অ নেক গুণী-জ্ঞানী ব্যক্তিয়ে বিভিন্ন সময়ত বহুতো মূল্যবান আৰু স্মৰণীয় শিক্ষা আৰু শিক্ষক সম্পৰ্কীয় উক্তি আগবঢ়াই গৈছে। এই উক্তিসমূহে শিক্ষা আৰু শিক্ষকৰ গৰিমা প্ৰকাশ কৰাৰ লগতে অনেক সময়ত চিন্তাৰ বাবেও সূত্ৰ মুকলি কৰে।
৫ ছেপ্তেম্বৰ তাৰিখে ভাৰতৰ সৰ্বত্ৰ শিক্ষক দিৱস পালন কৰা হয়। মহান শিক্ষক, দাৰ্শনিক পণ্ডিত, ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডঃ সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। শিক্ষক দিৱসৰ প্ৰাক মুহূৰ্তত কেইটিমান স্মৰণীয় শিক্ষা আৰু শিক্ষক সম্পৰ্কীয় উক্তি আগঢ়োৱা হৈছে। ইয়াৰ জৰিয়তেই ডঃ ৰাধাকৃষ্ণণ আৰু শিক্ষাৰ যোদ্ধা— শিক্ষকসকললৈ প্ৰণিপাত জনোৱা হৈছে।
❧ | আৰু পঢ়ক: ডঃ সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী
সাধাৰণ মানুহৰ হৃদয়তকৈ আপোনাৰ হৃদয়খন কিছু ডাঙৰ, কাৰণ আপুনি এজন শিক্ষক।
— আৰন বাকল
(Aaron Bacall, Cartoonist)
সৃষ্টিশীল অভিব্যক্তি আৰু জ্ঞানৰ মাজত আনন্দ জগাই তুলিব পৰাটো শিক্ষকৰ সৰ্বোত্তম কলা।”
— এলবাৰ্ট আইনষ্টাইন
(Albert Einstein, Theoretical physicist)
শিক্ষাৰ দহ ভাগৰ ন ভাগ হৈছে অনুপ্ৰেৰণা।
— আনাটোল ফ্ৰাংক
(Anatole France, French poet)
যদি এখন দেশ দুৰ্নীতিমুক্ত আৰু সুন্দৰ মনৰ জাতি হৈ উঠিব লাগে, তেন্তে মই দৃঢ়ভাৱে অনুভৱ কৰোঁ যে সমাজত তিনিজন মূল সদস্য আছে, যিয়ে এটা পৰিৱৰ্তন সাধিব পাৰে। তেওঁলোক হ’ল— পিতৃ, মাতৃ আৰু শিক্ষক।
— ডঃ এ পি জে আব্দুল কালাম
(Dr APJ Abdul Kalam, Former President of India)
জীৱনৰ বাবে মই মোৰ পিতৃৰ ওচৰত ঋণী, কিন্তু ভালকৈ জীয়াই থকাৰ বাবে মোৰ শিক্ষকৰ ওচৰত ঋণী।
— আলেকজেণ্ডাৰ দ্য গ্ৰেট
(Alexander the Great, Former King of Macedonia)
মই ভৱিষ্যতক স্পৰ্শ কৰোঁ। (কাৰণ) মই শিকাওঁ।
— ক্ৰীষ্টা মেকঅলিফ
(Christa McAuliffe, Teacher)
শিক্ষণ হৈছে আশাবাদৰ আটাইতকৈ মহানতম কৰ্ম।
— কলিন উইলকক্স
(Collin Wilcox, Actor)
এটি সুশিক্ষিত মনত সদায় উত্তৰতকৈ প্ৰশ্ন বেছি থাকে।
— হেলেন কেলাৰ
(Helen Keller, Author)
এহাজাৰ দিনৰ নেৰানেপেৰা অধ্যয়নতকৈ এজন মহান শিক্ষকৰ লগত এদিন কটোৱাটো শ্ৰেষ্ঠ।
— জাপানী হিতোপদেশ
(Japanese Proverb)
আপুনি যে এজন ভাল শিক্ষক হ’বৰ বাবে চিন্তা কৰে, তাৰ অৰ্থ হ’ল আপুনি ইতিমধ্যেই এজন ভাল শিক্ষক।
— জোডি পিকোল্ট
(Jodi Picoult, American writer)
শিক্ষকসকলে চক পেন্সিল আৰু প্ৰত্যাহ্বানৰ সঠিক মিশ্ৰণেৰে জীৱন সলনি কৰিব পাৰে।
— জয়ছ মেয়াৰ
(Joyce Meyer, American author)
এটি শিশু, এজন শিক্ষক, এখন কিতাপ আৰু এটা কলমে পৃথিৱীখন সলনি কৰিব পাৰে।
— মালালা ইউছাফজাই
(Malala Yousafzai, Activist)
শিক্ষাৰ কাম হৈছে গভীৰভাৱে আৰু সমালোচনাত্মকভাৱে চিন্তা কৰিবলৈ শিকোৱা। বুদ্ধিমত্তাৰ লগতে চৰিত্ৰই হৈছে প্ৰকৃত শিক্ষাৰ লক্ষ্য।
— মাৰ্টিন লুথাৰ কিং, জুনিয়ৰ
(Martin Luther King Jr., American minister)
মধ্যমীয়া শিক্ষকে কয়। ভাল শিক্ষকে ব্যাখ্যা কৰে। উচ্চতৰ শিক্ষকে প্ৰদৰ্শন কৰে। মহান শিক্ষকে অনুপ্ৰাণিত কৰে।
— উইলিয়াম আৰ্থাৰ ৱাৰ্ড
(William Arthur Ward, Writer)
প্ৰকৃত আৰু বৃহত্তৰ অৰ্থত, এটি শিশুক শিক্ষিত কৰাটো ৰাষ্ট্ৰ শাসন কৰাতকৈ মহান কাম।
— উইলিয়াম এলেৰী চেনিং
(William Ellery Channing, Preacher)
❧ | আৰু পঢ়ক:
- অনুৰাধা শৰ্মা পূজাৰীৰ উক্তি: ‘ইয়াত এখন অৰণ্য আছিল’ৰ বাছকবনীয়া উদ্ধৃতি
- লভ ইজ ইন দ্য এয়াৰ: প্রেম সম্পর্কে বিখ্যাত উক্তি