওতপ্ৰোতভাৱে জড়িত হৈ পৰিল। ১৯৫৭ চনত হেম বৰুৱা লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। সেই তেতিয়াৰ পৰাই ১৯৭১ চনলৈ তিনিবাৰ লোকসভাৰ সদস্যৰূপে জয়লাভ কৰা হেম বৰুৱাই তেখেতৰ তেজস্বী আৰু যুক্তিনিষ্ঠ ভাষণৰ দ্বাৰা লোকসভাৰ প্ৰতিগৰাকী সদস্যক মোহিত কৰি তুলিছিল। পৰৱৰ্তী কালত গুৱাহাটীত তেল শোধানাগাৰ প্ৰতিষ্ঠা, শৰাইঘাট দলং নিৰ্মাণ তথা চীনদেশে ভাৰত আক্ৰমণ কৰাৰ সময়ত অসমৰ স্বকীয়তা ৰক্ষা কৰাত বৰুৱাই বিশেষ ভূমিকা পালন কৰিলে।

এগৰাকী সফল আৰু সুযোগ্য সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰা হেম বৰুৱাই বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়তেই ‘হিয়াৰ মিলন’ শিৰোনামৰ এক চুটিগল্প ৰচনা কৰি তেখেতৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তেই মহাবিদ্যালয়খনৰ সেই সময়ৰ অধ্যক্ষ পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ সান্নিধ্যত হেম বৰুৱা সাহিত্যৰ জগতখনৰ লগত অধিক সংপৃক্ত হৈ পৰে আৰু কৃষ্ণকান্ত সন্দিকৈৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেখেতে জনপ্ৰিয় তামিল গল্প ‘কন্নকী আৰু কাৱালান’ অসমীয়ালৈ অনুবাদ কৰে।

পৰবৰ্তী কালত হেম বৰুৱাই ৰচনা কৰা ভ্ৰমণ কাহিনীসমূহে পাঠকৰ বিপুল সহাঁৰি লাভ কৰে। ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ হৈ থকাৰ সময়ত হেম বৰুৱাই মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰে। যুক্তৰাষ্ট্ৰৰ বিভিন্ন ঠাই, যেনে ৱাশ্বিংটন, নিউ য়ৰ্ক, বোষ্টন, ছানফ্ৰান্সিছকো, ডাৰহাম আদি চহৰ ঘূৰি তাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে সাধাৰণ মানুহৰ জীৱন ধাৰণৰ মান, চহৰৰ বাসিন্দাসকলৰ কৰ্মহীনতা তথা নিবনুৱা সমস্যাৰ কথা উল্লেখ কৰি তেখেতে ‘সাগৰ দেখিছা’ নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰে। উল্লেখযোগ্য যে বৰুৱাৰ ‘সাগৰ দেখিছা’ নামৰ গ্ৰন্থখন অসমীয়া সাহিত্যত এক অনুপম ভ্ৰমণ কাহিনীৰূপে সৰ্বজনবিদিত হৈ আছে।

হেম বৰুৱা

হেম বৰুৱা

হেম বৰুৱাৰ আন এখন গ্ৰন্থ ‘সানমিহলি’ত তেখেতে ব্ৰহ্মদেশ আৰু চীনদেশ ভ্ৰমণৰ সময়ত লাভ কৰা অভিজ্ঞতা সম্পৰ্কে বৰ্ণনা কৰিছে। ভ্ৰমণৰ ওপৰত নিৰ্ভৰ কৰি লিখা আন এখন গ্ৰন্থ ‘ৰঙা কৰবীৰ ফুল’ত হেম বৰুৱাই ৰাছিয়া ভ্ৰমণকালত তেখেতে লাভ কৰা অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰি ৰাছিয়াৰ শিল্পকলা, ৰাজনীতি, কৃষি, আৰু ৰাছিয়াৰ আৰ্ট গেলেৰী আদি সম্পৰ্কে উল্লেখ কৰিছে।

উপৰিউক্ত গ্ৰন্থসমূহৰ দৰেই তেখেতৰ আন দুখন ভ্ৰমণ কাহিনী ‘ইজৰাইল’ আৰু ‘মেকং নৈ দেখিলো’ক পাঠকসকলে আদৰি লয়। ‘ইজৰাইল’ নামৰ গ্ৰন্থখনত হেম বৰুৱাই ইজৰাইল ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণনা কৰি ইজৰাইলী লোকসকলৰ সাধাৰণ জীৱন যাপনৰ কথা উল্লেখ কৰে। তেখেতৰ আন এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ ‘মেকং নৈ দেখিলো’ত হেম বৰুৱাই মেকং নৈৰ পাৰত গঢ়ি উঠা সভ্যতা তথা থাইলেণ্ড, কম্বোডিয়া, লাওছ, মালয়েছিয়া আৰু ছিংগাপুৰ ভ্ৰমণ কৰি পোৱা তেখেতৰ অভিজ্ঞতাসমূহ বৰ্ণনা কৰে।

অসমীয়া সাহিত্যৰ এগৰাকী অগ্ৰণী কবিৰূপেও নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা হেম বৰুৱাৰ এটি বিখ্যাত কবিতা হ’ল ‘মমতাৰ চিঠি’। স্বামীহীনা নাৰী এগৰাকীৰ একাকীত্ব তথা সেই নাৰীৰ স্মৃতি-ৰোমন্থন আৰু বাস্তৱতাই সৃষ্টি কৰা মানসিক সমস্যাক লৈ ৰচিত উক্ত কবিতাটি আজিও কবিতা অনুৰাগীসকলৰ বাবে আকৰ্ষণৰ কাৰক হৈ আছে। ‘মমতাৰ চিঠি’ৰ দৰেই তেখেতৰ কবিতা পুথি ‘বালিচন্দা’ আৰু ‘মন ময়ূৰী’ত সন্নিবিষ্ট হোৱা বিভিন্ন কবিতা, যেনে ‘আইতা’ ‘পূজা’, ‘কিহৰ বুৰঞ্জী’, ‘ফাগুন নিশা’, ‘আমি দুৱাৰ মুকলি কৰো’, ‘ৰাজপথে কথা কয়’, ‘নিমাতী চাপৰি’ আদি কবিতাও পাঠকসকলে আদৰি লৈছে। উল্লেখযোগ্য যে হেম বৰুৱাৰ সাহিত্য-কৃতিক উপযুক্ত সন্মান প্ৰদৰ্শন কৰি ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ ঊনচল্লিশ সংখ্যক অধিৱেশনত তেখেতক সভাপতি পদত অধিস্থিত কৰা হৈছিল।

অসমীয়া সাহিত্য ক্ষেত্ৰখনলৈ হেম বৰুৱাই সম্পাদনাৰ যোগেৰেও বিশেষ অৰিহণা আগবঢ়াইছিল। তেখেতৰ দ্বাৰা সম্পাদিত ‘পছোৱা’ নামৰ আলোচনীখন পাঠকসকলে আঁকোৱালি লৈছিল। ১৯৪৮ চনৰ জুন মাহত প্ৰথম প্ৰকাশ পোৱা এই আলোচনীখন ১৯৪৯ চনৰ মে’ মাহলৈ প্ৰকাশ পায়।

এগৰাকী সফল ৰাজনৈতিক নেতা, সুদক্ষ সাংসদ তথা প্ৰখ্যাত সাহিত্যিক হেম বৰুৱাই ১৯৭৭ চনৰ ৯ এপ্ৰিল তাৰিখে মাত্ৰ বাষষ্ঠি বছৰ বয়সতেই ইহলীলা সম্বৰণ কৰে। নিজ জন্মভূমি আৰু মাতৃভাষাৰ প্ৰতি কৰ্তব্য আৰু দায়িত্বনিষ্ঠাক সততে আগস্থান দিয়া অসমী আইৰ এই সুযোগ্য সন্তান তেখেতৰ ৰাজনৈতিক তথা সংসদীয় বিচক্ষণতা আৰু সাহিত্য প্ৰতিভাৰ বাবে অসম তথা ভাৰতবৰ্ষত চিৰকাললৈ অমৰ হৈ থাকিল।

তথ্যসূত্ৰ:
১. ড° নগেন্দ্ৰ নাথ শৰ্মা, হেম বৰুৱা: জীৱন আৰু পটভূমি, অসম সাহিত্য সভা, ২০১৬
২. অনু বৰুৱা, হেম বৰুৱা: মোৰ চিনাকি মানুহজন, গুৱাহাটী, ১৯৮৩
৩. কুমুদ চন্দ্ৰ ডেকা, অসম গৌৰৱ হেম বৰুৱা, গুৱাহাটী, ১৯৯৬

ছবি: ফেচবুকৰ Hem Barua পৃষ্ঠাৰ সৌজন্যত।

❧ | আৰু পঢ়ক:

সাহিত্যিক, অধ্যাপক আৰু সাংসদ হেম বৰুৱা | অভিজিত দত্ত

Follow Nilacharai on Facebook